Written by sdblogs2011 7:47 am Poems

শিলবোৰ মৃতকৰ স্মৃতি

 নন্দ সিং বৰকলা

আমি প্রত্যেকেই পথাৰ, প্রত্যেকেই প্রেম

প্রত্যেকেই তেজৰঙা যোদ্ধা,

শিলৰ আদিম সহোদৰ

পথাৰ শেলুৱৈ জীৱন বাবেই সেউজীয়া

প্রেম নান্দনিক ছন্দোবদ্ধ বাবেই মানুহৰ উৎসৱ

যুদ্ধ ৰজাৰ ভূষণ বাবেই প্রত্যেকেই প্ৰত্যেকৰ শত্ৰু

আমি প্ৰত্যেকেই বৰষুণৰ পিপাসু

আকাশ-মাটিৰ সম্বন্ধত

ডাৱৰে বতাহে ৰ’দে জোনাকে এবুকু ওখ গানৰ চুবুৰি

আমি… জুইৰ একান্ত উত্তাপ বাবেই

আমাৰ ভিতৰতে মৰিশালি…

আমাৰ ভিতৰতে বিজ্ঞান সভ্যতা দৰ্শনৰ সত্যকাম, জীৱনৰ ওখ-চাপৰ পিৰামিড

আমি চৰাইৰ সহোদৰ বাবেই

গছে গছে আমাৰ দুচকু বিস্তাৰিত

হৃদয়ৰ দুৱাৰ খুলি ৰখি থাকোঁ… সেউজীয়া পূজাৰ পূৰ্ণিমা

শিল আমাৰ আদিম নিৰাপত্তা বাবেই

শিলৰ পূজা, শিলৰ দেৱতা, শিল কাটি কাটি

হিৰন্ময়… প্রোজ্জ্বল শিলৰ ঠিকনাৰ অৰণ্যৰ পদধ্বনি

শিৱ শংখ কৈলাশ গংগা জলপ্ৰপাত কলকল…

কোনজোপা গছ আটাইতকৈ প্ৰাচীন,

কোনটো শিল আদিম অস্ত্ৰ

কোনকুৰা জুই প্ৰথম শিলৰ

কোনখন নদী অতিকৈ প্রাচীন?

পৃথিৱী… শিলবোৰ কিয় বোবা হ’ল?

শিলবোৰ কোন মৃতকৰ স্মৃতি

সেই খোজবোৰ ক’ত যিবোৰ আদিম আজোককাৰ

সেই খোজৰ কোন আপোন … মাটি নে শিল

গছ নে নদী, চৰাই নে যুদ্ধ?

শিলে বুকুত লিখি ৰাখিছে নিজৰ অতুল্য ঠিকনা

ক’ত বিচাৰোঁ… সেই আন্ধাৰৰ অতীত

ক’ত আছে সেই পোহৰৰ অতীত

‘জোন-তৰা, হাতীপটি ক’ত লুকুৱাই ৰাখিছা

শিলে ৰ’দ কৰা, ৰ’দে জুই কৰা, দেৱতাৰ মাতৰলোভনীয়… অৰণ্য অতীত? 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Website |  + posts
Close