Written by sdblogs2011 7:38 am Poems

সাঙী

 প্ৰাঞ্জল কুমাৰ লাহন

সাঙীত মোৰ শৱ কঢ়িয়াই লৈ গৈ থকা দেখিছোঁ

সাঙীত মোৰ শৱ কঢ়িয়াই নিয়া চাৰিজন মোৰেই সহোদৰ

কাম-ক্ৰোধ-লোভ-মোহ

ক’ৰবাত জীয়াই থকা দিনবোৰত সিহঁতেই আগুৰি আছিল ছাঁৰ দৰে

বিদায় বেলাত মোক এৰোঁ বুলিয়েই কেনেকৈনো লগ এৰে৷

নাথাকোঁ বুলিও ক’ৰবাত থাকি যায় সিহঁত আকৌ দীঘলীয়া ছাঁ হৈ….

সাঙীত শৱ উঠোৱাৰ আগে এখন শুভ্ৰ মাৰ্কিং কাপোৰ৷

ধূপ-দীপ, পুষ্পৰ সৈতে অশ্ৰুৰ ভৰ সহিব নোৱৰাকৈ আপোন মানুহ

বিদায় বেলাৰ শেষ ৰাগিণী …. আৰুনো লগত কি লৈ যাব পাৰোঁ!

এনেবোৰ কথা শৱ এটাই বিদায় বেলাত কেনেকৈ ভাবিব পাৰে!

সেই কথাকে লৈ সাঙীখনে, সহোদৰেও মোক উপহাস কৰিছে৷

আজি সকলো উপহাস লগত লৈ সাঙীত উঠি শৱ হৈ গৈ আছোঁ

শৱ হৈ সাঙীত উঠি পঞ্চভূতত বিলীন হৈ কোন বাটে কেতিয়া কোন ক’ত পাবগৈ

সেই বাট সৰগ নে নৰকৰ! কোনেও নাজানে!

এতিয়াও মোৰ আগে আগে বহু শৱ সাঙীত উঠি গৈ আছে

বহুতে আকৌ অকালতে শৱ হৈ সাঙীত উঠিবলৈ উথপ্‌থপ্‌ লগাইছে

শৱবোৰৰ শেষ বিদায়তো ক’ৰবাত জাত-পাতৰ বিচাৰ হৈছে

কাঠগড়াত দৰ-দাম হৈছে শৱবোৰৰ৷ কোনোবাই সাঙীত উঠাৰ যোগ্যতা অৰ্জন কৰিছে৷

যোগ্যতা অৰ্জন কৰা শৱবোৰৰ শাৰীতে শাৰী পূৰাই সাঙীত উঠি ময়ো গৈ আছোঁ নে?

সেয়াও এক সাঁথৰ হৈ উঠিছে….!

***

সাঙী : হিন্দুধৰ্মৰ লোকৰ মৃত্যুত শ্মশানলৈ লৈ যোৱাৰ সময়ত শৱদেহ উঠোৱাৰ বাবে

বাঁহেৰে প্ৰস্তুত কৰা এক বিশেষ আহিলা৷

ঠিকনা :

প্ৰাঞ্জল কুমাৰ লাহন, সমন্বয় পথ, বৰভেটা, যোৰহাট- ৭৮৫০০৪

ফোন : ৯৮৫৪০৪০১১৯

lahonkumarpranjalঞ্ঝgmail.com

Visited 4 times, 1 visit(s) today
Website |  + posts
Close