Written by sdblogs2011 6:50 am Articles

শালভঞ্জিকা

ববিতা কলিতা

এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷

খিৰিকীখন থকা বাবেইতো তাই আকাশ দেখিছে, আঙুলিৰ ঠাৰেৰে তৰা লেখিছে, জোন-বেলিৰ সৈতে কথা পাতিছে, গছ-বন, ফুল-চৰাইক আপোন বুলি ভাবিছে৷

সোণোৱালী কেশদামেৰে, জোনাকী তনুৰে পোহৰৰ টোপোলা এটা হৈ উপজিছিল তাই৷ ৰাণীমাকে তাইৰ নাম দিছিল- স্বৰ্ণলতিকা৷ সোণৰ দৰে উজ্জ্বল ৰং৷ লতাৰ দৰে কোমল দেহা৷ স্বৰ্ণলতিকা!

ৰাজবংশৰ প্ৰথামতেই কন্যা সন্তানটিৰ জন্মৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ চৌহদত ৰোপণ কৰাইছিল শালগছৰ পুলি এটা৷ স্বৰ্ণলতিকাৰ সৈতে পুলিটি একেলগে বাঢ়ি আহিছিল৷ ৰহণীয়া ফুলনিখনৰ মাজত অকলে থিয় হৈ থকা ফল-ফুল নোহোৱা শালগছজোপালৈ কণমানি স্বৰ্ণাৰ মনত ব্যথা জাগিছিল৷ সেয়েহে, তেওঁ পদূলিলৈ ওলালেই গছজোপাৰ সৈতে কথা পাতি উমলিছিল৷ স্বৰ্ণাৰ হাঁহি-কিৰিলিয়ে ইটাৰ নিষ্প্ৰাণ প্ৰাসাদবোৰত প্ৰাণৰ সঞ্চাৰ কৰিছিল৷

পিছে সোণৰ পুতলীজনীৰ মুকলি জীৱনত শিকলি লগাবলৈকে সিদিনা সহস্ৰলিংগ পাহাৰৰ পৰা নামি আহিছিল সিদ্ধ যোগীৰ দল এটা৷ বনত উমলি থকা ৰাজকুমাৰীৰ আপাদমস্তক নিৰীক্ষণ কৰি দীঘলকৈ উশাহ টানিছিল দলৰ মুৰব্বী যোগীজনে৷

ধ্যানত কি পালে যোগীয়ে? মহাৰাজৰপুত্ৰীৰ কলংকিনী যোগ!

“কুল-মৰ্যাদা ৰক্ষা কৰিবলৈ হ’লে স্বৰ্ণলতিকাক চাৰিবেৰৰ ভিতৰতে ৰাখিব লাগিব৷ পুৰুষৰ ছাঁটোৱেও যেন চুই নাযায় তেওঁক৷” যোগীয়ে ৰজালৈ বাৰ্তা পঠিয়ালে৷

ৰজাই শুনিলে তপস্বীৰ কথা৷ বিবাহযোগ্যা নোহোৱালৈকে স্বৰ্ণা থাকিব অন্তেষপুৰত৷ স্বাচ্ছন্দ্যৰ নৈ নুশুকোৱা ৰাজপ্ৰাসাদত স্বৰ্ণাৰ বাবে একোৰেই অভাৱ নহ’ব৷ যোগীৰ কথামতেই ৰাজগৃহৰ চৌপাশৰ  কুৰি যোজনৰ বৃত্তলৈ অন্য পুৰুষৰ উপস্থিতিক অপৰাধ হিচাপে ঘোষণা কৰিলে ৰজাই৷ ৰজাৰ চিপাহী-চন্তৰী,  আমত্য,  কৰ্মচাৰী সকলোকে চৌহদৰ বাহিৰত অৱস্থান কৰিবলৈ দিয়া হ’ল৷

ছাঁত গজা গছৰ দৰেই বন্ধ কোঠালিতেই বাঢ়ি আহিল স্বৰ্ণলতিকা৷ প্ৰকৃতিয়ে অকৃত্ৰিমভাৱেই স্বৰ্ণাক যৌৱনৰ সম্ভাৰেৰে সজাই তুলিলে৷ কিন্তু বন্দিত্বৰ যন্ত্ৰণাই পিষ্ট কৰি থাকিল তেওঁৰ হেঁপাহৰ পানচৈখনিক৷ সোণ-ৰূপ, মণি-মুকুতা সকলো আঁজুৰি পেলাই আউলি-বাউলি হৈ দিনৰ পাছত দিন তেওঁ বহি থাকিল সেই বিশেষ খিৰিকীমুখত৷ বিশাল ৰাজপ্ৰসাদটোত এতিয়া তেওঁৰ বাবে সেই খিৰিকীখনতকৈ আপোন আৰু কোনো নাই৷ খোলা খিৰিকীখনেৰে তেওঁ মূৰ তুলি ৰাতিৰ আকাশখনলৈ চায়৷

জোনাকে ধুই নিয়া ফুলনিখনত তেওঁৰ দৰেই অকলশৰে ৰৈ আছিল শালগছজোপা৷  গছজোপাক তেওঁৰ নিজৰ দৰেই লাগে৷ গছজোপাৰ শিপাবোৰ যেন ৰজাৰ কঠোৰ নিয়মৰ জৰী৷ ছিঙো বুলিয়েই ছিঙি ওলাই যাব নোৱাৰি নিয়মৰ লৌহ বেষ্টনী ভাঙি৷ পিতাকৰ নিয়মৰ জৰীয়ে তাইক মেৰিয়াই বান্ধিছে৷ গছজোপাৰ দৰেই তেৱোঁ নিয়মৰ শিপাত খামুচি ৰৈ গৈছে একেডোখৰ ঠাইতে; সম্পূৰ্ণ এটি দশক৷

কিন্তু মনটোক জানো বান্ধিব পাৰি নিয়মৰ জৰীৰে?  ইটা-শিলেৰে ভেটা দি ৰখিব নোৱাৰি প্ৰকৃতিয়ে অনা পৰিৱৰ্তনৰ ঢৌক৷

খিৰিকীৰ সিপাৰৰ পৃথিৱীখনক হঠাতে স্বৰ্ণাৰ নতুন নতুন যেন লাগিবলৈ ধৰিলে৷ চৰাইৰ মাতবোৰ গীত হৈ তেওঁৰ দেহ-মন জগাই তুলিলে, জোনাকী পৰুৱাবোৰে তেওঁক হাত বাউলি দি মাতিলে৷ নুবুজিলে স্বৰ্ণাই, কিয় এজাক বৰষুণত তিতিবলৈ তেওঁ বাউলি হৈ উঠিল৷ ফাগুন আহিলে বুকুখন কিয় ৰিঙা ৰিঙা লাগিল৷ ফুলনিত ফুলা ৰক্তজবাবোৰ এতিয়া তেওঁৰ বুকুত কিয় ফুলে!

স্বৰ্ণলতাক আলপৈচান ধৰা লিগিৰীজনীক সিদিনা তেওঁ বাট ভেটি ধৰিলে৷ উত্তৰ বিচাৰি নোপোৱা প্ৰশ্নবোৰ তেওঁ এটা এটাকৈ সুধিবলৈ ধৰিলে৷ লিগিৰীজনীয়ে ফুচফুচকৈ ক’লে তাইক ফুলৰ কথা,  ভোমোৰাৰ কথা; গছক সাবটি ধৰি থকা লতিকাৰ কথা৷ লিগিৰীৰ কথাই তেওঁৰ গাত এক নুবুজা শিহৰণ তুলিলে৷ তেওঁৰ এই শিহৰণবোৰ ভাল লাগি আহিবলৈ ধৰিলে৷ লিগিৰীজনী পলমকৈ আহিলে তাই লাহে লাহে অস্থিৰ হৈ পৰিবলৈ ধৰিলে৷

এদিন লিগিৰীৰ ফটামুখেৰে সৰি পৰিল নক’বলগীয়া কথাবোৰ- “প্ৰকৃতিৰ লগত সম্পৰ্ক ঘটে পুৰুষৰ৷ সেই পুৰুষ তোমাৰ দৰে নহয়,  মোৰ দৰেও নহয়৷ সিহঁতো মানুহ৷ কিন্তু সিহঁত আমাৰ দৰে নহয়৷” 

‘তেন্তে কিহৰ দৰে?’ – জানিব বিচাৰিলে স্বৰ্ণলতিকাই৷

‘দৃঢ়,  বলিষ্ঠ…ঠিক তোমাৰ খিৰিকীমুখৰ শালগছজোপাৰ দৰে৷’

স্বৰ্ণলতিকাৰ গাটো জিকাৰ খাই উঠিল৷ পুৰুষ তেওঁৰ সন্মুখত থকা শালগছজোপাৰ দৰে! দৃঢ়,  স্থিৰ,  অবিচল,  সহিষ্ণু৷

খিৰিকীমুখত বহি স্বৰ্ণাই চাই ৰয় তেওঁৰ সমানেই বাঢ়ি অহা শালগছজোপালৈ৷ তেওঁ মন কৰে গছজোপায়ো চাইছে তেওঁলৈ৷ গছজোপাৰ বুকুতো বাজিছে সেই একেই আকূতি৷ তেওঁৰ মুখত বাউলি হৈ পৰি থকা চুলিখিনি সি বতাহ হৈ উৰুৱাইছে৷ তাৰ বহল পাতৰ খৰমৰ শব্দবোৰ সুহুৰি হৈ ভাহি আহি তেওঁৰ কাণত বাজিছে৷ তৃপ্তিত তেওঁ চকু মুদি বহি ৰৈছে৷ খিৰিকীৰ ছিদ্ৰৰে সোমাই অহা উষ্ম বতাহ এছাটিয়ে তেওঁৰ ওঁঠৰ পাহিত মিঠা চুমা এটি আঁকি নিমিষতে আঁতৰি গৈছে৷ মিঠা আৱেশখিনি সাবটি বহি ৰৈছে তেওঁ শেষ ৰাতিলৈ৷

স্বৰ্ণলতিকা হঠাৎ যেন সৌন্দৰ্য সচেতন হৈ পৰিছে৷ তেওঁ ঘনে ঘনে সলাইছে আভৰণ৷ আঁচলত বুটলি লৈছে সিঁচৰতি হৈ থকা মণি-মুকুতাৰ আভূষণ৷ সাজি-কাচি ৰূপহীজনী হৈ তেওঁ বহি ৰৈছে খিৰিকীমুখত৷ তাই জানে গছজোপাই তাইক এৰি ক’লৈকো নাযায়৷ দুবাহু প্ৰসাৰী গছজোপাক চুই অহা বতাহছাটিকে তেওঁ বুকুত সামৰি লয়৷ উৰি যায় তাইৰ নীল অৱগুণ্ঠন খোলা খিৰিকীৰ সিপাৰে৷ উৰি গৈ সেইখন অকলশৰীয়া গছজোপাৰ ডালত লাগি ৰয়৷

লিগিৰীয়ে শিকাইছিল তেওঁক কামনাবোৰ হেনো নীল বৰণীয়া! তাই সুঠাম শালজোপাৰ ডালত লাগি থকা নীলা ওৰণিখনলৈ চাইছিল৷ বতাহ লাগি সেইখন তেতিয়াও ফিৰি-ফিৰকৈ উৰি আছিল৷

‘স্বৰ্ণা!’

হঠাৎ কাৰোবাৰ মাত শুনি চমকি উঠিল স্বৰ্ণলতিকা৷

তেওঁ জনা নাছিল ৰাণীমাক এনে অসময়ত আহি তেওঁৰ পিছপিনে ৰৈ থাকিবহি৷

‘মা৷ তুমি?  আজি কোনো বাৰ্তা নিদিয়াকৈ আহিলা?’ – স্বৰ্ণলতাই মাকলৈ চাই সুধিলে৷

‘হয় সোণজনী৷ বাৰ্তা নিদিয়াকৈয়ে আহিলোঁ৷ আচলতে তোমাক বাৰ্তা এটি দিবলৈহে আহিলোঁ৷’

‘মোলৈ আনিছা বাৰ্তা?  বন্দীলৈ জানো থাকিব পাৰে কিবা বাতৰি?’ প্ৰচণ্ড অভিমানত ফাটি পৰিল স্বৰ্ণলতিকা৷

‘পাৰে আই৷ বন্দীলৈ মুক্তিৰ বাতৰি থাকিব পাৰে৷’ – মাকে স্বৰ্ণাৰ মূৰত হাত বুলাই মৰমেৰে ক’লে৷

‘মুক্তি?’ আঁচৰিত হয় স্বৰ্ণলতিকা৷

‘তোমাৰ পিতৃদেৱে তোমালৈ এজন যোগ্য বৰ বিচাৰি উলিয়াইছে৷ ৰাজভৱনত তোমাৰ বিৱাহৰ ব্যাপক আয়োজন কৰা হৈছে৷ তোমাৰ পিতৃদেৱে ঘোষণা কৰিছে, এতিয়াৰে পৰা মুক্ত তুমি৷’

দহ বছৰৰ বন্দিত্বৰ পাছত পোৱা মুক্তিৰ বাতৰিয়ে আহ্লাদিত নকৰিলে স্বৰ্ণাক৷ ওলোটাই বুকুখন তেওঁৰ কিহবাই হেঁচা মাৰিহে ধৰিলে৷ তেওঁ শালগছজোপাৰ দৰেই লৰচৰ নকৰাকৈ ঠাইতে বহি ৰ’ল৷ তেওঁক মুকুতিৰ ফৰমানখন শুনাই মাক অহা বাটেৰেই আঁতৰি গ’ল৷

লিগিৰীজনীয়ে স্বৰ্ণালতিকালৈ চাই দুষ্ট হাঁহি এটা মাৰিলে৷ প্ৰেমৰ অনুভূতি কিদৰে দেহৰ পৰা আত্মালৈ শিপাই যায়, খুলি ভাঙি বুজালে৷

বাহিৰত ঘোপমৰা আন্ধাৰ৷ আকাশত চপৰা চপৰে ওলমি আছে ক’লীয়া মেঘ৷ জোনটোৱে মেঘৰ আঁৰেদি জুমা-জুমি কৰিছে৷ স্বৰ্ণলতিকাই ছাঁ-পোহৰত দেখিছে গছজোপাৰ দুখ৷ তেওঁৰ বিৰহত যেন গছজোপাই নীৰৱে কান্দিছে৷

স্বৰ্ণলতিকাই তেওঁৰ মুকুতিৰ প্ৰথমটো দিনতে চুই চাবলৈ বিচাৰিলে শালগছজোপাক৷ দহ বছৰৰ মূৰত তেওঁ ওপৰৰ মহলাৰ পৰা এখুজি-দুখুজিকৈ নামি আহিল৷ নিশাৰ অন্তিম প্ৰহৰত নিঃপালি দিয়া লিগিৰীসকলৰ পৰা গা বচাই ওলাই গ’ল তেওঁ বিশাল চৌহদটোৰ এমূৰে থকা ফুলনিখনৰ মাজলৈ৷ গৈ গৈ থমকি ৰ’ল তেওঁ শালগছজোপাৰ তলত৷ শালজোপায়ো যেন অতদিনে তেওঁলৈকে বাট চাই আছিল৷ চমকা চমক পোহৰত তেওঁ পঢ়ি চালে গছজোপাই ক’ব নোৱাৰা কথাবোৰ৷

পাতলীয়া বিজুলী চমক একোটাৰ মাজে মাজে এটুপি-দুটুপিকৈ বৰষুণ সৰিবলৈ ধৰিলে৷ স্বৰ্ণলতিকাই আৱেগসনা স্পৰ্শেৰে চুই চালে গা-গছজোপাক৷ দৃঢ়৷ অবিচল৷ সুঠাম৷ সহিষ্ণু৷ তেওঁ লাহে লাহে কাষ চাপি গৈ থাকিল গছজোপাৰ নিচেই ওচৰলৈ৷ তথাপি যেন কৰবাত দূৰত্ব থাকি গৈছে! এন্ধাৰৰ আঁৰ লৈ তেওঁ খহাই গ’ল এখন এখনকৈ, পৰিহিত বস্ত্ৰৰ কণ্টকাকীৰ্ণ বন্ধনবোৰ৷ বিৱসনা হৈ মেৰিয়াই ধৰিলে তেওঁ শালগছজোপাক৷ ধৰিয়েই থাকিল৷ মেঘে ঢকা আকাশত কেতিয়া জোন বুৰি বেলি ওলাল, স্বৰ্ণলতিকাই ভু নাপালে৷

‘সিদিনাৰ পৰাই হয়তো স্বৰ্ণলতিকাৰ নাম হ’লগৈ শালভঞ্জিকা! ’

হাতত নৱম শতিকাৰ ভাস্কৰ্যটো লৈ ভাবি থাকিলোঁ মই, কোন বাৰু এইগৰাকী কামনাৰ জুয়ে পোৰা বিৱসনা নাৰী? আলিংগন কৰিছে তেওঁ শালগছ এজোপাক, ঠিক লতিকা এডালৰ দৰেই৷ গছৰ সৈতে অভিসাৰৰতা নাৰীৰ বিৰল এক ভাস্কৰ্য! সংগ্ৰাহলয়ৰ স্থাপত্যবিদজনেও জনা নাছিল যিটো প্ৰাচীন মূৰ্তিৰ আঁৰৰ কাহিনী৷

‘বিশেষজ্ঞই ভাস্কৰ্যটোৰ নাম দিলে ‘শালভঞ্জিকা’৷ কিন্তু নামৰ আঁৰতো জানো নাম নাথাকে৷ হয়তো নহ’বও পাৰে তেওঁৰ নাম স্বৰ্ণলতিকা৷ কিন্তু তেওঁৰ নাম জানো নাছিল কিবা৷’

মোৰ মনেসজা কাহিনীটো শুনি হাঁহি উঠিল গাইডজনে৷ আমাৰ দলত যোৱা খুহুটীয়া বুলি জনাজাত বৰুণে ভাস্কৰ্যটো লিৰিকি-বিদাৰি চাই ক’লে, 

‘এই আলিংগন এলা-পেচা আলিংগন নহয়৷ লতাই সাবটি ধৰি গছ মাৰি পেলোৱা দেখিছা?  এই আলিংগনো তেনেকুৱাই কিবা এটা৷’

বৰুণৰ কথাত পৰ্যটনলৈ যোৱা আমাৰ দলটোৰ আটায়ে গিৰ্জনি পাৰি হাঁহিলে৷ কিন্তু মই হাঁহিব নোৱাৰিলোঁ৷ উভতি গ’লোঁ মই নৱম শতিকাৰ কাল্পনিক প্ৰাসাদটোৰ সেই বিশেষ দিনটোলৈ৷

‘স্বৰ্ণলতিকাক অসংযত অৱস্থাত দেখি তাইক প্ৰেমৰ পাঠ শিকোৱা লিগিৰীজনীয়েই প্ৰথমতে চিঞৰ-বাখৰ লগালে৷ স্বৰ্ণলতাক বেঢ়ি ধৰিলেহি ৰজাঘৰীয়া মানুহে৷ ৰাণীয়ে নিজৰ ওৰণিখনেৰে ঢাকি পেলালে স্বৰ্ণলতিকাৰ নিৰাভৰণ শৰীৰটি৷

যোগীয়ে কৈছিল ৰজাক, স্বৰ্ণলতিকাৰ আছে হেনো কলংকিনী যোগ৷

কিন্তু কলংক কাৰ সৈতে? এজোপা শালগছৰ সৈতে? 

ৰজাই কালৈকো বাট নাচালে৷ কাকো আদেশো নিদিলে৷ নিজে হাতত কুঠাৰ এখন লৈ টুকুৰা টুকুৰ কৰি পেলালে শালগছজোপাক৷ স্বৰ্ণলতিকাই কৰা আলিংগনৰ বাবেই ভূ-লুণ্ঠিত হৈ পৰি ৰ’ল কদাপি কাৰো একো অপকাৰ নকৰা মূল্যবান গছজোপা৷

‘পিছে স্বৰ্ণলতিকাৰ কি হ’ল?’

কাল্পনিক কাহিনীটোৰ মাজত সোমাই পৰিছিল আমাৰ দলটো৷ আটায়ে উৎসুকতাৰে মোৰ পিনে চালে৷

‘স্বৰ্ণলতিকাৰ কি হ’ল নাজানো৷ কিন্তু সেই সিদিনাৰ পৰা আন্ধাৰ প্ৰাসাদটোত পোহৰৰ খিৰিকীখন দেখা নগ’ল৷’

ইমানপৰে হাঁহি-ধেমালি কৰি থকা আমাৰ দলটো অস্বাভাৱিকভাৱে গহীন হৈ পৰিল৷

গাইডজনে “শালভঞ্জিকা” নামৰ মূৰ্তিটো সংগ্ৰহালয়ৰ শ্ব’কেছত যেনেকৈ আছিল, তেনেকৈয়ে সজাই থ’লে৷

আমাৰ দলটোৰ পিছে পিছে আহি আছিল আৰু কেইবাটাও পৰ্যটকৰ দল৷ হয়তো মোৰ দৰেই আৰু কোনোবা থমকি ৰ’ব ‘শালভঞ্জিকা’ৰ সন্মুখত৷ হয়তো সাজিব তেওঁলোকে অন্য কিছুমান কাহিনী৷ পিছে কাহিনীকাৰ সলনি হ’লেও প্ৰেমৰ গাঁথা কাহানিওতো নহয়  সলনি৷

 * **

ভ্ৰাম্যভাষ :  ৯১০১৭৫২৯৪২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close