Written by sdblogs2011 11:32 am Articles

সিপাৰে যমুনাৰ …

আকাশ দীপ্ত ঠাকুৰ

(৯)

দোকানৰ ভিতৰৰপৰা বাহিৰখনৰ কিছু অংশলৈকে সাৰি জাবৰবোৰ বাহিৰলৈ বাটৰ কাষলৈ উলিয়াই থোৱা ভঙা প্লাষ্টিকৰ বাল্টিটোত পেলাই দিয়াৰ পাছতে নীলাঞ্জনাই সময়টো মন কৰিছিল৷ সাত বাজি গ’ল৷ লৰালৰিকৈ তাই ভিতৰৰ ফালে আহি বাহী ঘৰটো এফালৰপৰা সাৰিবলৈ আৰম্ভ কৰি দিলে৷ পিছফালৰ সেই বাৰাণ্ডাৰ দৰে ঠাইখিনিতে জাবৰবোৰ এঠাইলৈ গোটাই লৈ ভৰি মোচাখন ঝাড়ুডালেৰে জোকাৰিবলৈ লওঁতেই ফোনটো বাজিছিল৷ বেৰতে শোটাটো আঁউজাই থৈ তাই ফোনটোৰ ওচৰলৈ আহি আচৰিত হৈ গৈছিল–ইমান পুৱাতে মাতোবাই কিয় ফোন কৰিলে বাৰু?

সেই কাহানিবাই…হয়, নীলাঞ্জনাৰ মনত আছে, তাইৰ চূড়ান্ত পৰীক্ষা শেষ হোৱাৰ ঠিক আগে আগে অৰ্চনাই এদিন তাইলৈ ফোন কৰি এটা খবৰ দিছিল–পৰাগৰ যোৰহাটলৈ ট্ৰেন্সফাৰ হৈছে৷ সেই মুহূৰ্ততে নীলাঞ্জনাৰ মনটোৱে হাহাকাৰ কৰি উঠিছিল৷ ইমান দিনৰ পাছত হ’লেও এবাৰ…তাই বায়েকক দেখা পাব– “তহঁতি ইয়ালৈ গুচি আহিবি! সঁচাকৈনে মাতোবা?”

সিফালৰপৰা অৰ্চনাই তেতিয়া কিন্তু ঠিক সিমানখিনি উৎসাহেৰে কথাটোত সঁহাৰি দিব বিচৰা নাছিল যেনেই তাইৰ ভাব হৈছিল–“ট্ৰেন্সফাৰ হ’লেতো যাবই লাগিব৷ মোৰ কিন্তু মনটো সিমান ভাল লাগি থকা নাই জাননে?”

নীলাঞ্জনাৰ অনুভৱ হৈছিল অৰ্চনাই যেন বহুত বিমৰ্ষ মনেৰে কথাটো কৈছিল৷ –“কিয়? কি হৈছে তোৰ কচোন মাতোবা৷” আৰু অৰ্চনাই তাইক তেতিয়াই সকলো কথা বিৱৰি কৈছিল৷ পৰাগৰ হেনো যোৰহাটলৈ উভতি আহিবলৈ সমূলি মন নাছিল৷ নিজৰ ঘৰৰ মানুহে এদিন তাক তেনেকৈ এৰোঁ বুলিয়ে এৰি পেলালে; যোৰহাটত আহি চাকৰি কৰিলে পুনৰ সেই ঘৰুৱা মানুহবোৰকেই ক’ৰবাত নহয় ক’ৰবাত লগ পোৱাৰ সম্ভাৱনা থাকিব৷ সৰু চহৰ, সদায়তো মুখ লুকুৱাই চলি থাকিব নোৱাৰে৷ এদিন নহয় এদিন সেইবোৰ আত্মীয়ৰপৰা পাব পৰা অহৈতুকী অপমানৰ সন্মুখীন হ’বই লাগিব৷ তদুপৰি…৷

“তদুপৰি কি…ক আকৌ? ”–অৰ্চনা কেইটামান মুহূৰ্তলৈ মনে মনে থকা দেখি নীলাঞ্জনা অধৈৰ্য হৈ পৰিছিল৷

“মানে পৰাগদাই আমাৰ ঘৰখনৰ সৈতেও…মানে কাৰো সৈতে বৰ্তমান সম্পৰ্ক ৰাখিব বিচৰা নাই৷” অৰ্চনাই কিছু থেৰোঁ-গেৰোঁ কৰি কোৱা কথাষাৰ শুনি নীলাঞ্জনা অলপ সময়লৈ হতবাক হৈ ৰৈ গৈছিল৷ তাই একো নমতা দেখি অৰ্চনাই সিফালৰপৰা হেল্ল’ হেল্ল’ কৰিছিল৷ নীলাঞ্জনাৰ পুনৰ কথা পাতিবলৈ মন নোযোৱা হৈ গৈছিল৷

“তহঁতি বাৰু আগতে আহি লচোন৷ তেওঁ নিবিচাৰিলেনো আমি কিয় সম্পৰ্ক ৰাখিবলৈ যাম; তহঁতি সদায় ভালে থকাটোহে আমি বিচাৰোঁ৷”– ফোনটো কাটি দি নীলাঞ্জনাই সেইদিনা বহুত সময় বিছনাতে জঠৰ হৈ মনে মনে বহি ৰৈছিল৷ পৰাগে সিহঁতৰ সৈতে সম্পৰ্ক ৰাখিব নিবিচাৰে; সিহঁত মানে কোন…? তাই, মাক আৰু দেউতাক৷ অৰ্থাৎ তেওঁ সেই এজনী মানুহৰ সৈতে সম্পৰ্ক ৰাখিব বিচৰা নাই, যি অৰ্চনাক এদিন জন্ম দিছিল৷ সেইজন মানুহৰ সৈতে সম্পৰ্ক নাৰাখে, যি অৰ্চনাৰ দেউতাক নহয় যদিও নিজৰ দেউতাকতকৈ বেছি মৰমেৰে তাইক এদিন স্কুললৈ অনা-নিয়া কৰিছিল৷ মনে মনে অৰ্চনা গুচি যোৱাৰ পাছত সেইজন মানুহে নিজৰ অন্তৰখনক বুজাব পৰা নাছিল৷ আৰু তাই নিজে…? কিমান আপোন আছিল তাইৰ বাবে মাতোবা, পৰাগক কেনেকৈ বুজাব তাই? কিমান বুজাব? আজন্ম আপোন এটা সম্পৰ্কৰ জোৰ কিমান হ’ব পাৰে, মাথোঁ কেইবছৰমানৰ ভিতৰতে গঢ় লৈ উঠা আন এটি সম্পৰ্কক কিদৰে বুজাব তাই! আৰু…আৰু পৰাগে যে ভাবি ল’লে অৰ্চনাৰ ঘৰখনৰ সৈতে তেওঁ সম্পৰ্ক ৰাখিব নিবিচাৰে – তাৰ প্ৰকৃত কাৰণ কি হ’ব পাৰে? অৰ্চনাক যদি তেওঁ বোকাৰ পদুম বুলি ভাবি ল’লে; তেন্তে তেৱোঁ জনা উচিত যে বোকা নহ’লে পদুম ফুলিবও নোৱাৰে৷ বোকাইহে প্ৰস্ফুটিত কৰাব পাৰে প্ৰকৃত সৌন্দৰ্যৰে ভৰপূৰ এপাহি পদুমক৷ বোকাত লেটি নলওঁ বুলি হাকুটি লগাই আঁজুৰি নিয়া পদুমপাহতো বোকাৰেই চিটিকণি ৰৈ যাব পাৰে! যি কাৰণতেই নহওক, অৰ্চনাৰ ঘৰখনে হয়তো সিহঁতক আপোন বুলি ভাবিলেহেঁতেন; কিন্তু পৰাগে সেইধৰণৰ মনোবৃত্তিকে মনৰ মাজত ৰাখি থৈ নিজকে সিহঁতৰ নিজৰ ঘৰৰ মানুহবোৰৰ সৈতে একে চৰিত্ৰৰ বুলিহে প্ৰমাণ কৰিলে৷

তাৰ পাছত…আৰু বহুদিনলৈ আৰু অৰ্চনাৰ ফোন অহা নাছিল৷ সেই সময়ত নীলাঞ্জনাই নিজেও ফোন এটা কৰি খবৰ লোৱাৰ কথা ভবা নাছিল৷ যোৰহাটলৈ অহাৰ পাছত অৰ্চনাই পুনৰ এদিন তাইলৈ ফোন কৰিছিল৷  চূড়ান্ত বৰ্ষৰ পৰীক্ষা শেষ কৰি কলেজৰ সৈতে সম্পৰ্ক এৰি দিয়াৰ পাছত ইতিপূৰ্বে নীলাঞ্জনাই মূল চহৰখনৰপৰা কিছু নিলগৰ নতুনকৈ খোলা, গাড়ী বিক্ৰী কৰা আৰু চাৰ্ভিছিং কৰা এখন বিশাল বিপণীত ৰিশ্যেপশ্যনিষ্ট হিচাপে যোগদান কৰিছিল৷ মনৰ পছন্দৰ চাকৰি৷ পুৱা ন বজাৰপৰা গধূলি পাঁচ বজালৈকে তাইৰ ডিউটি৷ একে সময়তে তাই আৰু দুঠাইত ঠিক একে ধৰণৰ চাকৰিৰ সুবিধা পাইছিল৷  অনা-অসমীয়া ব্যক্তি এজনে খোলা এটা বিশাল শ্বপিং কমপ্লেক্সত ঠিক একে ধৰণৰ চাকৰি আৰু ব্যক্তিগত খণ্ডৰ এটা মোবাইল নেটৱৰ্কিং কোম্পানীয়ে খোলা অফিচতো ঠিক একেই চাকৰি৷ প্ৰতিটো চাকৰিৰ সুবিধাৰ বাবে তাইৰ কি যোগ্যতা আছিল, সেই যোগ্যতা ক’ত আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাই বহুত ভালকৈ জানিছিল বাবেই হয়তো সেই চাকৰিকেইটা পাইছিল৷ পিছে বহুত ভাবি-চিন্তি চোৱাৰ পাছত তাই গাড়ী কোম্পানীৰ চাকৰিটোকেই পছন্দ কৰিলে৷ তাৰো বহুত কাৰণ আছে৷ খুব বেছি এবছৰ বা দুবছৰ তাই চাকৰি কৰিব আৰু তাৰ পাছত…৷ যি সুবিধাৰ সন্ধানত তাই ইমান বছৰ প্ৰতীক্ষা কৰিলে, সেই সুবিধা লাভৰ বাবে এইটো চাকৰি সকলোফালৰ পৰাই উপযুক্ত৷ বিলাসী গাড়ী ক্ৰয় কৰিবলৈ অহা গ্ৰাহকবোৰো সাধাৰণতে বিলাসী চৰিত্ৰৰে হয়!

আৰু… প্ৰতিদিনে পুৱা যিদৰে লৰালৰি হয়, সেইদৰেই তাই লৰালৰিকৈ ঘৰটো সাৰি উঠি গা ধুবলৈ যাম বুলি ভাবোঁতেই সেয়া ফোনটো বাজিল৷ তাইৰ বাবে পুৱাৰ ভাগৰ প্ৰতিটো মুহূৰ্তৰে মূল্য আছে৷ আঠ বজালৈ গা ধুই উঠে মানে প্ৰভাই লৰালৰিকৈ জলপান দুটামান যতনাই দিব পাৰে৷ ডেৰ বজাৰপৰা সিহঁতৰ এঘণ্টাৰ বাবে লান্স ব্ৰেক থাকে৷ বাহিৰত কোনোবা ৰেষ্টোঁৰাত কাৰোবাৰ সৈতে একেলগে কিবা এটা খাবলৈ যাব পৰাৰ সুবিধাবোৰো সময়ে সময়ে ওলায়৷ ঘৰলৈ আহি বাঢ়ি থোৱা ভাতকেইটাও তাই লৰালৰিকৈ কেতিয়াবা খাই যাবহি পাৰে৷ কৰ্মস্থলীৰপৰা ঘৰলৈকে সেই তিনি কিলোমিটাৰ পথ অহা-যোৱা কৰিবলৈ বুলি মটৰ চাইকেল এখনত উঠি আহিবপৰাৰ সুবিধা মিলাব পাৰিলে তাই আহে৷ কেতিয়াবা উপযাচি গ্ৰহণ কৰা সেই সুবিধাকে আকৌ স্থায়ী কৰি পেলাবলৈও মাজে মাজে দুই-এজন বুৰ্বক ওলাব খোজে৷ তাই পিছে প্ৰশ্ৰয় নিদিয়ে৷ আচৰিত হৈছিল তাই এটা কথাতেই যে এইখন ঘৰৰে দুটি সত্তা–তাইৰ মাক আৰু দেউতাক–দুয়ো ইমান নিৰ্বিকাৰ হৈ পৰিল কেনেকৈ? এইযে একেলগে একে ধৰণৰ চাকৰি কৰা মনোজ অথবা অৰ্ণৱৰ সৈতে তাই মটৰচাইকেলৰ পিছত উঠি মাহটোৰ ভিতৰত কমেও দহবাৰ ঘৰতে ভাতকেইটা খাই পুনৰ মোবাইলেৰে খবৰ দি আকৌ সিহঁত কোনোবা এটাৰ সৈতেই কৰ্মস্থলী পায়গৈ; সেই কথাবোৰ মাক-দেউতাকে নাজানেনে? অনবৰত শেন চকু ৰাখিব খোজা মানুহজনীয়ে ভাবি ল’লে নেকি–এজনী গ’ল যেতিয়া তয়ো যা৷ এই বোজা আৰু আমি বহন কৰি যাবলৈ অপাৰগ৷ তেনেকৈ তাই যাওক বা নাযাওক, এদিন এইখন ঘৰ তায়ো যে এৰিব সেয়া খাটাং৷ কেনেকৈ এৰিব সেয়া সময়ে ক’ব৷ কিন্তু তাই এৰি থৈ যোৱাৰ পাছত এই মানুহহালৰ কোনো প্ৰতিক্ৰিয়াই নহ’ব–তেনে পলায়নো তাইৰ কাম্য কেনেকৈ হ’ব? যুঁজাৰ আগতেই আত্মসমৰ্পণ কৰাজনৰ সৈতে জিকি যোৱাটোতো আনন্দ নাথাকে৷

সি যি নহওক, পুৱাতে অৰ্চনাই কিয় ফোন কৰিলে সেইটো ভাবিয়ে তাই আচৰিত হৈছিল৷ অৰ্চনা আৰু পৰাগ যোৰহাটলৈ অহাও ছমাহ হৈ গ’ল৷ সেই সময়তে নীলাঞ্জনাই এদিন খবৰ পাইছিল, অৰ্চনায়ে সেই ভাল খবৰটো দিছিল–নতুন এক সম্ভাৱনাৰ কথা৷ পৰাগৰ মৰম আৰু বিশ্বাসৰ আশ্ৰয়ত অৰ্চনাই নিজকে পৰিপূৰ্ণ কৰি তোলাৰ কথা৷ অৰ্চনা সন্তানসম্ভৱা৷ যোৱা সপ্তাহত তাই নিজে ফোন কৰি জানিব পাৰিছিল–অৰ্চনাৰ সাত মাহ চলি আছে৷ পৰাগে নিয়মিত ডাক্তৰক দেখুৱাইছে৷ কোনো জটিলতা নাই৷ সকলো ঠিকেই আছে৷ এটাই সমস্যা–অৰ্চনাৰ সৈতে দিনৰ ভাগত কথা এষাৰ পাতিবলৈও ঘৰখনত কোনো নাথাকে৷

মুখেৰে একো প্ৰকাশ নকৰিলেও প্ৰথম সেই খবৰটো পাওঁতে নীলাঞ্জনাৰ বুকুখনে পুনৰ এবাৰ জোকাৰ খাইছিল৷ অৰ্চনা মাক হ’বলৈ ওলাইছে–কিমান ডাঙৰ খবৰ এয়া৷ আৰু…হয়তোবা বহু প্ৰতীক্ষাৰ অন্তত…এক নতুন সম্ভাৱনাই পৰিপূৰ্ণ কৰিব তাইৰ নাৰীসত্তা৷ এই সময়ত তাইৰ বাবে সবাতোকৈ প্ৰয়োজনীয় আছিল তাইৰ মাক; জন্মদাত্ৰী৷ এগৰাকী প্ৰসূতিৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা প্ৰতিটো সমস্যা মাকতকৈ ভালকৈ কোনে চম্ভালিব পাৰিব! হয়তোবা প্ৰভায়ো সকলো চম্ভালিব নোৱাৰিবও পাৰে; তথাপি তাইৰ বাবে প্ৰয়োজনীয়, নিৰ্ভৰযোগ্য আশ্বাস এটাতো হ’ব পাৰিলেহেঁতেন৷ কিন্তু…পৰাগে যদি নিবিচাৰে…, সিহঁত অপাৰগ, অসহায়৷

সি যি নহওক, পুৱাৰ ভাগতে অৰ্চনাই কিয়বা ফোন কৰিলে জানিবলৈ বুলি মনত দ্বিধা-সংকোচ আশংকাৰ ভাব লৈয়ে নীলাঞ্জনাই ফোনটো ধৰিলে–“হেল্ল’ মাতোবা; ইমান পুৱাই ফোন কৰিলি যে? সকলো ঠিকেই আছেতো? ”

অৰ্চনাৰ মাতটো কিছু দুৰ্বল যেন লগা হৈছিল–“ঠিকেই আছোঁ এতিয়ালৈকে৷ পিছে কিমান দিন ঠিকে থাকিম ক’ব পৰা নাই অ’…৷ ”

অৰ্চনাৰ ফালৰপৰা ক’বলগীয়াখিনি শেষ হোৱাৰ পাছত নীলাঞ্জনাই ফোনটো থৈ কিছু সময় জলকা লাগি বহি ৰৈছিল৷ সকলো ঠিকেই থকাৰ পাছতো অৰ্চনাৰ হ’বলগীয়া সন্তানৰ ক্ষেত্ৰত কিছু জটিলতাই দেখা দিছে হেনো৷ বিশেষ চিন্তনীয় নহয় যদিও মাকৰ গৰ্ভত যিদৰে সন্তানৰ ওজন বৃদ্ধি হ’ব লাগিছিল, সেই বৃদ্ধি প্ৰয়োজনতকৈ কিছু কম হৈছে৷ ডাক্তৰে অহা মাহত পুনৰ আল্‌ট্ৰাচাউণ্ড কৰাই চাব৷ যদি সমস্যাটো সেইদৰেই থাকে, তেন্তে অপাৰেশ্যন কৰোৱা যাব৷ অৰ্চনাই তাইক সুধিছিল–ঘৰত কথাবোৰ জনোৱা হৈছে নেকি? মাক-দেউতাকে কিদৰে ঘটনাটো ভাবিছে৷ প্ৰয়োজন হ’লে তাই নিজেই…৷

নীলাঞ্জনাই মন কৰিছিল প্ৰভা ইতিমধ্যে উঠি মুখ ধুবলৈ পিছফাললৈ গৈছে৷ নীলাঞ্জনাৰ বাবে পুৱাৰ এইখিনি সময় বহি লৈ কিবা এটা গভীৰভাৱে চিন্তা কৰি থাকিবলৈ অথবা ফোনত সময় পাৰ কৰিবলৈ বৰ সমস্যা হয়৷ তাই লৰালৰিকৈ গাধোৱা ঘৰত সোমালগৈ৷ নাভাবোঁ বুলি ভাবিলেও মনটোৱে কথাবোৰ নসহে৷ অৰ্চনা আৰু পৰাগৰ সংসাৰখনলৈ নতুন এটা সমস্যা নামি আহিছে৷ আৰু…নীলাঞ্জনাৰ বাদে কথা এষাৰ পাতিবলৈও সিহঁতৰ আৰু কোনো নাই৷ অৰ্চনাক হেনো কেৱল নকৰিলে নোহোৱা কামখিনিহে মাত্ৰ কৰিবলৈ বুলি ডাক্তৰে পৰামৰ্শ দিছে৷ পৰাগে বিভিন্ন কামৰ ব্যস্ততাৰ মাজতো ঘৰখনলৈ আহি থাকিবলগীয়া হৈছে৷ কাম-বনবোৰ কৰিবলৈ মানুহ এগৰাকী আহে যদিও সিমান বিশ্বাসী নহয়৷ টকা লয়, কাম কৰে…আৰু তাৰ বাদে অন্য কোনো চিন্তা কৰিবলৈ মানুহজনীৰ সময় নাই৷

যান্ত্ৰিক পৃথিৱী৷ ক’তো কেনিও মানৱীয়তাৰ চিন-মোকাম নাই৷ মানৱীয় সম্পৰ্কৰ খাতিৰতে এদিন তাই কিমান উৎসাহিত হৈ পৰিছিল–মাতোবা ইয়ালৈ আহিছে৷ সিহঁতি লগ পাব৷ অথচ পৰাগে সেই সম্পৰ্কক মানি ল’বলৈ অস্বীকাৰ কৰিছিল৷ হয়তোবা… তাৰ মনত উদ্ভৱ হোৱা ভাববোৰ সিমান অমূলকো নাছিল৷ কিন্তু কিমান দিন? কিমান দিন পাৰিলে সি সেই আত্মাহংকাৰ বজাই ৰাখিব? ফোনটো অৰ্চনাই কৰিছিল যদিও নীলাঞ্জনাৰ সৈতে পৰাগেওতো সেয়া এক মিনিটমান সময় কথা পাতিলে৷ সি কেৱল এটা কথাকে বুজালে যে অৰ্চনা প্ৰসৱৰ পাছত হয়তো মাকৰ ঘৰলৈকে যাবলগীয়া হ’ব পাৰে৷

গাধোৱা ঘৰত থকা সময়ছোৱাতে নীলাঞ্জনাই বহুত কথা ভাবি চালে, কথাবোৰ ঘৰত কোৱা যাওক নেকি! অৰ্চনা ঘৰলৈ আহিলে প্ৰভা অথবা ৰোষেশ্বৰৰ সমস্যা হ’ব নালাগে৷ কোনোবা এজনে দোকান চম্ভালিলে আনজনে তাইক যাৱতীয় সা-সুবিধাবোৰ কৰি দিব পাৰিব৷ আৰু প্ৰসৱৰ আগতেই তাই আহিব বুলি সিহঁতি কোৱা নাই৷ কিন্তু প্ৰসৱৰ পাছত তাই ঘৰখনলৈ আহিব৷ পৰাগে নিশ্চয় ভাবি পাইছেগৈ নিজৰ ঘৰখনতকৈ আৰু অৰ্চনাক অন্য কোনো সুবিধাই মানসিক শান্তি দিব নোৱাৰিব৷

হ’ব পাৰে৷ পৃথিৱীত নিজৰ ঘৰখনতকৈ একো বস্তুৱেই আপোন নহয়৷ ভঙা হওক, ছিঙা হওক, নিজৰ ঘৰ! আৰু অৰ্চনাই সেইখন ঘৰ এৰি থৈ গুচি গৈছিল এদিন পৰাগৰ সৈতে৷ প্ৰতিজনী ছোৱালীয়ে নিজৰ এখন সংসাৰ গঢ়িবলৈ যিদৰে ঘৰখন এৰাৰ কল্পনা কৰে, অৰ্চনাৰ বাবে সেই কল্পনা অবান্তৰ আছিল৷ কেনেকৈ এইখন ঘৰ কোন সুৰুঙাইদি এৰিব পাৰে, তাই দিনে-নিশাই তাৰে কল্পনা কৰিছিল৷ এদিন নীলাঞ্জনাক বুজাইছিল, সময়ত তাই সকলো সম্পৰ্ক এৰি পেলাব৷ এইবোৰ বান্ধোনেৰে আৰু মনটোক দুৰ্বল হৈ পৰিব পৰাকৈ তাই নিজৰ মনটোক প্ৰশ্ৰয় দিব নোখোজে কাহানিও৷ নীলাঞ্জনাকো উপদেশ দিছিল–‘তয়ো ডাঙৰ হৈ আহিছ নীলু; এদিন তয়ো এই সকলো এৰি গুচি যাব লাগিব৷ ধৰি ল, আজিৰপৰা তোৰো সেয়াই হ’ব একমাত্ৰ প্ৰয়াস৷ ’

সেইজনী অৰ্চনাই পুনৰ নিজৰ ঘৰখন বিচাৰিছে৷ নিজে মাক হ’বলৈ ওলাই তাই মাতৃস্নেহৰ পৰশ বিচাৰিছে৷ এসময়ত হৃদয়হীনা বুলি ভবা প্ৰভায়েতো তাইক এদিন সূচিতাৰ সাজ পিন্ধাইছিল৷ চুলি আঁচুৰি দুডলীয়াকৈ বেণী গুঠি স্কুললৈ সাজু কৰি তুলিছিল৷ হয়তোবা হৃদয়ৰ কোনো এটা কোণৰপৰা অহা আহ্বান উপেক্ষা কৰিব নোৱৰাৰ দোষে ছুই থৈ যোৱা মনটোৱে যেন বাৰে বাৰে সুঁৱৰিব খোজে–মা সদায় মা৷ সেই পৰশ, সেই নিৰাপত্তা আৰু ক’ত বিচাৰি পোৱা যাব?

জলপান খাই থাকোঁতে নীলাঞ্জনাই এবাৰ প্ৰভাৰ ফালে মন কৰিছিল–সলনি হ’ল মানুহজনী৷ বহুত সলনি হ’ল৷ তথাপি যেন…

“মাতোবাই ফোন কৰিছিল৷ ” নীলাঞ্জনাই কাষতে থকা গিলাচটোৰপৰা পানী এঢোক খাই হাতত বেগটো লৈ সাজু হওঁতে তাই কথাষাৰ কৈছিল৷ প্ৰভাই তাইৰ ফালে চালে৷ একো নুসুধিলে যদিও কিবা এটা জানিব বিচৰা যেনেই লাগিল৷

“তাইৰ ডেলিভাৰীৰ সময় পাইছেহি৷ বোধকৰোঁ দুমাহ আছে৷ হস্পিটালৰপৰা বাহিৰে বাহিৰে ইয়ালৈকে আহিব পাৰিব নেকি সুধিছিল৷ ”

মুহূৰ্ততে যেন সলনি হৈ গৈছিল প্ৰভাৰ মুখৰ বৰণ…হাঁহিবই নে কান্দিবই ধৰিব নোৱৰা হৈ পৰিছিল৷ এক মুহৰ্ত মাকৰ ফালে চাই নীলাঞ্জনাৰো এনেকুৱা লাগিছিল যেন সমস্যাবোৰ থিতাতে আঁতৰি গ’ল; অৰ্চনা আৰু পৰাগযে নিশ্চিন্ত হ’ব পাৰে, সেইবিষয়ে আৰু সন্দেহ নাই৷ ভিতৰি ভিতৰি তায়ো বহুখিনি সকাহ পালে৷

ঘৰৰপৰা ওলাই আহিবৰ সময়ত প্ৰভাই এবাৰ কৈছিল–“কথাবোৰ ভালকৈ কৈ যা৷ ”

নীলাঞ্জনাই কামৰপৰা উভতি আহি সকলো ক’ম বুলি চমুকৈ কৈ থৈছিল৷ আচলতে অফিচৰপৰা পিছবেলাটো ছুটী লৈ তাই এবাৰ অৰ্চনাৰ ওচৰলৈ যোৱাটোকে ঠিক কৰি লৈছিল৷

…     …     …

কোন সুৰুঙাইদি কেনি সময়বোৰ আগুৱাই যায়, অনুমান কৰিব নোৱাৰি৷ যেনেকৈ চাই থাকোঁতেই, দেখি থাকোঁতেই ঠাই একোখন সলনি হৈ গৈ থাকে, তেনেকৈয়ে সলনি হয় নেকি মানুহবোৰ, শৰীৰৰ ভিতৰৰ মনবোৰ…৷

মাজে মাজে খেলি-মেলি হৈ যাব খোজে কামত ব্যস্ত হৈ থকা নীলাঞ্জনাৰ মনটোও৷ ছমাহ ধৰি এটি দেৱশিশুৰ হাঁহি-কান্দোনেৰে পৰিপূৰ্ণ হৈ থকা সিহঁতৰ ঘৰখন পুনৰ উদং হৈ পৰিল৷ সন্মুখৰ দোকানখনত একেই ভিৰ, একেই ব্যস্ততা চলি থকাৰ মাজতো ভিতৰখন যেন তেনেই খালি খালি…উদং উদং! কেৱল কোঠালিকেইটাই নহয়, আটাইৰে মনবোৰো তেনেই সেই ধান চপোৱাৰ পাছৰ পুহমহীয়া পথাৰখনৰ দৰে যেন কিবা উকা হৈ পৰিল৷

নীলাঞ্জনাই ভাবে কেতিয়াবা – এইযে ঘটনাবোৰ…চকুৰ আগত দেখি থকা প্ৰতিজন মানুহৰ জীৱনটোৰ দৰেই হয় নেকি বাৰু! আঁতৰৰপৰা দেখিলে সকলো যেন ভীষণ সুখী; কাৰো জীৱনত কোনো দুখ-দুৰ্দশা নাই, আশা-আকাংক্ষা আছে যদিও যেনি-তেনি পৰিপূৰ্ণতাও আছে৷ অথচ…অকণমান কাষ চাপি আহি উমান ল’বলৈ বিচাৰিলেই গম পোৱা যায়–সকলো কেৱল বাহ্যিকতা৷ প্ৰকৃত সত্যও বেলেগ আৰু মানুহক দেখুৱাই থকাখিনিও বেলেগ৷ সেইযে…শ্ৰেণীকোঠাত সময়ে সময়ে জীৱন-দৰ্শনৰ বিষয়ে ক’ব বিচৰা নিৰঞ্জন ছাৰৰ ভাষাৰে ক’বলৈ গ’লে–‘পৰিপূৰ্ণতা বুলিবলৈ জীৱনটোত দৰাচলতে একোৱেই নাই; আৰু সেয়ে চিৰন্তন সত্য৷ ’

ল’ৰাটো ছমহীয়া হোৱাৰ পাছতহে অৰ্চনা পুনৰ ঘৰলৈ গ’ল৷ দুদিন আগতে, যোৱা দেওবাৰে পৰাগে নিজেই আহি লৈ গৈছেহি৷ ভাৰা কৰি অনা গাড়ীখনত অৰ্চনাৰ কোলাত অকণমানিটো উঠাই দিয়ালৈকে সৈতে তাক নীলাঞ্জনায়ে কোলাত লৈ আছিল৷ নাকটোৰ আগটোত ধৰি অকণমান জোকাৰি দিলে ঢেকঢেকাই হাঁহি দিয়ে৷ মাহী বুলি মাতা বুলি ক’লে জোৰ দি ‘আঁ…ই’ বুলি চিঞৰি দিয়ে৷ প্ৰভাক দেখিলে ‘আইতা’ বুলি ক’ব নোৱাৰি ‘তা তা’ কৈ জোৰকৈ চিঞৰিব খোজে৷ আনকি ৰোষেশ্বৰক দেখিলেও হাত-ভৰি জোকাৰি চিঞৰিব খোজে৷ বিছনাখন এৰি থৈ আহিলে কিবা-কিবি বাৰেবিংকৰা কথা বলকি থাকে৷ দোকানত প্ৰভা থকা অৱস্থাত ভিতৰৰ কোঠাৰ বিছনাত সি কান্দিবলৈ বুলি চিঞৰ এটা মাৰিলেও প্ৰভাই চাৰি-পাঁচজন গ্ৰাহকক থিতাতে এৰি ভিতৰলৈ লৰ মাৰে৷ অৰ্চনা কাষত নাথাকিলে প্ৰভাই সেই আগৰদৰে চিঞৰটো মাৰে–“ল’ৰাটো এৰি থৈনো ক’ত মৰিলিগৈ হয়নে? ” তাৰ পাছতে তাক একোলা লৈ নিচুকাবলৈ চেষ্টা কৰে৷ সেইহেন অকণমানিটো গুচি গ’ল, ঘৰখন যেন দ্বিতীয়বাৰৰ বাবে খালি হৈ গ’ল৷ হ’লেও অৰ্চনাই নিজৰ ঘৰখন ঘূৰাই পালে আৰু পৰাগেও বিচাৰক বা নিবিচাৰক, আপোন বুলিবলৈ এখন ঘৰ পালে৷

…মনত আছে নীলাঞ্জনাৰ, অকণমানিটো পৃথিৱীলৈ অহাৰ প্ৰতিটো মুহূৰ্তই মনত আছে৷ পাছদিনা পুৱা ছয় বজাত উঠিবলৈ বুলি সেইদিনা নিশা এঘাৰ বজাত বিছনাত পৰাৰ পাছত বোধকৰোঁ তাইৰ চিলমিলীয়াকৈ টোপনি আহিছিল৷ অচিনাকি নম্বৰটোৰপৰা ফোন অহা দেখি বিৰক্তিতে মুখখন কোচ খাই আহিছিল–‘ছেঃ, ফোনটো অফ কৰি থ’বলৈও পাহৰি গ’ল মিছাকৈ৷ ’ ধৰোঁ-নধৰোঁকৈ ফোনটো ধৰিলে যদিও সিফালৰ মাতষাৰ প্ৰথমতে ধৰিবই পৰা নাছিল৷ কিছু নাৰ্ভাছ কৰি কোনোবাই কথা কোৱা যেন অনুভৱ হৈছিল৷ বিৰক্তিৰে দুবাৰমান কোনে কৈছে বুলি সোধাৰ পাছত পৰাগৰ ফোন বুলি গম পাওঁতে তাইৰ চকুৰ টোপনি পলাই ফাঁট মাৰিছিল৷

পৰাগে অৱশ্যে নিশাই আহিবলৈ মানা কৰিছিল, অপাৰেশ্যন পাছদিনা কৰিব বুলিহে জানিবলৈ দিছিল৷ কি কৰাটো উচিত হ’ব ঠিক কৰিবলৈও নীলাঞ্জনাৰ সময় লাগিছিল; মাক-দেউতাক তেতিয়াও ভিতৰলৈ আহিব পৰাকৈ আজৰিয়ে হোৱা নাছিল৷

…পুৱা আঠ বজাতে নীলাঞ্জনা দেউতাকৰ সৈতে নাৰ্ছিংহোমখনলৈ আহিছিল৷ প্ৰভাও আহিব বিচাৰে নেকি জানিবলৈ তাই এবাৰ নিজাববীয়াকৈ চেষ্টা কৰি চাইছিল; প্ৰভাক পুৱাৰেপৰা আগতকৈয়ো গহীন যেন ভাব হৈছিল৷ মানুহজনীয়ে ভয় খাইছিল, জানোছা অৰ্চনাৰ কাষলৈ যোৱাৰ বিষয়ে কিবা ওলায়৷ আজৰি হোৱাৰ পাছত অৰ্চনা ঘৰলৈকে অহাৰ কথাটো সুকীয়া; কিন্তু সেই হস্পিটালত গৈ কি কৰিবগৈ লাগিব, সেইবোৰ বিষয়ত প্ৰভাই সংকোচ কৰে৷ আৰু…সংকোচ কৰাৰো অন্য বহুত কাৰণ থাকিব পাৰে; নিজৰ ঘৰখনত, দোকানখনত তেওঁ একচ্ছত্ৰী সম্ৰাজ্ঞী হ’ব পাৰে; কিন্তু বাহিৰত…মানুহৰ ভীৰৰ মাজত তেনেই ভিজা মেকুৰী হেন হৈয়ো পৰিব পাৰে৷ নিজৰ নিজৰ এলেকাততো সময়ে সময়ে মেকুৰীয়েই বাঘ হৈ পৰে৷

দেউতাকেও ভিতৰলৈ যাবলৈ কিবা সংকোচ কৰা যেন দেখি নীলাঞ্জনাই আৰু পলম কৰিব খোজা নাছিল৷ ইতিপূৰ্বে অৰ্চনাক অস্ত্ৰোপচাৰ কক্ষলৈ নিয়া হৈছিল৷ বাহিৰত অপেক্ষা কৰি থকা পৰাগক দেখি নীলাঞ্জনাৰ এনেকুৱা লাগিছিল যেন তেওঁ তাইৰ হাত দুখন খামোচ মাৰি ধৰিব আৰু পাৰিলে এসোঁতা কান্দি মনটোকে পাতল কৰি পেলাব৷ অৰ্চনাৰ বেগটোকে সাৱট মাৰি চুকৰ চকী এখনত নিশ্চুপ হৈ বহি থকা ভিনিহিয়েকটোক দেখি নীলাঞ্জনাৰো মনটোৱে কান্দি পেলাব খুজিছিল; কিন্তু অশেষ কষ্টৰে তাই নিজকে সংযত কৰিব পাৰিছিল–কেৱল প্ৰেমৰ বাবেই নিতান্তই অকলশৰীয়া হৈ পৰা ভিনিহিয়েকটোৰ মানসিক সকাহৰ বাবেই তাই আহিছে, ভাঙি পৰিলেতো নহ’ব৷ তাইৰ ফালে এক মুহূৰ্ত চাই আছিল পৰাগে, বহাৰপৰা উঠি তাইৰ কাষলৈ আহোঁতে শেঁতা পৰি যোৱা মুখখনত বিয়পিপৰা কষ্টকৰ হাঁহিটোৰে সি সুধিছিল–“আৰু কোনো অহা নাই? মা-দেউতা…?”

নীলাঞ্জনা জিকাৰ খাই উঠিছিল–‘মা-দেউতা…? ’ তাই ক’ব খুজিছিল–দেউতা আহিছে, বাহিৰতে ৰৈ আছে৷ কিয় জানো, কথাষাৰ তাইৰ মুখৰ ভিতৰতে ৰৈ গৈছিল৷ পৰাগৰ মুখত ‘মা-দেউতা’ সম্বোধনটোৱে তাইক অভিভূত কৰি তুলিছিল৷ সেই দুজন মানুহো এদিন এনেকৈয়ে পৰাগৰ বাবে মা-দেউতা হৈ পৰিব পাৰে বুলি তাই হয়তো ভাবিবই পৰা নাছিল৷

আৰু উৎকণ্ঠাৰে পাৰ হোৱা বিশ মিনিটমানৰ পাছতে পৰাগ আৰু অৰ্চনা নিজেও মা-দেউতা হৈ পৰা খবৰটো আহিছিল…যেন পাৰ ভাঙি বৈ যোৱা ক্ষণিক সুখৰ আৱেশ৷ নীলাঞ্জনাই একপ্ৰকাৰ লৱৰি অহাদি বাহিৰলৈ আহি হস্পিটালখনৰ বাহিৰত, আলিৰ কাষত বিমৰ্ষ হৈ ৰৈ থকা দেউতাকক খবৰটো দিছিল–“ল’ৰা এটা হ’ল…ভিতৰলৈ আহক৷ ”

…তিনি দিন পাছত পৰাগ-অৰ্চনাই সিহঁতৰ অক্ষয় প্ৰেমৰ সাক্ষী অকণমানিটো লৈ সিহঁতৰ ঘৰলৈ গুচি আহিছিল৷ যি পৰিৱেশৰ সৈতে কাহানিও আপোন হোৱাৰ আকাংক্ষা হয়তো মনলৈ অহা নাছিল, সেই পৰিৱেশকে পৰাগে খামোচ মাৰি ধৰিবলৈ অৱশেষত বাধ্য হ’ল৷

প্ৰথমবাৰ…; হয়, পলাই যোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অৰ্চনা মাকৰ সন্মুখীন হ’ল কোলাত এটি দেৱশিশু লৈ৷ বিশৃংখল-বেমেজালিৰে সৈতে জীৱনটো সাঙুৰি লোৱা প্ৰভায়ো ভালকৈয়ে উপলব্ধি কৰিলে–আত্মজে কৰা ভুলবোৰো সময়ত ক্ষমা কৰি দিবলৈকে নাৰীৰ অন্তৰ্ভাগত সুপ্ত হৈ থাকে মাতৃসত্তা! আৰু অৰ্চনাৰ কোলাৰ কণমানিটো–নাতিতেইযে মৰমৰ শেষ!

নীলাঞ্জনাই অন্তৰৰপৰা কাহানিও জানিবলৈ চেষ্টা নকৰিলে–পৰাগে সঁচাকৈয়ে আপোন কৰি লৈছেনে সিহঁতৰ ঘৰখন; নে সেয়াও কেৱল প্ৰয়োজনৰ তাগিদা মাথোঁ আছিল? আৰু জানিনো কি লাভ হ’ব৷ যেনেকৈ সকলো চলি আছে, তেনেকৈয়েতো চলি যাব সকলো৷ কাহানিও কোনো পৰিৱৰ্তন কাৰো পৰা আশা কৰিবলৈ তাই কাহানিবাই বাদ দিছিল৷ মৰম-ভালপোৱা-আন্তৰিকতা…একোৱে স্থায়ী নহয়, কাহানিও কাৰো মানসিকতাক সলনি কৰিব নোৱাৰে কোনেও৷ হয়…যেনেকৈ যি চলি আছে…চলি যাব সকলো৷ কোনোবা থাকিলে অথবা নাথাকিলেও কেনিও কাৰো একো হানি-বিঘিনি নহয়৷

যেনেকৈয়ে নহওক, অৰ্চনাই যে আপোন ঘৰখনৰ সৈতে এটা সম্পৰ্ক ৰাখিব, সেই বিষয়ে নীলাঞ্জনা নিশ্চিত হ’ল; আৰু অকণমানিটোক প্ৰভা অথবা ৰোষেশ্বৰে কিদৰে বুকুৰ হেঁপাহ কৰি লৈছে, সেয়াও তাই ভালদৰেই উপলব্ধি কৰিব পাৰিলে৷ হয়তোবা নীলাঞ্জনাৰ বাবে উপযুক্ত সময় সমাগত…বেলেগ এটা জীৱনলৈ নিজকে সাজু কৰি তোলাৰ বাবে৷

“এক্সকিউজ মি, আপুনি চাগৈ ব্যস্ত হৈ আছে নহয়? ”

ঠিক সন্মুখতে মাতষাৰ শুনি তাই উচপ খাই উঠিছিল৷  কম্পিউটাৰৰ স্ক্ৰীণ সন্মুখত লৈ তাই বহি আছিল, অথচ তাইৰ মনটো কোনখন পৃথিৱীত সোমাই আছিল বাৰু! মূৰ তুলি চাইছিল তাই৷ নতুন মডেলৰ গাড়ীখন ক্ৰয় কৰিবলৈ দহ দিনমান আগতে সপৰিয়ালে অহা সেই মানুহজন–উজ্জ্বল চেহেৰাৰ ব্যক্তি; লগত…মেদবহুলতাই কিছু আমনি কৰা শৰীৰটোৰে সৈতে কাষতে ৰৈ আছিল তেখেতৰ পৰিবাৰ৷ প্ৰায় পাঁচ বছৰৰ ব্যৱধানত জন্ম হোৱা ল’ৰা-ছোৱালীহালে আঁতৰত গাড়ীবোৰৰ কাষে কাষে ঘূৰি ফুৰাও মন কৰিছিল তাই৷

পঞ্চাশৰ ঊৰ্ধৰ এই ব্যক্তিজনৰ কথাই-বতৰাই অদ্ভুত এক গাম্ভীৰ্য প্ৰথমবাৰতে লক্ষ্য কৰিছিল তাই; কিন্তু…প্ৰথমবাৰতে তেখেতক কিবা এটা…ভাল লাগিছিল তাইৰ৷ দুদিনমান আগতে তেখেতক আকৌ এবাৰ দেখিছিল তাই৷ মনে বিচৰা ৰংটো আহিছে নেকি খবৰ কৰি গৈছিল৷ চেল্‌ছ এক্‌জিকিউটিভ প্ৰণৱৰ সৈতে কথা পাতি গৈছে৷ যাবৰ সময়ত তাইৰ ফালে চাই হাঁহিছিল…অৰ্থপূৰ্ণ হাঁহি?

“নাই নাই, ব্যস্ত নহয়, আপুনি বহকচোন৷ বোধকৰোঁ আপোনাৰ গাড়ীখন কাইলৈ পাবহি৷ মই খবৰ এটা কৰি দিওঁ ৰ’ব৷ ” নীলাঞ্জনাই স্বভাৱসুলভ সৰলতাখিনিৰে সপ্ৰতিভভাৱে কথাষাৰ কৈ তেখেতক বহিবলৈ সন্মুখৰ চকীখনলৈ নিৰ্দেশ কৰিছিল৷

“গাড়ীনো কি কথা; আহি থাকিব গৈ থাকিব, আচল কথা এই চা-চিনাকিটোহে…নহয়জানো? নে কি কয়? ” মানুহজনে সন্মুখৰ চকীখনত বহি লৈ তীক্ষ্ণ দৃষ্টিৰে তাইলৈ চাইছিল৷

প্ৰথমবাৰ…জীৱনত প্ৰথমবাৰৰ বাবে নীলাঞ্জনাই কিছু নাৰ্ভাছ অনুভৱ কৰিছিল নেকি! তেখেতৰ ফালে পোনপটীয়াকৈ নোচোৱাকৈয়ে তেখেতৰ সম্পূৰ্ণ অবয়ৱটো তাই চকুৰ আগত ভাহি উঠিছিল৷ সাজে-পোছাকে সম্ভ্ৰান্ত তথা আভিজাত্যৰ চাপ বিৰাজমান এই ব্যক্তিজনৰ বয়স….বোধকৰোঁ পঞ্চাশৰ ডেওনা পাৰ হ’ব–তাই ভাবিছিল৷ পাতলীয়াকৈ অথচ চৌখিনভাৱে ৰখা দাড়িখিনিয়ে সুঠাম চেহেৰাটো অধিক আকৰ্ষণীয় কৰি তুলিছিল৷ তাইৰ বাবে সমস্যা হৈছিল যে তেখেতে একেথৰে তাইকে নিৰীক্ষণ কৰি থকা বুলি তাই অনুমান কৰিব পাৰিছিল৷

“আপোনাৰ নামটো জানিব পাৰিম নেকি? ” ভিতৰৰ অনুভৱখিনি ধৰা পৰিবলৈ নিদিয়াকৈ কম্পিউটাৰৰ স্ক্ৰীণত কিবা এটা বিচৰাৰ দৰে অভিনয় কৰিছিল তাই; যিমান পাৰি স্বাভাৱিক হ’বলৈও চেষ্টা কৰিছিল৷

দীপক…দীপক বৰবৰা৷ আৰু আপোনাৰ? ” ঈষৎ হাঁহিৰে তেখেতে তাইলৈকে চাই সুধিছিল৷ এক মুহূৰ্তৰ বাবে আচৰিত হৈছিল নীলাঞ্জনা – তাইৰ নামটো তেখেতক লাগে…কিয় লাগে?

আগৰ দৰেই সপ্ৰতিভভাৱে তাই কৈ পেলাইছিল–“নীলাঞ্জনা৷ ”

তেখেত যেন নিজৰ ভাবত মগ্ন হৈ পৰিছিল–“…ৱাহ্‌…সুন্দৰ নাম…নীলাঞ্জনা! যেন এটি কবিতা!”

তললৈ মূৰ কৰি তাই ভিতৰি ভিতৰি কঁপি উঠিছিল৷ তাইৰ নামটোও কাৰোবাৰ বাবে হ’ব পাৰে এটা কবিতা…!

(আগলৈ)

Visited 2 times, 1 visit(s) today
Website |  + posts
Close