Written by sdblogs2011 10:06 am Poems

জোনৰ হাঁহি

হেমচন্দ্ৰ কছাৰী


কালি সন্ধিয়া মোৰ ক্লান্ত দুচকুলৈ চাই
জোনে বৰ অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে
হাঁহি নহয় যেন এপাট শেলহে

আজি-কালি জোনক লগপাবলৈ বৰ টান
ডাৱৰৰ মাজতেইচোন লোকাই থাকে সি
কালি হঠাৎ লগ পালো
ডেকা কেইটামানৰ গা লৈ জোনাক চটিয়াই চটিয়াই জোকাই আছিল
ডেকাকেইটাই কিন্তু জোনক পাত্তাই দিয়া নাছিল
দুটামানে ম’বাইলত খেল খেলি আছিল
দুটামানে চিগাৰেট হোঁপি আছিল আৰু দুটামানে প্ৰেমিকাৰ সৈতে ৰসাল বাৰ্তালাপত ব্যস্ত হৈ আছিল

পকী দলংখন হোৱাৰ আগতে যে ইয়াত এডাল বাঁহৰ সাঁকো আছিল সেইকথা চাগৈ তাৰ মনত পৰিল,
মনত পৰিল-মাজ নিশা সাঁকোত বহি জীৱন-যৌৱনৰ কথাকোৱা সেই ল’ৰাটোক
জোনে ভালদৰেই জানে নদীৰ ক্ষমাহীন তীব্র গতিৰ কথা
তথাপি শান্তনা দিবলৈয়ে যেন কাষলৈ আহি
 গাল চুই শালমইনাবোৰ বিচাৰিলে
নাপালে
ফুলাই দিলে এশছেণ্টিমিটাৰলৈকে প্ৰসাৰিত হোৱা বুকুখন খেপিয়াই গম পালে-পেশীবোৰ শুকাইছে
ঠিক সেইসময়তে জোনে মাৰিছিল অৰ্থপূৰ্ণ হাঁহিটো

পিঠি দিয়াৰ আগতে সি কৈ গ’ল-
“য’তে ত’তে বালিৰ চাপৰি হৈছে
নৈখনে তোমাক এৰিছে
আজি ঘোলা পানীত দৰিকণা এটাও নাইচোন
খেদিফুৰিবলৈ এই জোনৰ বিম্ব৷”

-ভ্ৰাম্যভাষ – ৯৯৫৭৫৪২০৭০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close