লোকনাথ গোস্বামী
(১৩)
(মন দাপোণত-৭)
(১)
কলেজত সেইবাৰ এবছৰীয়া প্ৰাক-বিশ্ববিদ্যালয়ৰ দেওনা যেনিবা কোনোমতে পাৰ হ’লো৷ ভবামতে ফলাফল নহ’ল৷ এবছৰত হয়তো ছমাহমানহে ক্লাছ হ’ল৷ ক’বলৈ গ’লে পাত্তাই নাপালোঁ কেনি কেনেকৈ বছৰটো পাৰ হৈ গ’ল৷ বৰ খং উঠিল আমাৰ হাইস্কুলীয়া শিক্ষা পদ্ধতিটোৰ ওপৰত৷ বিজ্ঞান ঐচ্ছিক, কিন্তু সংস্কৃত বাধ্যতামূলক, কি আজব কথা! তাতে বুৰঞ্জী পঢ়িব লাগিছিল ইংলেণ্ডৰ৷ সেয়ে কলেজলৈ গৈ বিজ্ঞান শাখাত নাম লগাই প্ৰথম বছৰটোত বৰ বেয়াকৈ উজুটি খাবলগীয়া হৈছিল৷
প্ৰাক-বিশ্ববিদ্যালয়ৰ দেওনা পাৰ হোৱাৰ পিছত একেখন কলেজতে স্নাতক শ্ৰেণীৰ বিজ্ঞান শাখাতে নাম লগালো৷ ৰাসায়ন বিষয়টো মোৰ ভাল লাগিছিল আৰু প্ৰাক-বিশ্ববিদ্যালয়ৰ পৰীক্ষাত নম্বৰ ভালেই পাইছিলো কাৰণে সেই বিষয়তে অনাৰ্ছ লোৱাৰ সিদ্ধান্ত ল’লো৷ এদি অনাৰ্ছৰ ক্লাছ কৰিবলৈ যাওঁতে সুৰেন গোস্বামী (আমাৰ সম্পৰ্কীয়,বিহগুৰিৰ নৰেন গোস্বামীৰ নৱৰত্নৰ এজন)ছাৰে ক’লে- ’তুমি এইটো বিষয়ত অনাৰ্ছ লৈছা যেতিয়া ভালকৈ পঢ়িব লাগিব৷ গান-বাজনা কিন্তু কমাব লাগিব৷ দুয়োটা একেলগে নহব নহয়।’ ছাৰৰ কথা শুনি চিন্তা লাগিল, গান-বাজনাতো কমাব নোৱাৰি৷ ভাবিলো অনাৰ্ছেই বাদ দিয়া যাওক৷ তাৰ পাছত আকৌ ভাবিলোঁ, অনাৰ্ছ কিয় এৰিম? দুয়োটাই চম্ভালিব লাগিব৷ এনেকৈয়ে দুয়োটা একেলগে চলাই গ’লোঁ৷
কলেজত পঢ়াৰ সময়ছোৱাতে আকৌ তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও যোগসূত্ৰ ৰাখিব লগীয়া হৈছিল৷ যিহেতু গান গোৱা, অভিনয় আদি কৰাটো মোৰ চখ আছিল, সেই বিলাকৰ চৰ্চা অব্যাহত ৰখাটোও দৰ্কাৰ আছিল৷ ইফালে ওপজা গাঁওখনকো এৰিব নোৱাৰো৷ গাঁওখনৰ মানুহখিনি তেতিয়ালৈকে আজিৰ দৰে চহৰমুখি হোৱা নাছিল৷ বিহুৱে, পূজাই ডেকা ল’ৰা-লুৰিবিলাক গোট-পিত খাই লক্ষ্মীপূজা, কালী পূজাত প্ৰতি বছৰে গাঁৱৰ ৰংগমঞ্চত নাটক মঞ্চস্থ কৰে৷ সিফালে আকৌ বহাগ বিহু আহিলেই খেলা-ধূলাৰ পৰা বিচিত্ৰনুষ্ঠানলৈ সকলো হয় গাঁওখনত৷ সেই সময়ত আমাৰ ঘৰখন এনেবিলাক কামৰ বাবে প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিছিল৷ গতিকে কলেজলৈ গ’লেও, টাউনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও, গাঁওখন এৰিব পৰা নাছিলোঁ৷
কেৱল সিমানেই নহয়, বেছেৰীয়া অঞ্চলটোত আমাৰ ঘৰখনকে ধৰি কেইটামান পৰিয়াল সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট আগবঢ়া আছিল ৷ আমাৰ দ বেছেৰীয়া(দ গাঁও)ত দাসীৰাম বৰাৰ পৰিয়াল,বদন শইকীয়াহঁতৰ পৰিয়ালটোকে মুখ্য কৰি অন্যান্য পৰিয়াল তথা ব্যক্তি সাংস্কৃতিক ক্ষেত্ৰখনত ভালেই আগবঢ়া আছিল ৷ দাসীৰাম বৰাৰ বৰপুত্ৰ ডিমচাঁদ বৰা(পুতুদা)ই মোক কোলাত বহুৱাই সৰুতেই গান শিকাইছিল ৷ এইজন দাদাই মোক প্ৰথম জ্যোতিপ্ৰসাদৰ গীত ’সেউজী সেউজী সেউজী অ’ ’কোলাত বহুৱাই শিকোৱাৰ লগতে চাইকেলৰ আগত বহুৱাই ওচৰ-পাজৰৰ গাঁৱত গোৱাবলৈ লৈ ফুৰোৱা কথাটো কাহানিও পাহৰিব নোৱাৰো ৷ আনকি ঘৰৰ দাদাহঁতেও সেইটো কৰিব পৰা নাছিল ৷ পুতুদাই সৰুতেই শিকোৱা জ্যোতিপ্ৰসাদৰ সেই গীতটো গাই খুব কম সময় ভিতৰতে মই চৌধ-চুবুৰীত জনপ্ৰিয় হৈ পৰিছিলো আৰু মানুহৰ পৰা অশেষ মৰম বুটলিবলৈ সক্ষম হৈছিলো ৷
(২)
সেই নিৰ্দিষ্ট গানটোৰ এটা কাহিনী আজিও পাহৰা নাই৷ তেতিয়া হাইস্কুলত সম্ভৱ পঞ্চম শ্ৰেণীত পঢ়ি আছোঁ৷ স্কুলৰ যজ্ঞেশ্বৰ মহন্ত ছাৰে এদিন ক্লাচৰ পিছত কমন ৰূমলৈ মাতি নি মোক ক’লে, তুমি এদিন মোৰ লগত পিঠাখোৱালৈ যাব লাগিব৷ পিঠাখোৱাত এটা ৰাজহুৱা মঞ্চ মুকলি কৰা হব অহা অমুক তাৰিখে৷ তুমি মোৰ লগত যাব লাগিব জ্যোতিসংগীত পৰিৱেশন কৰিবৰ বাবে৷ তুমি গাই থকা সেই জ্যোতিসংগীতটো গাব লাগিব৷ গৰম চুৱেটাৰ পিন্ধি আহিবা, ঠাণ্ডা আছে নহয়, তাতে চাইকেলত যাব লাগিব৷ কাইলৈ আমি স্কুলৰ পৰা বাহিৰে বাহিৰে যাব লাগিব৷
ছাৰৰ কথা যেতিয়া নোৱাৰো বোলাৰ প্ৰশ্নই নাই৷ ঘৰত আহি কথাটো দাদাহঁতক ক’লোঁ৷
কোনেও আপত্তি নকৰিলে৷ নৰেনদাই বজাৰৰ পৰা সেউজীয়া হাফ চুৱেটাৰ এটা আনি দিলে পাছদিনা পিন্ধি যাবৰ কাৰণে৷ পাছদিনা স্কুল ছুটিৰ পাছত ছাৰৰ লগত চাইকেলৰ আগত বহি বেছেৰীয়াৰ পৰা পিঠাখোৱালৈ বুলি ৰাওনা হ’লোঁ৷
সন্ধিয়া সময়ত পিঠাখোৱা পালোগৈ৷ গৈ গম পালো স্বাধীনতা সংগ্ৰামী চন্দ্ৰনাথ শৰ্মাৰ স্মৃতিত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ সিদিনা দিনৰ ভাগত উদ্বোধন কৰা হৈছে৷ তদুপলক্ষে সন্ধিয়ালৈ আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানলৈ মোৰ নিমন্ত্ৰণ৷ মোৰ কণ্ঠৰ এটি জ্যোতিসংগীতেৰে মঞ্চ মুকলি কৰাৰ আয়োজন ,শুনি মনটো উগুল-থুগুল লাগি গ’ল ৷ তাৰ পাছত ’জেৰেঙাৰ সতী’ নাটকখন মঞ্চস্থ কৰা হব ৷ কোনে হাৰমনিয়াম বজাব, কোনে তবলা বজাব একো জনা নাছিলো৷ যা নহওক, যথা সময়ত গানৰ অনুষ্ঠানটো হৈ গ’ল৷ তাৰ পিছত নাটক আৰম্ভ৷
’জেৰেঙাৰ সতী’ নাটকখন সেই সময়ত বৰ জনপ্ৰিয় নাটক আছিল৷ অনুষ্ঠান চাবলৈ বহুত মানুহ আহিছিল৷ নতুন প্ৰেক্ষাগৃহটোৰ ভিতৰে বাহিৰে দৰ্শক ঠাঁহ খাই পৰিছিল৷ নাটকখনৰ এটা দৃশ্য আজিও পাহৰিব পৰা নাই৷ জয়মতীক জেৰেঙা পথাৰত এজোপা গছত বান্ধি শাস্তি দিয়াৰ সকৰুণ দৃশ্য চলি আছে৷ তেনেতে ভেশচন ধৰি কোনেও ধৰিব নোৱাৰাকৈ গদাপাণি আহিছে (অভিনেতা বসন্ত বৰদলৈ, ডিপোতা) নিজৰ ঘৈণীয়েকৰ দূৰাৱস্থা চাবলৈ৷ কিছু দূৰৰ পৰা ক্ষন্তেক চাই ৰ’ব নোৱাৰি মুখৰ ভিতৰতে ক’লে- ’ কেনেকৈ মাইকী মানুজনীক ঘেচ্ ঘেচ্কৈ মাৰি আছে চাচোন৷’ তাৰ পিছত জয়মতীক উদ্যেশি ক’লে- ’হেৰ’ মানুহজনী, গিৰিয়েৰৰ কথা কৈনো নিদিয় কিয়? গিৰিয়েৰৰ কথা কৈ দিলেই দেখোন তই সাৰি যাৱ ৷ এনেকৈনো মাৰখন খাই থাকিব লাগেনে ?’
জয়মতীয়ে নিজৰ গিৰিয়েকক চিনি পালে ৷ চিনি পায়ো চিনি নোপোৱাৰ ভাও ধৰি সেহাই সেহাই ক’লে- ’ক’ৰ নো মানুহ এইবোৰ ? মোৰ যিয়েই হওক, তেওঁক নো কিয় লাগে ৷ ভালে ভালে ইয়াৰ পৰা গুচি যাওক ৷’
ঠিক সেই মুহূৰ্ত্তটোতে মোক আগতেই বিনয় বৰুৱাদা(চন্দ্ৰস্মৃতি হাইস্কুলৰ শিক্ষক)ই শিকাই থোৱা মতেই গানটো গাবলৈ আৰম্ভ কৰিলো ভিতৰৰ পৰা-
কৈয়ে দে, কৈয়ে দে
ক’তে গডাপাণি
চমতাত চিৰাচিৰ গা জয়েমতীৰ
চমতাত চিৰাচিৰ গাত–
এই গানটো ভ্ৰাম্যমান থিয়েটাৰ ’নটৰাজ’ য়ে মঞ্চস্থ কৰা ’জেৰেঙাৰ সতী’ৰ গান আছিল ৷ তেতিয়া নটৰাজৰ কণ্ঠশিল্পী আছিল ৰাজকৃষ্ণ বাঢ়ৈ ৷ এই গানটো গায়েই ৰাজকৃষ্ণ বাঢ়ৈ তেতিয়া সাংঘাতিক জনপ্ৰিয় হৈ পৰিছিল ৷ আমাৰ গাঁৱতো ’জেৰেঙাৰ সতী’ নাটকখন সৰুতেই চোৱা মনত আছে ৷ তেতিয়াই সেই গানটো শুনি শুনি গাবলৈ লৈছিলো ৷
সিদিনাখন পিঠাখোৱাত অনুষ্ঠান হৈ যোৱাৰ পিছত অইন এটা মনত ৰৈ যোৱা ঘটনা ঘটিল ৷ অনুষ্ঠান শেষ হোওঁতে নিশা দহমান বাজিছিল ৷ মোৰ বৰ ভোকো লাগিছিল ৷ কিন্তু কাকো কবও নোৱাৰো কথাটো ৷ ইফালে অনুষ্ঠানৰ উদ্যোক্তাসকলৰ লগতে যজ্ঞেশ্বৰ মহন্তছাৰৰো চিন্তা হৈছিল মোৰ খোৱা-বোৱাৰ কথাটো লৈ ৷ প্ৰশ্ন হৈছিল গোসাইৰ ল’ৰাক শূদিৰৰ ঘৰত ভাত খুৱায় কেনেকৈ? সেই অঞ্চলত তেনেকৈ ওচৰে-পাজৰে ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকো নাছিল, অথবা হোটেলো নাছিল ৷ সেয়া সম্ভৱ ’প্ৰবাসে নিয়মং নাস্তি’ বুলি মোৰ লগত বেছেৰীয়া হাইস্কুলত একেলগে পঢ়া মীৰাহঁতৰ ঘৰলৈ লৈ গ’ল তাৰে এজনে ৷ তাতে মজিয়াত পীৰা পাৰি কাঁহৰ কাঁহী-বাতিত সুন্দৰকৈ সজাই পৰাই ভাত খাবলৈ দিলে ৷ ময়ো পৰম তৃপ্তিৰে ভোকৰ ভাত সাজ খালো ৷ খাই উঠি পুনৰ ছাৰৰ চাইকেলত উঠি নিশা এপৰত দ বেছেৰীয়াৰ নিজৰ ঘৰখনত সোমালোহি ৷
পাছদিনা মাহঁতে ৰাতি ভাত খোৱাৰ কথা সোধোঁতে ৰাইজৰ লগতে খালো বুলি কৈ থলোঁ ৷ (আগলৈ)
