Written by sdblogs2011 5:39 am Poems

শিলৰ কথাৰে

পৰাগজ্যোতি মহন্ত

আসৈ দিলে শিলৰো
নাথাকে অৱকাশ সলাবৰ উশাহ
কথাচহকী শিল

বুৰঞ্জীয়েও ঢুকি নোপোৱা অনেক কথা
কথাবোৰ শিলৰ
শিলৰ কথাৰ আঁৰ-বেৰ নোহোৱা। বৰ নিলাজ।

এদিন কথাৰ মাজতে শিলে কৈ পেলালে
বুকুৰ পুৰণি যিবোৰ ঘা শিলে সাবটি আছে চিৰকাল৷ সিবোৰ
সভ্যতাৰ চানেকিৰ ফুল
ৰসে চৌ চৌ ৰূপকথা

আদিম স্বপ্নৰ মোহৰ!
দুটা শিলৰ সংগমত জুইৰ জন্ম কথা
যি কথা জানিছিল আদিম অৰণ্যৰ
গছবোৰে

মানুহবোৰ মানুহ নোহোৱাৰ ইতিহাসত
শিলবোৰ আচলতে শিল হৈ থকা নাই
সময় আস্তাবলত
অশ্বও বন্দী নহয়৷

শিল আত্মবিশ্বাসী,
শিল দৃঢ় আৰু সংযমী
সহনশীল সৰল সহজ

নিউটন তৃতীয় সূত্ৰৰে শিলৰো গা-লৰে৷

কোমলতা নাই বাবেই শিলে বুজিব পাৰে খোজৰ শোক৷ বাটৰ ভোক!

শিলে ৰৈ থাকে আপোনাৰ খোজক আগ বঢ়াবলে
শিলতে ভৰ দি আপোনাৰ অহা-যোৱাৰো বাট, বাটৰো ভৰষা৷ শিলে সাঁচি থয় আপোনাৰ প্ৰতিটো খোজৰ চিহ্ন৷

শিলৰ কোনো ঘৰ নাই কোনো দুৰ্ভাৱনা নাই

মানুহৰ বাবে খোলা শিলৰ সকলো সদ্ভাৱনাৰ দুৱাৰ৷
ঠিক শেলুৱৈৰ স’তেই সুখী শিল আৰু শিলৰ পৰিয়াল
ৰ’দ আৰু বৰষুণৰ স’তেই শিলৰ সম্ভোগ আৰু জীৱন!

পৰ্বত, পাহাৰ, নিজৰা-নৈ শিলৰ অধিকাৰ
শিলৰ স্বাধীনতা
শিলৰ পৰিপূৰ্ণতা, স্বাচ্ছন্দ্য, সৌহাদ্যপূৰ্ণ আত্মভাষ৷

নৰকাসুৰৰ বুকুত শিলে সপোন হৈ উমলিছিল
যি সপোনে জাগন দি ৰাখিছিল নৰকাসুৰক
কামাখ্যা হৈ পৰিছিল শিল

কথাৰ বেলি মাৰ গ’লেও মাৰ নাযায়
চেতনা থকালৈ শিলৰ৷
————–

ঠিকনা:

paragjyotimahanta55@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close