Written by sdblogs2011 7:53 am Poems

সকলোৱে পৰা কাম সকলোৱে নোৱৰাৰ দৰে

ধীমান বৰ্মন

পাৰি

গানৰ জখলাৰেও উঠি গৈ

চুব পাৰি মেঘৰ কপাহী অহংকাৰ

ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল

দিব পাৰি ৰণ জিনাৰ হুংকাৰ

পাৰি

ছবিৰ জখলাও বগাব পাৰি

ৰঙৰ ছিটিকণিৰে

জ্বলাই দিব পাৰি দৃশ্যৰ বুকু

যদিও পাৰি

সকলোৱে পৰা কাম সকলোৱে নোৱৰাৰ দৰে

কবিয়েও বগাব নোৱাৰিলে জখলাৰ বুকু

এচুকত বস্তা পাৰি লৈ

কবিয়ে জখলা বগাবৰ বাবে

সী দিলে জোতা

আৰু উভতি অহাবোৰৰ

বাবে নিজৰ কাষতে পাৰি থ’লে

আৰু একোখন নতুন বস্তা

সীবৰ বাবে নতুন আৰোহীৰ জোতা

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close