Written by sdblogs2011 12:53 pm Poems

মৰদ কো দৰদ নেহি হ’তা হ্যেঁ

ধন দাস  

পুৰুষৰ বাবেই 

নগৰৰ দেৱালবোৰত লিখা হয় 

‘ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে’ 

বিশেষ কথাটো হ’ল সেইখিনিতেই সিবিধ লাগে 

ছেঃ আজিও নাকটো জেপতে আছে 

লাজত কিহৰ দৰদ 

জেপত হাত খুচৰি চাধাৰ টেমাৰ পৰা

চাধা মলি মলি

গব্বৰ সিঙৰ ডাইলগ 

“নাচ বাসন্তী নাচ” 

নানাচিলেই মৃত্যুদণ্ড 

টুকুৰা-টুকুৰ হ’ব দেহৰ মাংস 

অলপ প্ৰেম চিনেমাৰ দৰে

দেহত মাৰ নোযোৱা ঢৌ 

নাকত লাগিছে সন্দেহৰ গোন্ধ

আৰু শেষ  খেলা খতম – পইচা হজম

ধৰ্ষণৰ বিৰুদ্ধে এনে কি আছে যে

গব্বৰে ভয় নকৰে 

এহাতে কণ্ডম এহাতে দা 

পৰ্দাৰ সিপাৰে কাপোৰ পিন্ধা সমাজ 

ইছ্‌ ইছ্‌  আছ্‌ আছ্‌ –

পৰ্দাৰ ইংলিছ ভাৰ্ছন মেডিয়া 

দৌৰিছে নে খেদিছে বুজি পাইছে নে ? 

পুৰুষ কি যে শব্দ 

তাৰ বাবেই যেন লেতেৰা মজিয়া

বাসন্তীৰ মুখখন ঢকা 

বাকী সকলোৰে খোলা 

লাইট্‌ কেমেৰা এক্‌শ্য়ন্ 

পুৰুষ পৃথিৱীৰ আধা জনসংখ্যা 

ফীৰ ভী ইট্‌না গুণ্ডা 

কিয় ? 

চিনেমাৰ পৰ্দাত বাজিছে

মুন্নাভাইৰ সংলাপ 

আৰে বাপু চোচ্‌নেকা ন্যেই জীনে কা 

হামলোগ মৰদ হ্যেঁ , 

সন্মান কিয় লাগে !

গান্ধীৰ অৱস্থা জাইলাং-থাকেলাং

পুৰুষৰ বীৰ্যৰেই জন্ম হয় বদনামী বেশ্যালয় 

ভদীয়া কুকুৰৰ দৰে কথাবোৰ 

বাগৰি ফুৰে বিছনাই বিছনাই 

নিচাত হাত ভৰি জিভা চকু চব্ পিছলখোৱা 

অথচ এইখন পুৰুষতন্ত্ৰ 

ইয়াত চলে এটাই সংলাপ 

মৰদ কো দৰদ নেহি হ’তা হ্যেঁ ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close