Written by sdblogs2011 4:00 am Poems

মোৰ সৰু চহৰখনৰ গাথা

 গিৰিজা শৰ্মা 

পৰিৱৰ্তনৰ পদাঘাতে পংগু কৰা 

মোৰ সৰু চহৰখনৰ জনজীৱন

য’ত গেলি-পচি জী থাকে অনেক যৌৱন 

শ্ৰমহীন শ্ৰমিকৰ অনাহাৰী দিন 

কিছু অনাখৰী শিশুৰ অনৰ্থক কল্লোল 

নিবনুৱা যুৱকৰ 

ভগ্ন মন

ভগা সপোন 

অৱহেলিত মোৰ সৰু চহৰখন 

মাজে-সময়ে জকমকায়

উন্নাসিক উন্নয়নৰ কাণ তাল মাৰি ধৰা আতজবাজী

বজাৰ, বিজ্ঞাপন 

বুকুতে ছাইনব’ৰ্ড, বেনাৰ  

চুকে-কোণে পোহৰৰ পূৰ্ণ পয়োভৰ 

চাৰিআলি, চ’কত অহৰ্নিশ আড্ডা 

এচামৰ অনৰ্থক ব্যস্ততা 

এটা সময়ত উন্নয়নৰ সকলো প্ৰক্ৰিয়া স্থবিৰ হয়

চহৰখনলৈ আগৰ জৰাজীৰ্ণ অৱস্থা ঘূৰি আহে 

সেই একেই 

ৰাতি দুপৰতো ওখনা-উখনি, উচ্চ -বাচ্য

কেতিয়াবা হতাহতি , কেতিয়াবা গতিয়াগতি 

ৰঙীণ ৰাগিয়ে পাহৰাই ৰাখে আপোন অস্তিত্ব 

প্ৰাপ্য পৰমুখ 

পাহৰাই ৰাখে যুঁজ দিয়াৰ মন্ত্ৰ 

পৰিৱৰ্তনৰ পদাঘাতে পংগু কৰা মোৰ চহৰৰ জনজীৱন 

য’ত গলিয়ে গলিয়ে গিজগিজাই আছে

স্খলিত যৌৱন।

Visited 8 times, 1 visit(s) today
Website |  + posts
Close