Written by sdblogs2011 3:45 pm Poems

সমাপন (এটা ইক’পয়েট্ৰি)

সুশান্ত বৰা  

মোৰ উশাহৰ বাট সাৰিপুচি নিকা কৰাটো জটিলতৰ হৈ উঠে আহিনীয়া চুলিটাৰিৰ বাবে,  

চুলি সামৰা ইমান সহজ হৈ নুঠে 

যেতিয়া তেওঁৰ খাৰুৰ খেয়ালে হেন্দোলনি তোলে ৰাতিৰ গাত ৷

মানুহৰ গা শুঙি পগলা হয় তেজপিয়া মহ 

আজীৱন শত্ৰু হোৱাৰ সত্তেও মহ হত্যা কৰিব নোৱৰাটো মানুহৰ দুৰ্বলতা, 

যদিও মহ হত্যা কৰাটো মানুহৰ বাবে তেনেই সহজ, 

সাধাৰণতে শত্ৰুক লাই দি কোনো মানুহেই অবোধতাৰ পৰিচয় নিদিয়ে ৷ 

অন্ধকাৰতকৈ তেওঁৰ চকুৰ ভীতিবিহ্বলতাই মোক মাৰি নিয়ে, 

মই তৰ্জনী আঙুলিৰে তেজপিয়াটোক আঁতৰাই দিওঁ 

যিটো তেজপিয়া এটা খেদাবলৈ সৰ্বস্ব নহয় ৷ 

দৃষ্টিৰ ব্যাপ্তিৰে তেওঁ মোক সোধে 

আৰু কিমান ? 

নিমাওমাও এন্ধাৰ সন্তাপৰ সানমিহলি !

কেতিয়াবা সন্তাপবোৰ ঠিক ৰু ৰু জোনাকৰ দৰে 

গলি গলি গলাই নিয়ে হৃদয় ৷

বুকুৰ চকল কাটি তেওঁক বিদায় দিয়াৰ ভীষণ ইচ্ছা জাগে যদিও 

বিৰত থাকোঁ, যুদ্ধ মোৰ উদ্দেশ্য নহয়,  

যুদ্ধ = ধ্বংস, 

যদিও ধ্বংসৰ পৰাই পৃথিৱী 

বতাহ পানী আৰু মাটি;

এনেকুৱা সৃষ্টিশীল ধ্বংস পুনৰ হওক বুলি কোনো মানুহে বুকুত হাত থৈ ক’ব পাৰেনে ?

বৰঞ্চ মই তেওঁক কওঁ, আহাঁ গছ হওঁ 

পাত সাবটি যন্ত্ৰণাকাতৰ ওঁঠেৰে তেওঁ চুমা থয়, নীলা,  

গছৰ হাত গজে এখুদমান

সন্তানৰ অসীম আকুলতাৰে গছে তেওঁক আৱৰে

গছে ভৰি মেলি গজগজাই শিপাই যায় 

মোৰ বুকুৰ পলস 

মই প্ৰাপ্তিৰ উপাসনাৰ ভৰুণ সমাপনেৰে  জনাওঁ  কৃতজ্ঞতা ৷

এতিয়া কোনে বিশ্বাস কৰিব 

গছবোৰ মানুহ ৷

                     ***

ঠিকনা : যোৰহাট 

ফোন : ৯১০১৫৩৬১০৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close