পৰাগজ্যোতি মহন্ত
এদিন এন্ধাৰ আৰু পুৱাৰ প্ৰথম পোহৰৰ
সন্ধিৰ সময়তে শেতেলিতে
এটা সপোন দেখিলোঁ-
সপোনতে লগ পালোঁ এজন পদাতিকক
আশাৰ এটা পূৰ্ণ পথেৰে গৈ আছিল পদাতিক
হাতত এটি পাত্ৰ
গাত এখন কম্বল
প্ৰতিজন পদাতিকে কঢ়িয়াই লৈ ফুৰিবলৈকে লৈ ফুৰে হাতত
একোটি পাত্ৰ
জেতুকাপতীয়া জীৱনৰ ৰসবোৰ য’ত জমে
সপোনত লগ পোৱা পদাতিকৰ
দুহাত মলিয়ন
অংগবস্ত্ৰও অশোভনীয়
তথাপি তেওঁৰ নাছিল লাজৰ লক্ষণৰেখা
অথবা অলপো বোধ
অঁকা নোহোৱা ভ্ৰূকুটিৰ এখন কপাল
অলপ পৰ ৰৈ মই ভাবিলোঁ,
বোধ আৰু লজ্জা নহ’লেও জীৱন জানো নচলে!
কিছুমান মানুহ থাকে, যি চকু থাকিও অন্ধ
কিছুমান মানুহ আছে যাৰ কায়া কাপোৰে ঢকা
অথচ, ঢাকিব পৰা নাই লজ্জা
কিছুমান মানুহ আছে যি প্ৰতিনিয়ত গিলি আছে আহাৰ
অথচ ক্ষুধাৰ নাই অন্ত
আৰু গৈ থাকিব পৰাকৈ বাট আছে যদিও বাটৰ অন্ত নাই
এদিন এন্ধাৰ আৰু পুৱাৰ প্ৰথম পোহৰৰ সন্ধিৰ ক্ষণতে শেতেলিত
এটা সপোন দেখা পালোঁ মই
আৰু জাগি উঠিলোঁ-
সেই সপোনৰে এটা আকৃতি আঁকিলোঁ
আৰু নাম থ’লোঁ বাঙ্ময়
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
