Written by sdblogs2011 12:52 pm Poems

সপোনপুৰত জোনাক

উচ্চজিৎ দশগিৰি

সপোনপুৰত এদিন জোনাক নামিছিল;

আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি।

আমি চাবলৈ নাপালোঁ,

আমি তেতিয়া ব্যস্ত আছিলোঁ জীৱিকাৰ মৃত নগৰীত।

আমাৰ আকাশ বিষাদে ঢাকি আছিল,

আমাৰ চকুত নাছিল সপোন দেখাৰ হাবিয়াস।

আমি এক অজান ভয়ত পলাই ফুৰিছিলোঁ

নিজৰপৰা নিলগলৈ।

কাৰ নিৰ্মম হাতৰ আঁচোৰে খহাই পেলাইছিল

আমাৰ স্বপ্নৰ মালভূমি,

কাৰ কুটিল দৃষ্টিয়ে কাঢ়ি নিছিল

আমাৰ দুচকুৰ ভাষা,

কোন দূৰ অস্তাচলত বিস্মৃত হ’ল

আমাৰ প্ৰেমৰ আকাশ;

তাৰ লেখ আমি ৰখা নাছিলোঁ।

আমি মাথোঁ পলাই ফুৰিছিলোঁ

সপোনৰ ভয়ত,

নিজকে চিনাৰ পাপত।

তাৰ বহুদিন পাছত

এদিন বিৰক্তিত,

অতৃপ্তিত

আমি ওলাই আহিছিলোঁ

মৃতকল্প নগৰীৰ আন্ধাৰ গলিৰপৰা।

তেতিয়া সপোনপুৰত আমাৰ বাবে জোনাক নাছিল,

নাছিল কোনো আলোকিত দুৱাৰমুখ, স্বৰ্গৰ বাৰণ্ডাৰ।

আমাৰ বাবে এখনো আকাশ নাছিল,

নাছিল মৃতকল্প নগৰীলৈ উভতি যোৱাৰো বাট।

আৰু যেতিয়া

আমাৰ বাবে প্ৰতিটো পথেই বাধাৰ একোখন প্ৰাচীৰ;

আমাৰ সন্মুখত কেৱল হতাশাৰ গলিৰ অন্ধকাৰ,

আমাৰ হাতত সময়ো নাছিল

পোৱা-নোপোৱাৰ বাহিৰত হিচাপ কৰাৰ

আৰু নিজক চিনাৰ অৱকাশ।

আমি অভিশাপ দিছিলোঁ ডন কিহ’টেক ! 

ঠিকনা :

মৰিছ নগৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বাসগৃহ চৌহদ

নতুন দিল্লী, পিন-১১০০০৭

ভ্ৰাম্যভাষ : ৯৮৯৯২২০৮৯৮

Visited 3 times, 1 visit(s) today
Website |  + posts
Close