Written by sdblogs2011 2:43 am Poems

সৰি পৰা পাতখিলালৈ

জোনমণি দাস

সৰি পৰা পাতখিলালৈ

সৰু ল’ৰাটোৱে একেথৰে চাই আছে

চেঁচা শিলটোত বহি সি কিবা ভাবি আছে

মোৰ ভাবনাক বিমূৰ্ত কৰি

কি ভাবিছে সি?

সূত্ৰৰ অন্বেষণত সি

নতুন দিনৰ নিউটন নেকি!

ঢপলিয়াই আহিও ঢৌবোৰে তাক ধৰিব পৰা নাই

নিচুকাই নিচুকায়ো সুৰবোৰে তাক শুৱাব পৰা নাই

কি ভাবিছে সি পাতখিলালৈ চাই…

পাতখিলাত মই একো দেখা নাই

সুধিবলৈও মোৰ কাষত আন কোনো নাই

গছজোপাক এন্ধাৰ কৰি সন্ধ্যা নামি আহিছে

চেকচেকী চৰাইটোৱে মোক কিবা এটা ক’ব খুজিছে

মোৰ ভয় লাগিছে

মোৰ ভোক লাগিছে

ঢৌবোৰে মোক ধৰি নিব খুজিছে…

সৰি পৰা পাতখিলালৈ এতিয়াও

সৰু ল’ৰাটোৱে একেথৰে চাই আছে।

***

ঠিকনা :

প্ৰান্তিক, নৱগিৰি পথ, চানমাৰি, গুৱাহাটী-৩

ভ্ৰাম্যভাষ : ৯১০১০৩৮৬৫১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close