Written by sdblogs2011 3:51 am Poems

হামি

গুণোজীৎ দাসহামি এটাৰ বাহিৰে যেন
নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই

নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি

হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল 

কালে মোকলাই দিয়া হামি
আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন

নিজৰ বুলি হামি দুটামান বেছিকৈ মাৰি
খজুৱাই থাকিলোহেঁতেন অনৰ্থক খজুৱতি

গছপাতৰ নান্দনিকতাবোৰ ছাঁ হোৱালৈ
হামি মাৰি সাঙীত উঠি গুচি গ’লহেঁতেন বাঢ়ি অহা বতাহৰ ভৰ

হামি এটাৰ বাদে যদিও
দীঘলীয়া বসন্তৰ ফুলবোৰে ৰাতিবোৰক জীয়ন দি ফুলিছে,
বতাহৰ হাতে ৰোৱা গছবোৰৰ পাতে যদিও আন্ধাৰ খুপি
নেওতা দিছে বাঁহগছৰ গজালি উৎসৱ***

ঠিকনা :বাক্সা, শিমলা-৭৮১৩৩০দূৰভাষ- ৭৮৯৬৭৪৮৯৮৬

https://www.facebook.com/gunojit.das

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close