Written by sdblogs2011 7:14 pm Poems

শৰৎ

 হৰেকৃষ্ণ ডেকা

মোৰ ঘৰৰ পদূলিৰ শেৱালিজোপা

ফুলিছে ৷ মই দূৰত ৷

ইয়াত প্রৱাসৰ শৰৎ ৷

তাত পাতৰ ৰঙীন মদ।

আজি কুঁৱলী পৰিছে।

ইমান দূৰত,

ইমান দূৰত!

যোৱা বছৰ ঘৰত সৰা

শেৱালীৰ গোন্ধ পাইছোঁ ৷

—-

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close