Written by sdblogs2011 11:18 am Poems

ষ্টপিং বাই ৱুডছ অন এ স্নোৱি ইভনিং

মূল (ইংৰাজী):  ৰবাৰ্ট ফ্ৰষ্ট

অনুবাদ : ড দীপশিখা ভাগৱতী

মই জানো কোন এই অৰণ্যৰ অধিৰাজ।

যদিও এই গ্ৰামতেই তেওঁৰ অধিবাস;

নেদেখিব তেওঁ মোক ক্ষন্তেক ৰোৱা

আৰু মই চোৱা হিমস্নাত এই বনৰ আভাস।

আশ্বৰ্য প্ৰকাশ মোৰ কণমানি ঘোঁৰাটোৰ

কিয় ৰ’লোঁ এনে ঠাইত, য’ত নাই কোনো পামঘৰ

এই ঘনঘোৰ অৰণ্য আৰু গোট মৰা হ্ৰদৰ ফাঁকে ফাঁকে

বছৰটোৰ বিষণ্ণতম সান্ধ্য প্ৰহৰ।

পেটাজৰীৰ টিলিঙা জোকাৰি সি সুধিলে 

কোনো ভুল হোৱা নাইতো গৰাকীৰ।

বাকী শৱদ বুলিবলৈ আৰু মাথোঁ আছিল

সহজ বতাহৰ কোমল সঞ্চাৰ

আৰু সৰি পৰা বৰফৰ অধোমুখী ধাৰ।

প্ৰিয়দৰ্শন, এই অন্ধকাৰ গহন বন,

বহু কথা ৰখাৰ আছে মোৰ পণ,

যাবলৈ আছে সৌ দূৰ বহু দূৰ,

লভাৰ আগতে মই অন্তিম শয়ন।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close