Written by sdblogs2011 4:23 am Poems

য়ুলিছিছ্

মৃদুল শৰ্মা

মনত আছে কথাবোৰ ৷ চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে মোৰ মন

অথচ ট্ৰয় ক’ত মই কাহানিও নাজানো অথবা জানিবলৈ মনো কৰা নাই

কান্দি  থকা ডাবলিনৰ পথ-উপপথত মোৰ চেতনাই পাকঘূৰণি খায়

হেৰুওৱা প্ৰেয়সীৰ কথা ভাবোঁ এই নিৰ্জন শিলাময় দ্বীপত

উত্তাল উৰ্মিময় সমুদ্ৰৰ আৱাহনে মোৰ চকুলো সৰায়

ইথাকা কোন দিশে মোৰ ধাৰণা নাই ৷ এতিয়া মই যেন ছিম’ৰিয়াৰ

অধিপতি ৷ দুৰ্দশাৰ ৰজা  

মোৰ কপাললৈ নিজে নিজে বাঢ়ি আহে দুখলপীয়া হে’ডিছ

মই যাবই নালাগে এতিয়া টাইৰেছিয়াছক বিচাৰি সুধিবলৈ মোৰ 

ভৱিতব্য৷ কুঞ্চিত স্তনবৃন্তৰ অন্ধ বুঢ়া ছায়ামূৰ্তিটোৱে নিজৰ ভাগ্যৰ কথাকে নাজানে

অথচ আগ নবঢ়াওঁতেই পিবলৈ আহে মোৰ তেজ

টেলিমে’কাছ জীয়াই আছেনে বেশ্যালয়ৰ দুৱাৰমুখত  পেনিল’পিয়ে বাৰু কাৰ সতে 

কৰিছে প্ৰমোদ বিহাৰ মলীক পাহৰি মই বিচাৰি ফুৰা নাৰীশৰীৰৰ খলাবমাৰ মাজত

মোৰ চকুপানীৰ কছিটাছত মোৰ অথৰ্ব পিতাই হতাশাবোৰ ক’ত থৈছে

[আই বাৰু এতিয়া মাথোঁ এটা অশৰীৰি আত্মা]

প্লুট’ আৰু পাৰ্ছিফনিয়ে কাকো লক্ষ্য কৰি থকা নাই 

কিন্তু মোৰ অনেক চিনাকী মহাৰথীয়ে লাজ ঢাকিবলৈ বুকুৰ পৰা

ওলমাই লৈছে বীৰত্বৰ ঢাল একোখন

কোনেও দেখোন একোকে পাহৰিব পৰা নাই৷ ময়োতো নোখোজোঁ ক্ৰন্দন নদীত স্নান কৰিব

অৱগাহন কৰিব বৈতৰণীত যি নদীৰ পাৰ পালেই হেনো সকলো পাহৰি যায় সকলোৱে

পাহৰি যোৱাৰ নিয়ম কৰিলেই পাহৰি পেলাব নোৱাৰি

পাহৰিব নোৱাৰি ট্ৰয় জয়ৰ পাছত যুদ্ধৰপৰা শান্তিৰ গৃহমুখী যাত্ৰাত

স্মৃতিয়েতো সঙ্গী কেৱল

যাদুকণ্ঠী ছাইৰেন, এচকুৱা প’লিফেমাছ, মাকৰী ছিলা আৰু কেৰিব্‌ডিজৰ মাজত ঘূৰ্ণি হৈ 

সমুদ্ৰৰ গৰ্ভত প্ৰৱেশ কৰা মোৰ সৌভাগ্য কেলিপ্স’ৰপৰা চাৰ্চিলৈ

কত প্ৰলোভন প্ৰস্তাৱ

পাহৰিব নোৱাৰো ইৰিবাডৰ বাসিন্দাসকল হাত-ভৰি সকলো থাকিও যি অসাৰ

কাকো ধৰিব নোৱাৰে আঁকোৱাল মাৰি কোনেও পাহৰিব নোৱাৰে জীৱনৰ জীয়াতু

টাৰ্টাৰাছৰ বন্দীহঁতৰ অৱস্থা কেনে নোৱাৰোঁ মই অনুমান কৰিব 

আঃ য়ুলিছিছ পেনিল’পি কেনে আছে

পেনিল’পি কেনে আছে মহাবীৰ য়ুলিছিছ ?

মোৰ লক্ষ্যস্থান সদায়ে দেখে হাইপাৰিয়নে 

ময়ো সদায়ে দেখোঁ তেওঁক ৰূপালী ধনুৰ সতে আকাশেদি পাৰ হৈ যায়

দেৱতা বাবেইতো তেওঁ মোক সঙ্গীহীন কৰিব পাৰে ৷ তেওঁৰ পশুধনবোৰ ক’ৰপৰা

ডকাহকা দি অনা আমি নাজানো ৷ কিন্তু সেইবোৰ তেওঁৰ বাবেই মই সঙ্গীহীন হওঁ

পাৰাপাৰ সমুদ্ৰত 

টাইৰেছিয়াছে একৈছ টকা স্কে’লৰপৰা দেড়লাখলৈকে সলনি হোৱা

পৃথিৱী দেখিছে

একনা এটাৰপৰা হাজাৰ টকালৈকে মাননি পাইছে যি তামোল-পাণৰ সতে

কিয় ক’ব

কিয় ক’ব তেওঁ ৱে’ষ্টলেণ্ডৰ কথা

তেওঁৰ টালিবাজি নুবুজিলোঁ নেকি মই– যি ৱে’ষ্টলেণ্ড

চকুৰ আগতে দেখিছোঁ অজস্ৰ যুদ্ধত

ৰূপালী ধনুৰ দেৱতাই মহামাৰী মেলি দিয়ে যেতিয়া

ৰূপালী নদীয়ে জীয়া আৰ্তনাদবোৰ গিলি গিলি খায় যেতিয়া

অসতী নাৰীৰ নামত ৰূপালী কাঁড়ৰ বৰষুণ হয় যেতিয়া

অথচ তাই স্বইচ্ছাৰেই উঠেগৈ আলহীৰ বিছনাত

তেতিয়াই দালালবোৰক অটক কৰা হয় এন্‌কাউণ্টাৰ হয় ড্ৰাগ্‌ছ বেপাৰীৰ সতে

খড়্‌গবোৰ জ্বলাই দিয়া হয় ৰাখি থোৱা হয় জব্দ কৰা মাৰণাস্ত্ৰবোৰ

অৰু এতিয়া তই মৰ ৷ মৰ তই লিঅ’প’ল্ড।

মৰ তই৷ অকলশৰে মৰি মৰি পাৰ যদি উভতি যা 

নৰকৰ দুৱাৰমুখৰপৰা ৷

আকৌ এবাৰ তই তোৰ ঘৰখন তেজেৰে ধুব লাগিব 

আঃ ! অসহায় ব্লুম্‌ ! ডাবলিন নে মাইলি

মাইলি নে হাৱাই

প্ৰতিটো আন্ধাৰ গলিতে ট্ৰয় ট্ৰয় ধ্বংসৰ প্ৰেতাত্মাবোৰ পিয়াপি দি ফুৰিছে

মোৰ মনটো হৈ 

[টোকা : গ্ৰীক মহাকাব্য মতে ছিম’ৰীয়া – দুৰ্ভাগ্যৰ নগৰ, ইৰিবাদ– প্ৰথম পাতাল, টাৰ্টাৰাছ – পাতালৰ অন্তিম স্তৰ, প্লুট’– পাতাল বা হেডিছৰ অধিপতি [তেওঁকো হে’ডিছ বুলি কোৱা হয়], পাৰ্ছিফনি– প্লুট’ৰ পত্নী, ছিলা আৰু কেৰিব্‌ডিজ– দুজনী ৰাক্ষসী, কেলিপ্স’, চাৰ্চি– দুগৰাকী দেৱী, পেনিল’পি– য়ূলিছিছৰ পত্নী, প’লিফেমাছ– নেপচুন বা সমুদ্ৰ দেৱতীৰ পুত্ৰ, এক এচকুৱা ৰাক্ষস; ছাইৰেন– মোহনীয় কণ্ঠৰে মানুহ আকৰ্ষণ কৰি খোৱা ৰাক্ষসী]

ঠিকনা :

বাগেশ্ৰী, উপপথ বি, জোনাকী পথ

খনীয়া গাঁও, ডিব্ৰুগড় -৭৮৬০০৩

অসম

(২১-২৩ ছেপ্তেম্বৰ, ২০২১)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close