(নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত)
এম. কামালুদ্দিন আহমেদ

নীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক সম্পৰ্ক, তাৰ পৰা বিৰিঙি উঠা হৃদয়ৰ ঊষ্ণতা অনুভূতিসিক্ত ভাষাৰে মূৰ্ত হৈছে। একোটাহঁত গভীৰভাৱে অনুভূত ব্যক্তিগত ঘটনা তেওঁৰ এনে কবিতালানিৰ অন্তৰালত আছে :
দ পৰ্বতীয়াৰ সেই ছোৱালী দুজনী
হাতৰ মুদ্রা আবাহনী
(ইয়াৰ পৰাই পানী)
শিল্পকলা দর্শন (১৯৯৮)-ত নীলমণি ফুকনে লিখিছে : “তেজপুৰৰ দ পৰ্বতীয়ালৈ কেইবাবাৰো গৈছোঁ। কেৱল গংগা-যমুনাক চাবলৈ গৈছো দুবাৰ। যিমানবাৰ চাইছোঁ, সিমানেই চাবলৈ হাবিয়াস বাঢ়িহে গৈছে। বাৰে বাৰে ভাব হয়, আগতে দেখিও যেন কাহানিও দেখা নাই, এয়ে যেন প্রথম দেখিলোঁ।” (নীলমণি ফুকন ৰচনাৱলী, পৃ. ৪২০ )
দ পৰ্বতীয়াৰ সেই যুগল মূৰ্তিয়ে যি আৱহ ৰচনা কৰে, মূৰ্তিদ্বয়ৰ শাৰীৰিক গঠনে মনত যি পুলকানুভূতিৰ সঞ্চাৰ কৰে তাকে কবিতাটোৰ বয়নত ৰাখি কবি ফুকনে মানৱীয় সম্পৰ্কৰ জেৰ টানিব খোজে আৱহমান কালৰপৰা। সমসাময়িকক এই দৰেই চেৰাই গৈ মানৱীয় সম্পৰ্কৰ সাম্প্ৰতিক তাৎপর্য কবিয়ে ফুটাই তোলে :
তুমি হাত মেলিলেই কলাপাতখন
লৰে কি চৰে
চুলি মেলিলেই বৰষুণজাক
গাত আহি পৰে
বুকুৰ মাজতে মোৰ কিবা
গজে এটা গজে
মানুহে খাই পেলোৱা
নোখোৱা এটা গুটি
মূর্তি দুটিয়ে পেলোৱা অভিঘাতত পাৰাপাৰহীন সৌন্দর্যৰ ধাৰাই প্রৱাহিত হোৱা নাই, মৃত্যুৰ ভেহুচালিও যেন ৰুদ্ধ হৈ গৈছে :
ক’তো যেন এতিয়া কোনো মৰা নাই।
কোনো শিশু
কোনো বৃদ্ধ
মূৰ্তি দুটিৰ প্ৰসংগৰেই কবিতাটো আগবাঢ়িছে যদিও মাজভাগতে মানুহৰ বিশাল প্রেক্ষাপটৰ অৱতাৰণা হৈছে। কবিতাটোৰ শেষতো মূর্তিযুগলৰ অভিঘাতৰে দ্যোতনা। তেনেদৰেই খোজনীয়া এজনে বাঁহী বজোৱাৰ অভিজ্ঞতাৰ ৰূপায়ণৰে কবিতা এটি বিকশিত হৈ শেষ হৈছে যদিও ইয়াৰ মাজতে মানবীয় জীৱন-জিজ্ঞাসা ফুটি উঠিছে :
উশাহ সলোৱা বাটতে
তই বাঁহীটোকে পালি
সি কি চিৰসত্য
(তই কি বাঁহী বজালি)
শিশু এটিৰ দৰেই আলফুলে লালিত হয় মানবতা, ইয়াত সম্পৃক্ত হৈ আছে স্নিগ্ধতা আৰু কোমলতা। এই মানবতাও ক্রুদ্ধতাৰ সন্মুখীন হয়, খহি পৰে তাৰ ভেটি
কেনেকৈ দুচকুৰ তেজ মচি
কটালো ৰাতি
কেনেকৈ দুবাৰ মেলি ওলাই গলোঁ।
বুকুত লৈ থুনথুননি
(খিৰিকীয়েদি সোমাই আহিল)
ইতিহাসৰ শিক্ষক নীলমণি ফুকনে অসম বুৰঞ্জীৰ এটি চৰিত্ৰৰ অৱতাৰণাৰে মানুহৰ অন্তর্নিহিত শক্তিত অমলিন বিশ্বাস স্থাপন কৰিছে। এই আস্থা স্থাপন কৰাৰ কাৰণ হ’ল তেওঁলোকে জীৱনৰ অৰ্থ অনুধাৱন কৰিব পাৰে :
গাজি গুমৰি বৰষুণ আহিব
উত্তৰ পৰা দক্ষিণৰ পৰা
পূৱৰপৰা পশ্চিমৰ পৰা
আৰু খেতিয়কবোৰ বাটলৈ
ওলাই আহিব
(দুয়োখন দুৱাৰ মেলি থ’বি)
আহোম ৰাজত্বৰ দিনৰে পৰা প্রবাহিত প্রজন্মৰ স্ৰোত হঠাতে মুখামুখি হৈছে সমসাময়িক প্রৱাহত :
কেই ঘড়ি মৰণ
আন্ধাৰু বালিত আকৌ বান্ধিলোঁ গড়
বুঢ়া লুইতৰ হাওৰণি
সোণৰ মৈৰাজৰা ভাঙি
গাৰ গুচাওঁ বন
(ৰৈ আছিলোঁ আন্ধাৰু বালিত)
লাঞ্ছিত মানৱতা প্রাত্যহিক অভিজ্ঞতাৰ দৰে কবিয়ে প্রত্যক্ষ কৰিছে। দৈনন্দিন প্রাত্যহিকতাৰ অমানুষিকতাৰ বিপৰীতে অতীতৰ স্নিগ্ধতাই আমাৰ আত্মগ্লানি আনি দিয়ে :
চকুতে হেৰাল ফুলকোঁৱৰৰ ঘোঁৰা
আৰু কবিতাত ভৰসা
বাৰে বাৰে নিজকে দিওঁ ধিক্কাৰ
জীয়া মৰাৰ তফাৎ কি ইয়াত
বাটতে কেতিয়াকৈ
আকৌ লগ পাম তোমাক
(বাটৰ কাষতে পেলাই থৈ যায়)
আচহুৱাৰণৰ জৰিয়তে ইজন সিজনৰ পাৰস্পৰিক দূৰত্ব যেন অনুভূত কৰায় কবিয়ে। কিন্তু আবহমান কালৰ পৰা প্রবাহিত মানবীয় প্ৰমূল্যৰ জয়গান কৰাহে কবিৰ অভীপ্সা :
মাকৰ লগত তেওঁৰ হাজাৰ বছৰীয়া সম্পর্ক
তোমাৰ লগত এটা গোপন সম্পর্ক
পৃথিৱীত প্ৰথম বৰষুণজাক পৰাৰ পৰা
সেই জুই চুৰ কৰি অনাৰে পৰা
চ’তৰ বিহুৰ আন্ধাৰ নিশা
তুমি ঘৰৰপৰা ওলাই যোৱালৈকে
কলিংগৰ পৰা ভিয়েটনামলৈকে ( তেওঁ কাহানিও তোমাক ভুল কৰা নাই)।
‘একেখন ঘৰতে আছিলোঁ দুঘৰ মানুহ’ত আশীৰ দশকৰ অসমৰ সমস্যাদীর্ণ অৱস্থা ৰূপায়িত হৈছে যদিও এই সমকালীনতাৰ মাজে মাজে সিঁচৰতি হৈ থকা ফুকনৰ চিৰাচৰিত লোকাতীত কালাতীতৰ অভিব্যঞ্জনাই এই দীঘল কবিতাটোক নতুন আয়তন প্রদান কৰিছে। আচৰিত নহয়, মানুহৰ মাজৰ পাৰস্পৰিক আন্তৰিকতাই জীৱনৰ সামগ্ৰিকতাৰ পাৰস্পৰিক বিনিময় সম্ভৱ কৰি তুলিছিল :
সলাওঁ এনেকৈয়ে ইজনে সিজনক
সলাওঁ দিন ৰাতি নিদ্রা অনিদ্রা
শৈশৱ যৌবন
বার্ধক্য হতাহ হুতাশন
এই দৈনন্দিন বাস্তৱতাৰ মাজতো সপোনৰ বালিমাহী চৰাইটোৱে বাস্তৱাতিৰিক্ত জীৱনৰ মাত্ৰা উন্মোচন কৰিছে। মালাৰ্মেই কোৱাৰ লেখীয়াকৈ ‘গদ্যৰ শব্দ’বোৰে কবিতাটোত নতুন দ্যোতনা দিবলৈ সক্ষম হৈছে :
কিনো স্বপ্ন দুঃস্বপ্ন
দুঃস্বপ্নৰ স্বপ্ন
স্বপ্ন নিৰন্তৰ
কিনো ঘৰ আশ্রয় দেশ-বিদেশ পোতাশাল
মুকলি প্ৰান্তৰ
জাৰণি বাঁহনি ভূত ভৱিষ্যৎ
প্রাপ্তবয়স্ক মানুহৰ বিপৰীতে ল’ৰা-ছোৱালীবোৰে এই আতংকময় পৰিবেশতো পোহৰ সিঁচি যায়। অনুভূতিসিক্ত ভাষাৰে ভাবৰ সুক্ষ্মতা ৰূপায়িত হৈছে :
কেৱল ল’ৰা-ছোৱালীবোৰে
চকুপানী মচি
জ্বলায় সন্ধ্যাৰ জোনাকী
কেৱল ফুলি থকা ফুলটোৱে
বিচাৰে সুগন্ধত তাৰ
প্ৰাণৰ বিস্তৃতি
মানৱীয় হৃদ্যতাৰ প্ৰসংগত কবি নীলমণি ফুকনে প্রকৃতিৰ এটি বিশেষ ভূমিকাকো কবিতালৈ আনিছে। ‘অলপ আগতে আমি কি কথা পাতি আছিলোঁ’ (২০০৩)ৰ কেতবোৰ কবিতাত প্ৰকৃতিৰ সৰৱ উপস্থিতিয়ে নিজকে বিচাৰি চাবলৈ প্রণোদিত কৰে :
সন্ধ্যাৰ তেজ-তুমৰলি সেই গৰখীয়া
ল’ৰাটো ময়েই
হাবিতলীয়া বাটেৰে
জিলি এটা হাতৰ মুঠিত লৈ
নিতৌ গধূলি ঘৰলৈ ওভতো
(সন্ধ্যাৰ তেজ-তুমৰলি সেই গৰখীয়া)
ফুকনৰ কবিতাত প্ৰকৃতিৰ অনাবিল সঁহাৰিত হৃদয়ৰ আদান-প্ৰদান ৰূপায়িত হৈছেঃ
আৰু শিলটোৰ ফাটে-ফাটে
লহপহীয়া ঘাঁহবোৰ গচকি
তুমি ওপৰলৈ উঠি যোৱা
আৰু নামি আহোঁ
এনেকৈয়ে উঠি-নামি থাকোতে
পৃথিৱীখন আকৌ ঘাঁহে
ছাটি ধৰে
নৰকাসুৰ পাহাৰত থকা
নিঃসংগ টাবাৰটোও
(প্ৰকাণ্ড শিলটোৰ ফাটবোৰত)
প্ৰকৃতিৰ উপাদান পাহাৰ আৰু শিলে মানুহক অপৰিসীম শক্তি প্ৰদান কৰিছে আৰু সিয়েই কবিতাটিৰ ৰূপ (Form) গঢ় দিছে। প্রকৃতি, গছ-গছনি য’তেই আছে ত’তেই ‘ৰং’ আৰু ‘ইন্দ্রিয়গ্রাহ্য মূল্য’ই ফুকনৰ কবিতাত মানবতাকে উজ্জ্বলতৰ ৰূপত প্ৰতিভাত কৰিছে :
(ক) কত বছৰৰ পিছত আজি এই সন্ধিয়া
অকলে ৰঙা নৈত নামিলো
মোৰ চকুৰ মাজেদি ৰঙা হৈ উৰি গ’ল
দুটি লৰিয়লি চৰাই
পানীৰ তলৰ পৰা ওলোৱা এক অদ্ভূত নিস্তব্ধতাত
ৰঙা হৈ উঠিল নিস্তৰংগ ৰাতি
(কত বছৰৰ পিছত আজি এই সন্ধিয়া)
(খ) অলৌকিক পাতি সোন্দাজোপাৰ গালৈ
সিহঁত সোমাই গৈছে
মোৰ চকুৰ পতাৰ তলেদি আকৌ ওলাই আহিছে (কানিমুনি বেলিকা ল’ৰা-ছোৱালীহালক)
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
