Written by sdblogs2011 2:33 am Poems

ৰুটী

দাদুল ভূঞা

এখন ৰুটী সমানে দুভাগ কৰি

এভাগ নিজেই ল’লোঁ

আৰু আনভাগ দিলোঁ— তোমাক

বাকী থাকিল কেৱল শূন্য

আহাঁ, শূন্যটোক দুভাগ কৰোঁ

এফাল তোমাৰ

এফাল মোৰ

তুমি তোমাৰ পৰা ওলাই আহিছা

মই মোৰ পৰা

আহাঁ—

গাণিতিক সমীকৰণত গঢ়ি তোলোঁ

সমতুল্য সমানুপাত

***

ঠিকনা :

মাগনি, গহপুৰ, বিশ্বনাথ-৭৮৪১৬৮

ফ’ন : ৮৬৩৮৭১১৯৭৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close