Written by sdblogs2011 8:54 pm Poems

স্তাৱক

অজন্ত কুমাৰ বৰা

একেই পুৱা

একেই পোহৰ

আমিহে ৰং সানি

অভিধা দিওঁ

নতুনৰ

আমি মুখতো ৰং সানো

নিচিনিবলৈ নিজৰ নিজৰ মুখ

ৰং সানিলেও নিজৰ মুখ

নিজৰ ওচৰত লুকুৱাব নোৱাৰি

ৰং সানিলে

চেহেৰাহে সলনি হয়

সলনি নহয় স্বভাৱ

সময় সাপেক্ষে 

অনেকেই মুখত ৰং সানে

ৰংসনা মানুহবোৰ

একো একোজন স্তাৱক

স্তাৱক পৰাধীন

ৰং সানিবলৈ বাধ্য

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close