Written by sdblogs2011 4:24 am Poems

শৱ

 প্ৰেমনাৰায়ণ নাথ

সময়ে গিলি থ’লে সময় সিদিনা

মেঘ বৈ আহে মাজে মাজে

পাৰ ভাঙি জ্বলা জুই হৈ

থোকাথুকি নামঘোষা

‘তেবেসে লৈলো শৰণ’

যেন ৰ’ল আহি জীৱনৰ পানচৈ ঢলং পলং

কেনেকৈ পঢ়োঁ আৰু এই পাঠ

ভগা কলিজাত

‘কিমতে ভকতি কৰিবো তোমাত হৰি এ’

এয়াই সচাঁ বেলিৰ পোহৰৰ দৰে

ভ্ৰান্তি মাথোন স্বপ্নবিলাস

চকুলো শুকাব জুই নুমাব

স্মৃতিৰ চিৰন্তন নৈ

চকুলোৰ ডঁৰিয়লিত ৰৈ

মোক সুধিব – কোৱাচোন কোন সচাঁ-

            তুমি নে মই?

***

Visited 2 times, 1 visit(s) today
Website |  + posts
Close