অংগনা ভট্টাচাৰ্য্য

নৈশব্দৰ সিপাৰেও আছে এখন পাহাৰ৷ সেই পাহাৰতেই মোৰ অনুভৱৰ ঘৰ৷ মোৰ কোমল কলিজাৰ অনিঃশেষ অনুভূতিয়ে সেই পাহাৰতেই আতোলতোলকৈ সাজি তুলিছেহি অনন্য এখনি ঘৰ৷ নৈশব্দ ! এৰা, নৈশব্দৰ সিপাৰেই মোৰ অনুভৱৰ ঘৰ৷
আৱাহনী মন্ত্ৰ ওঁঠত লোৱাৰ অভ্যাস কাহানিও নাছিল৷ এতিয়াও, একান্ত এই যাযাবৰী ক্ষণতো আৱাহনী মন্ত্ৰ পাঠৰ প্ৰয়োজন বোধ কৰা নাই৷ যি আহিছে স্বইচ্ছাই আহিছে৷ পলসুৱা হৃদয়ৰ সামৰ্থ্যৰে প্ৰতিপাল কৰিছোঁ প্ৰতিজনক৷ আন্তৰিক বিনম্ৰতাৰে আদৰিছোঁ সেইসকলক, যি আহিছে আকুলতা আৰু পৱিত্ৰতাৰ নিভাঁজ সাজ পিন্ধি৷
বেলকনিৰ ৰেলিঙত আউজি চাই আছো মই বাহিৰৰ পৃথিৱীখনলৈ৷ সেউজীয়াই আৱৰি লৈছে ঘৰটোৰ চৌপাশ৷ কিমান সজীৱ এই দুনীয়া! প্ৰকৃতিয়ে কিমান প্ৰাণময়তাৰে স্পৰ্শ কৰিছে প্ৰতিটো বস্তু ! অথচ আমি কিমান অস্থায়ী এই জীৱনত! কিমান অসহায়তাৰে খামুচি ধৰি থাকো অদৃষ্টৰ দুহাত !
ৰূপ
যৌৱন
ঐশ্বৰ্য
খ্যাতি
জনপ্ৰিয়তা
প্ৰজ্ঞা !
কাৰ সাধ্য আছে জীৱনটোক ধৰি ৰখাৰ? জীৱনে কাৰ কথা শুনে? কাৰ ইংগিত মানে?
এৰা, চৌত্ৰিছ বছৰীয়া যৌৱনীয়া মনটোৰেও মই এই মুহূৰ্তত এই কথাখিনিকেই বাৰে বাৰে আওৰাওঁ৷ বুদ্ধই বিচাৰি আনিবলৈ কোৱা সৰিয়হমুঠিৰ সত্যতা শৈশৱতেই মোৰ আয়ে সাধুকথাৰ ৰূপত গুজি দিছিলহি মোৰ কৰ্ণকুহৰত৷ মৃত্যু সমাগত বুলি জানিও হাঁহি হাঁহি যুদ্ধ কৰা অভিমন্যুৰ দুচকুৰ কাতৰতাত উত্তৰাৰ উপস্থিতি মই কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰোঁ৷ উপেক্ষা কৰিব নোৱাৰোঁ চিৰ-অনাদৃত মহাৰথীৰ উদাৰতা আৰু তেওঁৰ মহান ত্যাগৰ কথা৷ অথবা দ্ৰৌপদীৰ আচৰিত প্ৰেমগাথা৷
জীৱন সহজ৷ তাতোকৈ সহজ মৃত্যু৷ মৃত্যুৰ দৰে শীতল সত্য অসম্ভৱ৷ সঁচাকৈয়ে মৃত্যু জীৱনৰ এক অপূৰ্ণ ৰহস্য৷
অমৰত্ব আছে মাথোঁ প্ৰেমৰ৷ ৰাধা-কৃষ্ণ, হৰ-গৌৰীৰ প্ৰেমৰ৷ এৰা, প্ৰেমেই একমাত্ৰ সত্য এই দুদিনীয়া জীৱনৰ৷ নিচেই কম বয়সতে জীৱন ত্যাগ কৰিও প্ৰেয়সী অথবা পত্নীৰ হৃদয়ত আমৃত্যু বাস কৰাৰো এক আমেজ আছে৷ প্ৰিয়জনৰ স্মৃতিকেই সাৰথি কৰি সুখে-সন্তোষে তেওঁক নিজৰ কৰ্ম আৰু জীৱনত জীয়াই ৰাখি স্বাভিমানী জীৱন কটোৱা নাৰীসকলক লৈ মই গৌৰৱ কৰোঁ৷ বিশ্বাস কৰোঁ তেওঁলোকৰ প্ৰেমৰ অমৰত্ব৷ আৰু সকলো জানিও, সকলো উপলব্ধি কৰিও মই এটা সময়ত স্তব্ধ হৈ পৰো৷ স্তব্ধ হৈ পৰে মোৰ জীৱনৰ দৈনন্দিন গতি৷
আপোনজনৰ অসহজ মৃত্যু মই দেখিছোঁ৷ অসীম যন্ত্ৰণাত ককবকাই থাকিও শেষ মুহূৰ্ত পৰ্যন্ত জীৱনৰ প্ৰতি আকাংক্ষা পুহি ৰখা সেই সজল চকুবোৰে মোক খেদি ফুৰে৷ অজস্ৰ কঠিনতা বুকুত সিঁচি তেওঁলোক যায়গৈ৷ অথচ আমালৈ এৰি থৈ যায় জীৱনৰ নেদেখা সত্য৷ কৈ যায়, “তথাপি জীৱন ধুনীয়া৷”
যোৱা দুদিন ধৰি মই বৰ অসহায়ভাৱে সময়বোৰ পাৰ কৰিছোঁ৷ কাব্যৰো অফিচিয়েল ব্যস্ততা বাঢ়িছে৷ ৰাতিটোৰ বাদে তেওঁ ঘৰত থাকিবলৈ সময়েই নাপায়৷ মানুহজনলৈ বেয়া লাগে মোৰ৷ ইমান ব্যস্ততা! প্ৰয়োজনাধিক উপাৰ্জন তেওঁৰ৷ কিন্তু এই ধন অৰ্জনৰ নিমিত্তে তেওঁ ত্যাগ কৰিবলগীয়া হৈছে ভোকৰ ভাত, পৰিয়ালৰ আদৰ৷ অথবা ব্যৰ্থ হৈছে সন্তানৰ আবদাৰ পূৰণ কৰাত৷ কিন্তু ইমান ব্যস্ততাৰ অন্ততো তেওঁৰ হৃদয়ত মোৰ স্থানৰ সামান্যতমো পৰিৱৰ্তন হোৱা নাই৷ তেওঁৰ উপাৰ্জন আৰু মোৰ প্ৰতিপালেৰে আমাৰ সংসাৰখন গঢ়ি তুলিছোঁ মই আতোলতোলকৈ৷
প্ৰতি নিশা তেওঁ ঘৰলৈ উভতি অহালৈ মই বৰ ব্যগ্ৰতাৰে অপেক্ষা কৰোঁ৷ তেওঁৰ অৱশ-আকুল দুচকুতো বিচাৰি পাওঁ মোৰেই প্ৰতিচ্ছবি৷ হাতৰ সমস্ত কাম একাষৰীয়াকৈ থৈ আপডাল কৰোঁ তেওঁক৷ সমুখত ৰাখোঁ তেওঁৰ পচন্দৰ ধোঁৱাবলীয়া ভাতৰ কাঁহী৷ ৰাতিৰ বিছনাত পাঁচ বছৰীয়া ছোৱালীজনীক শুৱাই থৈ পৰম স্নেহেৰে বুকুত সুমুৱাই লওঁ মনৰ মানুহজনক৷ অথচ মোৰ বুকুৰ উষ্মতা স্পৰ্শ কৰি সেই নিবিড় ক্ষণতো তেওঁ হৈ পৰে এটা শিশু৷ আলফুলে তেওঁৰ চুলিৰ মাজে-মাজে আঙুলিৰ পৰশ বোৱাই মই তেওঁক আদৰ কৰোঁ৷ পত্নী নহয়, মাতৃৰ আদৰেৰে বুৰাই পেলাওঁ তেওঁক৷ হয়তো তেৱোঁ কিবা উপলব্ধি কৰে৷ দোষী ভাৱেৰে কয় মোক…
“আজি খুব ভাগৰ লাগি আছে অ’৷ শুই যাওঁ নেকি?”
মই হাঁহো৷ পুনৰবাৰ তেওঁৰ হৃদয়ৰ স্বচ্ছতাত অভিভূত হওঁ৷
“কালিও এনেকৈয়ে কৈছিলা নেকি?”
লাহেকৈ কওঁ মই৷ তেওঁ মোক সাবটি ধৰে৷ ভাগৰত মুদ খোৱা চকুহাল মেলি মোলৈ চাব খোজে৷ মই তেওঁৰ চকুহাল আলফুলে জপাই দিওঁ৷
ছোৱালীজনীৰ মূৰত আদৰেৰে হাত ফুৰাই মোৰ সোঁহাতত চুমা এটা খাই তেওঁ প্ৰশান্তিৰে টোপনি যায়৷ মই চকু মেলি ৰৈ যাওঁ কিছু পৰ৷ নিজলৈও হেঁপাহ পুহি ৰখা ক্ষণ এয়া৷ ভাবি ৰওঁ কিছুমান অচিন ৰহস্যৰ কথা৷ সেই সময়তেই নিজৰ সৈতে কথা পাতিব খোজোঁ৷ সেই কথকতাই কেতিয়াবা একোটা গল্পৰ সৃষ্টি কৰে নাইবা আৱেগসৰ্বস্ব একোটা কবিতাৰ৷ এৰা, নতুন সৃষ্টিৰ বাবে নিৰ্জনতাৰো প্ৰয়োজন হয়৷ হয়তোবা নিঃসংগতাৰো৷ হৃদয়ৰ সমুদ্ৰত নিস্তৰঙ্গ ঢৌ তুলি চকুবোৰে নিজ বাটে উভতি যায়৷ কি সেই দৃষ্টিৰ গভীৰতা! বৈজ্ঞানিক চমৎকাৰিত্বই ঢুকি নোপোৱা বুকুৰ অন্তিম কোষ ভেদি ওলাই যায় সেই দৃষ্টি৷ ওহোঁ! ওলাই যাবলৈ দিয়া নহয়গৈ৷ থাকি যায়৷ থাকি যায়৷ সযতনে সামৰি থৈ দিওঁ সেই দৃষ্টিক৷ সেই দৃষ্টিৰ গৰাকীক৷ আৰু তাৰ পৰাই আৰম্ভ হয় মোৰ শব্দৰ সৈতে কথকতাৰ৷ একান্ত মৌন পৰত মই শব্দৰ সৈতে খেলিবলৈ বিচাৰোঁ৷ অথচ ভালকৈয়ে জানো ,শব্দ খেলৰ সঁজুলি নহয়৷ তথাপি নামহীন বিষাদবোধে হাত বাউলি মাতে মোক৷ শব্দক সাৰথি কৰি একো-একোটা পৃষ্ঠা ৰচনা কৰি যাওঁ৷
মোৰ কাষত শুই থকা মানুহজনৰ দুবাহুত কেতিয়াবা অন্য নাৰীক কল্পনা কৰি মই ব্যথিত হওঁ৷ মৰ্মাহত হওঁ৷ মোৰ অবৰ্তমানত সোমাব পাৰে নেকি কোনো নাৰী তেওঁৰ হৃদয়ৰ অভ্যন্তৰত?
অসম্ভৱ বুলি আছে কি এই দুনীয়াত? মোৰ বাদে অন্যৰ কথা তেওঁ মনলৈও নানে বুলি মই খুব ভালকৈয়ে জানো৷ কিন্তু যদি মই হঠাতে দূৰ দিগন্তত বিলীন হৈ যাওঁ? তেওঁ ঝৰঝৰকৈ ভাগি নপৰিবনে? জীয়াই থকাটো তেওঁৰ বাবে দুৰ্বিষহ হৈ পৰিব৷ কিন্তু কিমান দিনলৈ?
কোনে চাব মোৰ ঘৰখন? কেতিয়াবা নিশা এঘাৰ বজাতো তেওঁ ঘৰ নোসোমোৱা ঘৰখনত কেনেকৈ থাকিব মোৰ ছোৱালীজনী?
হয়তো দুবছৰমান পাছতেই ঘৰ সোমাবহি মোৰ বিকল্প এগৰাকী নাৰী৷ তেওঁ মোৰ স্বামীৰ সৈতে শুব৷ এদিন, দুদিন, তিনিদিন, চাৰিদিন, দহদিন পিছত হ’লেও তেওঁ মোৰ স্বামীৰ বুকুত সোমাব৷ তেওঁৰ হৃদয়ত সোমাব নোৱাৰিলেও মোৰ শৰীৰৰ বিকল্প হ’ব সেই নাৰী৷ হয়তো, হয়তো মোৰ ছোৱালীজনীয়েও তেওঁক মা বুলি মাতিবলৈ আৰম্ভ কৰিব৷
উফ্৷
আৰু নোৱাৰি৷
এনে অমূলক চিন্তা কৰাৰ কি দৰকাৰ?
কিন্তু চিন্তাবোৰ জানো সদায়েই অমূলক হয়? মৃত্যুৱে জানো আগজাননী দি আহে?
যোৱা দুমাহত মই সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছোঁ৷ অৱন্তীক হেৰুৱাই মই শোকত পুৰি মৰিছোঁ৷ সেই অৱন্তী, যি মোৰ শৈশৱৰ সংগী, যৌৱনৰ বন্ধু৷ দুটা সন্তানৰ মাতৃ মোৰ চিকিৎসক বন্ধু অৱন্তীয়ে নিজৰ সুন্দৰ শৰীৰটোক কোনোপধ্যেই ৰক্ষা কৰিব নোৱাৰিলে৷ দুৰাৰোগ্যই ব্যাধিয়ে তাইৰ সুন্দৰ আটিল চেহেৰাটোক কুটি কুটি নিঃশেষ কৰি দিলে৷ অথচ তাইৰ মনটো এতিয়াও জীয়াই আছে৷ এতিয়াও সজীৱ হৈ আছে তাইৰ সৃষ্টিৰ চৌপাশে৷ আমাৰ মাজত৷ কেনেকৈ সহ্য কৰোঁ মই? কেনেকৈ সহ্য কৰোঁ মই দেৱীহেন সুন্দৰী মোৰ অৱন্তীক ঢাৰি এখনত শুৱাই বাঁহৰ চাঙীত শ্মশানলৈ লৈ যোৱাৰ দৃশ্য? কেনেকৈ?
অৱন্তীৰ স্থানত মই বহিব নোৱৰা কথা কিবা আছে জানো? কাইলৈৰ দিনটো দেখা পাম বুলি বুকুত হাত দি কোনে ক’ব পাৰে? সেয়েহে কওঁ শৰীৰ দুদিনীয়া৷ প্ৰেম অমৰ৷ অবিনাশী৷ মিছা এই অভিমান৷ মিছা আভিজাত্য৷ মিছা বিলাস৷ সকলো মিছা৷ সকলো মিছা৷ সঁচা মাথোঁ প্ৰেম৷ সঁচা মাথোঁ ভালপোৱা৷
কাব্য! মোৰ মানুহজন! তেওঁ মুঠেই ৰোমাণ্টিক নহয়৷ কিন্তু অন্তৰৰ সৰ্ব্বোচ্চ অনুভূতিৰে তেওঁ মোক ভাল পায়৷ জানো মই এই কথা৷ কিন্তু অন্তৰ প্ৰকাশি এই কথা তেওঁ কাকো ক’ব নোৱাৰে৷ আনকি মোকো৷
“তুমি মাথোঁ মোৰ প্ৰেম নহয় বাসৱী, তুমি মোৰ ক্ষুদ্ৰ জীৱনটোৰ আৰাধনা৷ মোৰ উশাহ তুমি৷ তুমি মোৰ প্ৰাণ৷”
কোনে উচ্চাৰণ কৰিছিল মায়াসনা এই শব্দবোৰ?
ওঁহো৷ কোনোপধ্যেই এই শব্দবোৰ কাব্যৰ নাছিল৷ কেতিয়াও নাছিল৷ প্ৰেমৰ অপূৰ্ব ৰাগী লগা এই শব্দবোৰ কৈছিল স্তৱকে৷ কেৱল স্তৱকে৷
এৰা, স্তৱকে বৰ আকুলতাৰে মোক ভাল পাইছিল৷ তাৰ নিচিনাকৈ গভীৰ নহ’লেও তাৰ প্ৰেমত মোৰো সন্মতি আছিল৷ যৌৱনত ভৰি দিয়াৰ আগতেই সি মোৰ জীৱনলৈ আহিছিল৷ প্ৰেম মানে কি বুজাৰ আগতেই সি মোক ভাল পাইছিল৷ মনে-প্ৰাণে বিচাৰিছিল সি মোক৷ পঢ়া-শুনাত চোকা ৰক্ষণশীল পৰিয়ালৰ মোৰ দৰে ধুনীয়া ছোৱালীজনীয়ে সেই সময়ত প্ৰেমৰ নামত জীৱনৰ মূল্যবান সময়বোৰ নষ্ট কৰাৰ কথাটো ভবাটোও অপৰাধ আছিল যেন৷ নিতান্তই স্বাভাৱিকভাৱে স্তৱকৰ প্ৰেমৰ প্ৰতি মই প্ৰদৰ্শন কৰা নাছিলো কোনো উৎসাহ অথবা আতুৰতা৷ আঁতৰি ফুৰিছিলোঁ তাৰ পৰা৷ অথচ তাৰ নামতেই বুকুখন ঢপঢপাবলৈ তেতিয়াই আৰম্ভ কৰিছিল৷ সি হাৰি যোৱা নাছিল৷ পৰম আস্থাৰে মোলৈ অপেক্ষা কৰিছিল সি৷
কলেজৰ দুটা বৰ্ষ পাৰ কৰি তৃতীয় বৰ্ষত ভৰি দিয়াৰ দিনাই মই মোৰ জীৱনলৈ আদৰি আনিছিলো স্তৱকৰ ভালপোৱা৷ পাঁচ বছৰৰ অপেক্ষাৰ অন্তত মই তাৰ প্ৰেমৰ প্ৰতি সঁহাৰি জনাইছিলো৷ সি মোৰ সমুখতেই কান্দিছিল সিদিনা৷ মোৰ নীলা দোপাট্টাখনেৰে তাৰ চকুপানী মচি দিছিলোঁ মই৷ সি অপলক নেত্ৰে চাই ৰৈছিল মোৰ দুচকুলৈ৷ মই তাৰ চকুৰ পৰা চকু নমাই আনিছিলোঁ৷ সেই স্তৱক নামৰ সাংঘাতিক প্ৰেমিক ল’ৰাজন মোৰ বিয়াৰ তিনি মাহ আগলৈকে মোৰ জীৱনত আছিল৷ মোৰ হৃদয়ৰ সংগী হৈ সি মোৰ জীৱনটোক এটা নতুন দিশ দিছিল৷ অথচ মই তাৰ হ’ব নোৱাৰিলোঁ৷ সময়ে আঁতৰাই আনিলে আমাক৷ আমাৰ বিয়াখন কেনেকৈ পাতিম, বিয়াৰ পিছত আমি ক’ত থাকিম, আমাৰ ল’ৰা-ছোৱালী কেইটা হ’বগৈ, হনিমুনলৈ ক’ত যাম এই সকলোবোৰ আমি বাৰ-বাৰ আলোচনা কৰিছিলো৷ কিন্তু শেষ পৰ্যন্ত বাসৱী স্তৱকৰ পত্নী হ’বগৈ নোৱাৰিলে৷
বৰ্তমানৰ জীৱনটোক লৈ তিলমানো আক্ষেপ নাই মোৰ৷ কাব্যই কেতিয়াও মোক ৰিক্ত অনুভৱ কৰিবলৈ দিয়া নাই৷ মোৰ মন-প্ৰাণ কাব্যই কেতিয়াবাই আঁজুৰি লৈছে৷ মোৰ জীৱনত, মোৰ সংসাৰখনত স্তৱকৰ নামমাত্ৰ অস্তিত্বও নাই৷ কিন্তু মোৰ হৃদয়ত?
এৰা, কাব্যৰ বাদে আন কাৰো কথা ভাবিবলৈও আহৰি নাই মোৰ৷ স্তৱকো এতিয়া অন্য স্ত্ৰীৰ স্বামী৷ তেনে ক্ষেত্ৰত কি কাৰণে মই স্তৱকক মোৰ জীৱনত জীয়াই ৰাখিম?
“কোনো নাৰীৰ কুমাৰী জীৱনত যদি প্ৰেম থাকে, তেন্তে সেই প্ৰেমক বিয়াৰ দিনা হোমৰ জুইত অৰ্পণ কৰিব লাগে৷ নিজৰ সংসাৰত কন্যা কালৰ প্ৰেমক কোনো কাৰণতেই সোমাবলৈ দিব নালাগে৷”
জানো মই এই কথা৷ খুব ভালকৈয়ে বুজোঁ৷ স্তৱক মোৰ প্ৰথম প্ৰেম৷ এই কথা অন্তঃকৰণেৰে স্বীকাৰ কৰিও ক’ম যে মই বৰ্তমান কাব্যৰ পত্নী৷ আমাৰ আঠ বছৰীয়া সংসাৰখনত প্ৰেম-বিশ্বাস-আস্থা একোৰেই অভাৱ নাই৷ তথাপি মই কিছুমান কথা নতুনকৈ ভাবিবলৈ লৈছোঁ৷ জীৱনৰ কিছুমান ৰহস্যক খোলা দুচকুৰে চাব খুজিছোঁ৷ হয় হয়৷ এয়াই জীৱনৰ প্ৰকৃত সত্য৷ যাক জোৰ কৰি নিৰ্বাপিত কৰিব নোৱাৰি৷ মই স্তৱকক এতিয়া ভাল নাপাওঁ৷ স্তৱক মোৰ বাবে এজন সাধাৰণ ব্যক্তি মাত্ৰ৷ কিন্তু মোৰ সৈতে স্তৱকে যিখিনি মধুময় সময় পাৰ কৰিলে, সেই সময়খিনিৰ মধুৰতা মই কোনোদিনেই নস্যাৎ কৰিব নোৱাৰোঁ৷ যি সময়ত মই স্তৱকৰ আছিলোঁ আৰু স্তৱক মোৰ হৈ আছিল, সেইজন স্তৱকক মই আজিও ভাল পাওঁ৷ এৰা, সেইজন স্তৱক কেৱল মোৰ৷
“তুমি কথাবোৰৰ ইমান গভীৰতালৈ কিয় সোমাই যোৱা নো? যিটো কথা কোনেও নাভাবে, তুমি কিয় সেই কথাটো ভাবি কষ্ট ল’ব খোজা?”
প্ৰায়েই কাব্যই মোৰ প্ৰতি এই অভিযোগ আনে৷ মই স্মিত হাঁহিৰে কওঁ,
“সংবেদনশীল মানুহবোৰে কেতিয়াও সুখী হ’ব নোৱাৰে৷ জানানে এই কথা তুমি? তাতে মইতো নাৰী কাব্য৷ নদীৰ দৰে৷ গছৰ দৰে৷”
কাব্যই হাঁহে৷
সকলো ঠিকেই চলি আছিল৷ কাব্যক লৈয়েই মোৰ জীৱন ঘুৰি আছিল৷ কিন্তু যোৱা কিছুদিনত মই অনেক প্ৰিয়জনৰ অকাল মৃত্যু দেখিলোঁ৷ মোৰ প্ৰাণত বাস কৰা অৱন্তীৰ শেষ চাৱনি দেখিলোঁ৷ নিজানত কান্দি কান্দি এসময়ত মই ভাগৰি পৰোঁ৷ জীৱনৰ প্ৰকৃত সত্য উপলব্ধি কৰি হতবাক হৈ ৰওঁ৷ মা-দেউতালৈ মনত পৰে মোৰ৷ সপৰিয়ালে পুণেত বাস কৰা মোৰ দাদালৈ মনত পৰে৷ জীৱনৰ ছাব্বিছটা বছৰ একেলগে পাৰ কৰি অহা আপোন মানুহকেইজনক লগ কৰিবলৈ মোৰ মনে ছটফটায়৷ শ্ৰুতি, অৰ্ণৱ, বীথিকা, নিশি আৰু আৰিফক লগ কৰিবলৈ মোৰ মনটোৱে উৰা মাৰে৷ কিজানি হঠাতে ময়ো আপোন হৈ পৰোঁ নেদেখাজনৰ! জানো কাকো মাত নলগোৱাকৈ ময়ো হেৰাই যাবলগীয়া হয় দূৰ দিগন্তত৷ সাংসাৰিক ব্যস্ততাত হেৰাই যোৱা বাসৱীজনী যদি হঠাতেই এদিন শূন্যত ওলমি ৰয়?
নাঃ নাঃ৷ মই প্ৰেমহীন হৈ মৰিব নোখোজোঁ৷ কাব্যৰ প্ৰেমেই মোৰ জীৱনৰ বাবে সৰ্ব্বোচ্চ নহয়৷ মোৰ সংসাৰখন মোৰ বাবে সৰ্ব্োত্তম উপহাৰ ঈশ্বৰৰ৷ কিন্তু তাৰ আগতেই মই কাৰোবাৰ আলসুৱা জী, কাৰোবাৰ ভগ্নী আৰু কাৰোবাৰ হৃদয়ৰ বন্ধু৷ মই দিনত দুবাৰ-তিনিবাৰকৈ মা-দেউতাৰ সৈতে কথা পতা হওঁ, তেওঁলোকৰ সৈতে সময় কটোৱা হওঁ৷ দাদা-বৌৰ সৈতে ফোনত, ছ’চিয়েল মিডিয়াৰ যোগেদি ব্যস্ত হৈ ৰওঁ৷ নিশি, বীথিকাহঁতকো সংসাৰৰ ব্যস্ততাৰ পৰা আঁজুৰি আনি মোৰ সৈতে সময় কটাবলৈ বাধ্য কৰাওঁ৷ সিহঁতে সকলো বাদ দি মোৰ সৈতে কথা পাতে৷ সিহঁতৰ শিশুহঁতৰ মাতত মই সৰগ দেখা পাওঁ৷ মোৰ আইমানুৰ সৈতে সিহঁতৰ কণমানিকেইটাক কথা পতাই দিওঁ৷ মনটো কিছু শান্ত হয় মোৰ৷ তেনে এক সমৃদ্ধ সময়তেই মই কাগজ-কলম হাতত তুলি লওঁ ৷ লিখি যাওঁ মনৰ নিভৃত অনুভূতিবোৰ৷ আচম্বিতে এদিন মোৰ কলমৰ চিয়াঁহী নোহোৱা হয়৷ বহু চেষ্টা কৰিও মই আগবাঢ়িব নোৱাৰোঁ৷ প্ৰশান্ত মনটোৱে অশান্ত হোৱাৰ ইংগিত দিয়ে মোক৷
আৰু কি বিচাৰোঁ মই?
কি বিচাৰোঁ?
এৰা, তেতিয়াই স্পষ্টকৈ দেখা পাওঁ কটন কলেজৰ মেইন গে’টৰ কাষত মোলৈ ৰৈ থকা জপৰা চুলিৰ ল’ৰাটোক৷ মই সামান্য গুৰুত্ব নেদেখুৱাকৈ সাউতকৈ তাৰ কাষেৰে পাৰ হৈ যাওঁ৷ মোৰ লগত নিশি থাকে৷ তাই তালৈ চায়৷ সি মোৰ পিছে পিছে খোজ লয়৷ মই নৰওঁ৷ দীঘলীপুখুৰী পাৰৰ হোষ্টেললৈ অন্য দিনা খোজকাঢ়ি যাওঁ যদিও সিদিনা মই ৰিক্সাত উঠোঁ৷ নিশিক মাতো৷ তাই হেহোঁ নেহোঁ কৰে৷ অকলেই মই ৰিক্সাত আহোঁ৷ পাতলকৈ পৰি থকা বৰষুণক উপেক্ষা কৰি স্থিৰ দুচকুৰে সি মোলৈ চাই ৰয়৷ মই সেই দৃষ্টিক গুৰুত্ব নিদিওঁ৷ ভয় কৰোঁ মই৷ জানোচা সঁচাকৈয়ে তাৰ প্ৰেমত পৰি যাওঁ৷ কিছুদূৰ আহিয়েই তাৰ বাইকখন ৰাস্তাৰ কাষত পাৰ্ক কৰি মোৰ ৰিক্সাখন ৰখায়৷ তাৰ বাইকৰ পৰা নামি চুচুক-চামাককৈ নিশি মোৰ সৈতে বহে৷ বৰষুণ টান হয়৷ সেই বৰষুণতে তিতি-তিতি সি মোক সোধে,
“হোষ্টেলৰ গে’টৰ ওচৰত মই ৰৈ থাকিম৷ তুমি ৰ’বা অকমাণ৷ মোৰ কথা আছে বাসৱী৷ “
ৰিক্সাৰ পৰা নামিয়েই মই হোষ্টেলত সোমাওঁ৷ নিশিয়ে মোক কিবা ক’বলৈ সাহস নকৰে৷ তাৰ ফোন আহে৷ মই ৰিচিভ নকৰোঁ৷ ইতিমধ্যে বৰষুণ জোৰকৈ আহে৷ মই হাত-ভৰি ধুই ডাইনিং হ’লত ৰুটি-চব্জি খাই আহোঁ৷ শুবলৈ ইচ্ছা নকৰি বিছনাত বহি লৈ কিতাপ এখন মেলি লওঁ৷ এনেতে নিশি দৌৰি আহে৷
“ফোনটো ধৰচোন”
” কাৰ ফোন?”
“স্তৱকদাৰ ফোন৷”
“মই কথা নাপাতো৷”
“পাগল নহ’বি৷ ফোনটো ল’৷ তোক ভাল পাবলৈ কোৱা নাই মই৷ কথা পাত৷ ইমান বৰষুণতো তিনি ঘণ্টা ধৰি তোলৈ ৰৈ আছে সি৷”
“কি?”
“অলপ বেলেগৰ কথাও ভাবিব লাগে৷ সি তোক ভালহে পায়৷ অপৰাধী নহয়তো সি৷”
ফোনটো মোৰ কাষত থৈ নিশি খঙেৰে গুচি যায়৷ মই ফোনটো কাণত লওঁ,
“হেল্লো”
“তোমালৈ ৰৈ আছো মই বাসৱী৷
“মই যাম বুলিতো কোৱা নাছিলোঁ৷”
“নাহোঁ বুলিওতো কোৱা নাছিলা৷ আহিবানে?”
“ওঁহো”
“কিমান অপেক্ষা কৰিম আৰু তোমালৈ কোৱা?”
“মোৰ কাৰণে অপেক্ষা নকৰিব৷”
“পাঁচ বছৰ কৰিলোৱেই৷ আৰু কিমান কৰিব লাগিব?”
“মই আপোনাক ভাল নাপাওঁ৷ নিশিহঁতে কোৱা নাই জানো?”
“মই তোমাৰ মুখেৰে নুশুনালৈকে বিশ্বাস নকৰোঁ৷”
“মই ফোন ৰাখো৷”
“তুমি আজি নামি নহালৈকে মই ৰৈ থাকিম৷ বৰষুণত তিতিলোঁ৷ ছোৱালীবোৰক আইচক্ৰীম খুৱাই-খুৱাই মোৰ পকেট প্ৰায় উদং৷ যিখিনি পইচা আছে, সিখিনিও শেষ হওক ৰ’বা৷”
“ক’ৰ ছোৱালীক আপুনি আইচক্ৰীম খুৱাইছে?”
“তোমালোকৰ হোষ্টেলৰ তোমাৰ জুনিয়ৰবোৰক৷ নিশিয়ে বহু সময় মোৰ সৈতে কথা পাতি থকা দেখিলে সিহঁতে৷ নিশিক কৈছে বোলে, বাসৱীবাৰ ভিনদেউ থকা বুলি গমেই নাপাওঁ, আহিছে যেতিয়া আইচক্ৰীম খুৱাবই লাগিব৷ খুৱাই দিলোঁ৷”
“কি? ছোৱালীবোৰে গম পালে?”
“ওঁ৷ তিনি ঘণ্টা হোষ্টেলৰ মুখত ৰৈ আছোঁ৷ গম নাপাবনে? ”
“ৰ’ব মই গৈ আছোঁ৷”
খংটো কোনোমতে দমাই মই নিশিৰ ফোনটো তাইৰ ৰূমত দিবলৈ গৈ দেখোঁ, এপাল ছোৱালীয়ে তাইৰ সৈতে আইচক্ৰীম খাই আছে৷ মোক দেখি সিহঁতে উৰুলি দিলে৷ মোৰ ফালে চাই সিহঁতৰ মিচিক-মাচাক হাঁহি৷ খং কৰি মই তললৈ নামি আহিলোঁ৷
হোষ্টেলৰ সমুখেৰে যোৱা ৰাজপথটোৰ সিটো পাৰত দীঘলীপুখুৰী পাৰৰ বেৰত আউজি মোলৈ ৰৈ আছিল স্তৱক৷ তেওঁ পিন্ধি থকা চাৰ্টটো বৰষুণত সম্পূৰ্ণকৈ তিতি গৈছিল৷ তেতিয়া বৰষুণ কমিছিল৷ মই ৰাস্তাটো পাৰ হৈ বৰষুণ নপৰিবলৈ গছ এজোপাৰ তলত ৰ’লো৷
: ইমান পাগলামি কিয়?
: মোক কিয় ইমান কষ্ট দিছা তুমি?
: মই এইবোৰ ভাল নাপাওঁ৷
: কি ভালপোৱা তুমি মোক খোলাখুলিকৈ কৈ নিদিয়া কিয়?
: মই কৈছোৱেই দেখোন
: কি কৈছা তুমি?
: নিশিহঁতে কোৱা নাই জানো?
: বেলেগৰ মুখৰ কথা মই বিশ্বাস নকৰোঁ
: মই আপোনাক ভাল নাপাওঁ
: মোৰ দুচকুলৈ চাই কোৱাঁ৷ এই মুহূৰ্তৰ পৰা মই আৰু তোমাক আমনি নকৰোঁ৷
: মই নোৱাৰোঁ৷
: কোৱাঁ বাসৱী৷ যোৱা পাঁচটা বছৰে তুমি হা-না একো কোৱা নাই মোক৷ এবাৰলৈও মোৰ সৈতে কথা পতা নাই তুমি৷ কিয় এনেকৈ ৰাখি থৈছা মোক? জানানে মোৰ পঢ়া-শুনা কিমান ক্ষতিগ্ৰস্ত হৈছে৷ এইবাৰ লাষ্ট ছিমেষ্টাৰ মোৰ৷ এম. কম. সম্পূৰ্ণ হ’ব৷ ফাৰ্ষ্ট ক্লাছ ৰ’বই মোৰ চাবা৷ হয়তো টপাৰো হ’ব পাৰোঁ৷ মই বেয়া ল’ৰা নহওঁ বাসৱী৷ ভাল চাকৰি এটা নিশ্চয় যোগাৰ কৰিব পাৰিম৷
: মই সেইবোৰ অংক কৰা নাই৷
: তুমি তাৰমানে বিয়াত নবহিবাই নেকি?
: বিয়াতো হ’বই লাগিব৷
: মোৰ ফালে এবাৰ চোৱাঁ বাসৱী
: আপুনি এতিয়া যাওকগৈ প্লিজ৷ বেছি সময় এনেকৈ থাকিলে আপোনাৰ অসুখ হৈ যাব৷ আৰু এনেকৈ কথা পাতি থাকিলে ছোৱালীবোৰে মোক জোকাব৷
: মই যামেই বাসৱী৷ তোমাৰ প্ৰতিটো কথা শুনিম মই৷ তুমি যি কোৱাঁ তাকেই শুনিম৷
: মোক বাদ দিয়ক৷
: তুমি মোৰ উশাহ ৷ মোৰ জীৱন তুমি৷
: এতিয়া যাওক না৷ সঁচাকৈয়ে আপোনাৰ অসুখ হ’ব৷ ৰাতিলৈ ফোন কৰিম মই৷
: মই তোমাৰ ফোনলৈ বাট চাম বাসৱী৷ ডেইৰীমিল্কটো লোৱা৷ মই যাওঁ দিয়া৷ বৰ ঠাণ্ডা লাগিছে মোৰ৷
সেই ল’ৰাটো! মোৰ প্ৰেমত পাগল সেই ল’ৰাটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি এবছৰ পাছতেই বেংকৰ চাকৰিত সোমাইছিল৷ মই সঁচাকৈয়ে সিদিনা তালৈ ফোন কৰিছিলোঁ৷ আৰু তাৰ প্ৰেমত নপৰাকৈ থাকিব পৰা নাছিলোঁ৷ আকণ্ঠ নিমজ্জিত হৈছিলোঁ মই তাৰ প্ৰেমত৷ সি মোক কিমান ভাল পাইছিল তাৰ হিচাপ আজিও মোৰ হাতত নাই৷ কৈছিল সি মোক,
“মই তোমাক যিমান ভাল পাওঁ, কোনেও সিমান মৰম দিব নোৱাৰে তোমাক৷ কেতিয়াও নোৱাৰে৷ তোমাৰ নামতেই মোৰ এই জীৱন বাসৱী৷”
এতিয়াও বিশ্বাস কৰোঁ স্তৱকৰ এই কথাবোৰ৷ হয়৷ খুব বেছি ভাল পাইছিল সি মোক৷ কিন্তু তথাপি মই তাৰ হ’ব নোৱাৰিলোঁ৷ কাৰণ সি এজন প্ৰেমিক আছিল৷ মোক সম্পূৰ্ণকৈ বিচাৰিছিল সি, য’ত মোৰ “মই” হৈ থকাৰ অৱকাশ নাছিল৷
স্তৱকৰ সৈতে তিনিবছৰ পাৰ কৰাৰ পাছত লাহে-লাহে মোৰ উশাহ হেৰাই যোৱাৰ উপক্ৰম হৈছিল৷ কেৱল এজনৰ হৈ, এজনৰ অধীন হৈ মই জীয়াই থকাটো অসম্ভৱ৷ মোৰ নিজা এখন পৃথিৱী আছে৷ তাত অনধিকাৰ প্ৰৱেশ কৰি মোৰ সৃষ্টিশীলতাক অপমান কৰাৰ অধিকাৰ কাৰো নাই৷
সেই মাৰাত্মক ভুলটো কৰিছিল স্তৱকে৷ মই সংকল্প লৈছিলোঁ তাৰ জীৱনৰ পৰা আঁতৰি অহাৰ৷ সি কোনোপধ্যেই মান্তি হোৱা নাছিল৷ তাৰ প্ৰতি মোৰ অন্তৰত ভালপোৱা সজীৱ হৈ থকা মুহূৰ্ততেই মই কাব্যৰ সমুখলৈ আহিছিলোঁ৷ কাব্যৰ প্ৰতি মোৰ কোনো আকৰ্ষণ জন্মা নাছিল৷ নজন্মাৰেই কথা৷ কিন্তু তেওঁ মোক লৈ সুখী হৈছিল৷ স্তৱকৰ চাকৰিৰ ট্ৰেন্সফাৰ হৈছিল হাইলাকান্দিলৈ৷ সি গুচি গৈছিল মোক বিয়া নহ’বলৈ কাকূতি কৰি৷ বিয়ালৈ তেতিয়া মাত্ৰ পোন্ধৰ দিন বাকী আছিল৷ যোৱাৰ আগতে স্তৱকে কাব্যক লগ কৰিছিল৷ কাব্যই মাত্ৰ এটা বাক্য কৈছিল,
“বাসৱীয়ে যি বিচাৰে সেয়াই হ’ব৷”
সেই স্তৱকলৈ কিয় মোৰ আজি ইমানকৈ মনত পৰিছে? জানো মই ভালকৈয়ে, মই স্তৱকৰ সৈতে কোনো অন্যায় কৰা নাই৷ তাৰ সংসাৰৰ প্ৰতি মই কেৱল কুশল প্ৰাৰ্থনাই কৰোঁ৷ কিন্তু স্তৱকক এবাৰো লগ নোপোৱাকৈ মই মৰিব নোখোজোঁ৷ এবাৰ অন্তত মই তাৰ সৈতে কথা পাতিব বিচাৰোঁ৷
নিশিৰ পৰা নম্বৰ লৈ স্তৱকলৈ এদিন মই মেছেজ কৰিলোঁ,
“আপোনাৰ বিয়া হৈ যোৱা বুলি নিশিহঁতে জনাইছিল মোক৷ বহু বছৰ দেৰিকৈ হ’লেও বিয়াৰ শুভেচ্ছা জনালোঁ৷ আশা কৰোঁ সকলো কুশলে আছে৷”
পাঁচ মিনিট পিছতেই সি উত্তৰ দিছিল,
“তোমালৈ ধন্যবাদ৷”
“ধৰিব পাৰিছেনে মই কোন?”
“মেছেজটোৰ শব্দকেইটাৰ পৰা ভাঁহি অহা সুগন্ধিয়ে কৈছে মোক, এয়া যে তুমি৷”
“আপুনি কোন বুলি ভাবিছে?”
“মোৰ বাবে “তুমি” এগৰাকীয়েই৷”
“আপুনি এতিয়াও সলনি হোৱা নাই?”
“প্ৰেম আত্মাৰ সহচৰ বাসৱী৷ মৃত্যুৰ সৈতেহে তোমাৰ অনুভৱ মোৰ পৰা বিচ্ছিন্ন হ’ব পাৰিব৷”
“আপোনাৰ পত্নীয়ে জানে মোৰ কথা?”
“ওঁহো৷ অথচ তেওঁক মই ছলনা কৰা নাই৷ তেওঁ মোৰ পত্নী৷ মোৰ সন্তানৰ মাতৃ৷ কিন্তু তোমাৰ কথা ক’লে মোৰ সৈতে সংসাৰ কৰাটো যিকোনো এগৰাকী নাৰীৰ বাবেই সমস্যা হ’ব৷ কাৰণ প্ৰায়বোৰ কথাতেই এতিয়াও মই তোমাক উপলব্ধি কৰোঁ৷ মোৰ হৃদয়ত থকা তোমাৰ স্থানৰ কেতিয়াও পৰিৱৰ্তন হ’ব নোৱাৰে বাসৱী৷ তুমি বুজি নাপাবা কথাবোৰ৷”
“বৰ আশাৰে খবৰ ল’বলৈ বিচাৰিছিলোঁ আপোনাৰ৷ কিন্তু আপুনি দেখোন একেটা ঠাইতে ৰৈ আছে৷”
“তুমি ভুল বুজিছা বাসৱী৷ মোৰ পত্নীৰ স্থানত কেতিয়াও তোমাক কল্পনা নকৰোঁ মই৷ তোমাৰ বিয়াৰ পাছত মই কেতিয়াও বিয়াত নবহাৰ সিদ্ধান্ত লৈছিলোঁ৷ অথচ শয্যাগত মোৰ পিতৃৰ কথাক আওকাণ কৰিব নোৱাৰি মানসীৰ সৈতে মই বিয়াত বহিলোঁ৷ কিন্তু এয়াও স্বীকাৰ্য যে, মানসী কেতিয়াও তোমাৰ বিকল্প হ’ব নোৱাৰে৷ অথবা পৰিপূৰকো৷ ভুল নুবুজিবা বাসৱী, তোমাৰ সৈতে শোৱাৰ কথা ভুলতেও মোৰ মনলৈ নাহে৷ কাৰণ মই তোমাক শ্ৰদ্ধা কৰোঁ৷ কাব্য আৰু তোমাৰ সংসাৰৰ প্ৰতি সদায়েই মোৰ শুভকামনা আছে৷ কিন্তু মোৰ সন্তানৰ মাতৃৰ ৰূপত প্ৰায়েই কল্পনা কৰোঁ তোমাক৷ নাইবা আইমানুৰ পিতৃৰ ৰূপত মোক৷”
“আপুনি মোৰ ছোৱালীৰ নামো জানে?”
“এৰা, মই তোমাৰ খবৰ ৰাখো৷ এতিয়াও৷ কিন্তু সম্পূৰ্ণ শুভইচ্ছাৰে৷ কাৰণ তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাৰ কেতিয়াও মৃত্যু নাই বাসৱী৷”
ফোনটো হাতৰ পৰা সৰি পৰে মোৰ৷ কি এই ভালপোৱা? কি এই অনুভূতি? হতবাক হৈ পৰাৰ বাদে মই অন্য উপায় নেদেখো৷
মই “ন হন্যতে”-ৰ অমৃতা নহয়৷ অমৃতাৰ দৰে মোৰ হৃদয়ত প্ৰেমিকক লগ কৰাৰ অকুণ্ঠ আতুৰতা নাই৷ অথচ স্তৱকক দেখা কৰিবলৈ মন নাথাকিলেও দুই-এটা শব্দৰ বিনিময় কৰিবলৈ খুবেই মন আছিল৷ অমৃতাই হাজাৰ বাধা নেওচিও মিৰ্চাক লগ কৰি যিদৰে মিৰ্চাৰ সন্তানহীনতাৰ কথা শুনি নাইবা মিৰ্চাৰ স্থবিৰ দুচকু দেখি বিষণ্ণ হৈ পৰিছিল, ঠিক সেইদৰে ময়ো কিয় জানো স্তৱকৰ সৈতে কথা পাতি মৌন হৈ পৰিলোঁ৷ মোৰ প্ৰতি, আমাৰ সংসাৰৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে তেওঁৰ৷ তথাপি তেওঁৰ সেই শুভকামনাই মোৰ মনক অশান্ত কৰি তুলিলে৷ এই অশান্তিৰ পৰা পৰিত্ৰাণৰ উপায় ক’ত?
কাব্যলৈ ফোন কৰিলো মই,
“ঘৰলৈ অলপ সোনকালে আহিবা কাব্য৷ মোৰ গাটো ভাল নহয়৷”
জীৱনটো এখন উপন্যাস অথবা এটা গল্পৰ দৰে৷ অথচ সত্য ঘটনাৰ ওপৰত আধাৰিত গল্প এটাত জিলিকি থকা প্ৰতিটো শব্দই সম্পূৰ্ণ সত্য নহ’বও পাৰে৷ সুখী-সংসাৰী মানুহ এগৰাকীয়ে পূৰ্বৰ প্ৰেমিকৰ সৈতে সহজ সম্পৰ্ক এটা ৰক্ষা কৰিব বিচৰাটো গল্প এটাৰ কাল্পনিক বাক্যকেইটাৰ দৰেই৷ গভীৰতাৰে কথাটো অনুধাৱন কৰি মই দীঘলকৈ নিশ্বাস এৰিলোঁ৷
বেলিফুল ৰাতি নুফুলে৷ শেৱালি দিনত নুফুটে৷ সামাজিক আপ্ত বাক্যবোৰক আওকাণ কৰি সম্পূৰ্ণ সৎ অভিপ্ৰায়েৰে মই স্তৱকৰ সৈতে নতুনকৈ সম্পৰ্ক এটা মেলাৰ ইচ্ছা কৰিছিলোঁ৷ জীৱনৰ অনিশ্চয়তাই মোক সেই বাটত ভৰি দিবলৈ বাধ্য কৰাইছিল৷ এই আচম্বিত ঘটনাটোৰ পৰা কাব্যৰ প্ৰতি মোৰ ভালপোৱাৰ সেউজীয়া আৰু গাঢ় হ’ল৷ বুজি পালোঁ মই জীৱনৰ গভীৰ অৰ্থ৷ প্ৰেমৰ উদাৰ ঔদাস্য৷ মানুহৰ প্ৰেম-জীৱন আৰু গাৰ্হস্থ্য জীৱন সম্পূৰ্ণ পৃথক বুলিলেও ভুল কোৱা নহ’ব চাগে৷ কেৱল সঁচা প্ৰেমৰ ভৰষাতেই সফল প্ৰেম-জীৱন এটা পাৰ কৰিব পৰা যায়৷ কিন্তু গাৰ্হস্থ্য জীৱন কেৱল প্ৰেমৰ বলতেই উলাহত কটাব পৰা যায় জানো?
এৰা, স্তৱক কেতিয়াও কাব্য হ’ব নোৱাৰে৷ এজনী ছোৱালীক তাইৰ পিতৃয়ে যি সুনিশ্চিত নিৰাপত্তা আৰু ভালপোৱাৰ আচ্ছাদনেৰে আতোলতোলকৈ মেৰিয়াই ৰাখে, সেই ভৰষা মই কাব্যৰ বুকুৰ মাজত পাওঁ৷ হয়তো তাতোকৈও বহুত বেছি৷
এৰি অহা সকলো সম্পৰ্কই পুনৰবাৰ জীৱনৰ সৈতে সহবাস কৰিব নোৱাৰে৷ সময়ৰ প্ৰৱল তাগিদাত যদিও সেই কথাবোৰে মনটোক ভাকুটকুটায়, সেই সম্পৰ্ক হ’ব নৈশব্দৰ সৈতেহে৷ এৰা, নৈশব্দৰ সৈতেহে মিলি যাব পাৰে হৃদয়ৰ সেই অম্লান আকাংক্ষা৷ প্ৰত্যেক সংবেদনশীল ব্যক্তিৰ একান্ত নিভৃত এখন পৃথিৱী থাকে৷ আৰু সেই পৃথিৱীতহে এনে সম্পৰ্কৰ বিষয়ে দুটা শব্দ ভবাৰ থল থাকে৷ নৈশব্দৰো নিজস্ব ভাষা থাকে৷ নৈশব্দৰ সাগৰ নহ’লেও নদী এখন সকলোৰে বুকুৰ নিভৃতত থকা উচিত৷ নৈশব্দৰ সেই বতাহে মানুহৰ দুৰ্বল মুহূৰ্তকো যাতে শক্তিশালী কৰি তুলিব পাৰে৷
মৃত্যুভয় জিনি মই পুনৰবাৰ কাব্যৰ প্ৰেমত পৰোঁ৷ সময়ক প্ৰত্যাহ্বান জনাই প্ৰতিটো কাম সময়ৰ আগতেই কৰিবলৈ চেষ্টা কৰোঁ৷ স্তৱকৰ ভালপোৱাই মোক কাব্যৰ প্ৰতি অধিক আকৰ্ষিত কৰি তোলে৷ তথাপিও ভাবোঁ, কাব্যৰ প্ৰতি এই ভালপোৱাৰ সৃষ্টি স্তৱকৰ পৰাই হৈছে৷ স্তৱকেই মোৰ হৃদয়ৰ সৈতে প্ৰথমবাৰলৈ পৰিচয় কৰাই দিছিল ভালপোৱাক৷ আৰু সেয়েহে সম্পূৰ্ণৰূপে কাব্যৰ হৈও মাজে-সময়ে মই নিজৰ পৃথিৱীখনত সোমাওঁ৷ নিজানত কথা পাতো মই নিজৰ সৈতে৷ কাব্যৰ সৈতে৷ কেতিয়াবা স্তৱকৰ সৈতেও৷ অথচ মোৰ সেই পৃথিৱীত মোৰ বাদে দ্বিতীয়জনৰ উপস্থিতি মই সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰোঁ ৷ আমন্ত্ৰণ কৰোঁ মাথোঁ নৈশব্দক৷ কাৰণ জানো মই, নৈশব্দৰো থাকে কিছুমান নিজান অনুভূতি৷
জীৱনটোক সদ্ভাৱনা আৰু সম্ভাৱনাৰে ভৰাই তুলিবলৈ সদৰ্থক প্ৰেৰণা লাগিবই৷ আৰু লাগিব আত্মকথন৷ আত্মকথনেই আমন্ত্ৰণ জনায় নৈশব্দক৷ কি বিচাৰোঁ মই? কি বিচৰাটো উচিত? স্বচ্ছ অনুভূতিৰে জীপাল এটা জীৱন নে একান্ত নৈশব্দ? পূৰ্ণ জীৱন এটাক জীয়ন দিবলৈ অনুভূতিৰ গাঢ়তা নালাগিব জানো? অনুভূতিৰ সেই গাঢ়তা, সেই গভীৰতা কোনে আনে? কোনে আনে?
নৈশব্দই৷ আৰু মাথোঁ নৈশব্দই ৷
