Written by sdblogs2011 10:30 am Articles

সন্তানৰ মুখত নেতিবাচক উক্তিৰ প্ৰয়োজনীয়তা

 ড ভাৰত বৰুৱা

        অভিভাৱকত্বৰ গুৰুসকলৰ মতে ল’ৰা-ছোৱালী ডাঙৰ দীঘল কৰাৰ কোনো পাঠ্যপুথি বা অনুসৰণ-পুথিৰ দৰকাৰ নাই। পিতৃ-মাতৃ বা অভিভাৱক হিচাপে আপুনি সদায় বিচাৰিব যে নিজৰ সন্তান বা ল’ৰা-ছোৱালী সুখী হওক। এক কথাত পিতৃ-মাতৃৰ সময়, প্ৰচেষ্টা আৰু অৰ্থৰ এক গৰিষ্ঠ ভাগ ল’ৰা-ছোৱালীক সুখী কৰোঁতেই খৰচ হয়। কিন্তু আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে – ল’ৰা-ছোৱালীৰ প্ৰতি থকা পিতৃ-মাতৃৰ অতিমাত্ৰাৰ আদৰক ঢাল কৰি লৈ বস্তুবাদী সুখৰ বজাৰত যদি অতিৰিক্ত মূল্য নিৰূপণ কৰা আছে? তেনে ক্ষেত্ৰত বাৰু আপোনাৰ কৰণীয় কি হ’ব পাৰে? কেতিয়াবা কি ল’ৰা-ছোৱালী অসুখী হোৱাটো আপুনিও মনে মনে বিচাৰে? আপুনি বাৰু কোনোবা মুহূৰ্তত ভাবিছেনে যে ল’ৰা-ছোৱালী কেতিয়াবা অসুখী হোৱাটো স্বাস্থ্যসন্মত বা সিহঁতৰ মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে? মনোবিজ্ঞানী টৰি ৰড্ৰিয়াগাজৰ মতে দুখ, খং ইত্যাদি নেতিবাচক আৱেগবোৰো আমাৰ মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এই মানৱী জীৱনত সুখ থাকিলে দুখো থাকিব; দুখক জয় কৰিব পাৰিলে অথবা দুখৰ কাৰণবোৰ দূৰ কৰিব পাৰিলেহে সুখ অৰ্জন কৰা সম্ভৱ। কিন্তু এইটোও নহয় যে এবাৰ দুখ দূৰ কৰি সুখ লাভ কৰিলে জীৱনত আৰু পুনৰ দুখৰ বীজ অংকুৰিত নহ’ব। এক কথাত মানৱী জীৱন সুখ আৰু দুখৰ চাকনৈয়া মাথোঁ। গীতিকাৰ জাভেড আখতাৰ চাহাৱৰ কিশোৰ কুমাৰে গোৱা ঠিক সেই গানটোৰ দৰেই, “জীন্দেগী কী য়হী ৰীত হেঁ, হাৰ কে বাদ হী জিত হেঁ.. আজ গ্‘ম হেঁ তো ক্‘ল হেঁ খুচী।” মই ক’ব বিচাৰিছোঁ, আপোনাৰ ল’ৰা-ছোৱালী যদি মাজে মাজে অসুখী হয়, তেন্তে আপুনি পিতৃ বা মাতৃৰ দ্বায়িত্ব সুকলমে কৰি গৈছে। একোজন দ্বায়িত্বশীল পিতৃ বা মাতৃ হিচাপে আপুনি মাজে-মধ্যে আশা কৰা দৰকাৰ যে আপোনাৰ ল’ৰা-ছোৱালী কেতিয়াবা অসুখী হওক বা সিহঁতৰ মনলৈ নেতিবাচক চিন্তা আহক। এতিয়া কথা হৈছে কি কি বিষয়ত সিহঁত অসুখী হ’লে বা নেতিবাচক চিন্তা সিহঁতৰ মনলৈ আহিলে আপুনি মনে মনে সুখী হ’ব? আহক তেন্তে তাকে বিশ্লেষণ কৰো :

 ১) “অমুক কাৰণত মোৰ মন বেয়া লাগিছে।”

        এইটো এনে এটা উক্তি যিটো কোনো অভিভাৱকেই নিজৰ সন্তানৰ পৰা শুনিবলৈ নাপালেই ৰক্ষা বুলি ভাবে। পৃথিৱীৰ কোনো অভিভাৱকেই কেতিয়াও আশা নকৰিব যে তেওঁৰ সন্তানৰ মন বেয়া লাগক। কোনোৱেই সন্মতানৰ ন বেয়া কৰিব নিবিচাৰে বা সিহঁতৰ মন বেয়া লগাটো ভাল বুলি গণ্য নকৰে। কিন্তু এই মন বেয়া লগাটো এই মানৱী জীৱনত অনিবাৰ্য। গতিকে আপোনাৰ সন্তানৰ কেতিয়াবা মন বেয়া লগাটো অৱধাৰিত। কিন্তু কৰুণ কথাটো হৈছে মনত দুখ লাগিলেও দুখ প্ৰকাশ কৰিব নোৱাৰাটো বা নজনাটোহে। গতিকে আমাৰ সন্তান যেতিয়া কোনো কাৰণত বিমৰ্ষ হয় বা মনত বেজাৰ লাগে, সেই বেজাৰ ভাবটোক স্বীকৃতি দিবলৈ বা প্ৰকাশ কৰিবলৈ সহায় কৰাটো পিতৃ-মাতৃৰ কৰ্তব্য। তাৰ লগতে পিতৃ-মাতৃয়ে এইটোও সন্তানক নিশ্চিত কৰি দিয়া দৰকাৰ যে দুখ বা বেজাৰ লাগিলে দুখী হোৱাটো বা দুখ প্ৰকাশ কৰাটো মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। পিতৃ-মাতৃয়ে বৰং দুখৰ প্ৰক্ৰিয়াকৰণত সহায়ক হোৱাৰ লগতে দুখৰ উপশমন কৰাত সহায়ক হোৱা দৰকাৰ।

২) “মই বিৰক্ত হৈছো বা মই ব’ৰ হৈছো।”

           উঠি অহা যুৱক-যুৱতী থকা ঘৰ এখনত পিতৃ-মাতৃ বা অভিভাৱকৰ ৰাতিপুৱাৰে পৰা গধুলিলৈকে এটাই চিন্তা, কি দৰে সিহঁতক ব্যস্ত ৰাখিব পাৰি। তেওঁলোকৰ দুচিন্তা যে ব্যস্ত নাৰাখিলে সিহঁত ব’ৰ বা বিৰক্ত হ’ব আৰু ব’ৰ হোৱাটো ভাল কথা নহয়। কিন্তু পিতৃ-মাতৃসকল, আপোনালোকৰ সন্তান ব’ৰ হ’ব বা বিৰক্ত হ’ব বুলি আপুনি ব্যতিব্যস্ত হোৱাৰ কোনো প্ৰয়োজন নাই। কিয়নো গৱেষণাৰ দ্বাৰা প্ৰমাণিত যে ল’ৰা-ছোৱালী অলপ ব’ৰ হোৱাটো স্বাস্থ্যসন্মত। পূৰ্বনিৰ্দিষ্ট কাৰ্যসূচী মতে একো কৰিবলৈ নাই বুলি ব’ৰ বা বিৰক্ত হ’লেহে ল’ৰা-ছোৱালীৰ নিজস্ব সৃষ্টিশীলতা তথা উদ্ভাৱনশীল চিন্তাধাৰাৰ বিকাশ বা উদগতি হয় ।

 ৩) “সেইটো সমীচিন নহয়।”

         আপুনি যদি পিতৃ-মাতৃ বা অভিভাৱক, আপুনি নিশ্চয় শুনিছে এই বাক্য শাৰী, “সেইটো সমীচিন নহয়।”  কিন্তু আমি আমাৰ সন্তানক জনোৱা উচিত যে জীৱনে কেতিয়াও কাকো সমীচিন কিবা এটা নিদিয়ে অথবা কাৰো সৈতে ন্যায়িকভাৱে লেনদেন নকৰে। কোনেৱে সমীচিন বা সমুচিত কিবা এটা পাবলৈ হয়তো অতি বেছি সংগ্ৰাম কৰিব লাগে আৰু আন কোনোৱে হয়তো কম সংগ্ৰাম কৰিয়েই তেনে কিবা এটা পায়। হয়, জীৱন কেতিয়াও নিৰপেক্ষ অথবা সমীচিন নহয় আৰু আমি সমীচিন হোৱা পৰ্যন্ত অপেক্ষা কৰাটো নিৰৰ্থক। পিছে এইটোও ঠিক যে আমি নিজৰ সন্তানক ইচ্ছাকৃতভাৱে হতাশ কৰা অনুচিত। কিন্তু সেইবুলি সিহঁতৰ মনে বিচৰা সকলো ইচ্ছা সৰবৰাহ বা পৰিপূৰণ কৰাটোও অপ্ৰয়োজনীয়। কেতিয়াবা সিহঁতৰ মনৰ “সেইটো সমীচিন নহয়” উক্তিৰ তাতপৰ্য সহজভাৱে এইটোও হব পাৰে যে, “মোক এইটো নালাগে, মোক সেইটোহে লাগে।” গতিকে আমি অভিভাৱক হিচাপে সেইটোহে কৰা দৰকাৰ যিটো সিহঁতৰ ভৱিষ্যতৰ বাবে উচিত আৰু এই শিকনিও দিয়া দৰকাৰ যে জীৱন কেতিয়াও সমীচিন নহয়। তুমি জীৱনত সদায় বিচৰা বস্তু নাপাবও পাৰাঁ আৰু সেয়াই জীৱনৰ আমোঘ সত্য। তথাপি এইটোও দৰ্শাই দিয়া দৰকাৰ যে জীৱন সমীচিন নহলেও, সদায় বিচৰা বস্তু নাপালেও, আমি এই মানৱ জীৱন সম্পূৰ্ণ তথা অৰ্থপূৰ্ণভাৱে জীয়াই থাকিব পাৰোঁ।

৪) “মই বৰ লাজ পালোঁ।”

        আজিৰ যুগৰ সন্তানে অলপতে লজ্জাবোধ কৰে। সিহঁতে যেতিয়া সমাজৰ প্ৰত্যাশিত বা আপেক্ষিত বিধিৰ লগত মিলিব নোৱাৰে বা নিজকে খাপ খুৱাব পৰা নাই যেন বোধ কৰে তেতিয়া লজ্জাবোধ কৰে। পিতৃ-মাতৃৰ বাবেও এইটো অনাকাংক্ষিত বিষয়, কিয়নো তেওঁলোকেও তেওঁলোকৰ সন্তানে সমাজত বা বিদ্যালয়ত নিজকে খাপ খুৱাব নোৱাৰাটো বা তাৰ বাবে সামাজত অপমানিত হোৱাটো নিবিচাৰে। কিন্তু এই ধৰণৰ অসহজ বা আখজা মুহূৰ্তবোৰেও সচৰাচৰ পিতৃ-মাতৃৰ বাবে এক সুযোগৰ সংবাদ কঢ়িয়াই আনে। এই সুযোগৰ বিষয়বস্তু হ’ল যে আমি মানুহ হিচাপে, সামাজিক জীৱ হিচাপে, আনৰ কটু উক্তি বা তাচ্ছিল্যভৰা উক্তিক কিমান মূল্য দিওঁ বা দিয়া উচিত? সন্তানৰ সামাজিক লজ্জাবোধৰ কাৰণ যদি বাহ্যিক কায়িক অৱয়ব, ছালৰ ৰং, বা পোছাক-পৰিচ্ছদ তেন্তে সেইটো যে উপেক্ষা কৰিবলগীয়া কাৰণ সেই কথা সন্তানক সোঁৱৰাই দিয়া অতিকে প্ৰয়োজনীয়। যেতিয়ালৈকে সামাজিকভাৱে সন্তানৰ আচৰণ ঠিক থাকে, কায়িক গঠন, গাৰ ৰং, অথবা পোছাক ইত্যাদি লজ্জাৰ কাৰণ হ’ব নালাগে। এই সুযোগতে পিতৃ-মাতৃয়ে সন্তানক নিজকে আৱিষ্কাৰ কৰাৰ পথ দেখুৱাব পাৰে। ল’ৰা-ছোৱালীৰ মনত নিজত্ত্ব বা আত্মপৰিচয়ৰ জ্ঞান বা আত্মবিশ্বাসৰ ভাব যদি জগাব পৰা যায় সিহঁতে সামাজিকভাৱে লজ্জাবোধ কৰাৰ পৰা বিৰত থাকিব পাৰিব।

 ৫) “মোৰ বহুত খং উঠিছে।”

         অৱশেষত, আমি বাৰু কিয় আশা কৰা উচিত যে কেতিয়াবা আমাৰ সন্তানৰ খং উঠাটো প্ৰয়োজনীয়? এই সংসাৰত বহু কথাই আছে যিবোৰে আমাৰ খং উঠাব পাৰে। আমি আমাৰ সন্তানক সঁকীয়াই থোৱা দৰকাৰ যে এই মানৱী জীৱনত ঘটা কিছুমান ঘটনা যুক্তিসংগত আৰু কিছুমান যুক্তিসংগত নহয়। অযুক্তিকৰ কথা বা ঘটনাক লৈ খং উঠাটো এটা উপযুক্ত প্ৰতিক্ৰিয়া। পিতৃ-মাতৃ বা অভিভাৱক হিচাপে এতিয়া আমাৰ কৰ্তব্য হ’ল যে সন্তানৰ মনৰ পৰা কিদৰে গঠনমূলকভাৱে এই খং ভাবটো দূৰ কৰিব পাৰি। আমাৰ সন্তানো একোটা মানৱী দেহাৰে গঢ়া মানৱী মনৰ জীৱ, গতিকে সিহঁতৰ খং উঠাটো খুবেই স্বাভাৱিক। পিতৃ-মাতৃৰ বাবে এইটো আচলতে এটা সুন্দৰ সুযোগ। সুযোগটো হৈছে প্ৰকৃত  জীৱনত কেনেদৰে খঙৰ লগত যুঁজিব লাগে বা আৱেগক কেনেদৰে  বান্ধি  ৰাখিব পৰা যায় সেইটো বাৰ্তা দিয়াৰ। পুনৰবাৰ, আখতৰ চাহাবৰ গীতৰ কথাৰ দৰেই, “আজ বীগৰে তো ক’ল ফিৰ বনে, আজ ৰুঠে তো ক’ল ফিৰ ম’নে… জীন্দেগী  কী য়হী ৰীত হেঁ, হাৰ কে বাদ হী জিত  হেঁ৷”

ঠিকনা : 

Assistant Professor 

Department of Chemistry and Biochemistry 

Kennesaw State University 

Kennesaw, GA 30144

E-mail: bbaruahksu@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close