Written by sdblogs2011 6:37 pm Poems

শিলচাঙৰ বিহুফুল

বংশী বৰা

এতিয়া সোণাৰুৰ গাভিনী চৰ্যা

শুভ সৌন্দৰ্যৰ কৃষ্ণ গীতাপাঠ আজাৰৰ

হাজাৰ নাহৰৰ চাকিৰ শৰাই

ৰঙা সাগৰ শিমলুৰ চেলেং বাট

স্বৰ্ণ চম্পা। দীঘলীয়া তাঁতশাল

আমাৰ জীয়াসুঁতিত ধল। উত্ৰাৱল প্রৱাহ

নদী হৈ নদীত উটি আহে শিল-বালি

বালিৰ গভীৰতা। বিশালতা।

শিলচাং, কাম চৰাইৰ ঠোট। শিলৰ ৰঙাগৰ্ভ

জ্বলে বিহুসূৰ্য শিলচাঙৰ দুবৰিত

গোমচেং গালহেন

শিলচাং বুৰঞ্জীৰ সৰীসৃপ

জ্বলি আছে বিহু ফুলৰ কুলি মাত

কিমান ভীষণ মাটিৰ গোন্ধ

প্রতিমা বৰুৱা পাণ্ডে ৰাগি

পাহাৰৰ কুৰুঙেদি সৰকি আহে

বসন্ত সুৰীয়া প্রপাত

পলসুৱা গন্ধপুষ্পিত মাটি।

কপৌফুলৰ কুকুহা উৰে হালধিপতীয়া নাচত

মেখেলাত বহাগী কঠীয়াৰ কণ

নখৰ খোচত শাওণৰ ৰোৱাতলী

বাঁহী পেঁপা বাজে

বাজে বাঁহী পেঁপা

সুতুলিত উতলা যৌৱন

প্রতিশ্ৰুত

ওখ টিঙত বৰষুণৰ গুম্‌গুমনি

ঢোলৰ পথাৰ ফটা চেও

আমৰ কুঁহিপাত সৰে

পাভ মাছৰ উজনি উজান

ধুমুহা ধুমুহা আৰু ধুমুহা

কঁকালৰ পাক ঘূৰণি৷ ইমান লাৱণি

কঁকালছিগা খেল৷ পছোৱা ভাঁজ

প্ৰেমৰ প্ৰথম পুৱা

শিল নাচনী

শিল ঢুলীয়া

শিলত কটা সুৱদী বনঘোষা

‘লুইতৰ …এ … বালি বগে ঢকী ঢকী …’

বৈ আহে কাব্যময়ী চানেকি৷ শিলে শিলে

মইনাহঁতৰ উমংগী কুৰুলি

ৰূপহী বিহুৱতীৰ উৰুলি

ৰাজকুমাৰ আহিছে

ৰাজকুমাৰ আহিছে

অলং দলং কৰিছে

অলং দলং৷ অলং দলং কৰিছে

শুৱনি শিলচাং

শিলচাং ফুলনি

অলং দলং কৰিছে

ফেটী কপৌ খেলিছে

শিলচাং কঁপিছে

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close