Written by sdblogs2011 5:08 am Poems

শামুকৰ মালা

অংকুৰ জ্যোতি বুঢ়াগোহাঁই

ৰ’দ লৈ শুই আছে মানুহজন
তেওঁৰ চোলাটো
এটা শিলৰ ওপৰত শুকুৱাইছে!

শিলটোৰ কাষতে
মূৰ্চ্ছা গৈ পৰি আছে এখন নদী,
পাতগাভৰুহঁতে
শামুকৰ খোলাবোৰ বুটলি মালা গাঁঠিছে

বালিচৰত শামুকৰ মালাবোৰ
কিনিবলৈ মানুহবোৰৰ হেতা-ওপৰা,
অথচ কোনেও এবাৰো চোৱা নাই
শুই থকা সেই মানুহজন…।
—————————-

কবিৰ ঠিকনা: তিতাবৰ বেবেজীয়া গাঁওডাকঘৰ: পুৰণা তিতাবৰজিলা: যোৰহাটপিন: ৭৮৫৬৩২মোবাইল: ৯০৮৫৮৭৭৫০১শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Website |  + posts
Close