Written by sdblogs2011 10:18 am Articles

লাখন খোল নৃত্যনাটিকা

 মালবিকা শৰ্মা 

কাম্বডিয়াত  থকা  সময়ছোৱাত  বিভিন্ন  প্ৰকাৰৰ  শাস্ত্ৰীয়  তথা  লোকনৃত্য  উপভোগ  কৰাৰ  সুযোগ পাইছছিলোঁ। তাৰে ভিতৰত  মোৰ প্ৰিয় এটি নৃত্য হ’ল লাখন খোল নৃত্য। লাখন খোল    (Lakhon khol) বা খেমেৰ মাল্ক্ড থিয়েটাৰ  ( Khmer masked theatre) কাম্বডিয়াৰ  এক  ঐতিহ্যবাহী  তথা  জনপ্ৰিয়  নৃত্য-নাটিকা। দশম  শতাব্দীৰ  আংকোৰ  যুগত,  ৰজা  জয়বৰ্মন  ভি (Jayavarman V)-ৰ  ৰাজত্বকালত  এই  ৰাজকীয়  নৃত্য-নাটিকাৰ  উৎপন্ন  হোৱা  বুলি  অনুমান  কৰা  হয়। প্ৰথম  অৱস্থাত  ৰাজকীয়  নৃত্য  হিচাপে‍  সন্মানিত হ’লেও পাছলৈ  ৰাজঘৰীয়াৰ  তৎপৰতাত  এই  নৃত্যকলা  ৰাজপ্ৰসাদৰ  সীমিত পৰিসৰৰ  পৰা  জনসাধাৰণৰ  মাজলৈ  বিয়পি  আহে।

লাখন খোল মানে পুৰুষে মুখা পিন্ধি কৰা নৃত্যকলা। মুখা পিন্ধি প্ৰদৰ্শন কৰাএই নৃত্য নাটিকা আংকোৰ যুগৰ পৰা বৰ্তমান সময়লৈকে কাম্বডিয়াৰ এক জনপ্ৰিয় নৃত্যকলা। কাম্বডিয়াৰ নৃত্য-শিল্পৰ ক্ৰমবিকাশত প্ৰকৃতি, সামাজিক শ্ৰেণী আৰু ভাৰতবৰ্ষৰ হিন্দু ধৰ্মই এক বিশেষ অৱদান আগ বঢ়াইছে। এই শ্ৰেণীৰ নৃত্যবোৰত একো একোটা ঘটনা বৰ্ণনা কৰা হয়। ভাৰতবৰ্ষৰ এক প্ৰধানম হাকাব্য ৰামায়ণৰ খেমেৰ অথবা কাম্বডিয়ান সংস্কৰণ ৰিয়েমকেৰ (Reamker)-ৰ কাহিনী আৰু আংকোৰ যুগৰ বিভিন্ন ঘটনাৰাজি এই নৃত্য অভিনয়েৰে‍ প্ৰকাশ কৰা হয়। কেৱল পুৰুষ মানুহে মুখা পিন্ধি কৰা ৰিয়েমকেৰৰ কাহিনীৰ অভিনয়ৰ লগত আমাৰ অসমৰ মুখা ভাওনাৰ সাদৃশ্য আছে।

 ২০১৮ চনৰ ২৯ নৱে‍ম্বৰত, The Phnom Penh post (phnompenhpost.com)-ত প্ৰকাশ  পোৱা মতে কাম্বডিয়াৰ নৃত্য নাট্য ঘৰাণাৰ লাখন খোলক মৰিশাসত (Mauritius) অনুষ্ঠি‍ত হোৱা এখন সন্মিলনত য়ুনে‍স্ক’ (UNESCO)-ৰ দ্বাৰা সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।ঠিকনা: ভূৱনেশ্বৰ

Visited 3 times, 1 visit(s) today
Website |  + posts
Close