Written by sdblogs2011 12:22 pm Poems

লাচিত বৰফুকন

সংকল্পজিৎ শইকীয়া

প্ৰতিজন অসমীয়াৰ আদৰ্শ  পুৰুষ

বীৰ লাচিত বৰফুকন,

অসীম সাহসেৰে যুঁজিলে যিজনে

মোগলৰ সতে মহাৰণ।

অসমক জিনিবলৈ যেতিয়াই আহিল

প্ৰবল প্ৰতাপী মোগল,

লাচিতৰ নেতৃত্বত আহোম সেনাই

দেখুৱালে অসমীয়াৰ বল।

লুইতৰ পাৰত মোগল সেনাৰ

যি শক্তিশালী আক্ৰমণ,

তাক ওফৰাই লাচিত ফুকনে

কৰিছিল সাহসেৰে দমন।

লাচিতে মোমাইৰ শিৰ কাটি

কৰিছিল নৱ সূৰ্যোদয়,

আমিও আজি গৌৰৱেৰে কওঁ

“দেশতকৈ মোমাই ডাঙৰ নহয়।”

নৰীয়া গাৰেই অবিৰাম যুঁজি

কৰিলে অসমক ৰক্ষা,

দুদিন পিছতেই বৈকুণ্ঠলৈ গ’ল

দিলে দেশপ্ৰেমৰ শিক্ষা।

মোমাই তামুলীৰ সুযোগ্য পুত্ৰ

অসমৰ গৌৰৱ লাচিত,

লাচিতৰ আদৰ্শৰেই প্ৰতিজন

অসমীয়া আগুওৱা উচিত।

ঠিকনা : 

হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ্থী (২০২১ বৰ্ষ)

চাংচকী উচ্চ মাধ্যমিক বিদ্যালয়

গাঁও:-চাংচকী, ডাক :-দক্ষিণ চাংচকী

থানা:-কামপুৰ, জিলা:-নগাঁও(অসম)

পিন:-৭৮২৪২৬

ফোন:-৯৯৫৭৩৬০১১৭/৮৪৮৬৬৪১৮৭৮

ই-মেইল:-mazumderbornali96@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Website |  + posts
Close