Written by sdblogs2011 11:11 am Articles

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী 

বৰগীত শিকাহে হ’ল, পিছে গোৱা নহ’ল : 

২৭ (১৯৬৮) জানুৱাৰিৰ পৰা পুৱাই পুৱাই বেলি নৌ ওলাওঁতেই শোৱাৰ পৰা উঠি চাইকেল মাৰি দ বেছেৰীয়া গাঁৱৰ পৰা প্ৰায় ৭-৮ মাইল গৈ মাজগাঁৱৰ চিপহা সত্ৰৰ হৰেন মহন্তৰ ঘৰ পাওঁগৈ৷ তেখেত কেতিয়াবা শোৱাৰ পৰা আগতেই উঠে, কেতিয়াবা মই গৈ পোৱাৰ পাছতহে উঠে৷ উঠিয়েই মুখ-হাত ধুই চাহ দুকাপ হাতত লৈ চ’ৰাঘৰলৈ আহে৷ দুয়ো একেলগে চাহ খোৱাৰ অন্তত খোলটো কান্ধত লয় আৰু ‘মাহুৰ’ ৰাগৰ পৰিতালৰ ‘শ্যাম চান্দমুখ পেখলো মাই’ বৰগীতটো মোক শিকাবলৈ আৰম্ভ কৰে৷ এসপ্তাহমান পুৱাই পুৱাই চাইকেল মাৰিলোঁ বৰগীতটো শিকিবৰ কাৰণে৷ মই তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰ, সমুখত মেট্ৰিক পৰীক্ষা৷ ঘৰত প্ৰথমে অলপ আপত্তি কৰিছিল যদিও মই পিছ হোঁহকা বিধৰ ল’ৰা মুঠেও নাছিলোঁ৷ গতিকে বৰগীতটো শিকিহে এৰিলোঁ৷

মুকলি অধিৱেশনৰ দিনা পুৱাবেলাতে মোক চুৰিয়া আৰু পাটৰ পাঞ্জাবী পিন্ধাই, কান্ধত ফুলাম গামোচা এখন মেৰিয়াই দি ডাঙৰ দাদা (নৰেন গোস্বামী)ই চাইকেলৰ আগত উঠাই টাউনলৈ লৈ গ’ল৷ তেতিয়া মোৰ পাটৰ পাঞ্জাৱী নাছিল৷ পৰ্বতীয়ালৈ গৈ মহাদেৱ শৰ্মাৰ পৰিয়ালৰে মোৰ কাণ সমনীয়া বাসু (বাসুদেৱ শৰ্মা)ৰ পৰা পাটৰ চোলা এটা ধাৰে আনিছিলোঁ৷ চাৰ্চ ফিল্ডত অধিৱেশন অনুষ্ঠিত হৈছে৷ কেউফালে লোকে লোকাৰণ্য৷ সভাপতি জ্ঞাননাথ বৰাক ৰথত তুলি চহৰৰ মূল পথেদি শোভাযাত্ৰাৰ আৰম্ভ হৈছে৷ সেয়া চাবলৈ মোৰ আহৰি নাছিল৷ দাদাই হৰেন মহন্তৰ ওচৰলৈ প্ৰথমে লৈ গ’ল৷ তেখেতে মঞ্চৰ একোণত আমাক বহুৱাই থ’বলৈ ক’লে৷ আমিও বাহিৰৰ সেই জাক-জমকীয়া পৰিৱেশ উপভোগ কৰিবলৈ এৰি ‘কাচাব্যাংকা’ৰ দৰে বহি থাকিলোঁ৷ এটা সময়ত সভা আৰম্ভ হ’ল৷ কাৰোবাৰ নাম ঘোষণা কৰা শুনা গ’ল৷ দাদা দৌৰি আহিল আমাৰ নাম ঘোষণা কৰা বুলি৷ পাছত দেখা গ’ল ছোৱালী এজনী মঞ্চত উঠিছে বাদ্যযন্ত্ৰীসহ৷ তাৰ পাছত মাইকত ভাহি আহিল- ‘ৰাম চলিল ৰে, পিতৃসত্য পালি ৰাম চলিল ৰে…৷’ তেনেই চিনাকি মাত, চিনাকি গান, চিনাকি শিল্পী৷ এয়া দেখোন চেতনা তালুকদাৰ (বৰ্তমান দাস)৷ আমাৰ আটাইৰে মুখৰ মাত হৰিল৷ ভিতৰত মানুহবিলাকৰ মাজত কিবা এটা গুণগুণণি উঠা শুনিলোঁ৷ তাৰ পাছত কি হ’ল গম নাপালোঁ৷ দাদাই মোক ভাত খুৱাবলৈ ভোজনালয়লৈ লৈ গ’ল৷ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ৷ বৰ ভোক লাগিছিল, টোপনিও আহিছিল৷

ভাত খোৱাৰ পাছত দাদাহঁতে তাতে ইফাল-সিফাল কৰি থাকিবলৈ ক’লে৷ গধূলিলৈ বোলে সাংস্কৃতিক অনুষ্ঠানত মই বৰগীতটো গাব লাগিব৷ জানুৱাৰি মাহৰ ঠেঁটুৱৈয়ে ধৰা জাৰৰ বতৰ৷ ইফালে গাত গৰম কাপোৰ বুলিবলৈ নাই৷ পুনৰবাৰ ‘কাচাব্যাংকা’ সজালে মোক৷ গধূলিও তেনেকৈ অনুষ্ঠান আৰম্ভ হৈ গ’ল৷ বৰগীতৰ কোনো নাম-গোন্ধেই নাই৷ ঠেঁটুৱৈয়ে ধৰা জাৰত আমি এচুকত বহি কঁপি আছোঁ৷ তেনেতে মন কৰিলো হৰেন মহন্ত, গজেন বৰুৱা, বিষ্ণু ৰাভা আৰু মোৰ দাদা কিবা কথা কৈ কৈ মোৰ ফালে আহি আছে৷ মই বুৰ্বকৰ দৰে মাথোঁ চাই আছিলোঁ৷ এটা সময়ত দেখিলো, বিষ্ণু ৰাভাই হাত জোকাৰি জোকাৰি কাৰোবাক কিবা কৈছে আৰু মানুহবিলাকে তেওঁক ঘেৰি ধৰিছে ৷ পাছত দাদাৰ পৰা জানিব পাৰিলো যে নিকামূল সত্ৰৰ গহণ গোস্বামী আৰু শোণিত কোঁৱৰ গজেন বৰুৱাই ’নেফা’ (বৰ্তমান অৰুণাচল)ৰ পৰা সাংস্কৃতিক দল দুটামান আনিছিল অনুষ্ঠানত ভাগ লোৱাবৰ বাবে৷ গহণ গোস্বামী আৰু গজেন বৰুৱাই ’নেফা’ত সত্ৰীয়া নৃত্য-গীতৰ স্কুল খুলি অৰুণাচলী ল’ৰা-ছোৱালীক সত্ৰীয়া নৃত্য-গীত শিকাইছিল৷ তাৰে একাংশক আনিছিল সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানত যোগ দিয়াবলৈ৷ সেইসকল শিল্পীকো মাটিয়ে-বালিয়ে নিশা এপৰলৈ বহুৱাই ৰখা হৈছিল মোৰ দৰে৷ বিষ্ণু ৰাভাই গম পাই গৰজি উঠিল- ‘এই শিল্পীসকলক যদি মঞ্চত উঠিবলৈ দিয়া নহয়, তেন্তে মই মঞ্চলৈ গৈ তাণ্ডৱ নাচিমগৈ’৷ সেয়াই আছিল মঞ্চৰ ভিতৰ চ’ৰাৰ পৰিৱেশ ৷ তাৰ পাছৰখিনি আৰু নোকাৱাই ভাল ৷

ঠিক সেইখিনি সময়তে ক’ৰবাৰ পৰা মহিলা এগৰাকী আহি সকলোৰে আগত ডাঙৰ ডাঙৰকৈ ক’বলৈ ধৰিলে- ‘আচলতে তাহানিতেই ডাঙৰ ভুল হৈ গ’ল, পগলা ফাটকৰ দেৱালখনৰ সীমা আৰু বহলাব লাগিছিল, গোটেই তেজপুৰ চহৰখন সামৰি৷’ মই একো বুজি পোৱা নাছিলোঁ তেতিয়া৷ মাথোঁ ভেবা লাগি শুনি আছিলোঁ ৷

  তেজপুৰ সাহিত্য সভাৰ  অধিৱেশনৰ মুকলি সভাত কোনে, কিয়, কি উদ্দেশ্যে এই ধৰণৰ বিসঙ্গতি ঘটালে, সেইটো বহু দিনলৈ মোৰ কাৰণে ৰহস্য হৈ আছিল যদিও এটা সময়ত সেই ৰহস্য ওলাই পৰিছিল৷

তেজপুৰৰ সমাজখনত তাহানিৰ পৰাই এটা শক্তিশালী গোষ্ঠী (Lobby)য়ে প্ৰায়ে আধিপত্য চলাবলৈ বিচাৰিছিল৷ সাহিত্য সভাৰ মঞ্চখনতো সেই নিৰ্দিষ্ট গোষ্ঠীটোৱে সেই কামফেৰা বৰ কৌশলেৰে কৰিছিল৷ শিল্পীগৰাকীয়েও হয়তো ক’ব নোৱৰাকৈয়ে সেই দুষ্টচক্ৰৰ জালত ভৰি দিবলগীয়া হৈছিল৷ তেজপুৰৰ দৰে ঐতিহ্যশালী সাংস্কৃতিক চহৰ এখনত, সাহিত্য সভাৰ দৰে জাতীয় সৰ্ববৃহৎ অনুষ্ঠান এটাৰ মঞ্চতো এনে অবাঞ্ছিত ঘটনা যে ঘটিব পাৰে, সেয়া আমাৰ সকলোৰে বাবে কল্পনাৰো অগোচৰ আছিল৷ কথাটো মনলৈ আহিলে আজিও মোৰ বুকুখন বিষোৱা যেন ভাব হয়৷

এই ঘটনাটোৱে সেই চেমনীয়া বয়সতে মোৰ মনত গভীৰ চাপ বহুৱালে৷ সেই চাপেই এটা সময়ত তেজপুৰৰ বৃত্তৰ সেই ঠেক পৰিধি ভাঙি বাহিৰলৈ ওলাই আহিবলৈ আওপকীয়াকৈ উদগণি যোগাইছিল ৷ আজিও পদে পদে উপলব্ধি কৰোঁ, সেইখিনি সময়তে সেই হেঁচাটোত তেজপুৰৰ পৰা ওলাই নহা হ’লে মোৰ জীৱনে কোন দিশে গতি কৰিলেহেঁতেন সেয়া ‘দেৱাঃ ন জানন্তি’৷ লগতে আৰু এটা কথা কৈ থোৱা ভাল, তেতিয়াৰ পৰাই মই ৰাজহুৱা মঞ্চত বৰগীত গোৱাটো সমূলি বিসৰ্জন দিলোঁ৷ কিন্তু পৰৱৰ্তী সময়ত ‘জনসাংস্কৃতিক পৰিষদ’ৰ দ্বাৰা প্ৰযোজিত বৰগীতৰ একমাত্ৰ লংপ্লেয়িং ৰেক’ৰ্ড ‘সখী সুদিন ভয়োৰি’ ৰাইজৰ হাতত তুলি দিয়াৰ যাৱতীয় সকলোখিনি কামৰ ময়ে আৰম্ভণিৰ পৰা  অন্যতম উদ্যোক্তা হ’বলগীয়া হৈছিল ৷

বহু বছৰৰ পাছত শোণিত কোঁৱৰ গজেন বৰুৱাৰ বিষ্ণু ৰাভা সম্পৰ্কীয় ‘প্ৰকাশ’ত ওলোৱা স্মৃতিকথাত এই ঘটনাটোৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ আৰু লগে লগে সেই তাহানিৰ ঘটনা বিলাক পুনৰ মোৰ চকুৰ আগত ভাহি উঠিছিল ৷

(আগলৈ)

Visited 2 times, 1 visit(s) today
Website |  + posts
Close