অনুবাদ: হৰেকৃষ্ণ ডেকা
নিয়ৰৰ এখন পৃথিৱী,
আৰু প্ৰতিটো নিয়ৰকণাৰ ভিতৰত
সংগ্ৰামৰ এখন জগত
ইছা (১৭৬৩-১৮২৮)
যদি মই পাৰিলোঁহেতেন,
চেৰীফুলৰ সৰা পাহিৰ দৰে
গান গাই থাকিলোঁহেতেন
বাছো (১৬৪৪-১৬৯৪)
অ’ শামুক
ফুজি পৰ্বতৰ ওপৰলৈ উঠ,
কিন্তু লাহে লাহে, লাহে লাহে
ইছা
বসন্ত:
নাম নোহোৱা এখন পাহাৰ
কুৱঁলীৰ ওৰণিৰ আঁৰত
বাছো
শৰতৰ জোনাক-
পোক এটাই চেষ্টনাটজোপা
নিৰৱে কুৰুকি আছে
বাছো
শৰতৰ বতাহ-
পৰ্বতৰ ছাঁ
লৰে
ইছা
—–শ্ৰব্য ৰূপ

Visited 1 times, 1 visit(s) today
