Written by sdblogs2011 12:44 pm Poems

শ্ৰেষ্ঠ ভিক্ষা

অলকেশ কলিতা

শ্ৰেষ্ঠতম ভিক্ষা সেই প্ৰেম, যি মগনীয়াক সন্মানৰ উচ্চতম আসনত বহুৱাব পাৰে, আৰু দাতাৰ দাসত্ব একা ?

তোমাৰ প্ৰেমত মোৰ হৃদয়ৰ প্ৰতিটো পাত লেৰেলিছে, আকাশ জঁয় পৰি গৈছে।

এটি অতল কুঁৱাৰ তলিত অলপ বালি মাটি আৰু পাথৰৰ তৰপ।

প্ৰাৰ্থনাবোৰে অহা যোৱা কৰা বাটত শুদা হাতে ৰৈ আছোঁ

শব্দৰ দৰে উৎসাৰিত হৈছোঁ, সুৰৰ দৰে তিতি গৈছোঁ।

তোমাৰ ছাঁটো পৰিছে, আবেলিৰ দৰে ক্ৰমাৎ দীঘল, মোৰ পথত ৰ’দ কমিল দিয়াঁ।

ৰ’দ কমি গ’ল, ৰাতিলৈ আমি একেবোৰ আন্ধাৰতে থকাৰ কথা।

Visited 4 times, 1 visit(s) today
Website |  + posts
Close