Written by sdblogs2011 3:33 pm Poems

ৰুছ কবি ব্লাডিমিৰ হ’লেণ্ডৰ দুটা কবিতা

 ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা 

(Jarmila and Ian Milner)

অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ

১) ৰাশিফল

বিয়লি… সমাধি… আৰু শাণিত বতাহজাক

যেন কচাইৰ কাঠৰ কটা হাড়ৰ টুকুৰা৷

যাতনাৰ পৰা মামৰে মুক্ত কৰে ই ধাৰণ কৰা দেহক৷

আৰু আটাইৰে ঊৰ্ধ্বত, দুৰ্কপলীয়া চকুলো টুকি

তৰাবোৰে প্ৰায় সিদ্ধান্ত লৈ পেলায় সৈ কঢ়াৰ

কিয়বা আমি বুজোঁ সৰলতাক তেতিয়াহে  মাথোঁ, যেতিয়া হৃদয় চূৰ্ণ হয়,

আৰু আমিবোৰ আচম্বিতে হৈ পৰোঁ কেৱল নিজৰ, অকলশৰীয়া আৰু অভাগা৷

২) দেৱালখন 

আপোনাৰ চফৰৰ ইমান সাৱধানী আয়োজন কিয়,

কিয় এই প্ৰস্থান অপ্ৰীতিকৰ?

পোন্ধৰ বছৰ ধৰি কথা পাতি আছোঁ মই

এখন দেৱালৰ সৈতে

আৰু দেৱালখন টানি উলিয়াই আনিছোঁ ইয়ালৈ

মোৰ নিজৰ নৰককুণ্ডৰ পৰা

যাতে এইখনে এতিয়া

আপোনাক ক’ব পাৰে সকলো কথা…

                                ****

ঠিকনা :

প্ৰযত্নে : জেনেৰেল মেনেজাৰ

কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্প

লেঙেৰী, পশ্চিম কাৰ্বি আংলং

পিন : ৭৮২৪৫০

ই-মেইল : apollokhataniar23@gmail.com

ভ্ৰাম্যভাষ- 8732032130, 9859441369

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close