Written by sdblogs2011 6:15 am Poems

শূন্য-শিলা

বিকিয়ান বাইলুং 

ৰঙা জিঞাৰ নেজত লাগি ধৰা সূতাৰ 

পিছত দৌৰি

ছাল ছিগা আঁঠুত  নাৰ্জিপাত

ঔ বাটে গোবাট, গেলা বাঁহনিৰ তল 

পৰুৱাই পোৱা জীওটোত ভয় নাই বাট এৰি অহাৰ

ভয়  

চিনাকি মুখবোৰ এৰি অহাৰ

ভয়

মাটিৰ আলিংগন সোঁৱৰণিত পোত যোৱাৰ

শূন্যৰ বোকোচাত পানীবেলুনৰ দৰে

ওলমি আছে হাঁহি হাঁহি

খং, অভিমান ভাল-বেয়াৰ ফচহু অভিব্যক্তি 

ঘূৰি ঘূৰি আকৌ অচিনাকী বাট 

আন্ধাৰত ম্লান যোৱা সৰিয়হডৰা

শূন্য শিলা শোকত কঁপি উঠা বতাহ 

টুটি যোৱা দিনবোৰত

ভৰি গচকত মৰা পৰুৱাই 

কুটি খায় দেহ 

স্বপ্নদোষত ওলমি থাকে কল্পনাৰ পেণ্ডুলাম ।

                  ____

ঠিকনা :

ৰুপাই মিলন তীৰ্থ

জিলা– তিনিচুকীয়া

ফোন– ৭৮৯৬৩৫০০১৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close