Written by sdblogs2011 10:35 am Poems

সাময়িক

দিগন্ত শইকীয়া

লালকাল এখন চহৰ

চেতনাত ইথাৰ টোপনিৰ

টোপনিতো পতাকা উৰে

ভিতৰে বাহিৰে। বাহিৰে মদাৰ । নৰ্দমাত সৰে।

সৰি হেৰুৱায়। সপোন আৰু কবিতাত ৰৈ যায় নিৰ্যাস।

পতাকাৰ পাতল শৰীৰ

বতাহত কঁপে

কঁপি কঁপি বৰণ সলায় সময়ে সময়ে

চেলেকিম কেনেকৈ?)

কপালে কপালে কিছু কেঁচা খৰি

সকলোৰে

নুনুমায় নজ্বলেও

মাথোঁ ধোঁৱাই

ধোঁৱাবোৰ উৰি আহি

ধৰে ছানি চহৰৰ আকাশ। ঢাকি পেলায়

উৰন্ত শেন শগুন। সাৰ্বজনীন ধোঁৱা।

ধোঁৱাই ঢাকে বেলি

শুক্লা দ্বিতীয়াৰ জোন

জোনাকে ধোৱা চোতাল ভঁৰাল

ভঁৰাল উদং ডুলিত নিগনি

নিগনি দৌৰ বাটে বজাৰে

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close