Written by sdblogs2011 4:39 am Poems

স্পষ্টতা

অলকেশ কলিতা

ইয়াতকৈ স্পষ্টকৈ মই তোমাক আঁকিব নোৱাৰোঁ, সেইবাবে আবেলিৰ মেঘৰ মাজত ইমানবোৰ সৰু সৰু চৰাই উৰি ফুৰিছে।

সাগৰৰ অনন্ত তৰংগৰ ভিতৰত, কোনটোৰ ফেনিল আৱাজে সঁচা কথা ক’লে ?

মই নিজহাতে মোৰ আবেলিৰ ৰাঙল সূৰ্যবোৰ ইমানদিনে হত্যা কৰিছোঁ, কিন্তু মই কেনেকৈ জানিম, কোনটো বেলি আছিল

বেলিবোৰৰ ভিতৰত এটা নতুন বেলি ?

নৱ বৰুৱাৰ দৰে মাইলৰ খুঁটা বগৰাই মই দলং পাৰি দিব নোৱাৰোঁ,

তাৎপৰ্যৰ এই  স্ৰোতস্বিনীৰ আনটো পাৰত মই দৰাচলতে একেবাৰেই অকলশৰে থাকিম।

হিংস্ৰ, জানোৱাৰ একোটা ভাবৰ প্ৰহেলিকাত, তাল মান লয়, 

সকলো ইমান নিখুঁতকৈ কয়, মইতো সেই কবি নহয়,

যি তোমাক প্ৰকাশ কৰিব পাৰে স্পষ্টতকৈও স্পষ্টতৰ।

সিমান স্পষ্ট, যে বাস্তৱৰ বাস্তৱতা হয় নিৰন্তৰ প্ৰতাৰিত।

মই আগেয়েই জানিছিলোঁ যে আনকি এই কবিতাটোও মই

আধাহে লিখিব পাৰিম।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close