Written by sdblogs2011 8:53 pm Poems

হুমুনিয়াহৰ সাঁকো

মূল: Thomas Hood-ৰ The Bridge of Sighs 

অনুবাদ : মাধৱ দাস

আৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই 

তিক্ত জীৱনৰ পৰা 

মৃত্যু পথলৈ

গতি কৰিলে।

আলসুৱাকৈ তাইক তুলি আনা

সযত্নে তাইক স্পৰ্শ কৰা।

তাইৰ পোছাকযোৰ আছিল অতি ক্ষীণ

তাই আছিল পূৰ্ণ যৌৱনা সুন্দৰী।

তাইৰ পোছাকযোৰলৈ চোৱা

মৃতদেহ ঢকা কাপোৰৰ দৰে

গাত লিপিত খাই লাগি আছে

তাইৰ গাৰ কাপোৰৰ পৰা 

টোপ টোপকৈ সৰি পৰিছে

পানীৰ টোপাল। 

তাইক ততালিকে তুলি আনা, 

ঘৃণাৰ ভাৱেৰে নহয়, প্ৰেমভাৱেৰে।

আউলি-বাউলি হৈ থকা

তাইৰ ধুনীয়া ৰঙচুৱা মুগাবৰণৰ চুলিকোছা বান্ধি দিয়া।

চোৱা সেইফালে তাত উপস্থিত সকলোৱে মাথোঁ বিস্ময় দৃষ্টিৰে তাইলৈ চাইছে

ক’ত বা আছিল তাইৰ ঘৰ?

তাইৰ পিতৃ কোন আছিল?

তাইৰ মাতৃ কোন আছিল?

তাইৰ কোনো ভগ্নী আছিলনে?

তাইৰ কোনো ভাই বা ককাই আছিলনে?

তাইৰ কোনো প্ৰেমিক আছিলনে?

অথবা তাইৰ কোনো আত্মীয় আছিলনে?

হায়! এই পৃথিৱীত প্ৰেম আৰু দয়া গুণৰ অভাৱৰ বাবেই

তাইৰ কৰুণ মৃত্যু ঘটিল।

এই বিশাল মহানগৰখনত 

তাইৰ বাবে নোলাল অকণমান আশ্ৰয়।

এই পৃথিৱীত ভগ্নীবৎ, ভাতৃবৎ,

পিতৃবৎ, মাতৃবৎ অনুভূতিবোৰৰ সলনি হ’ল।

আনকি প্রেমৰ অনুভূতিবোৰো 

সলনি হৈ গ’ল।     

মার্চ মাহৰ অতি ঠাণ্ডা বতাহজাকে

তাইৰ শৰীৰ কঁপাই তুলিছিল

কিন্তু আন্ধাৰে তাইক একো কৰিব পৰা নাছিল

অথবা বৈ যোৱা ক’লা নদীখনেও।

জীৱনৰ অতীত ইতিহাসে 

তাইক বলিয়া কৰি তুলিছিল

মৃত্যুৰ ৰহস্যময়তাত তাই আনন্দিত হৈছিল

এই পৃথিৱীৰ পৰা আন কোনোবা ঠাইলৈ গুচি যোৱাৰ বাবে তাই উন্মাদ হৈ পৰিছিল।

তাই নদীখনৰ বুকুত সাহসীকতাৰে জাঁপ দিছিল

য’ৰ পানীবোৰ আছিল বৰফৰ দৰে চেঁচা।

অশান্ত নদীখন বৈ গৈছিল

দুই উপত্যকাৰ মাজেদি।

হে দুশ্চৰিত্ৰৰ লোকসকল

তোমালোকে পৰিৱেশটো মন দি চোৱা 

ইয়াৰ বিষয়ে চিন্তা কৰা

যদি পাৰা তাইৰ বিষয়ে ভাবা।

তাইৰ ভৰি-হাতবোৰ চেঁচা হৈ পৰিছে

তাইৰ দেহটো নিথৰ হৈ পৰিছে

মৰমেৰে হাত বুলাই

তাইৰ নিথৰ চকুযোৰ জপাই দিয়া।

তাইৰ দুৰ্বলতাৰ বাবেই 

আজি তাই মৃত্যুবৰণ কৰিলে

আৰু মৃত্যুৰ লগে লগে 

তাইৰ সকলোবোৰ পাপ

ঈশ্বৰৰ ওচৰত সঁপি দিছে।

ঠিকনা :

যোৰহাট

ফোন : ৬০০২০৭৫৮৪২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close