Written by sdblogs2011 10:37 am Poems

হয়তো অৱধাৰিত আছিল

 উদয় কুমাৰ বৰুৱা


হয়তো অৱধাৰিত আছিল
শংখ হোৱাৰ বাসনা

খেজুৰ পাতৰ আগেৰে নামি অহা
জোনাকত তিৰবিৰাইছিলোঁ
সেই তিৰবিৰণিয়ে ভেদিছিল
শংখ বেচা ছোৱালীজনীৰ হৃদয়

আত্মাৰ প্ৰতিটো শব্দই
অনূদিত হৈছিল তাইৰ
অন্তৰৰো অন্তৰত

প্ৰতিৰাতি নিদ্ৰাৰ গভীৰলে
তাই বৈ আহিছিল এখন নৈ হৈ
আৰু ভ্ৰমণ কৰিছিলোঁ
তাইৰ সলিল শৰীৰ

নীৰৱে অনুভৱ কৰিছিলোঁ
সাঁচি থোৱা অলেখ সপোনৰ
নিয়ত যন্ত্ৰণা
সময়ে য’ত নুবুলালে এবাৰো
প্ৰণয়ৰ হাত

হঠাৎ আজি ফছিল হোৱা
গ্লানিময় কাহিনীৰে তুমি কবিতা লিখিছা
নুমাই নুমাই জ্বলা এডাল মমৰ শেঁতা পোহৰত


আৰু আকৌ এবাৰ উদ্যাপন কৰিছোঁ
হেজাৰ নিশাৰ স্মৃতিয়ে ধোৱা মোৰ
নীলাভ মৃত্যুক…


ঠিকনা :

অম্বিকাগিৰি নগৰ,
৮-কুঁহিৰাম পথ
গুৱাহাটী-২৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close