Written by sdblogs2011 8:00 am Poems

হাতীপটি

নিৰু দত্ত

জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী

কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ কাহিনী ।

আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি

বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি ।

আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল ৰাতি

উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ ইমূৰ-সিমূৰ জুৰি ।

ছায়াপথ, আকাশীগংগা আৰু মন্দাকিনী নামেৰে

নানা ঠাইৰ নানা জনে হাতীপটিক মাতে  মৰমেৰে ।

লেটিন শব্দ “ভায়া লেক্টিয়া”-ৰ পৰা নামটো  ওলায়

ইংৰাজীত হাতীপটিক সেয়ে  মিল্কি ৱে’ বুলি কয় ।

 “গেলেক্টিকছ কিকলছ” শব্দটো  আছে  গ্ৰীক ভাষাত

ইয়াৰো অৰিহণা  আছে মিল্কি ৱে’ নাম হোৱাত । 

দুয়োটা নামৰ অৰ্থ “দুগ্ধময় বৃত্ত” কিজানি

ইয়াৰো আঁৰত আছে পৌৰাণিক কাহিনী ।

আইতাই  কৈছিল পিছে নিজে সজা এটা সাধু

আজি তোমালোকক সেইটোকে কওঁচোন বাৰু ।

অতি বিতোপন হাতীপটি অলেখ নক্ষত্ৰ গা-ত

ইন্দ্ৰদেৱতাৰ ঐৰাৱতে সেয়া পানী খাবলৈ যোৱা বাট ।

তেত্ৰিছ কৌটি দেৱতা, অপ্সৰা আৰু গন্ধৰ্ৱ সহিত

আকাশৰ সিপাৰে জৰা-মৃত্যুহীন স্বৰ্গত কৰে বাস ।

দেৱতাৰ ৰজা ইন্দ্ৰদেৱ শশী প্ৰিয়তমা 

গন্ধৰ্ৱই বাজনা বজাই নাচে দেৱাঙ্গনা ।

তাতে আছিল কণমানি এক মৰম লগা পৰী

দেউতাকে মৰমেৰে তাইক ৰাখিছিল আৱৰি ।

লনী নামৰ পৰীজনীয়ে  হাতত কঁৰিয়া লৈ

নিতৌ ককাকৰ ঘৰৰ পৰা গাখীৰ আনেগৈ ।

এদিনাখন লনী পৰীৰ কি অথন্তৰ  হ’ল শুনা 

চৰি থকা ঐৰাৱতেৰে হ’ল নহয় অগা-ভেটা ।

তালপাত হেন কাণ লৰাই আছিল কলপাত খাই

ভিম্বাকাৰ চেহেৰা দেখি লনীয়ে মাৰিলে লৰ ভিৰাই ।

উজুটিত ছিগিল নখ পৰিল ধুপুচকৈ তাই 

কঁৰিয়া ভৰ্তি বগা গাখীৰ পৰিল লুটি খাই ।

তৰাৰ চপৰানিখনত গাখীৰ বৈ গ’ল 

হাতীপটি তেতিয়াৰে পৰা মিল্কি ৱে’ হ’ল ।

কান্দি – কাতি লনীজনী হ’ল তেনেই আহৰি 

কৰিয়াটো আনিবলৈও থাকিলে তাই পাহৰি ।

সাধু শুনি মইনাহঁতৰ টোপনি দেখোন হৰিল

পাকঘৰত ৰাতি সাজৰ ঘণ্টিও বাজিল ।

                  * * *

ঠিকনা :

সৰুপথাৰ, গোলাঘাট

যোগাযোগ : ৭০০২২৪১১৪৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close