Written by sdblogs2011 8:56 am Poems

সৰা পাতে ক’ব বসন্তৰ কথা

সঞ্জীৱ বৰুৱা

সৰা পাতৰ খৰমৰণিত
সাৰ পাই উঠা মৰা ৰাতিটোৰ দৰে
অহা-কাইলৈও আহিব নেকি
অন্য এটা শীতল ৰাতি?

এইবেলি শীতৰ স্পৰ্শত
সৰি পৰা উৰিয়ামৰ পাতখিলাই
বসন্তৰ আগমনৰ কথা ক’বনে?
কুলি চৰাই কেইটাই
এইবাৰো জুৰিবনে অমিয়া গান?

নাহৰৰ ন-কুঁহিপাতত
লিখিব পাৰিমনে
এইবেলি যৌৱনৰ দস্তাৱেজ
শীতৰ মালিতা ৷

ফেঁহুজালিতে ঔজোপাৰ তলৰ
পৰা উলাই যোৱা ডঁৰিক কেইটাই
ঘূৰি আহি পাবনে বাৰু
সিহঁতৰ সন্ধিয়াৰ বাসস্থান?

ঘন কুঁৱলীৰ আচ্ছাদন ফালি
খিৰিকিৰ জলঙাইদি
পৰিবনে এইবেলি
একাঁজলি মিঠা ৰ’দ?

হে পথিক বন্ধুসকল
আহাঁ ডাৱৰৰ আবিৰেৰে
আকোঁ ভৱিষ্যতৰ দিনলিপি
এচমকা ছায়া ঘন পোহৰৰ

***

ঠিকনা :

ড° সঞ্জীৱ বৰুৱা
সহকাৰী অধ্যাপক
উদ্ভিদ বিজ্ঞান বিভাগ
বড়োলেণ্ড বিশ্ববিদ্যালয়
কোকৰাঝাৰ-৭৮৩৩৭০
অসম

Visited 1 times, 1 visit(s) today
Website |  + posts
Close