Written by sdblogs2011 3:32 am Poems

সাগৰ তীৰ

মূল: ৱেল্ডন কীজ

অনুবাদ : প্ৰশান্ত মিশ্ৰ

এটা অন্ধকাৰ সুৰংগ পথত

দাঢ়ি ভৰ্তি শুকান মুখেৰে লেপেটা কাঢ়ি

বহি আছিল যোছেফ ছেমুৱেল নামৰ

চাৰিখন চহৰৰ কৰ্মহীন কেৰাণীজন৷

ঢুকি নোপোৱা এটি আশ্ৰয়স্থল

থৰ লাগি চাই আছিল

বাহিৰৰ পোহৰকণলৈ

বৰষুণ দি আছিল, শূন্য সাগৰতীৰত

জোৱাৰ-ভাটাই মাদল বজোৱাৰ

শব্দ শুনা গৈছিল

বৰষুণৰ প্ৰথম টোপাল পৰিছিল

সন্ধ্যা ছয় বজাত৷

সাগৰত স্নান কৰিবলৈ অহাসকল

ঘৰাঘৰি গ’লগৈ

শেষৰ গাড়ীখনো উভতি গ’ল

সূৰুযৰ শেষ ৰশ্মিকণো চঞ্চল ঘাঁহত পৰি

বৰষুণত আচাৰ খাই বিচ্ছুৰিত হৈছিল

তেওঁ তেওঁৰ পিন্ধি থকা কোটৰ জেপৰ পৰা

কিবা এটা উলিয়ালে

আৰু মুঠি টান মাৰি ধৰিলে

দৃষ্টি তেওঁৰ বিস্তীৰ্ণ সাগৰৰ বালিত

আৰু তেতিয়া, অন্ধকাৰত

নিজৰেই ডিঙিত ৰেপ দিলে৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close