Written by sdblogs2011 7:43 pm Articles

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী

প্ৰথম অধ্যায়

(১) 

মোক সকলোৱে গানৰ মানুহ বুলিয়েই ভাবে৷ গান ইমানেই জনপ্ৰিয় মাধ্যম যে গানৰ জগতখনত কেনেবাকৈ অলপমান খোপনি ল’লেই সেই পৰিচয়টোৱে তৎক্ষণাত আগস্থান পাই যায়৷ বাকী অন্য কিবা বিষয়ত ব্যুৎপত্তি থাকিলেও বা উল্লেখনীয় অৱদান থাকিলেও সেয়া ‘পাতৰ তলৰ লাও’ হেন হয়৷ সেয়ে হয়তো গানৰ জগতখনত খ্যাতি, প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত কেনেবাকৈ যদি নিজে গুৰুত্ব দিবলৈ বা পাবলৈ বিচৰা পৰিচয়টো হেৰাই যোৱাৰ উপক্ৰম হয়, তেতিয়া বহুতে মিঠা অভিমান কৰি নিজকে গায়কৰ পৰিচয়ৰ পৰা নিলগাই ৰাখিবলৈ বিচাৰাৰ উদাহৰণো বিৰল নহয়৷ কিন্তু তেনে কৰিও সেইসকলে সহজে ৰেহাই নাপায়, গান এৰিলেও গানে তেওঁলোকক নেৰে৷  ইয়াৰ মাজতে  জন্মগত অভ্যাস, স্বভাৱ; সৃষ্টিশীল কামৰ প্ৰতি অদম্য হেঁপাহ থকাসকলে এনেবোৰ কথালৈ বৰকৈ  কাণ নিদিয়ে৷ পৰিৱৰ্তে তেনে লোকে তাৰ লগতে সংগতি ৰাখি পাৰ্যমানে পঢ়া-শুনা, লিখা-মেলা, খেলা-ধূলাৰ পৰা সামাজিক দা-দায়িত্বলৈ প্ৰয়োজনবোধ কৰা সকলোবোৰ বিষয়তে নিজকে নিয়োজিত  কৰি ৰখাৰ চেষ্টা কৰে৷

(২)

সৰুৰে পৰা সংগীতৰ ক্ষেত্ৰখনত উমলি-জামলি পাৰ কৰিছোঁ৷ বুজন হোৱাৰ পৰাই কিছুমান বিশেষ কথাই মোক চুই গৈছিল তেতিয়াৰ পৰাই৷ তেজপুৰ চহৰত জন্মগ্ৰহণ কৰা সূত্ৰেই হয়তো জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকাৰ দৰে জীৱন্তে কিংবদন্তিস্বৰূপ হৈ পৰা সাংস্কৃতিক জগতখনৰ পুৰোধা ব্যক্তিসকলৰ জীৱন আৰু কীৰ্তি সম্পৰ্কে বহু কথা শুনিবলৈ পাইছিলোঁ, অথবা তেওঁলোকৰ লেখা-মেলাত চকু ফুৰাবলৈকো চেষ্টা কৰিছিলোঁ৷ তেতিয়া দেখিছিলোঁ, এইসকল পুৰোধা ব্যক্তি কেৱল গানৰ জগতখনতে সীমাৱদ্ধ হৈ থকা নাছিল৷ গীতিকাৰ, সুৰকাৰ, সংগীতকাৰ হিচাপে প্ৰচুৰ খ্যাতি থকাৰ পাছতো অন্যান্য বিষয়, যেনে-সাহিত্য, বুৰঞ্জী, ৰাজনীতিৰ পৰা গৱেষণামূলক কামলৈকে অলেখ কামত জড়িত আছিল আৰু তেনেবিলাক বিষয় সম্পৰ্কতো যথেষ্ট লিখা-মেলা কৰি অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখন জাকত-জিলিকা কৰি তুলিছিল৷ জ্যোতিপ্ৰসাদৰ ‘শিল্পীৰ পৃথিৱী’, ‘পোহৰলৈ’, ‘আইদেউৰ জোনাকী বাট’, ‘বেজবৰুৱাৰ প্ৰতিভাৰ মূল্যায়ন’ পঢ়ি আমি শৈশৱতে বিস্ময়াভিভূত হৈছিলোঁ৷ বিষ্ণুপ্ৰসাদৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’, ‘মিচিং কনেং’, ‘মুক্তি দেউল’ৰ কথা কোনে পাহৰিব পাৰে? ড ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত ‘আমাৰ প্ৰতিনিধি’য়ে অসমীয়া সাহিত্য, সংস্কৃতি, ইতিহাস, ৰাজনীতি সকলোতে প্ৰভাৱ বিস্তাৰ কৰিছিল৷ ‘আমাৰ প্ৰতিনিধি’ৰ ‘শিল্পীৰ পৃথিৱী’ শিতানটো আমাৰ বাবে আছিল সমসাময়িক সাংস্কৃতিক জগতৰ দলিলস্বৰূপ৷ একেদৰে হেমাংগ বিশ্বাসৰ ‘আকৌ চীন চাই আহিলো’, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, বিহু, মঘাই ওজা সম্পৰ্কে যি বস্তুনিষ্ঠ মূল্যায়ন, ‘কুলখূৰাৰ চোতাল’ৰ দৰে মননশীল কবিতাই আমাৰ সৃষ্টিশীল আৰু চিন্তাশীল মনত ভাবিব নোৱাৰাকৈ চাপ পেলাইছিল৷ মুঠতে গান বা সামগ্ৰিকভাৱে সংগীতৰ লগতে সাহিত্য, ইতিহাস, ৰাজনীতি, বিজ্ঞান আদিৰ চৰ্চা অঙ্গাঙ্গীভাৱে চলাই যাব পাৰিলে এটা আনটোৰ পৰিপূৰকহে হয়, ক্ষতিকৰ হব নোৱাৰে৷

(৩)

আমাৰ ওপজা গাঁওখনৰ নাম আছিল দ বেছেৰীয়া৷ তেজপুৰৰ পশ্চিম প্ৰান্তৰৰ বেছেৰীয়া নামৰ অঞ্চলটোৰ একেবাৰে চুকত আছিল গাঁওখন৷ মোৰ কাৰণে গাঁওখনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ আছিল গাঁৱৰ প্ৰায় মাজভাগতে থকা পুথিভঁৰালটো৷ পুথিভঁৰালটোৰ নাম আছিল ‘নৱজীৱন পুথিভঁড়াল’৷ এই পুথিভঁৰালটোৰ পৰাই ক’বলৈ গ’লে মোৰ জীৱনৰ আদিপাঠ আৰম্ভ হৈছিল৷ বয়সে নৌকুলাওঁতেই পুথিভঁৰালীগৰাকী(মহেন্দ্ৰ নাথ)-ৰ কৃপাত পুথিভঁৰালৰ গ্ৰন্থ স্পৰ্শ কৰাৰ সুবিধাকণ পাইছিলোঁ৷ পুথিভঁৰালত ভাগে ভাগে সজাই থোৱা বৃহৎ কলেৱৰৰ মহাগ্ৰন্থ ৰামায়ণ, মহাভাৰত পঢ়াৰ সাধ্য নাছিল যদিও হাতেৰে  চুই, নতুন গ্ৰন্থৰ আমোলমোল সুগন্ধ লৈ, ৰঙীন ছবিবিলাক চাই এক অনাবিল আনন্দ লভিছিলোঁ৷ হনুমানে গন্ধমাৰ্দন পৰ্বত মূৰত লৈ উৰি অহা, বালি-সুগ্ৰীৱৰ থৈয়া-নথৈয়া যুদ্ধ, পঞ্চৱতী বনত সীতাৰ নিঃসঙ্গ জীৱনৰ কৰুণ মুখ আদি গ্ৰন্থখনৰ মসৃণ পাতে পাতে দেখি অজান পুলক অনুভৱ কৰিছিলোঁ৷ তেতিয়ালৈকে পুথিভঁৰালৰ পৰা গ্ৰন্থ ধাৰে আনিব পৰা বয়স হোৱাই নাছিল যদিও পুথিভঁৰালীগৰাকীয়ে নিজৰ নামতে ‘নীলা চৰাই’, ‘বুঢ়ী আইৰ সাধু’, ‘ল’ৰাৰ জাতক’ৰ পৰা আৰম্ভ কৰি ‘থ্ৰী মাছকেটিয়াৰ্ছ’, ‘ডন কুইকছোট’, ‘টম ছয়াৰ’, ‘মোপাছাঁৰ গল্প’ আৰু কত যে কিমান কিতাপ আনি ঘৰতে দিছিলহি, কথাবিলাক মনত পৰিলে আজিও মন-প্ৰাণ পুলকিত হৈ উঠে৷ আৰু এখন আলোচনীৰ কথা উল্লেখ নকৰিলে সাংঘাতিক ভুল কৰা হ’ব, সেইখন আছিল ‘ছোভিয়েট দেশ’ নামৰ আলোচনীখন৷ আলোচনীখন ইমান আটক ধুনীয়াকৈ উলিয়াইছিল যে চুই চায়েই ভাল লাগিছিল৷ কথাতকৈ  ভিতৰৰ ছবিবিলাক বেছি আকৰ্ষণীয় আছিল আমাৰ বাবে৷

(৪)

‘নবজীৱন পুথিভঁড়াল’ বুলিলে আৰু এটা আমোদজনক কথা মনলৈ আহে৷ দাদাহঁতে পুথিভঁৰালৰ পৰা উপন্যাস আনে ঘৰত পঢ়িবলৈ৷ চাকৰিলৈ যোৱাৰ আগতে সেই উপন্যাসবিলাক বিছনাৰ তলত আমি গম নোপোৱাকৈ লুকুৱাই থৈ যায়৷ তেতিয়া কোৱা শুনিছিলোঁ যে সৰু ল’ৰা-ছোৱালী(অপ্ৰাপ্তবয়স্ক)য়ে উপন্যাস পঢ়িব নাপায়, বয়স হলেহে পঢ়িব পায়৷ এই কথাটোৱে আমাৰ মনত তেতিয়াই এক কৌতূহল সৃষ্টি কৰিছিল৷ সেয়ে দাদাহঁত ঘৰত নথকা অৱস্থাত ছেগ বুজি বিছনাৰ তলৰ পৰা এখনৰ পাছত এখনকৈ উপন্যাস উলিয়াই গোগ্ৰাসে গিলিছিলোঁ৷ তেনেকৈয়ে হিতেশ ডেকাৰ ‘এয়েতো জীৱন’ৰ তিনিটা খণ্ড শেষ কৰিছিলোঁ৷ আব্দুল মালিকৰ ‘সূৰুযমুখীৰ স্বপ্ন’, বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’, পদ্ম বৰকটকীৰ ‘মনৰ দাপোণ’ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘শতঘ্নী’, ‘ইয়াৰুঈঙ্গম’ আদি পঢ়ি অন্ত কৰিছিলোঁ৷ সেই কম বয়সতে লুকাই চুৰকৈ উপন্যাস পঢ়াটো ভাল কথা নাছিল নিশ্চয়৷ কিন্তু সেই বয়সতে সেই প্ৰখ্যাত লেখকসকলৰ গ্ৰন্থ অধ্যয়ন কৰাৰ কাৰণেই হয়তো পঢ়াৰ প্ৰতি আমাৰ ধাউতি বাঢ়িছিল আৰু তাৰ লগে লগে ক’ব নোৱাৰাকৈয়ে গভীৰ জীৱনবোধ যেন জাগিছিল মনৰ নিভৃত কোণত৷ একেখন ঘৰতে, একেটা পৰিয়ালতে, একেখন সমাজতে কিমান যে বিচিত্ৰ মনৰ মানুহ থাকে, সামাজিক আচাৰ-নীতি, নিয়ম-কানুনৰ নামত ঘৰ একোখন, সমাজ একোখন ভঙা-গঢ়াৰ কত যে কিমান ঘটনা-পৰিঘটনা নিতৌ ঘটিব পাৰে, সেয়া উপন্যাসবিলাক খৰচি মাৰি পঢ়াৰ পাছতহে অনুধাৱন কৰিব পাৰিছিলোঁ৷ কেৱল সেয়ে নহয়, অসমীয়া ভাষাৰ মান-মাধুৰ্য কিমান হ’ব পাৰে, উপন্যাস অধ্যয়নে  সেয়া কিমান গাঢ় কৰিব পাৰে, তাৰ এক ধাৰণাও প্ৰগাঢ় হৈ উঠিছিল মনৰ মাজত৷ সেই বয়সতে কিতাপ পঢ়াৰ প্ৰবল ধাউতি এটা মনত নজগা হ’লে, পাছলৈ হয়তো সেই অভ্যাস কিমান থাকিলহেঁতেন সেয়ে সন্দেহৰ বিষয়৷

সৰুৰে পৰা গ্ৰন্থ অধ্যয়নৰ অভ্যাস এটা গঢ় লৈ উঠিছিল কাৰণেই হয়তো লিখা-মেলাৰ প্ৰতি আমাৰ ধাউতি ক্ৰমাৎ বাঢ়ি গৈছিল৷ তেতিয়াই মনত এক দ্বন্দ্ব হৈছিল, কলম নে কণ্ঠ ? কোনটোত অধিক গুৰুত্ব দিয়া উচিত হ’ব ?

(আগলৈ)

Visited 1 times, 1 visit(s) today
Website |  + posts
Close