নেহাঁহিবি মোক সোঁচৰিব তোক (Corrected)
মঞ্জিত হাজৰিকা
কঁঠাল গছত উঠি মলুৱাই
পকা কঁঠাল খাই,
গোটেই গাতে লাগিল এঠা
এৰুৱাৰ উপায় নাই।।
এৰুৱাব নোৱাৰি কঁঠাল এঠা
মলুৱা জXপিয়াই ফুৰে,
তাকে দেখি কেৰ্কেটুৱাই
ধেক্ ধেকাই হাঁহে।।
খঙত মলুৱাই কেৰ্কেটুৱাক
খেদা মাৰি মাৰি যায়,
বাঁহত উঠি কেৰ্কেটুৱাই
নেগুৰ জোঁকাৰি চাই।।
মলুৱাই বোলে নেৰিছোঁ তোক
এসেকা নিদিয়াকৈ,
এই বুলি বাঁহৰ জোপাতে
মলুৱা উঠিলগৈ।।
কথা বিষম দেখি কেৰ্কেটুৱাই
মাৰিলে দীঘল জাঁপ
ধৰিব নোৱাৰি বাঁহৰ এচাৰিত
পৰি পালে সন্তাপ।।
হাঁহি হাঁহি মলুৱাই বোলে
এতিয়া কেনে মজা,
মোৰ নিচিনাকৈ তোৰ গাতো
লাগিল কঁঠালৰ এঠা।।
ঘটনাৰপৰা কেৰ্কেটুৱাই
বুজিলে এটি কথা,
মলুৱাক দেখি হঁহাৰ বাবেই
তাৰো হ’ল একে দশা।।
ঠিকনা :
ৰজাবাৰী গাঁও
উজনী ৰজাবাৰী
যোৰহাট, উজনী ৰজাবাৰী,
6000709096,
monjitmonjit444@gmail.com
***********
কথা পাতিম আহাঁ
পম্পি বৰা বৈশ্য
অ’ ককা অ’ ককা কিনো কৰি আছা,
আহাঁচোন কথা পাতো মোৰ কাষত বহাঁ,
আজি স্কুলত বাইদেৱে কি শিকালে শুনা।
বহাগত কুলিয়ে মাতে, খৰ আহে জেঠত,
কঠীয়া সিঁচাৰ সময় পৰে আহাৰ-শাওন মাহত ।
ভাদ মাহত নামঘৰত ভকত-বৈষ্ণৱ বহে,
মহাপুৰুষ দুয়োজনাৰ মৃত্যু তিথি পৰে।
আহিনত কঁহুৱা ফুলে, কাতিত কঙালী বিহু-
ঘৰ পথাৰ সকলোতে আকাশ বন্তি জ্বলে,
আঘোণত ধান পকে, পুহত ভঁৰাল ভৰে
মাঘত মেজি জ্বলাই উঠি কণী যুজঁ খেলে।
ফাগুন মানেই ৰঙৰ উছৱ বৰ মজা লাগে,
পলাশ-মদাৰ ফুল ফুলে সৰাপাতো ভৰে।
চ’তত বছৰ শেষ হৈ নতুনক আদৰি আনে
এনেকৈয়ে বাৰ মাহ বছৰ বিয়পি থাকে।
অ’ ককা, অ’ ককা কিনো ভাবি আছা,
টোপনি ধৰিছে মোৰ শুই থাকোঁ ব’লা।
ঠিকনা :
হেঙেৰাবাৰী, গুৱাহাটী
