Written by sdblogs2011 8:18 am Articles

সেউজপুৰৰ সাধু

 স্মৃতিৰেখা দেৱী

অংকন: বৰ্ণিল মহন্ত

[যোৱা সংখ্যাৰ পাছৰ অংশ]

    দুদিনৰ মূৰে মূৰে সেউজপুৰৰ ৰাজসভাত সভাসদসকল সমৱেত হৈ উপস্থিত সমস্যাটোৰ সমাধানৰ পথ উলিয়াবলৈ যত্ন কৰিবলৈ ধৰিলে৷ কিন্তু বিদেশী শিক্ষক দুজন আৰু তেওঁলোকৰ লগ লোৱা গাহৰিসকলে এতিয়ালৈকে পোনপটীয়াকৈ একো কৰা নাই সেয়েহে তেওঁলোকৰ বিৰুদ্ধে মহাৰাজ কেশৰীয়ে বা তেওঁৰ ৰাজসভাই একো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই৷ আন আন চোৰাংচোৱাসকলৰ লগতে বাটলুৱে নতুনকৈ নিয়োগ কৰা গেৰেলায়ো বিদ্ৰোহী দলৰ বিভিন্ন গোপন খবৰ আনি ৰাজসভাত জনাই আছেহি৷ 

    গেৰেলাও আজিকালি সেউজপুৰৰ সভাসদসকলৰে এজনৰ নিচিনা হৈ পৰিছে৷ আটায়ে তেওঁক বিশ্বাসত লোৱাই নহয়, তেওঁলৈ সকলোৰে অন্তৰত শ্ৰদ্ধাও আছে৷

    সেউজপুৰৰ সকলোৱে বিশ্বাসত লৈছে, স্বয়ং মহাৰাজৰপৰা সভাসদসকললৈকে– আৰুনো কি লাগিছে? নিজৰ অতীত আৰু বৰ্তমানক তুলনা কৰি চাই গেৰেলাৰ নিজকে ভাগ্যৱান বুলিয়ে বোধ হয়৷ ৰাজ্যৰ প্ৰজাসকলে আজিকালি গেৰেলাক যথেষ্ট আদৰ-সন্মান কৰে৷ প্ৰতিজন সন্মাননীয় সভাসদে তেওঁক ডাঙৰীয়া বুলি সম্বোধন কৰে৷ কৃতজ্ঞ তেওঁ৷ প্ৰতিজন সভাসদৰ ওচৰতে তেওঁ কৃতজ্ঞ৷ আৰু মহাৰাজ কেশৰী? মহাৰাজ যেন এজন ৰজা নহয়, যেন এজন খুব মৰমিয়াল আৰু দায়িত্ববোধেৰে জ্ঞানী পিতৃহে  ! 

    আজিও মহাৰাজ কেশৰীৰ বাসস্থলীতে সভাখন বহিল৷ আজি কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছে৷ সেয়েহে আটায়ে আজি কিছু উত্তেজিত হৈ আছে৷ সেনাপতি হিতৰামৰ মনত উত্তেজনা অলপ বেছিয়েই৷ ক’বতো নোৱাৰি, মহাৰাজে যদি বিদেশী মাষ্টৰ দুটাক বখলিয়াই চিৰাচিৰ কৰি পেলাবলৈ আদেশ দিয়ে? তেনে হ’লেতো সমস্ত দায়িত্ব মোৰ ওপৰতে পৰিবহি– ভাবি আছে হিতৰামে– তেনে কিবা এটা হোৱাটো মনে-প্ৰাণে কামনাও কৰি আছে তেওঁ৷

    গুৰুগম্ভীৰ মাতেৰে মহাৰাজ কেশৰীয়ে আৰম্ভ কৰিলে–

: সভাসদসকল৷ আপোনালোকে কিবা নতুন খবৰ পাইছে নেকি? গেৰেলা মহাশয়?

: তেনেকুৱা নতুন খবৰ একো নাই মহাৰাজ৷ সিহঁত সেউজপুৰখন গাহৰি ৰাজ্য কৰি তুলিবলৈ দৃঢ়প্ৰতিজ্ঞ৷ বিলাতী পোছাক পিন্ধি পিছঠেঙৰ ওপৰত ঠিয় হৈ বিদেশী মাষ্টৰহালৰপৰা সিহঁতমখাই এতিয়া ৰাজ্য শাসনৰ কথা শিকিছে হেনো৷ অৱশ্যে গাহৰিৰ উপৰি আন প্ৰাণীও দুই একক সিহঁতে হাত কৰিছে৷

    গেৰেলাৰ কথা শুনি হুমুনিয়াহ এটা ছাৰি মহাৰাজ চিন্তিত হৈ পৰিল৷ তেওঁক খুব হতাশ হৈ পৰা যেন দেখা গ’ল৷ হঠাত তেওঁৰ বাটলুলৈ মনত পৰিল৷ 

: বাটলু… বাটলু ক’লৈ গ’ল? সি সভালৈ অহা নাই যে? কালিও তাক এবাৰো লগ নাপালোঁ… 

    কিবা কথাত খুব চিন্তিত হৈ পৰিলে মহাৰাজক পাতলীয়া ধৰণৰ কথা একোষাৰ কৈ নাইবা সমস্যাৰ সমাধান উলিয়াই বাটলুৱে সদায়ে চিন্তামুক্ত কৰি আহিছে৷ সেইবাবেই হয়তো এই সময়ত তেওঁৰ বাটলুলৈ মনত পৰিল৷

: মহাৰাজ, বাটলু মহাশয় অলপ অসুস্থ৷ –গেৰেলাই ক’লে৷

: অসুস্থ? কি হৈছে তাৰ? –মহাৰাজ যেন পূৰ্বতকৈও অধিক চিন্তাত পৰিল৷ তেওঁ আকৌ নিজকে কোৱাদি ক’লে, ‘সি অসুস্থ হোৱা মোৰ মনতে নপৰে দেখোন…’

: হয় মহাৰাজ৷ তেওঁ এনেয়ে ৰাজসভালৈ নহাকৈ নাথাকে৷ নি(য় তেওঁৰ গুৰুতৰ কিবা অসুখ-বিসুখ হৈছে৷ সেইবুলি আপুনি অলপো চিন্তা নকৰিব মহাৰাজ৷ মই ইতিমধ্যে তেওঁৰ খবৰ ল’বলৈ বুলি চট্‌চটীক পঠাইছোঁৱেই৷ পাৰিলে তেওঁক এবাৰ আহিবলৈকো অনুৰোধ জনাবলৈ কৈ পঠাইছোঁ৷ 

    সেনাপতি হিতৰামৰ কথাষাৰেও মহাৰাজৰ মনটো ভাল লগাব নোৱাৰিলে৷ আনৰ অনিষ্ট হোৱাটোও নিবিচাৰে তেওঁ, কিন্তু বাটলুৰ কিবা এটা হোৱাটো তেওঁ তেওঁৰ নিজৰ অথন্তৰতকৈও বেছি দুখৰ বিষয় বুলি ভাবে৷

    ৰাজ্যৰ চেপা পৰিস্থিতিয়ে আটাইৰে মনৰ হাঁহি-আনন্দখিনি শুহি শুহি নোহোৱা কৰিছে৷ কেউফালে কেৱল নিৰৱতা৷ মানসিকভাৱে অস্থিৰ হৈ থকা বাবেই নেকি, মহাৰাজ কেশৰীকো যোৱা কেইদিনমানতে শাৰীৰিকভাৱে কিছু দুৰ্বল হৈ পৰা যেন লাগিছে৷ খোৱা-বোৱা, জিৰণি একোৰে ঠিকনা নোহোৱা হৈছে মহাৰাজৰ৷ সেয়েহে সেনাপতি হিতৰামে নিজে মহাৰাজৰ খাদ্যসম্ভাৰৰ ব্যৱস্থা কৰিছে৷ 

    পিতাকৰ মৃত্যুৰ পাছত মহাৰাজ কেশৰীয়েই হিতৰামৰ অভিভাৱক৷ সি হিটলাৰ নামৰ গুৰু-গোসাঁই নমনা গুণ্ডা এটাৰপৰা হিতৰাম হোৱাৰ আঁৰততো মহাৰাজৰ বৰঙণিয়েই আটাইতকৈ বেছি৷ তদুপৰি যোৱাবছৰ যেতিয়া অহিংস নীতি পালন কৰিবলৈ ওলাই হিতৰাম হাড়ে-ছালে লগা অৱস্থা হৈ মৰিবলৈ ওলাইছিল তেতিয়াও মহাৰাজেইহে তাক বুজাই-বঢ়াই সিপুৰীলৈ যোৱাৰপৰা ৰক্ষা কৰিছিল৷

    সেই কথা মনত পৰিলে আজিকালি হিতৰামৰ নিজৰ মূৰ্খামিৰ কথা ভাবি হাঁহিহে উঠে৷ মাংসাহাৰী জীৱ হৈ কোনো প্ৰাণীকে হত্যা নকৰোঁ বুলি, ঘাঁহ-বন খাই জীয়াই থাকিম বুলি ভবাটো কি যে মূৰ্খামি আছিল…

    হঠাতে হুলস্থুল কৰি চট্‌চটী পালেহি৷ ভাবনাত যতি পৰিল হিতৰামৰ৷ এইজনীয়েও বৰ হুলস্থুল কৰে অ’ ! – ভাবি চট্‌চটীৰ ফালে পেন্দোৱাকৈ চালে সি৷

    এখোজ দুখোজকৈ বাটলুও আহি পালেহি৷ তাক দেখি সকলো আচৰিত হ’ল৷ তজ্‌বজীয়া বাটলুটো তেনেই দুৰ্বল আৰু বিমৰ্ষ দেখোন ! কি হৈছে তাৰ? 

: তোক বৰ দুৰ্বল যেন দেখিছোঁ বাটলু৷ কি হৈছে তোৰ? ইমান ৰুগীয়া গাৰে কেলেইনো আহিলি? ছেঃ ! মিছাতে তোক কষ্টহে দিয়া হ’ল৷– মহাৰাজৰ কথাত অপৰাধবোধ ফুটি উঠিল৷

: মোক ক্ষমা কৰিব মহাৰাজ৷ মই নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷  সেহাই-ফোঁপাই কোনোমতে ক’লে বাটলুৱে৷

: হেৰ’ বোপাই, ক্ষমা-চ্যমাবোৰ থ৷ তোৰ হৈছে কি সেইটো ক৷ 

:ক’ম মহাৰাজ৷ ক’ম৷ পিছে কিনো ক’ম? কাহিনী দীঘলীয়া মহাৰাজ৷ 

: ক’ব পাৰ যদি ক৷ নোৱাৰিলে নালাগে৷ তোক কষ্ট দিবলৈ মোৰ অকণো মন নাই৷ – মহাৰাজে ক’লে৷

: কওঁ শুনক মহাৰাজ৷ ৰাজ্যৰ বিভিন্ন কামত লাগি থাকোঁতে পাঠশালালৈ যাবলৈ মই সময়কে কৰিব নোৱৰা হ’লোঁ৷ মাজে মাজে মলুৱা দাইটি আৰু চট্‌চটীক সোধোঁ, বোলোঁ কি কি পঢ়াইছে? আমাৰ ল’ৰাহঁতে আৰু সিহঁতৰ মাকেও কয়৷ আটাইখন ৰাইজে পঢ়ি-শুনি জ্ঞানী হ’ল, কিন্তু মহাৰাজ, মই মূৰ্খ হৈয়ে থাকিলোঁ৷ শেষত ল’ৰাহঁতৰ কিতাপ কেইখনকে উৰাই-ঘূৰাই পঢ়িবলৈ ধৰিলোঁ৷ পঢ়োঁহে পঢ়োঁ, কিন্তু একোকে মনত নৰয় দেখোন৷ এদিন আমাৰ পণ্ডিত মহাশয়কে সুধিলোঁগৈ… বুলি সি অকণমান ৰৈ বগলী পণ্ডিতলৈ চালে৷ পণ্ডিতে মূৰ দুপিয়ালে৷ বাটলুৱে আকৌ কৈ গ’ল–

: পণ্ডিত মহাশয়ে কোৱা কথা এষাৰ মোৰ মনত একেবাৰে ভিতৰলৈকে সোমাই পৰিল৷ তেখেতে কৈছিল, অকল পঢ়িলেই নহ’ব, কিতাপবোৰ হজম কৰিবও পাৰিব লাগিব৷ কিন্তু মহাৰাজ, মই এনে এটা মূৰ্খ আৰু অপদাৰ্থ প্ৰাণী যে এখন কিতাপ হজম কৰিব পৰা শক্তিও মোৰ নাই৷ সেই কাৰণেই তেনেই পানীহাগনি… অহা-যোৱা কৰোঁতেই গৈছে এই দুদিন… গাত কঁপনি উঠি গৈছে… কিমাননো অহা-যোৱা কৰি থাকিব… পেটত একো এটা নৰয়…৷ পাঁচ-ছখন কিতাপৰ ভিতৰত অকল দুখনৰ দুটা দুটা পাত… তাৰো কেৱল দুটা চুক মাত্ৰ৷ সেইখিনিকে হজম কৰিব পৰা নাই আজিলৈকে৷ এনেকৈ হ’লে মহাৰাজ, মই দেখোন একোকে নিশিকিম৷ আৰু তেতিয়া সেউজপুৰৰ আটাইতকৈ মূৰ্খটো ময়েই হ’মগৈ… দুদিনত অন্ততঃ এখন কিতাপৰ দুটা চুক মই হজম কৰিব পাৰিব লাগিছিল মহাৰাজ৷ কিন্তু মই নোৱাৰিলোঁ…পেটটোৱে মোক একেবাৰে লগ দিয়া নাই…৷

    বাটলুৰ মনটো হতাশ হোৱা যেন মন কৰি বৃকোদৰে মাত লগালে–

: শৰীৰটো আছে যেতিয়া ৰোগ-ব্যাধি থাকিবই ডাঙৰীয়া৷ মন বেয়া নকৰিব৷ প্ৰথমে ভাল হৈ লওক৷ তাৰ পাছতে আকৌ পঢ়াত লাগি যাব৷ কিয় নোৱাৰিব? পাৰিব৷ আপুনি পাৰিবই৷ প্ৰথম প্ৰথম বুলি অকণমান নুসুজা যেন লাগিছে৷

    ইমানপৰে মনে মনে বাটলুৰ কথা শুনি থকা বগলী পণ্ডিতে এইবাৰ মাত লগালে–

: হেৰি নহয় বাটলু, পঢ়া কথাবোৰ হজম কৰিব পাৰিব লাগিব ঠিকেই৷ কিন্তু এখন কিতাপৰ এটা চুকৰপৰা হজম কৰিব নোৱৰা কথাটোহে মই ধৰিব পৰা নাই৷ তদুপৰি কিতাপ পঢ়া আৰু তাক হজম কৰাৰ লগত পেটৰ সম্বন্ধটো কি সেইটোও মই ধৰিব পৰা নাই দেখোন৷ মই অলপ আচৰিতেই হৈছোঁ৷

: এই সাধাৰণ কথাটোকে আপুনি বুজি নোপোৱাত মইহে আচৰিত হৈছোঁ পণ্ডিত মহাশয়৷ আপুনি জানেই মই এটা সামান্য নিগনি৷ সম্পদ বুলিবলৈ আমাৰ কেৱল এই আগদাঁতকেইটাহে৷  সেইকেইটাৰে বাৰু কিতাপ এখন মাজৰপৰা কেনেকৈ খাওঁ আপুনিয়ে কওকচোন৷ চুকৰ ফালৰপৰা খাবলৈ সুবিধা পাই তাৰপৰাই মই আৰম্ভ কৰিছিলোঁ৷ কিন্তু কিমানকণনো খালোঁ, এই অকামিলা পেটটোৰ কাৰণেই সেইকণো মই হজম কৰিব নোৱাৰিলোঁ৷ পেটটোত তেনেই ডবা বজাদি বাজিছে… একেবাৰে ঢাৰিয়ে-পাটীয়ে গৈছে৷ কৈছোঁ নহয়…

    বাটলুৰ কথা শুনি আটায়ে আঁৰ চকুৰে ইজনে সিজনলৈ চাই মুখ টিপি টিপি হাঁহিবলৈ ধৰিলে৷ বাটলুৱে দীঘল হুমুনিয়াহ এটা কাঢ়ি ক’লে–

: মোৰ একোৱেই নহ’বগৈ আৰু৷ মূৰ্খ হৈয়ে উপজিছিলোঁ৷ এতিয়া মূৰ্খ হৈয়ে মৰিবগৈও লাগিব৷

: হেৰৌ অঁকৰাটো ! কিতাপৰ কথাবোৰ হ’বলা খাই হজম কৰিব পাৰি? তইনো বগলী পণ্ডিতক কেনেকৈ হজম কৰিব লাগে ভালকৈ সুধি নল’লি কেলেই? মিছাতে তোৰ কষ্টখন হ’ল…৷ – মহাৰাজে নকৈ নোৱাৰিলে৷ বাটলুৱে প্ৰশ্নবোধক দৃষ্টিৰে এবাৰ মহাৰাজলৈ, আনবাৰ বগলী পণ্ডিতলৈ চাবলৈ ধৰিলে৷ পণ্ডিতে বাটলুৰ চকুলৈ পোনাই চাই ক’বলৈ ধৰিলে–

: কিতাপৰ কথাবোৰ খাই হজম কৰিব পৰা বস্তু নহয়৷ কিতাপখনৰ মানে পাত একোখিলা খাই একো লাভ নহয়৷ মই কিন্তু তাত লিখি থোৱা কথাবোৰহে চিন্তা কৰি মগজত হজম কৰাৰ কথা কৈছিলোঁ৷ সেইবোৰ হজম কৰিব লাগিব পঢ়াৰ যোগেদি, বাৰে বাৰে আওঁৰোৱাৰ যোগেদিহে৷ কথাবোৰ বুজিব লাগিব, মগজুত একেবাৰে সুমুৱাই নিজৰ কৰি ল’ব লাগিব৷ তাকহে মই হজম কৰা বুলি কৈছিলোঁ…৷ কিতাপ মুখেৰে খোৱা খাদ্য নহয়, চকুৰ যোগেদি মনেৰে খোৱা খাদ্যহে৷ ইয়াক মগজুৰদ্বাৰাহে হজম কৰিব পাৰি৷

    পণ্ডিত ৰ’ল৷ বাটলুৱে যেন কিবা এটা নতুনকৈ বুজি উঠিল৷ কিন্তু লগে লগে তাৰ লাজ লাগিল৷ সি মনে মনে আটাইৰে ফালে চালে আৰু ক’লে–

: হে হৰি ! মই কেনে এটা জধামূৰ্খ চাওকচোন৷ হয়তো, কিতাপ মগজুৰ বস্তুহে, মুখ আৰু পেটৰ বস্তু নহয় নহয়৷ এই সাধাৰণ কথাটোকে বুজি নোপোৱা মোৰপৰা সেউজপুৰখনৰনো কি উপকাৰ হ’ব …? মই বৰ লাজ পাইছোঁ মহাৰাজ আৰু মাননীয় সভাসদসকল…৷

: হ’ব দে৷ ভুল সকলোৰে হয়৷ তই লাজ পাব নালাগে বাটলু৷ তই অকল সুস্থ হৈ উঠ৷ চট্‌চটী অ’, তই সাউৎকৈ গৈ বৰটোকোলা কবিৰাজৰপৰা বাটলুৰ কাৰণে দৰব এপালি লৈ আনগৈচোন৷ ঘটনাটো গুৰিৰেপৰা বুজাই ক’বি আকৌ৷ 

    মহাৰাজৰ কথা শেষ হ’ল কি নহ’ল, চট্‌চটী উৰা মাৰিলেই৷ তাই যেন ইমান পৰে নোৱৰাতহে তাত ৰৈ আছিল৷ তাইৰ মুখত কাণ তাল মাৰি যোৱাকৈ চিঞৰি চিঞৰি সদায়ে গোৱা কোনেও বুজি নোপোৱা গানটো৷ 

: এতিয়া আচল কথালৈ আহোঁ মহাৰাজ৷ বেলিও লহিয়াবৰে হ’লহি৷ –বৃকোদৰে মাত লগাই সভাৰ আচল উদ্দেশ্যৰ প্ৰতি সকলোৰে মনোযোগ আকৰ্ষণ কৰি ক’লে–

: মই কথা এটা ভাবিছিলোঁ৷ তাকে মহাৰাজৰ আগত ব্যক্ত কৰিব খুজিছিলোঁ৷

: কওক মহামন্ত্ৰী মহোদয়৷ –মহাৰাজ কেশৰীয়ে মূল আলোচনা আগ বঢ়াবলৈ ইঙ্গিত দিলে৷

: মহাৰাজকে মুখ্য কৰি শ্ৰদ্ধেয় সভাসদসকল৷ আমি যিহেতু জানিব পাৰিছোঁ যে বিদেশী শিক্ষক দুজনৰ নেতৃত্বত আমাৰ প্ৰজা কেইজনমানে নিজৰ ৰাজ্যখনৰ বিপক্ষে ষড়যন্ত্ৰ ৰচনা কৰিছে৷ গতিকে আন ৰাজ্যৰপৰা আহি আমাৰ ইয়াতে থকাকেইজনৰ কথা মই ক’বলৈ নাযাওঁ বাৰু৷ কিন্তু আমি যদি আমাৰ বিপথে যাবলৈ আৰম্ভ কৰা খিলঞ্জীয়া সেউজপুৰীয়া কেইজনৰ সৈতে শান্তিপূৰ্ণভাৱে কথাবোৰ আলোচনা কৰোঁ, তেন্তে নি(য় সমস্যাটোৰ সমাধান ওলাবই৷ তেওঁলোক যিহেতু আমাৰে ককাই-ভাই, এতেকে আমাৰ লগত তেওঁলোকে নি(য়কৈ কথা পাতিব৷ আৰু আমিও তেওঁলোকৰ সৈতে কথা পাতিবলৈ পালেহে কৌশলেৰে তেওঁলোকক বুজাব পৰা যাব৷

    মহাৰাজে সন্মতি প্ৰদান কৰি ক’লে–

: হয় মন্ত্ৰীবৰ, আপুনি উচিত কথাকে কৈছে৷ প্ৰথম পদক্ষেপ হিচাপে আমিতেনে এটা যত্নকে কৰি চাব লাগে৷ অৱশ্যে আমাৰ বিদ্ৰোহীসকলক বিদেশী দুজনৰপৰা আঁতৰাই লৈহে কথা পতা ভাল হ’ব বুলি মই ভাবোঁ৷

    তেনেতে গেৰেলাই মাত লগালে–

: মহাৰাজ আৰু মাননীয় সভাসদসকল, গোপন সূত্ৰৰ যোগেদি মই খবৰ পাইছোঁ যে কাইলৈ বা পৰহিলৈ জেক বোলা বিদেশীটো আমাৰ কাষৰ হাবিখনলৈ যাব৷ সেইখন ৰাজ্যতো হেনো নতুন শিক্ষাব্যৱস্থা প্ৰৱৰ্তন কৰিবগৈ, মানে তাতো ষড়যন্ত্ৰ কৰিবগৈ৷ গতিকে সেইটোৱেই উপযুক্ত সময় হ’ব৷ মই অলপ সময়ৰ কাৰণে বুঢ়া মাষ্টৰজনক ব্যস্ত ৰখাৰ ব্যৱস্থা কৰিম৷ সেই সময়তে আমাৰ বিৰুদ্ধে যোৱাসকলৰ সৈতে আপোনালোক মিলিত হ’ব পাৰিব৷

: গেৰেলা মহাশয়, কওঁতে আপুনি ঠিক কথাকে কৈছে৷ কিন্তু বুঢ়া বিদেশী মাষ্টৰজনক আঁতৰাই ৰখাৰ দায়িত্ব কোনে ল’ব? বুঢ়া মাষ্টৰেই বা আপোনাৰ কথামতে চলিব কিয়? আৰু এটা কথা৷ বিপ্লৱৰ কথা শিকি থকা আমাৰ প্ৰজাবোৰ আমাৰ কথা শুনিবলৈ আহিব জানো? –সেনাপতি হিতৰামে উনুকিয়ালে৷ সকলো সভাসদ চিন্তাত পৰিল৷ অলপ সময় ৰৈ মহাৰাজে ক’লে–

: বাটলু, তই দেখোন এষাৰো কোৱা নাই৷ কচোন কিবা এষাৰ৷

: মহাৰাজ, মই চিন্তাহে কৰি আছোঁ৷ কিন্তু সেনাপতি ডাঙৰীয়াই চিন্তা কৰিব নালাগে বুলিয়েই মই ভাবোঁ৷ কাৰণ আমাৰ গেৰেলা মহাশয় অতি চতুৰ লোক৷ তেখেতে বিপ্লৱীৰ দলত ইতিমধ্যে আমাৰ বিশ্বাসী ব্যক্তি কেইবাজনকো সুমুৱাই ৰাখিছে৷ কেনেকৈ, কাক ৰাখিছে আপোনালোকে অনুগ্ৰহ কৰি মোক নুসুধিব৷ তেখেতে কয় যদি ক’ব বাৰু৷ কিন্তু পৰিকল্পনা মতেই কামবোৰ হ’ব বুলি মোৰ এটা বিশ্বাস আছে৷

    বাটলুৰ কথা শেষ হোৱাৰ লগে লগে গেৰেলাই হিতৰামৰ ফালে চাই মাত লগালে–

: হয় মহাশয়৷ মহামাৰীৰ কবলত পৰা মোৰ পুৰণি ৰাজ্যখনৰপৰা মোৰ লগত অহা জীৱকেইটিৰ ভিতৰত কেইবাজনেও মোক শ্ৰদ্ধা কৰে, মৰম কৰে৷ তদুপৰি তেওঁলোকেও সেউজপুৰৰ মৰমৰ ধাৰ সুজিবলৈ সুবিধা বিচাৰি আছে৷ মই কথাটো জানিছিলোঁ৷ সেই কাৰণে তেওঁলোককে বিদেশীৰ শিবিৰত সুমুৱাই ডাঁৰৰ বাতৰি ডাঁৰে পোৱাৰ ব্যৱস্থা এটা কৰিবলৈ সক্ষম হ’লোঁ৷ কোনোবা এজনে নহয় এজনে আমাৰ হৈ অনবৰতে কাম কৰি আছে মহাৰাজ৷ অৱশ্যে মই কিবা ভুল কৰিছোঁ যদি তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷

: বাঃ ! মহাশয়৷ আপোনাৰ বুদ্ধিক প্ৰশংসা নকৰি নোৱাৰোঁ৷ বঢ়িয়া, বঢ়িয়া৷ এনেকুৱা প্ৰজা যিখন ৰাজ্যত থাকে তাত মোৰ নিচিনা ৰজা নহ’লেও হয়৷ – কেশৰীয়ে আনন্দ মনেৰে ক’লে৷ তেওঁ মানসিকভাৱে আগতকৈ সাহসী হৈ উঠিল৷ আটায়ে কথাটো লক্ষ্য কৰিলে আৰু সন্তোষ পালে৷

: এতিয়া পিছে বিদ্ৰোহীৰ শিবিৰত গৈ আমাৰ প্ৰজাসকলক আলোচনাৰ বাবে মান্তি কৰাবগৈ কোনে? যি এইটো কাম কৰিব, সেইজন অতিকে চতুৰ হ’ব লাগিব৷ সাৱধানতো হ’বই লাগিব৷ – বগলী পণ্ডিতৰ কথাষাৰত মহাৰাজে মিহিকৈ হাঁহি এটা মাৰি বাটলুলৈ চালে আৰু ক’লে–

: এইটো কাম আমাৰ বাটলুৰ বাহিৰে কোনেনো কৰিব পাৰিব? বাটলুৰ বাহিৰে এইটো কামৰ বাবে আন কোনো উপযুক্ত লোক আমাৰ মাজত নাই৷ ময়ো নোৱাৰোঁ৷

    আটাইৰে চকু-মুখত সন্মতিসূচক ভাব প্ৰকাশ পালে৷ মহাৰাজে কৈ গ’ল–

: বাটলু, গাটো সোনকালে ভাল কৰ৷ আজি ৰাতিটোৰ িভতৰতে তই সুস্থ হ৷ তোৰে দায়িত্ব সকলোতকৈ বেছি৷ সদায়ে তোৰ ওপৰতে মহাভাৰখন পৰেগৈ৷ বুকুৰ কুটুমে যেতিয়া শত্ৰুতা আচৰণ কৰিবলৈ লয়, তেতিয়া পৰিণতি ভয়ঙ্কৰো হ’ব পাৰে৷ তদুপৰি মনৰ দুখখিনি থাকেই৷ আমাৰো একে অৱস্থা৷ তোৰ ওপৰত মোৰ বিশ্বাস আছে, তই আটাইকে বুজাই-বঢ়াই আনিব পাৰিবি৷ তই এটা কাম কৰিবি৷ তোৰ পচন্দ মতে আৰু দুজনমানক লগত লৈ যাবি৷ 

: হ’ব মহাৰাজ৷ আপুনি চিন্তাই নকৰিব৷ মোৰ প্ৰতি থকা আপোনাৰ বিশ্বাসক মই কাহানিও অপমান হ’বলৈ দিয়া নাই আৰু নিদিওঁ৷ মই আন এটা কথাহে ভাবি আছোঁ মহাৰাজ৷  বুঢ়া মাষ্টৰটোক দেখোন সেইদিনা জুৰণিপাৰৰ ফালে ফুৰাবলৈকে লৈ যাব পাৰি৷ নে কি কয় গেৰেলা মহোদয়? 

    মহাৰাজে বাটলুলৈ আচৰিত হৈ চালে আৰু ভাবিলে, ই দেখাতহে খুদমান৷ ইয়াৰ মগজুটো আমাৰবোৰতকৈ বেছি চোকা দেখোন৷ তেওঁ বাটলুৰ প্ৰতি মৰমত পমি যাওঁ যেন হ’ল৷ লগে লগে তেওঁ সেনাপতিলৈ চাই কঠোৰভাৱে ক’লে–

: আৰু সেনাপতি, বাটলু যাওঁতে নিৰাপদ দূৰত্বত আপুনি আপোনাৰ বাঘসেনাৰ দলটোক লৈ অতিথিশালা ঘেৰাও কৰি ৰাখিব৷ কিবা অপ্ৰীতিকৰ ঘটা যেন দেখিলেই আপুনি বাঘসেনাসকলক আক্ৰমণ কৰিবলৈ লগাই দিব৷ এটাও বিদ্ৰোহী যেন জীৱিত অৱস্থাত নাথাকে৷  

    মহাৰাজৰ কথা শেষ হোৱাৰ লগে লগে বাটলুৱে ব্যস্তভাৱে ক’লে–

: এ মহাৰাজ, সেইবোৰৰ দৰকাৰেই নহয়৷ আপোনালোকৰ আশীৰ্বাদত মই এই সামান্য কামটো সুচাৰুৰূপে কৰিব পাৰিম চাব৷ আপোনালোকে মোৰ ওপৰত যিমান বিশ্বাস দেখুৱাইছে সিমান বিশ্বাস মোৰো আমাৰ বিদ্ৰোহীসকলৰ ওপৰত আছে৷ আমি একেখন ৰাজ্যৰে প্ৰজা৷ তেওঁলোকক মই হাড়ে-হিমজুৱে চিনি পাওঁ৷ আটাইবোৰ খুব ভাল লোক৷ কেৱল কিবা এটা মোহ নাইবা আন ছলাহিত সাময়িকভাৱে তেওঁলোক ভোল গৈছে৷ ভালকৈ বুজালেই সকলো আগৰ দৰে হৈ পৰিব৷

: তেনে হ’লেই সকলোৰে কাৰণে ভাল৷– মহাৰাজে ক’লে৷ তেখেতক খুব ভাগৰুৱা যেন দেখা গ’ল৷ সেয়ে মহামন্ত্ৰী বৃকোদৰে ক’লে– 

: মহাৰাজ৷ আজিৰ সভা ইমানতে শেষ কৰোঁ নেকি? আপুনিও বহুদিন জিৰণি লোৱা নাই৷ আপুনি সমস্যা আধাআধি শেষ হোৱা বুলিয়ে ধৰক৷ আজিৰ ৰাতিটো নিশ্চিন্ত হৈ শোৱক৷ আমাৰ ৰাজ্যখনৰ কাৰণেই আপুনি সুস্থ হৈ থকাটো জৰুৰী৷ আমি আজিলৈ উঠোঁ মহাৰাজ৷

    মহাৰাজ থিয় হ’ল৷ লগে লগে সভাসদসকলো এজন এজনকৈ মহাৰাজক সম্ভাষণ জনাই ঘৰমুৱা হ’ল৷মহাৰাজ বাটলুৰ ওচৰ চাপি অহা দেখি সি ৰৈ দিলে৷ তেওঁ মুখখন তাৰ ওচৰ চপাই মাটিত লগাই সৰুকৈ ক’লে–

: উঠ৷ 

    এইটো ইঙ্গিত বাটলুৱে খুব ভালকৈ বুজি পায়৷ সি অকণো পলম নকৰাকৈ মহাৰাজৰ নাকেদি বগাই গৈ ডিঙিৰ কেশৰখিনিৰ মাজত সোমাই পৰিল৷ সি উপলব্ধি কৰিলে, কিমান দিন যে সি এইকণ সুখৰপৰা বঞ্চিত হৈ আছিল৷ কিমান দিন যে সি মহাৰাজৰ গাৰ উম  ল’বলৈ পোৱা নাই…

: ব’ল৷ তোক মই তোৰ ঘৰত থৈ আহোঁগৈ৷ তোৰ গাটোও বেয়া হৈ আছে নহয়৷  

    মহাৰাজে মৰমেৰে কোৱা কথাষাৰ শুনি আৱেগতে বাটলুৰ চকুপানী ওলাই আহিল৷ কিমান মৰমিয়াল হ’লে এজন ৰজাই সামান্য নিগনি এটাৰ প্ৰতি এনে আচৰণ কৰিব পাৰে? ভাবিলে বাটলুৱে৷

    বাটলুৰ ঘৰ অভিমুখে কেশৰী মহাৰাজে খোজ ল’লে৷ পৰম নিৰাপত্তাৰ আৱেশত বাটলুৰ চকুহাল মুদ খাই আহিল৷

[অহা সংখ্যালৈ বাট চোৱাঁ৷]শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 4 times, 1 visit(s) today
Website |  + posts
Close