Written by sdblogs2011 7:43 am Articles

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী

(যোৱা সংখ্যাৰ পাছৰ অংশ)

কেৱল সিদ্ধান্ত লোৱাই নহয়, কামবোৰো লৰালৰিকৈ কৰোৱা হ’ল৷ কাউৰীয়ে কা কৰাৰ আগতেই মহাৰাজে মলুৱাৰ হতুৱাই ৰাজ্যখনত এটা ঘোষণা দিয়ালে—

শুনক, শুনক, শুনক…

মহামান্য মহাৰাজ কেশৰীয়ে আদেশ দিছে যে আজি সেউজপুৰৰ পাঠশালা বন্ধ থাকিব৷ সকলোৱে ঘৰতে পঢ়া-শুনা কৰিব৷ আজি ৰাজকীয় আতিথ্যৰে সেউজপুৰৰ অতিথি বিদেশী শিক্ষক দুজনক জুৰণিপাৰলৈ ফুৰাবলৈ নিয়া হ’ব৷ জুৰণিবাসী প্ৰজাগণে বহু দিন ধৰি বিদেশী শিক্ষক দুজনৰ সাক্ষাৎ পাবলৈ বাট চাই আছে৷ জুৰণিপাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে তাৰ ৰাইজেও বিদেশী অতিথি দুজনৰ জ্ঞানগৰ্ভ কথা শুনিবলৈ পাব৷ এয়ে হৈছে আজি মহাৰাজৰ আদেশ৷

শুনক, শুনক, শুনক...

মলুৱাই গোটেই ৰাজ্যখনতে ঢোল বজাই বজাই মহাৰাজৰ নিৰ্দেশটো শুনালে৷ 

সেইমতেই কামো হ’ল৷ মহামন্ত্ৰী বৃকোদৰ, বগলী পণ্ডিত আৰু তিনিজন সন্মানীয় সেউজপুৰীয়াই বুঢ়া বিদেশী শিক্ষকজনক জুৰণিপাৰৰ ফালে ফুৰাবলৈ লৈ গ’ল৷ জেক বোলা বিদেশী মাষ্টৰটো যে সেইদিনা কাষৰ হাবিখনলৈ ফুৰিবলৈ যাব সেই খবৰটো আগতীয়াকৈ চোৰাংচোৱাই দিছিলেই৷ গতিকে কামটো তেনেই সহজ হৈ পৰিল৷ 

ইপিনে বাটলুৰ নেতৃত্বত এটা দলে বিদেশীৰ কবলত পৰি বিপ্লৱৰ পাঠ লোৱা সেউজপুৰীয়াসকলক বুজনি দিবলৈ বুলি অতিথিশালা পালেগৈ৷ বহু বুদ্ধি-সন্ধি কৰাৰ অন্ততহে তেওঁলোকে বিদ্ৰোহী সেউজপুৰীয়াসকলক মহাৰাজ বা আন সভাসদসকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ মান্তি কৰাবলৈ সক্ষম হ’ল৷

প্ৰথমে ভোলা নামৰ শৰণাৰ্থী গাহৰিটো জাঙুৰ খায়েই উঠিছিল— ‘‘কি কাৰণত আমি সেউজপুৰৰ সভাসদৰ সৈতে আলোচনা কৰিবলৈ যাম? আমি কিবা অপৰাধী নেকি যে তেওঁলোকে আমাক তলব কৰি মতাই নিব? আমি ৰাজ্যৰ অপকাৰ হ’ব পৰা কিবা কৰিছোঁ নেকি? আমি কেৱল আমাৰ একে গোত্ৰৰ হোৱা কাৰণে, একে জ্ঞাতিৰ হোৱা কাৰণে বিদেশী পণ্ডিত দুজনৰ পৰা দুটা কথা সৰহকৈ শিকিবলৈ যত্ন কৰিছোঁ যাতে তাৰ দ্বাৰা আমাৰ সেউজপুৰ ৰাজ্যখনৰ কিবা এটা উপকাৰ হয়৷ তদুপৰি জ্ঞান লাভ কৰি বা শক্তিশালী হৈ আমি যদি কিবা কাৰণত সেউজপুৰৰ শাসনভাৰ দাবী কৰোঁ, তেন্তে আমি ভাবোঁ, তাত আপোনালোকৰ একো আপত্তি থাকিব নালাগে৷ কাৰণ কেৱল শক্তিৰে ৰাজ্য এখন চলাব নোৱাৰি, তাৰ কাৰণে লাগে বুদ্ধি আৰু জ্ঞান৷ সেয়েহে জ্ঞানীলোকেহে ৰাজ্যৰ শাসনৰ ভাৰ লোৱা উচিত৷

ভোলাৰ কথা শুনি খঙত গেৰেলাৰ মূৰটো জ্বলি উঠিল—

‘‘মনে মনে থাক এইডাল! খাই পাত ফলাৰ সঁচ!’’

: ৰ’বচোন মহাশয়৷ এওঁ কোৱা কথাখিনি বৰ মূল্যৱান৷ – বাটলুৱে কোনোমতে পৰিস্থিতিটো চম্ভালি ল’লে৷ সি জানে, ভোলাক মান্তি কৰাব পাৰিলেই সকলো সহজ হৈ পৰিব৷ কাৰণ ভোলাৰ কথামতেই বাকী প্ৰায় সকলো বিপ্লৱী চলে বুলি চোৰাংচোৱাৰ পৰা জনা গৈছে৷ চকুৰে গেৰেলাক গোপন ইঙ্গিত এটা দি বাটলুৱে কৈ গ’ল–

: আমাৰ ৰাজ্যখন যদি জ্ঞান-বুদ্ধিৰ দিশৰপৰা উচ্ছ স্তৰৰ কোনোবাই শাসন কৰে তেনেহ’লে ৰাজ্যখনৰ বাবেই ভাল হ’ব৷ সি অতিকে আনন্দৰ বিষয় হ’ব৷ সেউজপুৰৰ যশ-খ্যাতি গোটেই পৃথিৱীতে ফাটি-ফুটি যাব৷ আমাৰ পো-পোৱালিহঁতলৈও  বৰ ভাল হ’ব৷ 

এনেদৰে ভালেখিনি পৰ সঁচা-মিছাৰ ভেদ নৰখাকৈ নানান প্ৰকাৰে কথা কৈ ভোলাৰ মনটো কোমলাবলৈ সক্ষম হ’ল বাটলু৷ সি দীঘলীয়া উশাহ এটা ল’লে৷ 

: পিছে আমি যাব লাগিব কেতিয়া, বাটলু মহাশয়? –বাটলুৰ কথা শেষ হোৱাযেন পাই ডেকা গাহৰি কেইবাটায়ো একেলগে সুধিলে৷

: আজিয়েই৷ মানে এতিয়াই৷ 

আচল ঘোষণাটো কৰি বাটলুৰ মনটো পাতল পাতল লাগিল৷ এইষাৰ কথাকে ক’বলৈয়েতো ইমানখিনি আয়োজন৷

: ঠিক আছে বাৰু৷ কিন্তু আমি সকলো ইয়াৰপৰা যাব নোৱাৰিম৷ কেইজনমান ইয়াতে থাকিব লাগিব৷ – দলপতিৰ ভঙ্গীৰে ভোলাই ক’লে, তোমালোকৰ মাজৰ দহ-বাৰজন মোৰ লগত ওলোৱাঁ৷ বগী, কেতু, পেটু, পিপলি তোমালোকো ওলোৱাঁ৷ সাজু হোৱাঁ৷ কিন্তু মনত ৰাখিবা, ইয়াত কেইজনমান থাকিবই লাগিব৷

আচলতে ভোলাই বাটলুকে হওক বা মহাৰাজকে হওক, কোনো সেউজপুৰীয়াকে বিশ্বাস নকৰে৷ সি বিশ্বাস কৰে অকল বিদেশী শিক্ষক দুজনকহে৷ অতিথিশালাত থকা কিতাপ-পত্ৰ, বিপ্লৱৰ গোপন আঁচনিৰ নথি-পত্ৰ আদি ৰজাঘৰীয়াৰ হাতত পৰে বুলিয়েই সি অতিথিশালাটো একেবাৰে শূন্য কৰি যাবলৈ মান্তি নহ’ল৷

তেনেতে হঠাৎ অতিথিশালাৰ বাহিৰত হুলস্থুল শুনা গ’ল৷ ভিতৰত থকা জন্তুসকল পৰিস্থিতিৰ বুজ ল’বলৈ ততাতৈয়াকৈ বাহিৰলৈ ওলাই আহিল৷ বাহিৰৰ ঘটনা দেখিহে সকলোৰে চকু কপালত উঠিল৷

সেনাপতি হিতৰামে বয়সত তেওঁতকৈ সৰু দুটা বাঘক ঢকিয়াই তেনেই আধ্যা পেলালে৷ পৰিস্থিতি দেখি ব্যস্তভাৱে গেৰেলাই আক-তাক সোধা-পোছা কৰিহে জানিব পাৰিলে যে সেই চেঙেলীয়া দুটাও বিপ্লৱীৰ দলত আছিল৷  অতিথিশালাৰ বাহিৰত লুকাই থকা অৱস্থাত গোপনে পহৰা দি থকা সেনাপতিয়ে সিহঁতহালক দেখিলে৷ হিতৰামে লগে লগে সিদ্ধান্তই কৰি পেলালে যে সিহঁতহাল বিপ্লৱী দলৰ ৰিপুৱা৷ লগে লগে সেনাপতি খঙত একো নাই হৈ পৰিল৷ নিজৰ জ্ঞাতিক বিপ্লৱীৰ ৰূপত দেখি সিহঁতক বাঘঢকা একোটা দি তেওঁ অজ্ঞান কৰিয়ে পেলালে৷

খঙত সেনাপতিৰ গাটো কঁপি আছিল৷ মনে মনে তেওঁ চেঙেলীয়া দুটাক গালি পাৰি আছিল –

: বাঘৰ পোৱালি হৈ তহঁতে গাহৰিৰ কথাত উঠা-বহা কৰ৷ লাজ নাই? চৰম নাই? তহঁতৰ  বাঘৰ কলিজা দুটা উলিয়াই গাহৰিৰ কলিজা লগাই ল’বিহঁক৷ গাহৰিৰ তলতীয়া হোৱা বাঘ হৈ জীয়াই থকাতকৈ তহঁত মৰি নাযাৱ কেলেই?

পিছে সেনাপতিৰ কথা শুনিবলৈ সিহঁতহালৰ গাত তেতিয়া হুঁচ নাছিল৷ 

বাটলুৱে গেৰেলাৰ সৈতে গোপন চকুৰে কথা পাতি ইফালে সিফালে চালে৷ ভাগ্য ভাল যে সেনাপতিৰ লগত আহি গোপনে অতিথিশালাৰ ওপৰত চকু ৰখা বাঘসেনাৰ দলটোৰ এজনো তাত নাছিল৷ লুকাই থাকিবলৈ তেওঁলোকক দিয়া নিৰ্দেশ তেওঁলোকে আখৰে আখৰে পালন কৰা দেখি বাটলুৱে স্বস্তিৰ নিশ্বাস পেলালে৷ সেনাপতিৰ দৰে উত্তেজিত হৈ তেওঁলোকো ওলাই অহাহ’লে পৰিস্থিতি ভয়াৱহ হৈ পৰিলহেঁতেন৷

হঠাতে কিনো হৈ গ’ল ভোলা বা সিহঁতৰ বিপ্লৱী দলটোৱেও একো তলকিবই নোৱাৰিলে৷ বাটলুকে ধৰি ৰজাৰ নিৰ্দেশ লৈ অহা দলটোক দেখি প্ৰথমেই বিপ্লৱী দলৰ কেইবাজনো সদস্য পলাই পত্ৰং দিছিল৷ হিতৰামে সেইকেইজনক আলেঙে আলেঙে লক্ষ্য কৰি আছিল৷ লাহে লাহে ওচৰ চাপি গৈ তেওঁ হঠাতে দুইটাৰে সম্‌ুখত ওলালগৈ৷ দুইটা বেঙেমূতা গৰুৰ নিচিনাকৈ কঁপিবলৈ ধৰিলে৷ হিতৰামে চিনি পালে দুয়োকে– তেওঁৰে দূৰ সম্বন্ধীয় ভতিজাক সেইদুটা৷ 

: তহঁতে কি কৰিছ ইয়াত? –  সিহঁত এটায়ো  হিতৰামৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে৷ ভয়তে দুইটাৰে অণ্ঠ-কণ্ঠ শুকাই গ’ল৷ তথাপি এটাই মৰসাহ কৰি ক’লে–

: আমি একো ভুল কৰা নাই৷ আমাক কেলেই সুধিছে?

আও ! ইহঁতৰ সাহসটো চোৱাঁ৷ বিপ্লৱৰ পাঠ লৈয়ে ইহঁতে এনেকৈ কথা ক’বলৈকো শিকিছে তেন্তে৷ – খৰকৈ চিন্তা কৰিলে হিতৰামে৷ তেওঁৰ মূৰৰ ভিতৰৰ ঘিঁউখিনি উতলি উঠিল৷ লগে লগে দুইটাকে একোটা পূৰ্ণহতীয়া বাঘঢকা সোধাই দিলে তেওঁ৷ চিঞৰত গগন ফালি দুইটাই গছ-গছনি মহতিয়াই মুকলিলৈ ওলাই আহি অচেতন হৈ পৰিল৷ 

যি হওক, পৰিস্থিতিটো কোনোমতে শান্ত আৰু স্বাভাৱিক হৈ উঠিল৷ থোলোক নামৰ হাতীটোক ছটছটীয়ে ক’ৰপৰা জানো মাতি আনিলেগৈ৷ থোলোকে বাঘদুটাৰ মূৰত কলহৰ কাণেৰে ঢলাৰ লেখিয়াকৈ পানী ঢালি দিলে৷ লাহে লাহে দুইটাই চকু মেলিলে৷

—-     —-     —-     —-    —-     —-

আলোচনা সুকলমে হৈ গ’ল৷ কোনেও বিশেষ উচ্ছ-বাচ্য নকৰিলে৷ অৱশ্যে বিপ্লৱী দলৰ জন্তুসকল উত্তেজিত হ’বলগীয়া কোনো কথা সভাসদসকলে কোৱাও নাছিল৷ অতি চতুৰালিৰে সভাসদসকলে কৈছিল সেউজপুৰৰ পৰম্পৰাৰ বিষয়ে, প্ৰজাসকলৰ মাজত থকা মৰম-চেনেহ, শান্তি-শৃঙ্খলা, ভাতৃত্ববোধ-সহনশীলতা আদিৰ বিষয়েহে৷

বহুকেইজন বিপ্লৱীৰ মন যে আলোচনাস্থলীতে সলনি হ’ল সেইটো ধৰিব পৰা গ’ল৷ তেওঁলোকে কিজানি নিজৰ ৰাজ্য আৰু আত্মীয়সকলৰ বিৰুদ্ধে যাব খোজাৰ ভয়াৱহতা আৰু অপকাৰিতা সম্পৰ্কে সজাগ হৈ উঠিল৷ কাৰোবাৰ প্ৰৰোচনাই যে আন কাৰোবাক বিপথে পৰিচালিত কৰিব পাৰে আৰু তেনে কৰিবলৈ সুবিধা যে দিব নালাগে সেই কথাও বহুতে বুজি উঠিলে৷ অৱশ্যে ভোলাকে ধৰি কেইবাজনৰো মন মুকলি হোৱা যেন নালাগিল৷ তথাপি সিহঁতেও কোনো অসহযোগিতা নকৰিলে৷ 

আলোচনা শেষ হোৱাৰ লগে লগে বিপ্লৱীসকলে বিদায় ল’লে৷ সভাসদসকলে উশাহটো সলাইছিলহে মাথোন, তেনেতে হঠাৎ অতিথিশালাৰ ফালে কিবা গোলমাল হোৱা বুলি তপত খবৰ দিলেহি ছট্‌ছটীয়ে–

: মহাৰাজৰ জয় হওক৷ আমাৰ অতিথিশালাৰ পৰিৱেশ বৰ ভাল নহয়৷ জেক বোলা মাষ্টৰজন আমাৰ কাষৰীয়া ৰাজ্যৰপৰা ঘূৰি আহিয়েই তাত কিবা উৎপাতখন কৰি আছে৷ আমাৰ কেইবাজনো আত্মীয় প্ৰজা অতিথিশালাৰপৰা পলাই আহিছে৷ সোনকালে কিবা এটা ব্যৱস্থা হাতত নল’লে পৰিস্থিতি আৰু বেয়ালৈ যাব পাৰে…

: ছট্‌ছটীৰ কথা শুনি আটায়ে চিন্তিত হৈ উঠিল৷ কি কৰা উচিত সেইটো চিন্তা কৰাতকৈও তাতনো কি হৈছে সেইটো খবৰ স্পষ্টকৈ নোপোৱাতহে বাটলুৰ মনটো হতাশাই হেঁচা মাৰি ধৰিলে৷ সি ক’লে–

: এতিয়া চিন্তা কৰি লাভ নাই মহাৰাজ৷ মিছাতে সময় নষ্ট কৰাতকৈ আমি আটায়ে অতিথিশালালৈ যোৱাই ভাল হ’ব বোধহয়৷ নে কি কয় সভাসদসকল?

কথা শেষ কৰি বাটলুৱে আটাইৰে মুখকেইখন এফালৰপৰা চাই গ’ল৷ এজন এজনকৈ সকলো উঠিল আৰু যাবলৈ সাজু হ’ল৷ তেনে সময়তে গেৰেলাই অতিথিশালাত নিয়োগ কৰা চোৰাংচোৱা ঘোটোং আৰু পোটোকা নামৰ গাহৰিদুজন ফোঁপাই-জোপাই আহি সেইখিনি পালেহি৷

: তহঁত? – গেৰেলাৰ প্ৰশ্নত সকলো আচৰিত হ’ল৷ সকলোৱে অভ্যাগত দুজনলৈ চালে৷

: মহাৰাজ, এওঁলোক দুজনকে মই অতিথিশালাত চোৰাংচোৱা হিচাপে ৰাখিছিলোঁ৷ এতিয়া নি(য় এওঁলোকে আমাক তাৰ কিবা ভিতৰুৱা খবৰ দিব৷ – গেৰেলাই এইবাৰ ঘোটোংহঁতৰ ফালে চাই ক’লে–

: হেৰৌ, সময় নষ্ট নকৰিবিহঁক৷ অতিথিশালাত নো কি হৈছে বেগতে ক৷ 

গেৰেলাৰ নিৰ্দেশ পাই পোটোকা বোলাজনে নম্ৰভাৱে ক’বলৈ আৰম্ভ কৰিলে–

: মহাৰাজকে প্ৰমুখ্য কৰি আপোনালোক সকলোকে প্ৰণাম৷ আলোচনাৰ উদ্দেশ্যে ইয়ালৈ অহা বিপ্লৱীৰ দলটো গৈ পোৱাৰ অলপ পাছতে জেক মাষ্টৰ আহি পালেহি৷ আহি পোৱাৰ লগে লগে জেক মাষ্টৰে তহঁত ৰজাৰ ঘৰলৈ কিয় গৈছিলি, কি কি কথা আলোচনা কৰিলি, বুঢ়া ক’লৈ গ’ল আদি কথা সুধি ঘমঘণ্ট লগাই দিলে৷ মহাৰাজে বুঢ়া মাষ্টৰক বুদ্ধি কৰি আঁতৰাই তাৰ ভৰিচেলেকাৰ সঁচ বিপ্লৱীসোপাক কিবা ষড়যন্ত্ৰ কৰি নিজৰ ফলীয়া কৰিবলৈ যত্ন কৰা বুলি সি গোলমাল লগাই আছে৷ কেইবাটাকো শাৰীৰিকভাৱেও আঘাত কৰিছে মহাৰাজ৷

: মহাৰাজ, – এইবাৰ ঘোটোঙে ক’বলৈ ধৰিলে– মন কৰিলোঁ, তাত ভোলা বোলাটো নাছিল৷ সম্ভৱতঃ জেক মাষ্টৰ অহাৰ বাটতে সি গৈ মাষ্টৰক চব কথা লগাই দিলেগৈ…৷

: হয়, নিশ্চিতভাৱে এইটো ভোলাৰে কাম হ’ব৷ ইমান বিশ্বাসঘাতক লোকো সেউজপুৰতে আছিলনে? – হিতৰামে ক’লে৷

মহাৰাজ কেশৰীয়ে খুব অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে৷ হাঁহিটো গোটেই মুখমণ্ডললৈ বিয়পাই দি তেওঁ ক’লে–

: বিদেশীদুটাৰ কবলৰপৰা মোৰ প্ৰজাকেইটাক মোৰ ফলীয়া কৰিবলৈ মই কিবা ষড়যন্ত্ৰ কৰিব লাগিব? বাঃ কি সুন্দৰ বিশ্লেষণ৷ মই বৰ ডাঙৰ ভুল কৰিলোঁ৷ বিদেশী বুলিয়েই সিহঁতক ভাল জন্তু বুলি ভাবি মই বৰ ডাঙৰ ভুল কৰিলোঁ৷

: তেনেকৈ নক’ব মহাৰাজ৷ জীৱই ভুল কৰেই৷ প্ৰতিটো ভুলেই আমাৰ কাৰণে একোজন ভাল শিক্ষক৷ নহয়নে বাৰু সভাসদসকল?– বাটলুৱে সুধিলে৷ 

: হয়৷ পিছে বিদেশী মাষ্টৰটোক বাটতে কথা লগোৱাটো কোন? তাৰ স্বাৰ্থ কি? – বৃকোদৰে সুধিলে৷

: ভোলাই হ’ব, কাৰণ সি ক্ষমতাৰ লোভত পৰিছে৷ যিয়েই নহওক, বিদেশী মাষ্টৰহঁতে তাক উচ্ছ পদৱীৰ লোভ দেখুৱাইছে৷ সিহঁতহালে নি(য় আমাৰ বহুতকে তেনে টোপ দিছে৷ অৱশ্যে বিপ্লৱীজাকৰ বহুতেই বুজি পাইছে যে সিহঁতক দেখুউৱা সপোনবোৰ মিছা৷ সেইকাৰণে বিপ্লৱত যোগ দিয়া কেইবাজনো সেউজপুৰীয়াই ইতিমধ্যে কৈছেই যে বিপ্লৱ-চিপ্লৱ কৰি একো লাভ নাই, সেউজপুৰত মহাৰাজ কেশৰীৰ স্থান কোনেও ল’ব নোৱাৰে৷ এই ভোলা বোলা মূৰ্খটো উগ্ৰ আৰু কপটীয়া৷ সি ৰজাহে নালাগে ৰাজসভাত স্থান পাবৰে যোগ্য নহয়৷ পিছে সি দিবাস্বপ্ন দেখিছে৷ – গেৰেলাই কৈ গ’ল৷

: হয় মহাৰাজ৷ – এইবাৰ ঘোটোঙে আকৌ মুখ মেলিলে– তাত কি হ’ল শুনকচোন৷

: ক ক৷ কৈ যা৷

: জেক বোলা মাষ্টৰটো আহি পোৱাৰ অলপ পাছতেই উগ্ৰ মূৰ্তি ধৰি ভোলাও আহি অতিথিশালা পাইছিলহি৷ বিদেশী মাষ্টৰৰ তৰ্জন-গৰ্জনত ভয়তে কঁপি থকা বিপ্লৱীকেইটাই তাক দেখি সাহস পাই ক’লে বোলে বিপ্লৱীৰ দলত মহামন্ত্ৰী বৃকোদৰ, সেনাপতি হিতৰাম, সভাপণ্ডিত বগলী, সকলো অনৰ্থকে নিয়ন্ত্ৰণ কৰিব পৰা বাটলু ডাঙৰীয়া আদিৰ দৰে ব্যক্তিত্ব আৰু প্ৰতিভা থকা লোক নাই৷ গতিকে ভোলাকে ধৰি সকলো সেউজপুৰীয়াই বিপ্লৱৰ পথ ত্যাগ কৰিব লাগে৷ কথাষাৰ শেষ কৰিবলৈ পালে কি নাপালে, সিহঁতৰ মাজত দবৰাদবৰি আৰম্ভই হৈ গ’ল৷ সুবিধা বুজি আমিদুটা যেনিবা ততাতৈয়াকৈ পলাই পোনে পোনে ইয়ালৈকে গুচি আহিলোঁ৷

: ভাল কৰিলি৷ বৰ ভাল কৰিলি৷ এতিয়া কি কৰিব পাৰি চিন্তা কৰক আপোনালোকে৷ – মহাৰাজে ক’লে৷

: মহাৰাজ, পলম নকৰাই ভাল হ’ব নেকি ! কাৰণ সিহঁতৰ দলৰ সৰহ সংখ্যকেই উগ্ৰ প্ৰকৃতিৰ৷ তদুপৰি বিভিন্ন যুদ্ধকৌশলো সিহঁতে শিকিছে৷ তেনে নতুন কৌশলেৰে যদি ইটোৱে সিটোক আক্ৰমণ কৰিবলৈ হয় তেনেহ’লে পৰিস্থিতি হঠাতে বেয়ালৈ গুচি যাব৷ –পোটোকা বোলা গাহৰিজনে বিনীতভাৱে কৈ আটাইলৈকে চালে৷

হঠাৎ কিছুমান বিকট চিঞৰ-বাখৰ শুনা গ’ল৷ উপস্থিত সকলো সন্ত্ৰস্ত হৈ উঠিল৷ একে সময়তে ছট্‌ছটী উধাতু খাই উৰি আহি ওপৰাউপৰিকৈ কিবাকিবি ক’বলৈ ধৰিলে–

: অৱস্থা একেবাৰে বেয়া মহাৰাজ৷ হতাহতি হৈছে৷ খুন্দিয়া খুন্দি, বগৰা-বগৰি হৈ গোটেইখন যুদ্ধক্ষেত্ৰ৷ কোঢ়াল কৰিছে খুব৷ কাৰো মাত কোনেও নুশুনে৷ সিহঁতে নিজৰ মাজতে লাগি আছে৷ বহুতৰ তেজো ওলাইছে৷ পেট ফাটিছে, নাক ফাটিছে, ঘা লাগিছে৷ বুঢ়া মাষ্টৰো আহি পালেহি৷ বুঢ়াই বুজাইছে৷ কিন্তু কাকো ৰাখিব পৰা নাই৷ মহাৰাজ ! মহাৰাজ !

মহাৰাজে একোকে নক’লে৷ ক’বলগীয়া নাছিলেই৷ কোনেও কাকো একো সুধিবও নুখুজিলে৷ মহাৰাজ ক্ৰমে ক্ৰমে অতিথিশালাৰ ফালে আগ বাঢ়িল৷ পিছে পিছে বাকীসকলৰ সভাসদো গ’ল৷ বাটলুক বৃকোদৰে মূৰৰ ওপৰলৈ উঠাই ল’লে৷ সি বৃকোদৰৰ কাণৰ খোপটোতে সোমাই ভালকৈ ধৰি ল’লে৷

গৈ থাকোঁতে আটায়ে ক্ৰমে ক্ৰমে হুলস্থুল বেছি হৈ অহা শুনিবলৈ পালে৷ অতিথিশালাৰ ওচৰ পাই সকলোৰে চকু কপালত উঠিল৷ কেইবাজনো সেউজপুৰীয়াক বননিত পৰি তেজে তুমৰলি হৈ কেঁকাই থকা দেখা গ’ল৷ বাকীবোৰৰ ভিতৰত কোনোবাই কাৰোবাক বগৰাই হেঁচা মাৰি ধৰিছে, আন কোনোবাই কাৰোবাক হাতোৰাৰে আঁকুহিছে৷ কোনোবাজনে কাৰোবাক মূৰেৰেই খুন্দিয়াইছে, আন একোজনে আকৌ আন এজনক দাঁতেৰে কামুৰিছে৷ 

প্ৰজাসকলৰ তেনে আচৰণ দেখি মহাৰাজ কেশৰীৰ বুকুখন বিষাই উঠিল৷ তেওঁ গোজৰণি এটা মাৰি চিঞৰি উঠিল–

: ক্ষান্ত হোৱাঁ৷ মই সেউজপুৰৰ ৰজা কেশৰীয়ে আদেশ দিছোঁ৷ সকলো ক্ষান্ত হোৱাঁ৷ মনত ৰাখিবা, সেউজপুৰত এতিয়াও মহাৰাজ কেশৰী জীয়াই আছে৷

মহাৰাজৰ গোজৰণি আৰু কথাখিনি শেষ হোৱাৰ লগে লগে হিতৰাম আৰু তেওঁৰ বাঘসেনাসকলেও একে সময়তে গুজৰি উঠিল৷ বাঘসেনাৰ প্ৰচণ্ড গোজৰণিত সকলোপিনে স্তব্ধ হৈ পৰিল৷ 

মহাৰাজৰ চকুহালে যেন জুইহে বৰষিব এতিয়া৷

তাৰ মাজতো কেইবাজনো বিপ্লৱী সেউজপুৰীয়াই সৰু সৰুকৈ তৰ্কাতৰ্কিত লিপ্ত হৈয়ে আছিল৷ মহামন্ত্ৰী বৃকোদৰৰ ইঙ্গিতত দুজনমান বাঘসেনাই সেইকেইজনক ঘেৰি ধৰিলে৷ তেহে বিপ্লৱীকেইজন শান্ত হ’ল৷ 

দুয়োটা দল মুখামুখীকৈ থিয় হ’ল৷ মহাৰাজ কেশৰীয়ে গুৰুগম্ভীৰ স্বৰেৰে ঘোষণা কৰিলে–

: মই সেউজপুৰৰ ৰজা কেশৰীয়ে দুয়োজন বিদেশী অতিথিকে মোৰ সম্মুখলৈ আহিবলৈ আদেশ দিছোঁ৷ 

মহামন্ত্ৰীৰ চকুলৈ চাই মহাৰাজে বিশেষ ইঙ্গিত এটা দিলে৷ 

মহামন্ত্ৰীয়ে মহাৰাজৰ ইঙ্গিত পায়েই হিতৰামক সাৱধান হ’বলৈ সঙ্কেত দিলে যাতে অতিথি দুজনৰ অপমান হোৱা ধৰণৰ কোনো কাম সেনাপতি বা  বাঘসেনাৰ দ্বাৰা কৰা নহয়৷ সেউজপুৰৰ সকলোৱে অতিথিক দেৱতাৰ দৰে সম্মান কৰে৷ ৰাজ্যখনৰ এই সুনাম আৰু গৰিমা কোনো কাৰণতে কমিবলৈ বা নোহোৱা হ’বলৈ দিব নোৱাৰি৷

ইতিমধ্যে ছটছটীয়ে থোলোক নামৰ হাতীজনক আকৌ এবাৰ মাতি আনি আহত জন্তুকেইজনৰ মূৰত পানী দিয়াই সুস্থ কৰি তুলিবলৈ যত্ন কৰিলে৷ মলুৱাই তেওঁৰ লগৰে কেইবাজনো বান্দৰক আনি আহতসকলৰ ঘাবোৰত বন-পাতেৰে প্ৰস্তুত কৰা দৰব সানিবলৈ লাগি গ’ল৷ বিপ্লৱী দলৰ কোনেও কাকো কোনো প্ৰকাৰে সহায়-সাৰথি কৰিবলৈ আগ বাঢ়ি নাহিল৷

: সেউজপুৰৰ মাননীয় অতিথিদ্বয় ! – বিপ্লৱী দলৰ প্ৰথম শাৰীত আহি থিয় হোৱা বিদেশী গাহৰি দুজনক উদ্দেশ্য কৰি মহাৰাজে ক’বলৈ ধৰিলে– 

: আপোনালোক দুয়োকে সেউজপুৰৰ ফালৰপৰা আকৌ এবাৰ শ্ৰদ্ধা নিৱেদন কৰিছোঁ৷ আশা কৰোঁ, আমাৰ ইয়াত আপোনালোকে একো অসুবিধা পোৱা নাই৷ আপোনালোক আমাৰ কৃতজ্ঞতাৰ পাত্ৰ কাৰণ আপোনালোকৰ পৰা আমাৰ প্ৰজাসকলে অনেক নতুন কথা শিকিলে৷ অতি কষ্টৰে সাত সাগৰ তেৰ নদী পাৰ হৈ আহি আপোনালোকে আমাৰ প্ৰজাসকলক প্ৰায় সকলো ধৰণৰ শিক্ষাৰে শিক্ষিত কৰি তুলিলে৷ এই সময়ত ধন্যবাদ আৰু কৃতজ্ঞতাৰ বাহিৰে আপোনালোকক দিবলৈ আমাৰ আচলতে একোৱেই নাই৷

সেনাপতি হিতৰামকে ধৰি বহুকেইজন সেউজপুৰীয়া মহাৰাজৰ আচৰণ দেখি আৰু কথা-বতৰা শুনি আচৰিতেই হ’ল৷ এইদুটা বিদেশীৰ কাৰণেই আজি সেউজপুৰৰ এনেখন বিপদ হৈছে, অথচ আমাৰ মহাৰাজে দেখোন বিনম্ৰ সুৰত সিহঁতক কৃতজ্ঞতাহে জনাইছে ! – মহাৰাজৰ কথাৰ তাৎপৰ্য বুজিবলৈ যত্ন কৰিও বিফল হ’ল হিতৰাম৷

বৃকোদৰৰ কাণৰ খোপত বহি থকা বাটলুৱে হিতৰামৰ চিন্তিত মুখখন দেখি খুব ৰস পালে৷

                                                (অহা সংখ্যালৈ বাট চোৱাঁ৷)

Visited 3 times, 1 visit(s) today
Website |  + posts
Close