Written by sdblogs2011 11:27 am Poems

ৰঙা চিয়াঁহী

(শ্লেভয় জিজেকৰ ৰগৰেৰে…)

            দিগন্ত শইকীয়া

বপুৰা সিয়ান বৰ

আঁহতৰ তলত জিভা ধৰাই থাকোঁতে

এদিন ওপৰৱালাৰ পৰিল নজৰ

ধৰাই নিলে তাক

বঁটাই নে গতাই বুজাই নাযায়৷

বিদায়ৰ চলেৰে সি কোনো কাণক কৈ গ’ল-

চিঠি লিখিম

চিয়াঁহী যদি নীলা হয় জানিবি কথাবোৰ সঁচা

চিয়াঁহী ৰঙা হ’লে কথাবোৰ মিছা, কিন্তু জানিবি মোৰ গতি বিষম

কিছুদিনৰ পিছত বপুৰাৰ চিঠি, চি্যাঁহী নীলা-

ইয়াত সকলো চমৎকাৰ

ঘৰ পকী আৰামী চকী খোৱাৰ টেবুল সজাত বুলবুল

প্ৰেক্ষাগৃহত পশ্চিমৰ বোলছবিৰ ফোৱাৰা অনৰ্গল

মঙহ মৈথুন হাত মেলিলেই পায়

পিছে ৰঙা চিয়াঁহী পাবলৈ নাইশ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close