পল্লৱী কৌশিক শৰ্মা

নাই.. একোৱেই প্ৰশমিত কৰিব পৰা নাই তাইৰ অস্থিৰতাক। কাকো ভৰষা বা নিশ্চিতিৰে ল’ব পৰা নাই তাই৷ চাৰিওফালে যেন কৃত্ৰিমতাৰ সাজ পিন্ধা এজাক মুখাধাৰী জীৱ! হতাশাৰ চৰম বিন্দুত উপৱিষ্ট হৈ নিজকে তুলি ধৰা ইমান কষ্টকৰ নে!
এৰা, ভীষণ কষ্ট হৈছে সৃজনাৰ৷ সৃষ্টিৰ বেদনাই অস্থিৰ কৰি ৰাখিছে মানুহজনীক। অজস্ৰ উত্তৰহীন প্ৰশ্নই বুকুখন থকা-সৰকা কৰাত, কিমান সময় যে বলিয়াৰ দৰে নিজকে নিজৰ মাজতে খুটিয়াই ফুৰিছে তাই! পিছে আত্মানুসন্ধানৰ ৰহস্যময় প্ৰক্রিয়াটোত সৃজনা যেন ক্ৰমান্বয়ে পৰীক্ষাগাৰৰ গিনিপিগ এটালৈ পৰ্যবসিত হৈছে!
সন্মুখত ৰঙৰ স্পৰ্শৰ বাবে ব্যাকুল উকা কেনভাছখনৰ প্ৰতিও আজি একেবাৰেই উদাসীন তাই৷ এক কৰুণ সুৰত আত্মস্থ হৈ, কেনভাছখনৰ এটা নিৰ্দিষ্ট বিন্দুতে স্থিৰ হৈ ৰৈছে তাইৰ দৃষ্টি। অথচ হৃদয়ৰ অন্তঃস্থলত ধাঁহি-মুহি উঠি অহা অভিমানৰ পাহাৰটোক বিগলিত কৰিবলৈকে ৰং-তুলিকাৰ টোপোলাটো হাতত তুলি লৈছিল সৃজনাই।
সপোন!
পৰাশ্ৰয়ী লতা এডালে ঠন ধৰি উঠিবলৈ এটা অৱলম্বন বিচাৰি লোৱাৰ দৰে, অসহায় মুহূৰ্তবোৰে বাট ভেটিলে তাইৰ সাহস হৈ পৰা একমাত্ৰ মানুহজনেই হ’ল সপোন। সম্বিত ঘূৰাই পোৱা মানুহৰ দৰে ধহমহাই উঠিল সৃজনা আৰু সপোনৰ কনটেক্ট নম্বৰটো ডায়েল কৰিলে৷
– আউট অৱ নেটৱ’ৰ্ক ক’ভাৰেজ।
প্ৰচণ্ড ক্ষোভত ফোনটো দূৰলৈ দলিয়াই দিলে তাই। আত্মবিশ্বাসে লগ এৰা দিলে অদৃষ্টয়ো যেন ৰঙ চাবলৈকে ভাল পায়! অগত্যা মেছেজ এটা কৰি থ’লে তালৈ – ‘আই নিড ইউ সপোন। ৰাইট নাও।’
সপোনে সদায় কয়- ‘সকলো মানুহেই নিজা মনটোৰ অধিকাৰী। মনটোক ক্ৰিয়া কৰা যিকোনো ঘটনা-পৰিঘটনাৰ নেপথ্যৰ কাৰণটোক বিচাৰি উলিওৱাৰ দায়িত্বও কেৱল তেওঁৰেই৷ তুমি যিমানেই পিঅ’ৰ লাভ বা পিঅ’ৰ ব’ণ্ডৰ কথা নোকোৱাঁ কিয়, এই যান্ত্ৰিক পৃথিৱীখনত কিন্তু তুমি নিজেইহে সত্য ৷ তোমাৰ ঈশ্বৰপ্ৰদত্ত প্ৰতিভাক অৱজ্ঞা নকৰিবা সৃজনা৷ যিদৰে এজন লেখকে বুকুত ভিৰ কৰা বিশৃংখল শব্দবোৰক এটা এটাকৈ সজাই, একোটা অৰ্থৱহ কবিতা বা গল্পৰ ৰূপ দিয়ে; তুমিও সেইদৰে ৰং-তুলিকাৰে অনুভৱবোৰ সামৰি ৰাখিবাচোন। চাবা, বুকুখন নিৰ্ভাৰ কৰিবলৈ তুমিয়েই তোমাৰ বাবে সৰ্বস্ব হৈ পৰিবা।’
ঠিকেইটো কয় সপোনে।
তাৰদ্বাৰা উচ্চাৰিত প্ৰতিটো শব্দই সত্য। পিছে, এই মুহূৰ্তত আউল লগা অনুভৱখিনিক এটা মসৃণ পথ দিবলৈ উকা কেনভাছখনত আঁক এটাও মাৰিব পৰা নাই তাই৷ পৰম নিৰ্লিপ্তিৰে কোঠাটোৰ পৰা ওলাই আহিল সৃজনা।
দুবছৰৰ আগতে ৱেষ্ট বেঙ্গ’লৰ চিত্ৰকোট আৰ্ট গেলেৰীত অনুষ্ঠিত হোৱা চিত্ৰ প্ৰদৰ্শনীৰ পৰা ক্ৰয় কৰি অনা এখন অইল পেইণ্টিং লিভিং ৰুমৰ ৱালত সযতনে আঁৰি ৰাখিছে সপোনে। দিনান্তৰৰ কোনোবা এটা প্ৰহৰক জীৱন্ত ৰূপত ধৰি ৰাখিবলৈ প্ৰয়াস কৰা পেইণ্টিঙখনত, এগৰাকী বিৱসনা নাৰীয়ে সাগৰলৈ পিঠি দি সন্মুখৰ বালিময় তটভূমিত অকলশৰে বহি আছে৷ পোহৰৰ এক বিচ্ছুৰিত ৰশ্মিয়ে সেই নাৰীমূৰ্তিৰ উলঙ্গ শৰীৰটোৰ কিছু অংশ উজলাই তুলিছে যদিও, লহিওৱা বেলিৰ ঘোপাল এন্ধাৰৰ পৰা যেন কোনোপধ্যে মুক্ত হ’ব পৰা নাই তেওঁ!
কি ক’ব বিচাৰিছে ছবিখনে!
প্ৰকৃততে ছবিখনত নিসংগতাৰ যন্ত্ৰণা নে, অপেক্ষাৰ অন্তহীন বিষাদ এখিনি ফুটি উঠিছে বাৰু! ইমান দিনেচোন কোঠাটোক বিশেষ কৰি ৰখা তৈলচিত্ৰখনত নিমগ্ন হোৱাৰ প্ৰয়োজনবোধেই কৰা নাছিল তাই। পিছে এই মুহূৰ্তত ছবিখনৰ নাৰীগৰাকী আৰু নিজৰ মাজত কেনেবাকৈ যেন এক বিৰাট সাদৃশ্য বিচাৰি উলিয়াইছে সৃজনাই!
একান্তচিত্তে পেইণ্টিংখনলৈ লক্ষ্য কৰিলে তাই। চিত্ৰশিল্পীজনৰ হাতৰ যাদু আৰু ৰং-তুলিকাৰ নিখুঁত প্ৰয়োগে ছবিখনক অনন্য ৰূপ প্ৰদান কৰিছে৷ যেন প্ৰাণৱন্ত হৈ উঠিছে সময়ৰ ঘূৰ্ণাৱৰ্তত এৰি থৈ অহা এখিনি বিষাদগ্ৰস্ত প্ৰহৰ!
এপাকত নাৰীগৰাকীৰ চকু দুটালৈ থৰ লাগি চাই ৰ’ল সৃজনাই৷ উস, কি যে এক অদ্ভুত কাৰুণ্যই আচ্ছন্ন কৰি ৰাখিছে সেই চকুযুৰিক! এই মুহূৰ্তত সেই শব্দহীন ভাষাক অনুধাৱন কৰাত অলপো যেন অসুবিধা হোৱা নাই তাইৰ! এগৰাকী চিত্ৰশিল্পী হিচাপে দুচকুৰ সংবেদনশীলতাক যথেষ্ট গুৰুত্ব দিয়ে সৃজনাই। তাই বুজে, চকুৱে অন্ততঃ মিছা মাতিব নাজানে।
সমান্তৰালকৈ হৃদয়ৰ অভ্যন্তৰত এক তীব্ৰ জোকাৰণি অনুভৱ কৰিলে তাই৷ হঠাতে যেন দুখন জীৰ্ণ-শীৰ্ণ হাতৰ দহোটা জোঙা-জোঙা আঙুলিয়ে জাল এখনৰ দৰে চেপা মাৰি ধৰিছে তাইৰ ডিঙিটো! মুক্ত হ’বলৈ অপ্ৰাণ চেষ্টা চলাইছে তাই৷ বিপৰীতে, অভেদ্য ভ্ৰমজালখন ক্ৰমান্বয়ে সৃজনাৰ সৰ্বশৰীৰলৈ শিপাই গৈ আছে৷ অসাৰ হৈ পৰিছে সৃজনাৰ হাত-ভৰিবোৰ।
উস.. অদ্ভুত কুটকূটনি!
অসহ্যকৰ পীড়া৷
* * *
: ভাল পাইছ নে মাজনী? কৈছিলোঁ নে, অলপ দিন ৰেষ্টত থাকিবি। নিজৰ যত্ন ল’বি৷ একেবাৰে কথা নুশুন। ইমান ডাঙৰ দুৰ্ঘটনা এটাৰ পৰা গাটো টঙোৱা কেইটা দিননো হৈছে!
যেতিয়া জ্ঞান ঘূৰাই পালে দ্বিতীয় বাৰৰ বাবে হস্পিটেলৰ বিছনাত নিজকে উদ্ধাৰ কৰিলে সৃজনাই। তন্দ্ৰালসতাই আচ্ছন্ন কৰি ৰাখিছিল যদিও, কপালত মাকৰ হাতৰ উমাল স্পৰ্শত সচকিত হৈ উঠিল তাই। সেই স্পৰ্শয়ো যেন কাঁইটে বিন্ধা দি বিন্ধিলেহে সৃজনাক!
: নুচুবা মোক। নুচুবা মা। মাৰি পেলালা তোমালোকে মোক। মোৰ আত্মাটো মোৰ পৰা কাঢ়ি লৈ গ’লা। আঁতৰি যোৱাঁ, এতিয়াই আঁতৰি যোৱা মোৰ কাষৰ পৰা।
: কি কৈছ এয়া মাজনী! মাতৃ হৃদয়ে সন্তানৰ বেয়াটো চিন্তিব পাৰে জানো!
: প্লিজ মা, এটা শব্দও নক’বা। মোৰ বিশ্বাসক হত্যা কৰি, আপোন হোৱাৰ অভিনয় নকৰিবা। সপোন নথকাৰ সুযোগ লৈ, মোৰ ওপৰত পোতক তুলিলা তোমালোকে। তোমালোকৰ অমতত সপোনক মোৰ হৃদয়ত স্থান দিয়াটো ইমান গুৰুতৰ অপৰাধ হ’ল নে মা!
শোকে খুন্দিয়াই গ’ল সৃজনাৰ বুকুখন।
: ধৈৰ্য ধৰ সৃজনা। শান্ত হ’। কথাবোৰ ভুলকৈ বুজিছ তই।
: নহয় মা, সহনশীলতা এটা মাত্ৰ নিৰ্দিষ্ট বিন্দুলৈকেহে অক্ষত থাকে। সেই বিন্দুত আৰোহণ কৰিবলৈ মোক কেতিয়াবাই বাধ্য কৰালা তোমালোকে। আৰু নোৱাৰোঁ৷ প্লিজ..!
এক অপ্ৰত্যাশিত যুজঁৰ আৰম্ভণি ঘটাই, হস্পিটেলৰ পৰা সপোনৰ মৰমৰ ঘৰখনলৈ উভতি আহিল সৃজনা।
* * *
সুদূৰ আমেৰিকাত সৃজনাৰ অসুস্থতাৰ খবৰে অস্থিৰ কৰি তুলিলে সপোনক। এনে স্পৰ্শকাতৰ সময়তো সৃজনাৰ সহচৰ হৈ থাকিব নোৱৰাৰ দুখবোধত দগ্ধ হ’ল তাৰ বুকুখন। সৃজনালৈ ফোন কৰিলে সি। বহু সময় ৰিং হৈ থকা সত্তেও ফোনটো ৰিচিভ্ নকৰাত, অনামী ভয় এটাই ক্ৰিয়া কৰিলে তাৰ মনত। প্ৰায় আধা ঘন্টা সময় সৃজনাৰ নম্বৰটো ডায়েল কৰিয়েই পাৰ কৰি দিলে সপোনে আৰু প্ৰতিবাৰেই দীঘলীয়া ৰিংট’ন বজাৰ শেষত ফোনটোৰ সংযোগ বিছিন্ন হৈ পৰাত, ডেউকা ভগা চৰাইটোৰ দৰে ছটফটাই উঠিল সি।
কি বা কৰি আছে সৃজনাই! হতাশাই গ্ৰাস কৰাত নকৰিবলগীয়া কিবা এটা কৰি পেলোৱা নাইতো! উস, কিবোৰ যে মনলৈ আহিছে! হয়তো মানসিক অৱসাদে ক্লান্ত কৰি তোলাত শুই পৰিছে তাই। শোৱাৰ পৰা উঠি ইমানবোৰ মিছক’ল দেখা পালে, নিশ্চয় কল বে’ক্ কৰিব৷
ভাবনাৰ দোমোজা৷
নিজকে প্ৰবোধ দিলে যদিও, সপোনৰ চকু পিছে ম’বাইলৰ স্ক্ৰীনখনতে এঠা লাগি ৰ’ল। এনে অনুভৱ হ’ল, নিমিষতে যেন চমুৱাই পেলাব সুদীৰ্ঘ পথছোৱাৰ দূৰত্ব! লৱৰি আহি মৰমী পত্নীক আলফুলে বুকুলৈ সামৰি ল’ব।
একোতে মন বহা নাই তাৰ। লেপটপটো উলিয়াই জৰুৰীকালীন ছুটী মঞ্জুৰৰ বাবে ক’ম্পানীৰ ব্ৰাঞ্চ হেড মেথিও গ’লভাৰলৈ মেইল এটা কৰি থ’লে সি। মনে-মনে সিদ্ধান্ত এটাও লৈ পেলালে- এইবাৰ যদি ছুটী মঞ্জুৰ নকৰে, সকলো বাদ দি ভাৰতলৈকে একেবাৰে ঘূৰি যাবগৈ। সৃজনাৰ ভিজা ৰেডি হোৱালৈ অপেক্ষা কৰোঁতে কৰোঁতে, জীৱনৰ এই পঙ্কিল সময়খিনিতো সি তাইক অকলশৰীয়াকৈ এৰি আহিবলৈ বাধ্য হ’ল। কিমান চাগৈ দুখ পাইছে তাই!
অৱশেষত অপেক্ষাৰ ওৰ পেলাই দুপৰ নিশা, সপোনৰ ফোনটো বাজি উঠিল। ইথাৰৰ সিপাৰৰ পৰা ভাহি অহা সৃজনাৰ মাতটো শুনি, সৰু ল’ৰাৰ দৰে ফেঁকুৰিবলৈ ধৰিলে সি।
: বলিয়া নেকি তুমি? কিমান চিন্তা হৈছিল জানানে মোৰ? কিমানবাৰ ফোন কৰিছোঁ! আৰ ইউ অ’কে সৃজনা? সঁচাকৈ কোৱাঁ৷
: ড’ণ্ট ৱ’ৰি ডিয়েৰ৷ ঠিকেই আছোঁ মই৷ লিভিং ৰূমত বহি থাকোঁতে কেতিয়ানো চকু দুটা টানি ধৰিলে গমেই নাপালোঁ অ’। ছ’ ছ’ৰি৷
: চোৱা সৃ, হস্পিটেলৰ পৰা ওলায়েই তুমি অকলে থকা কথাটোৱে মোক বৰকৈ চিন্তাত পেলাইছে। অন্ততঃ সুস্থ হৈ নুঠালৈকে, মাৰ ঘৰতেই যদি দুদিনমান থাকিলা হয়! নাইবা মাকেই কোৱাঁচোন- কেইদিনমান থাকি দিয়ক তোমাৰ লগতে। মই সোনকালেই গৈ পাম।
: তুমি আহিবা সপোন! সঁচাই কৈছা? তোমাক বৰকৈ মিছ কৰিছোঁ জানা৷ এসোপা কথাই বুকুখনতে খুন্দিয়াই আছে। তোমাক অলপ ওচৰত বিচাৰি বাউলী হৈছোঁ মই। আৰু অপেক্ষা নকৰাবা সপোন। নহ’লে টেঁটু ফালি-ফালি ফোনতে গান শুনাম এতিয়া- … লম্বি জুদাই / চাৰ দিন’ কা..৷
হাঁহিবলৈ যত্ন কৰিলে তাই৷
সপোন অহাৰ খবৰটোৱে মনৰ ভিতৰত তোলপাৰ লগাই থকা ধুমুহাজাকক কিছু পৰিমাণে শান্ত কৰিবলৈ সক্ষম হ’ল যদিও, বুকুখন কুটি-কুটি খাই থকা কেঁচা ঘাঁটুকুৰাৰ যন্ত্ৰণাবোৰক কি কৰা যায়! আছেনে সেইবোৰৰ নিৰাময়ৰ উপায়! নিজকে এগৰাকী সুদক্ষ অভিনেত্ৰী যেন অনুভৱ হ’ল সৃজনাৰ। পিছে সৃজনাৰ হাঁহিটোৰ আঁৰত বুকু বিদাৰি বাহিৰ হ’ব খোজা চিঞৰটো অথবা কান্দোনটোক সপোনে ঠিকেই শুনিবলৈ পালে। কথাৰ পটভূমি সলাবলৈকে ৰসিকতাৰে কৈ উঠিল সি৷
: তোমাৰ প্ৰথম প্ৰেম দেখোন তোমাৰ লগতে আছে। কি কৰি আছানো? তোমাৰ দৰে প্ৰতিভাবান মহিলাই কাৰোবাৰ সান্নিধ্য বিচাৰি হতাশ হয়! আচৰিত! যোৱা, অন্তৰতম অনুভৱখিনিক ৰং-তুলিকাৰে সজাই পেলোৱাঁ। তোমাৰ শিল্পীসত্তাক জাগ্ৰত কৰাঁ আৰু সকলো বিষাদৰ পৰা মুক্ত হোৱাঁ।
: তাকেইতো হৈ উঠা নাই সপোন। নিজৰ লগতে যুঁজি যুঁজি ভাগৰি পৰিছোঁ মই। অথচ….
দীঘলকৈ উশাহটো টানি, কেইটামান মৌন মুহূৰ্তৰ অন্তত কৌতূহল মিশ্ৰিত কণ্ঠৰে পুনৰ কৈ উঠিল তাই৷
: আচ্ছা, আমাৰ লিভিং ৰূমত থকা পেইণ্টিংখন তোমাৰ দৃষ্টিৰে বৰ্ণনা কৰাঁচোন।
: এই সময়ত! মানে, এই দোভাগ ৰাতি আমাৰ বাৰ্তালাপৰ বিষয়বস্তু হ’ব এখন পেইণ্টিং! কি যে কোৱাঁ! কেতিয়াবা অলপ ৰোমাণ্টিক হ’বলৈও শিকিবাচোন সৃ৷
: প্লিজ, বি চিৰিয়াছ। আচলতে কোনো ঘটনাৰ দ্বাৰা উদ্দীপ্ত হ’লেই মানুহ অনুভূতি প্ৰকাশৰ বাবে উদগ্ৰীৱ হয়। ময়ো চাগৈ ছবিখনক সেইবাবেই নতুনকৈ পঢ়ি পেলালোঁ। অথচ যিদিনা তুমি সেইখন আনি আমাৰ লিভিং ৰূমৰ ৱালত আঁৰি দিছিলা, বিবসনা নাৰীগৰাকী দেখি লাজতে তল মূৰ কৰিছিলোঁ মই। আমাৰ একান্ত সময়বোৰতো কেতিয়াবা সেই নিৰাভৰণ শৰীৰটোৰ লগত নিজকে ৰিজাই চাবলৈ মন গৈছিল মোৰ। আজি পিছে কথাটো সুকীয়া। মই যেন সেই ছবিখনত নিজকে বিচাৰি পাইছোঁ!
: হোৱাট? মই কাষত নাই বাবে পেইণ্টিংখনৰ লগতে কথা পাতিছা মানে!
: জানা সপোন, ছবিয়েও কথা কয়৷ কিমান সময় যে মই সেই ছবিখনতে ডুবি থাকিলোঁ! উলঙ্গ নাৰী এগৰাকীৰ অভ্যন্তৰত লুকাই থকা কিছুমান নিদাৰুণ সত্যক, ছবিখনে যেন প্ৰকট কৰি তুলিছে! হয়তো প্ৰেম-অপ্ৰেমৰ কথকতা, আশাহত হোৱাৰ বেদনা অথবা অনিচ্ছাকৃতভাৱে এটা বৃত্তত বন্দী হৈ পৰাৰ যাতনা… মুঠতে অজস্ৰ অব্যক্ত কাহিনীয়ে তেওঁৰ দুচকুত ভিৰ কৰিছেহি। অথচ তেওঁ কান্দিব পৰা নাই। চৌপাশৰ পৃথিৱীখনৰ প্ৰকৃত স্বৰূপ নিৰূপণ কৰি বিতুষ্ট হৈ উঠিছে তেওঁ। সাগৰৰ নীলাভ জলৰাশি, প্ৰকাণ্ড ঢৌবোৰৰ জলকেলি আৰু মৃদু গুঞ্জন অথবা প্ৰকাণ্ড গর্জন, এইবোৰৰ প্ৰতি যেন একেবাৰেই অনাসক্ত মানুহগৰাকী!
আচলতে নিৰ্বাক আৰু স্থিৰ হোৱাৰ সত্তেও জড়তাৰো এক নিজস্ব কথনশৈলী থাকে। পেইণ্টিঙৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ সুবাদতে, জড়তাৰ পৰিভাষাকো আয়ত্ত কৰিবলৈ সক্ষম হৈ উঠিছে সৃজনা।
সৃজনাৰ কথাখিনি ফঁহিয়াই চালে সপোনে৷
: কি জানা সৃ, অনিন্দ্য সুন্দৰী দেৱী ভেনাছৰ উলংগ ছবিখন বা অজন্তা ইলোৰাৰ স্বল্পবসনা নাৰী মূৰ্তিবোৰৰ শৰীৰৰ খলাবমাত কোনোবাই সৌন্দৰ্যৰ চৰম সত্যক বিচাৰি লয়নে যৌনতাক, নে সেয়াও সহজাত জৈৱিক তাড়নাৰ কাৰক হৈ পৰে- সেইখিনি নিৰ্ভৰ কৰে তেওঁলোকৰ মানসিকতাৰ ওপৰতহে। তুমি পেইণ্টিঙৰ চখ ৰাখাঁ বাবেহে, ছবিখন কিনি পেলাইছিলোঁ মই৷ সেইখনৰ গূঢ়াৰ্থ বুজি চোৱাৰ প্ৰয়োজনো অনুভৱ কৰা নাই ইমানদিনে। পিছে বুজি নাপালোঁ- সেই তৈলচিত্ৰখনত তুমি কেনেকৈ নিজকে বিচাৰি পালা?
নিজকে সম্বৰণ কৰি ৰখা অসম্ভৱ হৈ উঠিল সৃজনাৰ বাবে৷ মনৰ ভিতৰত অজস্ৰ পাক লগা কথাৰ উকমুকনি, অথচ সেই পাকবোৰ খুলিবলৈও এইখিনি সময় সঠিক নহয়! সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা প্ৰিয়তম পুৰুষজনক ফোনতে কথাবোৰ জনোৱাটো উচিত হ’ব জানো! সিদ্ধান্ত এটা ল’বলৈও বিমোৰত পৰিল সৃজনা। জোৰকৈ চেপি ৰখা কান্দোনটো এইবাৰ গেঙনি এটাৰ দৰে বাহিৰলৈ ওলাল।
: তুমি কান্দিছা সৃ? নাকান্দিবা। বৰ্তমান তুমি কেনে মানসিক অন্তৰ্দ্বন্দ্বৰে সময় পাৰ কৰিছা, মই সকলো বুজোঁ। কি ভাবিছা – মাহঁতে মোক নজনোৱাকৈ ইমান এটা ডাঙৰ সিদ্ধান্ত লৈ পেলালে? নহয় সৃ। সেই সিদ্ধান্তত মোৰো সম্পুৰ্ণ সহমত আছে।
সপোনৰ কথা শুনি মুক হৈ ৰ’ল সৃজনা।
: তুমিও?
: হয় , ময়ো। কথাবোৰ ফোনত খুলি ক’বলৈ অসুবিধা হৈছে। এটাই জানি থোৱা, মোৰ বাবে তোমাৰ উশাহৰ উৰ্ধত আন একোৱেই নহয়। আজিকালি বহুত উন্নত পদ্ধতি আছে, উপায় আছে। লগ হৈ কথা পাতিম এই বিষয়ে। ডাক্তৰৰ ৰিপৰ্টবোৰ ভালদৰে পঢ়ি চোৱাঁ সৃ।
* * *
হস্পিটেলৰ ফাইলটোৰ এসোপামান কাগজৰ ভিতৰত, প্ৰথম পৃষ্ঠাতে ৰঙা চিঞাহীৰে লিখি ৰখা এটা মাথোঁ শব্দতে সেইদিনা থমকি ৰৈছিল সৃজনা- ‘এব’ৰটেড’৷ পিছে, বাকীবোৰ পৃষ্ঠাত তাতোকৈও এক ভয়ংকৰ সত্যই যে তাইলৈকে বাট চাই আছিল!
উশাহৰ সন্ধানত ককবকাই থকা সৃজনাৰ মনৰ ন্যূনতম আশাকণো এইবাৰ শূন্যতাত বিলীন হ’ল! স্ফটিকৰ দৰে সকলোবোৰ স্বচ্ছ হোৱাৰ পাছত, মৃত্যুৱৎ যন্ত্ৰণাই এটুকুৰা জীয়া শিললৈ পৰিৱৰ্তিত কৰিলে মানুহজনীক!
* * *
দুদিনমানৰ পৰা এক অদ্ভুত ছটফটনিয়ে প্ৰতিনিয়ত ঘেৰি ৰাখিছে সৃজনাক। দিনলিপিৰ পৃষ্ঠাত দৈনন্দিন কাম-কাজবোৰো যেন একেবাৰেই গুৰুত্বহীন হৈ পৰিছে! নিজৰ শৰীৰটো বলিয়াৰ দৰে খেপিয়াই চাই, কোনোবা সময়ত বিকট চিঞৰ একোটাৰে বুকুখন নিৰ্ভাৰ কৰিবলৈ যত্ন কৰিছে তাই৷ পিছে একোৱেই প্ৰতিহত কৰিব পৰা নাই সেই যন্ত্ৰণাক।
ৰেয়াৰ ক্ৰম’জমেল ডিচঅৰ্ডাৰ।
উস..অবিশ্বাস্য , অবিশ্বাস্য..!
আত্মা সৃষ্ট কোনো বস্তু কেনেকৈ উশাহৰ প্ৰত্যাহ্বান হ’ব পাৰে! কেনেকৈ হ’ব পাৰে সত্যৰ অপলাপ!
কিবা এটা ভাবি কেনভাছ ব’ৰ্ডখন লাগি থকা ইজে’লডালৰ ওচৰ চাপি গ’ল তাই৷ বৰ্ণহীন ব’ৰ্ডখনত যাতনাৰ নীলাখিনি উবুৰিয়াই দিবলৈ তাইৰ ভীষণ মন গ’ল। কিজানি ভিতৰি ভিতৰি তেজৰ সুঁতিৰ দৰে কেঁচা হৈ ৰোৱা আঘাতখিনি, বাহিৰত অলপ হ’লেও নিৰাময় হয়েই! পিছে বাস্তৱ আৰু কল্পনাৰ যোগসূত্ৰ স্থাপনাৰ্থে, আত্মবিশ্বাসৰ সাঁকো এখন নিৰ্মাণ কৰিবলৈ কৰা প্ৰয়াসত বাৰে বাৰে উজুটি খাইছে তাই। মনতে কিমানবাৰ যে ছবিখন আঁকিছে আৰু মোহাৰি পেলাইছে! নিজকে প্ৰশ্ন কৰিছে- এই হতাশাজৰ্জৰ সময়ৰ পৰা আত্মোদ্ধাৰৰ কিবা উপায় আছে নে!
কেতিয়াবা এটা প্ৰশ্নৰ উত্তৰে আন এটা প্ৰশ্নক অৱলম্বন হিচাপে লৈও, আমাৰ দুচকুত হঠাতে আহি ধৰা দিয়েহি। কেৱল উত্তৰটোক বিচাৰি উলিওৱাৰ বাবে প্ৰয়োজন হয়, প্ৰশ্নটো উত্থাপন হোৱাৰ নেপথ্যৰ কাৰণটোৰ সূক্ষ্ম বিশ্লেষণ আৰু সেই বিশ্লেষণক উপলব্ধি কৰিব পৰাকৈ আমাৰ ধনাত্মক দৃষ্টিভংগীৰ।
ইজে’লডালৰ কাষতে, ইতিমধ্যে শুকাই কৰ্কৰিয়া হোৱা ৰংবোৰ ছেদেলি-ভেদেলি হৈ পৰি আছে৷ পেইণ্টব্ৰাছ হ’ল্ডাৰটোৰ পৰা পছন্দৰ ব্ৰাছ এডাল উলিয়াই ল’লে সৃজনাই আৰু ব্যথাজৰ্জৰ সময়খিনিৰ পৰা আত্মোদ্ধাৰৰ প্ৰচেষ্টাত আত্মনিয়োগ কৰিলে। সুদীৰ্ঘ সময়ৰ অন্তত, অমীমাংসিত হৈ ৰোৱা এটা জটিল সমীকৰণক সমতুল কৰিবলৈ যেন সক্ষম হৈ উঠিল তাই।
* * *
ইতিমধ্যে সপোনো সুদূৰ আমেৰিকাৰ পৰা উলটি আহিল। মনৰ বিশৃংখল চিন্তাবোৰ একাষৰীয়াকৈ ৰাখি, সৃজনাৰ চকুত চকু থ’লে সি। তাইৰ সজল দুচকুৰ পৰা সৰো-সৰো কৰা চকুপানীখিনিত যেন অপাৰ বিস্ময়! তথাপি, ভাগি-ছিগি চূৰমাৰ হোৱাৰ বিপৰীতে সৃজনাৰ শান্ত-সমাহিত ৰূপটোৱে স্বাভাৱিকতে আশ্চৰ্যচকিত কৰি তুলিলে তাক।
: আচৰিত হৈছা? ভাবিছা নিশ্চয়, কেনে হৃদয়হীনা নাৰী এইগৰাকী ! সন্তান প্ৰাপ্তি এগৰাকী নাৰীৰ পূৰ্ণতা। আৰু মই- অনুৰ্বৰা৷ খৰস্ৰোতা নৈখনৰ দৰে অকস্মাতে বৈ অহা কেঁচা তেজ এসোপাই মোৰ গৰ্ভৰ ভ্ৰূণটোকো ক’ৰবাৰ দূৰণিলৈ উটুৱাই লৈ গ’ল। জানো সপোন, বহুত উপায় আছে। পিছে, সেই যে জীয়া অনুভৱখিনি..! চোৱাঁচোন, আজীৱন বিচ্ছিন্ন হৈ ৰ’লোঁ মই সেইখিনিৰ পৰা৷ পিছে, মোৰ হৃদয়ত বৰ্তমান কোনো যন্ত্ৰণা নাই৷ বিশ্বাস কৰা সপোন, নিজকে প্ৰশ্ন কৰিছোঁ- যন্ত্ৰণাৰ জখলাডাল বগাই নীৰৱতাৰ হিমশীতল জলধাৰাত অৱগাহন কৰাৰ ইচ্ছাক কেনেকৈ বাস্তৱ ৰূপ দিলোঁ মই! আচলতে নিজকে আশ্বস্ত কৰিব পৰাকৈ আত্মোদ্ধাৰৰ বাট এটা কাটি উলিয়ালোঁ মই৷ কেৱল মোৰ এটা অনুৰোধ ৰাখিব লাগিব তুমি। ৰাখিবা নে সপোন?
আস.. যন্ত্ৰণাৰ সৈতে উশাহৰ উঠা-নমাক সন্তুলিত কৰি ৰখা কিমান যে কষ্টকৰ! সৃজনাৰ বুকুৰ বিষটো সপোনলৈও যেন সংক্ৰমিত হ’ল।
: কোৱাঁ, কি?
: মই মোৰ কলিজাটোক আজীৱন মোৰ শৰীৰত ধাৰণ কৰি ৰাখিব বিচাৰোঁ। মোক এটা টাটু বনাবলৈ অনুমতি দিবা সপোন?
কথাখিনি কৈ শৰীৰটো আৱৰি ৰখা বস্ত্ৰবোৰ এপদ-এপদকৈ খহাই গ’ল সৃজনাই। বুকুৰ উপত্যকাৰ পৰা নাভি প্ৰদেশলৈকে এডাল স্পর্শকৰ দৰে শুই থকা এটি ফুলকুমলীয়া শিশুৰ ৰেখাচিত্ৰ তাইৰ নিৰাভৰণ শৰীৰটোত সুস্পষ্ট হৈ উঠিল। হাতদুখন ওপৰলৈ দাঙি, প্ৰশান্তিত দুচকু মুদি দিলে তাই।
কি এক সকাহ!
কি এক পূৰ্ণতা!
এটি দেৱশিশুৰ কলৰৱে মুহূৰ্ততে যেন মুখৰিত কৰি তুলিলে সিহঁতৰ চৌপাশৰ পৃথিৱীখন!
আঃ… কায়িক অনুপস্থিতিতো কাৰোবাক অনুভৱত জীয়ন দি ৰখাৰ কি যে অপূৰ্ব আয়োজন এয়া!
সমুখত মাটিৰ গোসাঁনী৷
গোসাঁনীৰ আত্মাত নাঙঠ সাঁথৰ৷
সেই নয়নাভিৰাম দৃশ্যক বিমুগ্ধতাৰে দুচকুতে সামৰি থ’লে সপোনে। লিভিং ৰূমৰ অইল পেইণ্টিংখনৰ নাৰীগৰাকী আৰু সৃজনাৰ মাজত থকা সাদৃশ্যখিনি এইবাৰ সপোনৰো দৃষ্টিগোচৰ হ’ল৷
এৰা, এখন ছবিটো খোদিত হৈ থাকে অলেখ অবিদিত কাহিনী। এখন ছবিয়েও ধাৰণ কৰি ল’ব পাৰে আত্মাসৃষ্ট কোনো সত্যক। সেই সত্য কাৰোবাৰ বাবে যদি হৈ পৰে প্ৰাণ নাশক বিহ, কাৰোবাৰ বাবে হয়তো সঞ্জীৱনী সুধা!
—
ঠিকনা :
ডিমৰুগুৰি, নগাঁও।
ভ্ৰাম্যমাষ : ৯১০১২০৩৫৫৪
