Written by sdblogs2011 4:47 am Poems

সিহঁত নাহিলেও বসন্ত আহিব!

 মানস প্ৰতিম দত্ত

পথবোৰ পকী হ’ল

মনবোৰ ধনী

পথবোৰ বহল হ’ল

মনবোৰ?

গছবোৰ থকা হ’লে

পাতবোৰ সৰিলহেঁতেন

পাত সাৰিবলৈ মানুহ লাগে

এতিয়া সাৰিবলৈ পাত নাই

বসন্তৰ বতাহজাকৰ খবৰ দিবলৈ সিহঁতৰ

কিচিৰ-মিচিৰ চিৰিক-চিৰিক মাতবোৰ নাই

সিহঁত নহ’লেও অতি বেঙুনীয়া ৰশ্মিত জিলিকা

বসন্ত আহিছে

বসন্ত আহিব

শুকান বসন্তৰ চিৰাল ফাট বৈচিত্ৰ্য দেখা

মনত নপৰিবও পাৰে!

Visited 4 times, 1 visit(s) today
Website |  + posts
Close