Written by sdblogs2011 5:28 am Articles

সমৃদ্ধি সনাতনী

 পৰিস্মিতা বৰদলৈ

ৰান্ধনী বেলিটোৱে দুপৰৰ আকাশখনত মুঠি মুঠি ৰং সিঁচি দিছে আৰু এয়া তাই সকলো কাম সামৰি থৈ তাইৰ প্ৰিয় খিৰিকীখনৰ ওচৰত ৰৈছেহি৷ এই সময়খিনিত তাই নিজক বিচাৰি পায়,  আচলতে নিজক বিচাৰি লয়। কেতিয়াবা তাই খিৰিকীখনৰ আনটো পাৰে এটা সেউজীয়া পাহাৰ দেখা পায়,  কেতিয়াবা নৈ খন,  কেতিয়াবা মন্দিৰটো,  কেতিয়াবা নামঘৰটোৰ সৈতে এল.পি. স্কুলখন,  কেতিয়াবা টেঙা বল খেলি থকা কিশোৰজাক আৰু কেতিয়াবা সেই সত্ৰখন,  য’ৰ প্ৰশান্তিময় পৱিত্ৰতাই তাইৰ অন্তৰক ঐশ্বৰ্যশালী কৰি তোলে৷ সেই সময়চোৱাত তাইক একোৱে চুব নোৱাৰে৷ না কষ্ট,  না পীড়া,  না শোক কিম্বা তাপ৷ একোৱেই তাইক সেই সময়খিনিত আঘাত কৰিব নোৱাৰে৷ হয়তোবা তাই সেই সময়ত তাইৰপৰা বহুত দূৰলৈ গুচি যায় অথবা তাই নিজৰ একেবাৰে কাষ চাপি আহে৷ আচৰিত ধৰণেৰে সেই সময়ত তাইৰ কাষ চাপি আহে তাইৰ প্ৰিয় গীতৰ কলি, প্ৰিয় কবিতাৰ পংক্তি অথবা কোন কাহানিবাতে দেখা কিন্তু অন্তৰৰ মণিকোঠাত সজীৱ হৈ থকা কিছু ছবি। এনে সময়বোৰতে তাইৰ লগত তাইৰ আটাইতকৈ প্ৰিয় সংগীজন থাকে, যি তাইক ওমলাই, নিচুকাই ৰাখে, যি তাইৰ চকুৰপৰা পৰিব খোজা মুকুতা হেন অশ্ৰুকণাক হাতৰ আঁজলিত ধৰি ৰাখিব বিচাৰে, যি তাইৰ হাতত ধৰি তাইক সেই ঈশ্বৰৰ পৃথিৱীলৈ লৈ যাব বিচাৰে, য’ত তাই তাইৰ অন্তৰাত্মাৰ আহ্বান  শুনা পাব পাৰে৷ সেইখন পৃথিৱী এক সনাতন পৃথিৱী৷ কোনো আদিমতা, বৈষয়িকতা নথকা এখন অমলিন পৃথিৱী৷ তাত আমোলমোলাই ফুলি থাকে সুগন্ধি ফুলবোৰ, তাত চৰাইবোৰে অনৰ্গল কিচিৰ-মিছিৰকৈ শব্দ কৰি থাকে, তাত ৰং-বিৰঙৰ পখিলাবোৰ উৰি থাকে, তাৰ আকাশত উৰি থাকে ফাগুনৰ চিলাবোৰ, তাত অহৰহ বৈ থাকে জিৰিজিৰি নৈ অথবা কুলুকুলু নিজৰা, তাত কাৰোৰে প্ৰতি ঈৰ্ষা নাথাকে, কোনো বস্তুৰ প্ৰতি লালসা নাথাকে আৰু একোৰে প্ৰতি ক্ষোভ কিম্বা খং নাথাকে৷ সেই পৃথিৱীখনৰ সৈতে চিনাকি হোৱা তাইৰ বৰ বেছিদিন নাই হোৱা৷ কিন্তু চিনাকি হোৱাৰেপৰাই তাই এক সাধনাত ব্ৰতী হৈছে৷ সেই সাধনা কৰিবলৈও তেঁৱেই শিকাইছে তাইক৷ যেতিয়া এদিন কথাৰ মাজতে তেওঁ তাইক সেই বিশেষ উপমাটো দিছিল৷

: আপুনি মোৰ বাবে পয়গম্বৰৰ দৰেই৷ যদিওবা একেখন পৃথিৱীতে আছোঁ, তথাপি যেন আৱিষ্কাৰ কৰি পেলাইছোঁ অন্য এখন পৃথিৱী৷

: কথাটো ঠিক সেয়া নহয়৷ হয়তো তোমাৰ মাজৰ ঐশ্বৰিক সত্ত্বাটোৱে তোমাক তোমাৰ নতুন পৃথিৱীখনৰ সৈতে পৰিচয় কৰোৱাই দিছে৷ তুমিতো নিজেই ‘সমৃদ্ধি সনাতনী’৷

তেওঁৰ কথাত তাই বহুপৰ নিৰৱে ৰয়৷ আচলতে নিৰৱতাৰ মাজতো তাই মনে মনে নামটো আওঁৰাই লয় বাৰেবাৰে৷ সমৃদ্ধি সনাতনী! সমৃদ্ধি সনাতনী! কেইটামান নিৰৱ মুহূৰ্তৰ পাছত তাই সোধে৷

: ‘সমৃদ্ধি সনাতনী’ মানে?

তেওঁ উত্তৰত একো নকয়৷ নিৰৱে হাঁহে৷ তেওঁৰ নিৰৱতাত অসন্তুষ্ট হয় তাই৷ হয়তো অকণমান ক্ষুণ্ণ আৰু লগতে কিছু পৰিমাণে অধৈৰ্য্যও৷

: নকয় কিয় অৰ্থটো? কিনো ‘সমৃদ্ধি সনাতনী’ মানে?

তেওঁ পুনৰ মুখত সেই হাঁহিটো ৰাখিয়েই কৈ উঠে৷

: এইমাত্ৰই সেই ধৰ্মৰপৰা এআঙুলমান তুমি পথচ্যুত হৈছা৷

: তাৰমানে? ‘সমৃদ্ধি সনাতনী’ মানে…? কি ধৰ্মৰ কথা কৈছে আপুনি?

: পাছত বুজিবা!

: অলপমানো নাই বুজা যে এতিয়া৷

: যোৱাঁ তোমাৰ সময় হ’ল এতিয়া৷ কামত লাগাঁ৷

সিদিনালৈ খিৰিকীখন জপাই তাই পুনৰ আনখন পৃথিৱীলৈ ঘূৰি আহে৷ যিখন পৃথিৱীক কেতিয়াও তাই উপেক্ষা কৰিব নোৱাৰে, যিখন পৃথিৱীয়ে তাইক কঠিন বৰ্ম পিন্ধাই অহৰহ যুঁজ দি থাকিবলৈ অনুপ্ৰাণিত কৰে৷ যিখন পৃথিৱীত তাইৰ দায়িত্ব আছে, কৰ্তব্য আছে, লগতে অনেকজনৰ বাবে কিবা কৰাৰ দায়বদ্ধতা আছে৷

ডাঙৰ ৰান্ধনীশালটোত সোমাই তাই এলুমিনিয়ামৰ ডাঙৰ চৰিয়াটো উলিয়াই লয়৷ গধূলিৰ সাজৰ যোগাৰত লাগি যায় তাই৷ কবি, আলু, বৰবেঙেনাৰ মজলীয়া জোখ কৰি যায় তাইৰ পাকৈত হাতেৰে৷ ফ্ৰীজৰপৰা উলিয়াই আনে সৰু মাছ৷ পিৰালিত কাটি থোৱা কলপাতখন আনি  মাছ বাছিবলৈ ধৰে এইবাৰ৷ মাছবোৰৰ পেটু উলিয়াই বাকলিবোৰ গুচাই লয় ব’ঠিত৷ মাছ বছা কামটোও যে ইমান মজাৰ,  সেই কথা তাই উপলব্ধি কৰাই নাছিল কিছুদিন আগলৈ৷

সৰু থাকোঁতে ঘৰত ডাঙৰ ডাঙৰ মাছবোৰ দেউতাকে বজাৰতে কটোৱাই আনিছিল৷ সেইদৰে জাকৰুৱা ঘৰখনত সৰু মাছবোৰো খুৰীয়েক-বৰবৌয়েক হঁতে লাগি-ভাগি বাছিছিল৷  হাঁহ-কুকুৰাবোৰ মৰাৰ দায়িত্ব আছিল সৰুজন দদায়েকৰ৷ সাধাৰণতেই সিহঁতক এইবোৰ কাম সিহঁতৰপৰা আঁৰবেৰকৈ কৰা হৈছিল৷ কিন্তু এদিনাখন তাই লগৰীয়াৰ সৈতে লুকাচুৰি খেলি থাকোঁতে দেখা পাইছিল কিদৰে সৰু খুৰাকে ডিঙি মুচৰি পেলাইছিল মূৰ্গীটোৰ। তাইৰ চকুহাল থৰ হৈ গৈছিল৷ বুকুখন যেন মোচৰ খাই গৈছিল৷ নাঃ তাৰপাছত আৰু তাই বহুবছৰলৈ মাছ-মাংস মুখত দিব নোৱৰা হৈছিল। কুকুৰাটোৰ মৰণকাতৰ আৰ্তনাদ, চিটিকি পৰা তেজ আৰু মুণ্ডবিহীন চৰাইটোৰ পাছৰ অংশৰ ধপধপনিয়ে তাইক বহুনিশা শুবলৈ দিয়া নাছিল। তাৰপাছতো যেতিয়া সিহঁতৰ ঘৰৰ আগেদিয়েই চাইকেলৰ আগফালে মোনাত ভৰাই ডেকেৰুৱা ছাগলীবোৰ লৈ যোৱা হৈছিল দেওবৰীয়া হাটত বেচিবলৈ৷ তেতিয়াও সেই ছাগলীবোৰৰ ভেলেঙী চকুবোৰে তাইক কষ্ট দিছিল৷ তাই নোৱৰা হৈছিল মাংসৰ জালুকীয়া খনেৰে আগৰদৰে ভাতকেইটা সানি খাবলৈ, খেলি থকাৰপৰাই দৌৰি আহি ভজা মাংসৰ টুকুৰাটো গৰমে গৰমে কেৰাহীৰপৰা নি চোবাই থাকিবলৈ৷ সেয়া আজিৰপৰা প্ৰায় দুটা দশকৰ আগৰ কথা৷ কিন্তু পৰিস্থিতিৰ পাকচক্ৰই তাইক ঘূৰাই আনি এনে জেগাত থেকেচা মাৰি থ’লেহি যে তাই খাব পৰা হৈ গ’ল মাংসৰ জোল, ভজা মাছ, পোৰা মাছৰ চাটনি৷

দেখিবলৈ চকুত লগা আছিল তাই৷ পঢ়া-শুনাতো নাম কৰি আহিছিল৷ তাই মনতে ভাবিছিল লিখা-পঢ়া শিকি অন্ততঃ মাক, বৰবৌৱেকহঁতৰ বাবে কিবা এটা কৰিব পাৰিব আগলৈ । কিন্তু তাই কিবা কৰাটো বাদ কলেজৰ শেষৰ পৰীক্ষাটো দিয়াৰ পাছতেই বাপেক, দদায়েকহঁতে তাইৰ বিয়া ঠিক কৰি পেলাইছিল৷ ভগ্ন স্বপ্ন, চকুপানীৰ সাগৰ এখন, নোকোৱা অলেখ কথাৰ ভাৰ এখন বুকুত বান্ধি ওলাই আহিছিল তাই নতুন একেবাৰে অচিনাকি অথচ এখন নতুন ঘৰলৈ৷

নতুন ঘৰখনত সোমোৱাৰ পাছদিনাৰপৰাই তাইক ভৰা ঘৰখনৰ ভাতৰ চৰুটো চমজাই দিয়া হৈছিল । ঘৰখনৰ লগুৱা-লিকচৌ মিলি একুৰি মানুহৰ ভাতৰ আয়োজন তাইক কৰিবলৈ দিয়া হৈছিল। শুকান জলকীয়া, জিৰা-জালুক পিচি পিচি সেইদিনা ৰাতিলৈ তাইৰ হাতৰ তলুৱাত ভমভমাই জুই জ্বলিছিল৷ ঘৰৰ বনকৰা ল’ৰাটোৱে মাৰি থোৱা পাৰ কেইটা তাইক গুচোৱাবলৈ দিয়া হৈছিল৷ লগতে কুটাবছা কৰিবলৈ৷ গৰৈ মাছকেইটা বাছি-কুছি দিছিল আলধৰা তিৰোতা মালতীয়ে৷ কিন্তু মাছকেইটাৰ গাত ফুটছাই সানি পকা আঙঠাত দি দিওঁতে তাইৰ গাত কোনোবাই আঙঠা দিয়া যেন পাইছিল৷ আচলতে কামখিনি কৰিবলৈ কোনেও আদেশ ঠিক দিয়া নাছিল৷ কিন্তু তাই বাধ্যছাত্ৰীৰ দৰেই সকলোখিনি কৰি গৈছিল৷ কিন্তু আটাইতকৈ ডাঙৰ ঘটনাটো ঘটিছিল ভাতৰ পাতত৷ যেতিয়া সকলোলৈকে পাৰৰ মাংসৰ জালুকীয়া, গৰৈমাছৰ পিটিকা আৰু অন্যান্য নানাবিধ ব্যঞ্জনেৰে ভাত যতনাই দিয়াৰ পাছত তাই আলুসিদ্ধ, ঘিঁ ৰে ভাতকেইটা সানি লৈছিল খাবলৈ৷ হঠাৎ এহেতা মাংসই তাইৰ কাঁহীখন ওপচাই পেলাইছিল৷ তাই ভাতৰপৰা উঠি গৈ হকহকাই বমি কৰি দিছিল৷ ঘৰৰ মানুহবোৰৰ চকুবোৰ এনেকৈ আশ্বৰ্যত মেল খাই গৈছিল যেন বহুত ডাঙৰ কাণ্ড এটাহে ঘটিছিল৷ তাৰপাছত যেন আৰম্ভ হৈছিল আন এখন মহাভাৰত৷ শোৱাকোঠালৈ মধ্যৰাতি সোমোৱা মানুহজনে এষাৰ কথাৰো বিনিময় নকৰাকৈ পৰি ৰৈছিল বিচনাৰ এচুকত৷ নৱপৰিণীতা তাই একো বুজি পোৱা নাছিল৷ তাই বুজি পোৱা নাছিল এনে কি অপৰাধ হ’ল, যাৰবাবে সকলোৱে তাইক উদ্দেশ্যি ফুচফুচনি আৰম্ভ কৰি দিছিল৷ ফুচফুচনি আছিল যদিও তাইৰ কাণত নপৰাকৈ নাছিল তাৰে দুই এটা কথাৰ টুকুৰা৷ “ঘৰতেই কিবা কৰি আহিছে চাগে!”, “আহিয়েই ওকলিয়াইছেহি৷”, “আমাৰ মাটিহেন ল’ৰাটোলৈহে বেয়া লাগে দেহি!”৷

উস্! অসহ্য! অসহ্য! মানুহবোৰৰ অবিবেচকী বিচাৰ বিৱেচনাত দগ্ধ হৈছিল তাইৰ হৃদয়৷ কিয় এনে হয়! কথাবোৰৰ গভীৰতালৈ নোযোৱাকৈয়ে উপৰুৱাকৈয়ে কিয় সিদ্ধান্ত গ্ৰহণ কৰা হয় ! কিয় বিচাৰকৰ কাঠগৰাত থিয় কৰোৱা হয় অমূলক কিছু সন্দেহক! কিয় ভিতৰলৈ জুমি নোচোৱাকৈ বাহ্যিকতাকে সাৰ কৰি শুনাই দিয়া হয় চৰমতম আদেশ৷

ওৰেটো নিশা তাই চটফটাই থাকিল৷ তাই আশা কৰিছিল এবাৰ তেওঁ কাষ চাপি আহক, তাইক সোধক এনেকুৱা কিয় হ’ল ! মাথোঁ এবাৰ তাইক কোৱাৰ সুযোগ দিয়ক।  মাত্ৰ এবাৰ! কিন্তু সেই আশা সম্পূৰ্ণ চূৰ্চুমৈ কৰি মানুহজন হৈ থাকিল নিৰৱ৷ নিৰৱতাৰো ইমান হুংকাৰ থাকিব পাৰে বুলি সেইনিশাহে তাইৰ উপলব্ধি হ’ল৷ নিৰৱতায়ো ইমানকৈ দহিব পাৰে বুলি কেতিয়াও আগেয়ে তাই ভাবিবই পৰা নাছিল৷ এনে এক অপৰাধেৰে তাইৰ নিজকে অপৰাধী অনুভৱ হৈ থাকিল যি অপৰাধ তাই কৰাই নাছিল। পুৱালৈ ঘৰখন কাঁহ পৰি জীণ যোৱাৰ দৰে হৈ আছিল। তথাপি যেন ফুচফুচ কথাৰ টুকুৰা, তীৰ্যক চাৱনিবোৰে তাইক শেল হৈ বিন্ধিছিল৷ কিন্তু আটাইতকৈ বেছি বিন্ধিছিল যাৰ নামত দুটা দিন পূৰ্বে শিৰত সেন্দূৰ পিন্ধি সেইখন ঘৰৰ সদস্য হৈছিল তেওঁৰ নিশ্চুপ, উদাসীনতাই৷ তাইৰ বাবে নতুন জীৱনটোত ভৰি দিয়েই সন্মুখৰ পথচোৱা ধূসৰ যেন লাগিছিল৷ তাই বিচাৰিছিল এবাৰ হ’লেও কোনোবাই তাইক সোধক৷ কিন্তু ঘৰখনৰ  কোনেও একো নোসোধাকৈ, একো নজনাকৈ তাইৰ বাবে সেইঘৰৰ দুৱাৰ বন্ধ কৰি দিছিল৷ অপমানিত, জৰ্জড়িত হৈ ওলাই আহোঁতে তাইৰ এটোপালো চকুলো ওলোৱা নাছিল৷ বুকুখন ডাঠ হৈ গৈছিল৷ ক’ৰপৰা ইমান শক্তি আহি পৰিছিল তাই নাজানে৷ কিন্তু তাই মনক বুজাইছিল যে এতিয়া আৰু তাই নিজৰ বাবে আন এখন দুৱাৰ খুলি ল’বই লাগিব নিজেই৷ কিয়নো পিতৃগৃহতো যে তাইৰ বাবে ঠাই নহ’ব বুলি ইতিমধ্যে তাই পূৰ্বানুমান কৰিয়েই পেলাইছিল৷

খোল খাইছিল সঁচাকৈয়ে দুৱাৰ এখন । অথবা ক’ব পাৰি যেন তাই বিচাৰি লৈছিল এখন দুৱাৰ৷ হাতত থকা দুটামান টকাক সাৰথি কৰিয়েই তাই থকাৰ এটা ব্যৱস্থা বিচাৰি টলৌটলৌকৈ ঘূৰি ফুৰিছিল  দিনটো৷ অ’ত-ত’ত সুধি এটা মহিলা হোষ্টেলত ভৰি দিছিলগৈ৷ ‘ওৱৰ্কিং অ’মেন হোষ্টেল’৷ তাই একো লুকঢাক নকৰাকৈ  হোষ্টেলৰ গৰাকীক সকলো কৈ দিছিল৷ লগতে কৈছিল যে সদ্যহতে তাইক পাৰিলে এটা কামৰ যোগাৰ কৰি দিবলৈ যেনেতেনে হোষ্টেলতে। হোষ্টেলৰ গৰাকী আছিল এগৰাকী মহিলা৷ কঠিন মুখাৱয়বৰ মানুহগৰাকীৰ অন্তৰখন যেন কোমল আছিল কিছু পৰিমাণে৷ তেওঁ তাইক  কৈছিল এটা কাম কৰিলে কিছুদিনৰ বাবে তাই হোষ্টেলত থাকিব পাৰিব,  কিন্তু তাইৰ শিক্ষাদীক্ষা চাই তেনে কাম কৰিবলৈ ক’বলৈ তেওঁ কিছু দ্বিধাবোধ কৰিছে৷  তাই কৈছিল যে শিক্ষাই মানুহক জ্ঞানী কৰে আৰু কামে কৰ্মী৷ তাই দুয়োটাকে সন্মান কৰে৷ তেওঁ মান্তি হৈছিল৷ আৰু তাই অস্থায়ীভাৱে মকৰল  গৈছিল সেই হোষ্টেলৰ ৰান্ধনী হিচাপে, যিহেতু কিছুদিনৰ বাবে স্থায়ী ৰান্ধনীজন ঘৰলৈ গৈছিল৷ তাই যেন সকাহ পাইছিল৷ তাইৰ মন বুজিয়েই প্ৰথম প্ৰথম কেঁচা মাছ-মাংসবোৰ তাইক ধোৱাপখলা কৰিবলৈ দিয়া নাছিল৷ সেয়া কৰিছিল যোগালী জনে। পাছে লাহেলাহে তাই কৰিব পৰা হৈ গৈছিল সকলো৷ অভ্যস্ত হৈ পৰিছিল কামবোৰত৷ মুখত দিব পৰাও হৈছিলগৈ আমিষ আহাৰ৷ মাহচেৰেক যোৱাৰ পাছত খবৰ আহিছিল কিবা এক অচিন বেমাৰত ৰান্ধনিজন আক্ৰান্ত হৈছে আৰু তেওঁ কাম কৰিব নোৱাৰে৷ কাৰোবাৰ দুখৰ খবৰ এটাও যে কাৰোবাৰ বাবে সকাহৰ হ’ব পাৰে সেই কথা যেন সিদিনাহে তাই উপলব্ধি কৰিব পাৰিছিল। তাইক স্থায়ী ৰান্ধনী হিচাপে থাকি গৈছিল তাতে৷ অৱশ্যে হোষ্টেলৰ গৰাকীয়ে তাইক নিজক ছোৱালীৰ দৰে মৰম কৰিছিল আৰু তাইৰ ইচ্ছা থাকিলে এই কামৰপৰি আহৰি উলিয়াই আন কামো কৰিব পাৰিব বুলি কৈছিল তাইক৷ তায়ো ভাবিছিল ৰন্ধাবঢ়াৰ কামৰপৰা আজৰি হৈ যিখিনি সময় তাইৰ হাতত ৰয় তাক তাই সজকামত খটুৱাব৷

কেতিয়াবা কেতিয়াবা মানুহৰ জীৱনত কিছুমান আচৰিত সংযোগ ঘটে৷ কল্পনাতীত ঘটনা ঘটে৷ তাইৰ জীৱনতো অনুৰূপ ঘটনা সংঘটিত হ’ল৷ এদিন তাই এনেয়ে ওলাই গ’ল হোষ্টেলৰ ওচৰৰ বস্তি অঞ্চলটোলৈ৷ য’ত তাইৰ বাবে ৰৈ আছিল অপৰিসীম আশ্বৰ্য আৰু কিছু যাতনা, বিষাদ৷ পুষ্টিহীনতাত ভোগা মাকবোৰ আৰু সিহঁতৰ সন্তান, এখিনি অকটা গোন্ধ আৰু এসোপামান কোৰ্হাল। গোটেই পৰিৱেশটোৱেই আছিল তাইৰ বাবে আচহুৱা৷ সিদিনা হোষ্টেললৈ উভতি অহাৰ পাছত কামৰ মাজেমাজে দিনটোৰ ছবিবোৰ মনলৈ আহি আছিল৷ আনকি ৰাতি বিচনাত পৰাৰ সময়তো তাইক সেই ছবিখনে আমনি কৰিবলৈ ধৰিছিল৷ তাইৰ এনে লাগিছিল যেন তাইৰ বাবে এয়া এক সেউজ আহ্বান৷ হয়তো অদৃষ্টৰ৷ তাইৰ যেন কিছু কৰিবলগীয়া আছে৷ যেন তাইৰ দুহাতত ঈশ্বৰে তুলি দিছে এই সনাতন কৰ্তব্য, যাক তাই পালন কৰিব লাগিব, তায়েই কৰিব লাগিব, পাৰিব তাই! পাৰিবই!

তাই হেজাৰবাৰ না কৰা সত্ত্বেও হোষ্টেলৰ গৰাকীয়ে এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি তাইৰ হাতত গুজি দি আহিছে প্ৰতিমাহে ইয়ালৈ অহাৰপৰাই৷ সেই টকাত তাই আজিলৈকে হাত দিয়া নাই৷ ভাবিছিল কেতিয়াবা কাৰোবাৰ কামত খাটিব, তাইৰতো খৰছ বুলিবলৈ তেনেকৈ নায়েই। এতিয়া সেই পুঁজিখিনিকে সাৰথি কৰি ঈশ্বৰপ্ৰদত্ত এই ৰাস্তাটোত তাই খোজ পেলাব, ঈশ্বৰেই দেখুওৱা এই ৰাস্তাত ঈশ্বৰেই সহায় নহ’ব জানো তাইৰ! হ’ব! হ’ব! নিজকে প্ৰবোধ দিয়ে৷ পাছদিনাৰ পুৱাটো তাইৰ বাবে এক উজ্জ্বল সম্ভাৱনা হৈ আহে৷ পুৱাৰ স্নানপৰ্বৰ পাছত থাপনাত চাকিগছি দিয়েই তাই ৰান্ধনিশালত সোমায়৷ আজি সোনকালে কামখিনি কৰি অটাই তাই হোষ্টেলৰ গৰাকীক তাইৰ এই উদ্দেশ্যৰ বিষয়ে ক’ব৷ আজি ওলাই যাব তাই৷ আগবেলাৰ সকলো জাজ মাৰি থৈহে যাব৷ গধূলিৰ চাহপৰ্বৰ আগে আগে পালেহিও হ’ব তাই৷ তাই খৰখেদা কৰে৷

মানুহে যেতিয়া সম্পূৰ্ণ শুদ্ধ অন্তৰেৰে কোনো এটা কাম কৰিবলৈ মন মেলে৷ স্বয়ং ভগৱান তেওঁৰ সহায় হয়৷ আকৌ কেতিয়াবা কোনোবাজন আহি সেই কামত হাত উজান দিয়ে, সেইজন ঈশ্বৰ প্ৰেৰিত দূত! পয়গম্বৰ! পয়গম্বৰ!

থুপুক-থাপাককৈ নতুন কামটোৰ বাবে তাই খোজ দিয়াৰ পৰতে তেওঁক লগ পাই যায় তাই৷ তেওঁ আচলতে আহিছিল বস্তি অঞ্চললৈ এক ক্ষেত্ৰ অধ্যয়নৰ বাবে কিবা গৱেষণাৰ কামত৷ তাতেই দুয়োৰে পৰিচয় হ’ল, কামৰ সংক্ৰান্ততেই দুয়োৰে কথাবতৰা হ’বলৈ ধৰিলে সঘনাই আৰু লাহে-লাহে যেন দুয়োৰে ঘনিষ্ঠতা বাঢ়ি আহে৷ অৱশ্যে এটা কথা ঠিক সিহঁত দুয়োৱে পতা কথাখিনিৰ মাজত সিহঁতৰ বিষয়ে কোনো কথাই নাথাকে, থাকে  কেৱল আনৰ জীৱন পোহৰাব পৰাৰ কিছু ধাৰণা। পাছে সেই সময়খিনিয়ে দুয়োকে পোহৰময় কৰি ৰাখে, কৰি তোলে সমৃদ্ধ৷ তাই যেন নতুনকৈ জীৱনৰ অৰ্থ বিচাৰি পাবলৈ ধৰে৷ তেওঁ প্ৰায়ে তাইক এটা বিশেষ নামেৰে মাতে৷ সেই নাম তাইৰ আত্মাৰ জুৰণি হৈ ৰয়৷ ইমান পূৰ্ণ হৈ উঠে তাই যে অতীতৰ শূন্যতাবোৰে আহি বশ কৰিব নোৱাৰে৷

এইযে সৰুৰেপৰা মাছ-মাংসলৈ অনীহা থকা ছোৱালীজনী যি কেৱল এইটো দোষৰ(?)বাবেই  বিয়া হৈ আহি নতুন ঘৰখনত কিছু অবাঞ্চিত, অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হ’ল, কেৱল কিছু অবিবেচকী বিবেচনাৰ বাবে, অহেতুক সন্দেহৰ বাবেই বিতাড়িত হ’ল সেই ঘৰখনৰপৰা, যিজনী ছোৱালীয়ে প্ৰতিবাদ কৰিবলৈকো শক্তি হেৰুৱাই বাছি লৈছিল নিজৰ পথ সেই ছোৱালীজনীয়ে কেনেকৈ যে পাছলৈ সকলো সময়তে আগেয়ে বেয়া পোৱা কামটোতেই মজি থাকিবলৈ ল’লে৷ তাই প্ৰথম হোষ্টেলত ভৰি থ’বৰ দিনা যদিওবা হোষ্টেলৰ গৰাকীয়ে মৰমতে তাইক ‘ৰান্ধনী’ হিচাপে ৰখাৰ কথা কৈ দিছিল৷ তথাপি ভিতৰি শংকাত ভূগিছিল৷ যিহেতু সপ্তাহৰ পাঁচোটা দিনেই হোষ্টেলৰ ৰান্ধনীশালত আমিষ চলে৷ অৱশ্যে প্ৰথম প্ৰথম কেইদিনমান তাইক মাছ-মাংস কুটাবছা কৰিবলৈ দিয়া নগৈছিল, সাধ্যানুসাৰে তাই যাতে কেঁচা মাছ-মাংস কমকৈ চুবলগীয়া হয় তাৰ প্ৰতি হোষ্টেলৰ গৰাকী সচেতন আছিল৷ যোগালি হিচাপে থকা মদনেই কুটা-বছা আদিবোৰ কৰি দিছিল৷ কিন্তু এদিন যেতিয়া মদনো আকস্মিকভাৱেই ঘৰলৈ একেবাৰে গুছি যাবলগীয়া হ’ল৷ তেতিয়া তাইৰ হাতত বা হোষ্টেলৰ গৰাকীৰ হাতত বিকল্প নাছিল৷ ‘মানুহ পৰিস্থিতিৰ দাস’_প্ৰচলিত কথাষাৰ প্ৰতিপন্ন কৰি তায়ো অভিযোজনৰ সূত্ৰ মানিবলৈ আৰম্ভ কৰিছিল৷ এদিন দুদিনকৈ তাই নিজেও অকণমান অকণমানকৈ জুতি ল’ব পৰা হৈছিল৷ আচৰিত ধৰণেৰে আগৰ সেই বিতৃষ্ণা ভাৱ সম্পূৰ্ণকৈ আঁতৰি গৈছিল৷ সময়ৰ লগেলগে যেন মাছ-মাংস বছা-কুছা কামবোৰ তাই অনায়াসে কৰিব পৰা হৈ গৈছিল৷

পাকঘৰৰ কামবোৰ সামৰি এতিয়া পুনৰ তাই খিৰিকীখন খুলি লৈছে৷

: শুনাচোন৷

: ওঁ কওক৷

: তোমাৰ জীৱনৰ সেই ঘটনাটোৰ পাছত তেওঁলোকে তোমাক ঘৰৰপৰা উলিয়াই যে দিলে,  তাৰ পাছত কি তুমি যে কোনো দোষ কৰাই নাছিলা সেই কথা তেওঁলোকে গমেই নাপালে কেতিয়াও?

: সত্য কথাবোৰ জানো বেলিৰ দৰেই নহয়! তেওঁলোকেও সত্যৰ সম্ভেদ নোপোৱাকৈ থকা নাছিল৷ সেই ঘটনাৰ কেইমাহমান যোৱাৰ পাছতে তেওঁ পুনৰ বিবাহ কৰোৱাইছিল আৰু তাৰো দিনচেৰেক পাছত হঠাৎ এগৰাকী ধুনীয়া জোনৰ দৰে মুখৰ মানুহ আহিছিল হোষ্টেললৈ৷ তেওঁ মোক লগ কৰিবলৈ বিচাৰিছিল৷ মোক দেখামাত্ৰেই মোক মূৰৰপৰা ভৰিলৈকে চাইছিল আৰু মোৰ দুহাতত ধৰি হুকহুকাই কান্দি পেলাইছিল৷

: কোন আছিল তেওঁ?

: স্বামীৰ আৰু স্বামীগৃহৰ প্ৰত্যেকৰ পাপৰ মোচন ঘটাবলৈকে যেন তেওঁ আহিছিল৷ তেওঁ মোৰ বিষয়ে অহুকাণে-পহুকাণে শুনিছিল আৰু বহুত বিচাৰ-খোচাৰ কৰি মোক লগ ধৰিছিলহি৷ তেওঁৰ চকুত ক্ষমাপ্ৰাৰ্থনা আছিল৷

: অৰ্থাৎ তেওঁ তেওঁৰ নৱবিবাহিতা পত্নী আছিল৷ দ্বিতীয়া পত্নী।

: এৰা! সেই সুৱৰ্ণৰ দৰে মানুহজনীক দেখি মোৰ মনত যি অকণমান ক্ষোভ ৰৈ গৈছিল, সেয়াও যেন পানী হৈ গৈছিল৷ মোৰ  হৃদয় যেন গলি গলি পৰিণত হৈছিল এক পৱিত্ৰ জলধাৰাত৷ সেই জলধাৰাই ধুই নিছিল অতীতক সম্পূৰ্ণৰূপে৷ মোৰ হাতত ধৰি ক্ষমাভিক্ষা কৰা মানুহজনীক মই আকোঁৱালি ধৰিছিলোঁ আৰু তেওঁৰ নতুন জীৱনৰ বাবে শুভকামনাৰ ফুল চটিয়াই দিছিলোঁ৷ তেওঁ গুছি গৈছিল কিছু সুগন্ধি বুকুত কঢ়িয়াই আৰু কিছু মোৰ বাবে এৰি৷

: সেয়েতো তোমাক মই সেই নামেৰে মাতোঁ৷ সমৃদ্ধি সনাতনী তুমি৷

: আপুনি নিজেই যে পয়গম্বৰ সেয়েতো আপুনি সকলোতেই ঈশ্বৰক দেখে৷ দেখে পৱিত্ৰতা৷ কিন্তু মোক আপুনি দিয়া এই নামৰ অধিকাৰী হ’বলৈ হয়তো আৰু বহুযোজন বাট অতিক্ৰম কৰিব লাগিব৷ তেতিয়াহে মই মোৰ গন্তব্য পাম৷

: আমি সকলোৱেই গন্তব্যৰ কথা কওঁ৷ লক্ষ্যৰ কথা কওঁ৷ কিন্তু তুমি জানানে যি গন্তব্যৰ সন্ধানত আমি নামি পৰোঁ, সিয়ে আমাক আমাৰ গন্তব্যই উপনীত কৰাওক বা নকৰাওক, যাত্ৰাপথৰ সুন্দৰতাক কিন্তু নিশ্চিতভাৱে উপলব্ধি কৰোৱায়৷

: সেয়া বাৰু হয়৷ মই কি ভাবোঁ জানে? ‘মৃত্যু’ৱেই হয়তো আমাৰ চৰম গন্তব্য৷ তথাপি এই সকলো জানিও আমি জীৱনৰ সন্ধানত জানো নামি নপৰোঁ ! এয়াইতো জীৱনৰ সাধনা৷ ‘সমৃদ্ধি সনাতনী’ হ’বলৈ কৰা তপস্যা৷

: তুমি যি তপস্যাৰ কথা, সাধনাৰ কথা বাৰেবাৰে কৈ থাকা৷ হয়তো তুমি নজনাকৈয়ে গন্তব্যৰ অৰ্দ্ধেকতকৈও বেছি ইতিমধ্যেই অতিক্ৰম কৰি পেলাইছা৷ গতিকে এই সময়খিনিয়েইতো সমৃদ্ধিশালী সময়৷

পয়গম্বৰৰ এই এষাৰ কথাই যেন তাইক ভৰাই পেলায়৷ শূন্য তাইৰ দুহাতে এনে কি পূৰ্ণতা পায়, যিয়েই তাইক বাহিৰে-ভিতৰে সমৃদ্ধ কৰি ৰাখে৷ তাই যেন হৈ উঠে ‘সমৃদ্ধি সনাতনী’৷ খিৰিকীখন জপাই তাই কোঠাটোৰ এচুকৰ থাপনাখনত বন্তিগছি জ্বলাই দিয়ে, ধূপকাঠি কেইডাল জ্বলাই গুজি দিয়ে৷ দুচকু মুদি তাই বিৰবিৰাই উঠে, পয়গম্বৰ! পয়গম্বৰ! বতাহত সেই শব্দকেইটা ঠেকা খাই পুনৰ তাইৰ কাণত অনুৰণিত হৈ উঠে সমৃদ্ধি সনাতনী! সমৃদ্ধি সনাতনী!

ফোন – ৯৬১৩৭৯৩০৭৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close