Written by sdblogs2011 5:02 am Poems

সেউজ বিলাপ

মনজিত বৰা

গছে গছৰ লগত কথা পতা দিনবোৰত

পাতে পাতে খিলখিলাই হহাঁ সময় বোৰত

আমি দেও দি ফুৰিছিলো আমাৰ শৈশৱত

খেলিছিলো জপিয়াইছিলো

গছৰ আঁৰত মাৰ ভয়ত

এদিন আমি প্ৰেম কৰাৰ সময়ত

যেনে যৌৱনত

প্ৰেয়সীক চুমা দিবলৈও লাগিছিল গছৰ আঁৰ

নৈপৰীয়া বতাহ এজাকত আমি আমাৰ গা ওমলাইছিলো

এতিয়া আমাৰ আদহীয়া সময়বোৰত আমি হৈ পৰিলো

গছবোৰৰ পৰ

গছবোৰৰ ভিতৰৰ পৰা উলিয়াই আনিব পৰা হ’লো সেউজ আত্মা

এই সময়বোৰত গছবোৰক উন্নয়ণশীলতাৰে মৃত্যুদণ্ড দিলো

ডিঙিত ৰচী লগাই ওলমাই দিলো উৰণসেতুঁৰ ৰেলিঙত

গছবোৰ ভোট নহয়

নহয় আচঁনি

সেয়ে নজনাকৈ আমি ভাওঁনা কৰিলোঁ

দেৱালত কত গছৰ ভেল অকাঁ হ’ল

কবিয়ে পাত ভৰাই লিখিলে গছৰ কবিতা

তথাপি গছবোৰৰ মৃত্যু হৈ ৰ’ল

আমি মৃত সজাই থাকিলো গছবোৰক

গছৰ টকাৰে গছবোৰৰ মৃত্যুত মৎস্য স্পৰ্শ হ’ল  ৷

খৰাং বন্দনাত তেজ বমিয়াই

গছবোৰৰ মৃত্যুত আমাৰো মৃত্যু হ’ব এদিন

সেই কথাকে জানো বুজিলো

আমি নুবুজিলো ৷

বি:দ্ৰ: গছবোৰ জীয়াই থাকিবলৈ গছে গছৰ বাবে

প্ৰাৰ্থনা কৰিব লাগিব

শিপাত বৰষুণ গজাই উজাব লাগিব আকাশলৈ৷

ঠিকনা:

কলিয়াবৰ, উলুৱনি, বেঙেনাআটি-৭৮২১৩৭

ই-মেইল:kaliabormonjit@gmail.com

ফোন:৬০০০৫৪১৭৯৬

Visited 4 times, 1 visit(s) today
Website |  + posts
Close