Written by sdblogs2011 5:21 am Poems

কচু বেপাৰীৰ মাৰ্চ এণ্ডিং

কিশোৰ মনজিৎ বৰা

গোটেই বছৰেই কচু বেপাৰীৰ মাৰ্চ এণ্ডিং

তথাপি তেওঁৰ বাইচিকলৰ পেডেল

ৰৈ নাযায়

জুইত পাখি পুৰি মৰিলেও

চগাই ভয় নকৰে জ্বলিবলৈ

এই চহৰখনত কি লাগিছে

কোনেও কাৰো চকুলৈ নেচায়

পাচলিৰ দৰতকৈ কম জীৱনৰ দাম

পলিথিন পিন্ধা চহৰখনে

মাজে মাজে কচু বেপাৰীজনলৈ ৰৈ থাকে

তেওঁ আহে

আৰু

গধূলি বুকুত উদাস মুখ এখন সামৰি ঘৰলৈ 

যায়গৈ

___

ঠিকনা:গড়কাষৰীয়া, মগৰাহাট,কালুগাঁও, শিৱসাগৰ-৭৮৫৬৬৬,ভ্ৰাম্যভাষ : ৯৮৫৪৮৪৮৩৫৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close